অসমীয়া সাথঁৰ
অসমীয়া সাথঁৰ :
অসমীয়া সাথঁৰ :
অসমীয়া সাথঁৰ কি? আৰু ইয়াৰ বৈশিষ্ট্যসমূহ কি কি ?
সাঁথৰ (Riddle) হৈছে দ্বৈত অৰ্থ বা অস্পষ্ট অৰ্থ থকা এক বাক্য, প্ৰশ্ন বা খণ্ড-বাক্য, যাক প্ৰহেলিকাৰ ৰূপত সমাধান কৰিবৰ বাবে আগবঢ়োৱা হয়।
সাঁথৰত বক্তব্য লুপ্ত থাকে অৰ্থাৎ ই গুপ্ত বা গোপনীয় অৰ্থযুক্ত কথাহে৷ কোনো এটা প্ৰশ্নৰ উত্তৰ পোনপটিয়াভাৱে নিবিচাৰি ইয়াত আওপকীয়াকৈ উত্তৰ বিচৰা মানুহজনক প্ৰশ্ন কৰা হয়।
সাধাৰণতে প্ৰশ্নটোৰ মাজতে ইয়াৰ উত্তৰ সোমাই থাকে যদিও সেই কথা অলপ চিন্তা কৰিলেহে বিচাৰি পোৱা যায়। সাঁথৰ হৈছে মানুহৰ খেয়ালি মনৰ পৰিচায়ক।
সাঁথৰসমূহ মানুহৰ মুখেমুখে প্ৰচলিত হৈ থাকে আৰু সাধাৰণতে শিশুৰ মনোৰঞ্জনৰ কাৰণে ব্যৱহাৰ কৰা হয়। সাঁথৰৰ গুপ্ত অৰ্থ ভেদ কৰিব নোৱাৰিলে সাঁথৰৰ পৰা আনন্দ লাভ কৰাটো টান হৈ পৰে৷ সাঁথৰৰ উত্তৰ দিবলৈ চিন্তন আৰু মননৰ আৱশ্যক৷
সাঁথৰ শব্দৰ প্ৰতিশব্দৰূপে “দৃষ্টান্ত’’ বা “দিষ্টান’’ ব্যৱহাৰ কৰা হয়৷ সাঁথৰ প্ৰহেলিকাময় প্ৰশ্ন, সোধোঁতাই উত্তৰ নজনাসকলক বিভ্ৰান্ত কৰিবলৈ আৰু তেওঁলোকৰ উদ্ভাৱনী শক্তি পৰীক্ষা কৰিবলৈ চাতুৰীৰে প্ৰশ্ন নিক্ষেপ কৰে৷ সাঁথৰত পৰস্পৰ বিৰোধী বৰ্ণনা বাক্যৰ স্থিতি লক্ষ্য কৰা যায়৷
ইয়াৰ বৈশিষ্ট্যসমূহ হৈছে :
সাঁথৰ মানুহৰ দৈনন্দিন অভিজ্ঞতালব্ধ জ্ঞানৰ পৰা সৃষ্ট এক সাহিত্য৷ আন আন সাহিত্যৰ দৰে সাঁথৰৰো কিছুমান বৈশিষ্ট লক্ষ্য কৰা যায়৷
- সাঁথৰত ৰূপক বা প্ৰতীকৰ মাজত বৈপৰীত্য বা বিৰোধ থাকে৷
- সাঁথৰত প্ৰতীক বা ৰূপক অসম্পূৰ্ণ৷
- বৰ্ণনাৰ আধিক্যৰ জৰিয়তে পৰিস্ফুট বিৰোধ আৰু
- মিথ্যা ৰূপক বা প্ৰতীকৰ জৰিয়তে পৰিস্ফুট বিৰোধ৷
পানী আছে মাছ নাই, জংঘল আছে বাঘ নাই ?
উত্তৰঃ নাৰিকল।
আদি আছে অন্ত নাই, জন্ম আছে মৃত্যু নাই কি ?
উত্তৰঃ সময় ।
কি পাতৰ আগ নাই ?
উত্তৰঃ টিনপাত।
খালে থিয় হৈ থাকে, নাখালে শুই থাকে ?
উত্তৰঃ বস্তা।
১২ টা কণী, ৩ খন চামুচ আৰু এখন প্লেট। কোৱাচোন মই কোন ?
উত্তৰঃ ঘড়ী।
আপোনাৰ এনে এটা বস্তু আছে, যিটো আপোনাতকৈ বেলেগে হে বেছি ব্যৱহাৰ কৰে, বস্তুটো কি ?
উত্তৰঃ আপোনাৰ নাম।
এখন ৰুমালৰ চাৰিটা কোণৰ তিনি কোণ কেচিৰে কাটি পেলালে কেইটা কোন থাকিব ?
উত্তৰঃ ৬ টা। কিয়নো এটা কোণ কাটিলে দুটা কোণ উৎপন্ন হ’ব।
ওপৰত দিয়ে, তললৈ যায়, তাকে উলিয়াই, মানুহে খায়।
উত্তৰঃ পানীৰ ফিল্টাৰ।
কওঁকচোন সেইটো কি, যিটো আপোনাৰ গাতে লাগি থাকে, দেখাও পায় কিন্তু চুব নোৱাৰে ?
উত্তৰঃ ছাঁ।
ওপৰৰ পৰা পৰিল লাটিম লাটিমে বোলে, কিয় ফাটিম?
উত্তৰঃ কঠালঁ।
মামা হঁতৰ ক’লী গাই ঘাটে ঘাটে পানী খায়।
উত্তৰঃ বৰশি।
ঘৰ আছে, দুৱাৰ নাই মাত আছে, মানুহ নাই ?
উত্তৰঃ ৰেডিঅ।
ক’লা ক’লা পখীটো,ক’লা বনত চৰে, দুই পৰ্বতে হেঁচা মাৰিলে, ক’লা পখীটো মৰ ?
উত্তৰঃ একটি।
ঘৰৰ ওপৰত ঘৰ তাতে পৰি মৰ ?
উত্তৰঃ আঠুৱাঁ।
ইয়াতে মাৰিলোঁ টিপা গঁড়গাও পালেগৈ শিপা ?
উত্তৰঃ ভুমিকম্প।
এডাল খেৰে ঘৰটো বেঢ়ে ?
উত্তৰঃ জুই।
কি ফল মিঠা কিন্তু বজাৰত বিক্ৰী নহয় ?
উত্তৰঃ কষ্টৰ ফল।
কি হয় সেইটো, যিটো আপোনাৰ ওচৰত যিমান বেছিকৈ থাকে, সিমানেই আপুনি চকুৰে নেদেখা হৈ পৰে ?
উত্তৰঃ আন্ধাৰ।
জুইত ফুটে পানীত মৰে, সেই বস্তু সকলো ঘৰে ঘৰে ?
উত্তৰঃ নিমখ।
লাগিলে পেলাই দিয়ে, নালাগিলে উথাই থয় ?
উত্তৰঃ চাইকেলৰ ষ্টাণ্ড।
সেইটো কি হয় যিটো মাহত এবাৰ আহে, কিন্তু ২৪ ঘন্টাৰ পাছত গুছি যায় ?
উত্তৰঃ তাৰিখ।
তিনি আখৰত মোৰ নাম, প্রশ্ন সোধাই প্রথমৰ কাম দ্বিতীয় তৃতীয়ই মিলি বুজাওঁ গৰম। পাৰিবানে ক’ব কিনো মোৰ নাম ?
উত্তৰঃ কিতাপ।
কাণন ধৰি নাকত বহে ?
উত্তৰঃ চশমা।
আহিছে বাৰু মোৰ জন্মৰ পাছত, কিন্তু গুচি যায় গৈ মৃত্যুৰ আগত ?
উত্তৰঃ দাঁত।
এটা নিগনি এশ ধান কুটে, নেগুৰত ধৰিলে জাপমাৰি উঠে ?
উত্তৰঃ ঢেকী।
এঠেঙীয়া বগলী, নিতৌ নাচে গধুলি ?
উত্তৰঃ বিচনী।
পানী থাকিলে বগলী জীয়ে, পানী শুকাই গলে বগলী মৰে ?
উত্তৰঃ চাকি।
কি ড্ৰাইভাৰে গাড়ী নচলায় ?
উত্তৰঃ স্ক্ৰুড্ৰাইভাৰ।
হাতী দাঁত কদমৰ পাত ভাঙিব নোৱাৰিলে গোলামৰ জাত ?
উত্তৰঃ মূলা।
আহোঁতে খুলিহে তৃপ্তি পায়, যাওতে মাৰি বাৰে বাৰে চায় ?
উত্তৰঃ তলা ছাবি।
আছেনে এনে আচৰিত জীৱ, যি নাখায় মুখেৰে পানী ?
উত্তৰঃ ভেকুলী।
আমাৰ লগত থাকে সদায়, কেতিয়াও নকৰে কামত সহায়, বিপদত পৰিলেও উভতি নাচায় ?
উত্তৰঃ ছাঁ।
এটা ফল দিনত পকে, এটা পকে ৰাতি, এইকেইটা কি ফল কোৱাচোন ভাবি-চিন্তি ?
উত্তৰঃ বেলি আৰু জোনবাই।
এনেকুৱা কি আছে আমি যিমান খালেওঁ পেট নভৰে ?
উত্তৰঃ উজুতি।
এনেকুৱা কি আছে, যি জুনত আছে, জানুৱাৰিত নাই, জুইত আছে, পানীত নাই ?
উত্তৰঃ গৰম।
এবাৰেই মাথোন পেটভৰাই খায়, তাৰপাছত জীৱনভৰ আৰামত শুই কটায় ?
উত্তৰঃ লেপ বা তুলি।
ওপৰেও হাড়, তলেও হাড়, মাজত পাখি, খাব নোৱাৰি থৈছো ৰাখি ?
উত্তৰঃ জাপি।
কি বল খেলিব নোৱাৰি ?
উত্তৰঃ মনোবল।
শাহটো পেলাই বাকলিটো খায়, সেইটোনো কি বস্তু কোৱাচোন ভাই ?
উত্তৰঃ ঔ টেঙা।
সৃষ্টিৰ দিনৰ পৰা আছোঁ মই,
থাকিম সদায় বোধ হয়,
সময় বিশেষে দীঘল-চুটি হয়।
এপিঠি বগা এপিঠি ক’লা,
সাধাৰণ কি ধনী লোকেও নাপায় তলা-নলা।
উত্তৰঃ দিন-ৰাতি।
সেইটো কি যিটো বাঢ়ি গৈ থাকে আৰু কেতিয়াওঁ কমাব নোৱাৰি ?
উত্তৰঃ বয়স।
সোণৰ গুটি, ৰূপৰ পাত, আগবঢ়ালে মাৰ্জ্জনা হয়, শত অপৰাধ ?
উত্তৰঃ তামোল-পাণ।
হাত আছে ভৰি নাই,
মূৰ হলে কটা,
আধা মানুহ গিলি খায়,
বুকুখন ফটা ?
উত্তৰঃ চাৰ্ট বা চোলা।
দাঁত নাই, মুখ নাই, পকাই-কেচাই ফৰ ফৰকৈ খায় ?
উত্তৰঃ জুই।
তিনিটা আখৰে এটা জন্তুৰ নাম,
প্রথম দুটা মিলি এজন ল’ৰাৰ নাম,
শেষৰ দুটা মিলি এজনী ছোৱালীৰ নাম।
জন্তুটো কি জানেনে ?
উত্তৰঃ হৰিণা।
ঢাপে ঢাপে গলো,
ঢাপলিকা চৰাইটি পালো,
তাকে কুটি-বাচি থৈ,
ছমাহলৈ খালো ?
উত্তৰঃ বাঁহ গাজ।
ডিঙি নাই মূৰ নাই জলচৰী বাই,
এবাহ পোৱালি দি নিজে মৰি যায় ?
উত্তৰঃ কেঁকোৰা।
জিভাৰে চেলেকি যায় তিনিৰ মাজত সদায়,
মানুহক দিয়ে সি জীয়াই থকাৰ উপায় ?
উত্তৰঃ নাঙল।
চাৰিওফালে চাৰি খুটা,
মাজতে আছে মেৰেলা পেটা,
দুই বিছনীয়ে বিচি থাকে,
লেৰেলা সাপে নাচি থাকে ?
উত্তৰঃ হাতী।
চকু আছে দেখা নাপায়,
কান আছে শুনা নাপায়
মুখ আছে খাব নোৱাৰে ?
উত্তৰঃ পুতলা বা প্ৰতিমা।
গৰু নহয় কিন্তু ঘাঁহ খায়,
পক্ষীয়ো নহয় কিন্তু উৰি যায় ?
উত্তৰঃ ফৰিং।
মাটি ফুটি ওলাল হাতী, কুলাহেন কাণ,
মুখেৰে পোৱালী জগায়, হে ভগৱান ?
উত্তৰঃ কলগছ।
মই থাকো লগত,
ঘুৰি ফুৰোঁ জগত,
বাৰ্তা গোটাই দিওঁ লোকক,
পাৰিবানে কব মই কোন ভকত ?
উত্তৰঃ মোবাইল ফোন।
মনে মনে চুকত বহোঁ,
পৃথিৱীখন ভ্ৰমি ফুৰোঁ ?
উত্তৰঃ ডাক টিকট।
বাৰটা মাহত তেৰটা মাত,
থম্ থম্ কৈ বহি থাকে চকুটেলেকাৰ জাত ?
উত্তৰঃ ফেঁচা।
পানীৰ মাজেদি অবাধে চলিল,
বুৰ মাৰোতে গা নিতিতিল,
ই কি জীৱ গৰালত থাকে,
বহল ঠোঁটেৰে চিকাৰ কৰে ?
উত্তৰঃ হাঁহ।
অসম দেশৰ বিষম কথা, কি গছৰ পাত গোটা ?
উত্তৰঃ পিয়াজ।
এজনী চেৰেলী গাই, সাতখন পথাৰৰ ধান খায় ?
উত্তৰঃ কাচি।
মই ভাত পানীও নাখাওঁ, দৰমহাও নলওঁ;
তথাপিও আপোনাৰ ঘৰৰ সম্পূৰ্ণ পহৰা দিওঁ,
কওঁকচোন মই কোন ?
উত্তৰঃ তলা-চাবি।
Very good information. Lucky me I came across your website by
accident (stumbleupon). I have book marked it for later!
I’m truly enjoying the design and layout of your blog. It’s a very easy on the eyes which makes it much more enjoyable
for me to come here and visit more often. Did you hire out a designer to create your theme?
Superb work!
No, I am a Professional Webdesigner. If You want to make your website like us , please contact us on [email protected]