Table of Contents
অসমৰ প্ৰাকৃতিক দুৰ্যোগ ৰচনা Part 1
পাতনি
প্ৰাকৃতিক দুৰ্যোগ হৈছে পৃথিৱীৰ প্ৰাকৃতিক প্ৰক্ৰিয়াৰ ফলত হোৱা বিপৰ্যয়জনক পৰিঘটনা। এই পৰিঘটনাবোৰে সম্প্ৰদায়, পৰিৱেশ তন্ত্ৰ আৰু অৰ্থনীতিৰ ওপৰত গভীৰ প্ৰভাৱ পেলায়। উদাহৰণস্বৰূপে ভূমিকম্প, হাৰিকেন, বানপানী, চুনামী, আগ্নেয়গিৰিৰ বিস্ফোৰণ, বন্য অগ্নিকাণ্ড। এই ৰচনাখনত প্ৰাকৃতিক দুৰ্যোগৰ প্ৰভাৱ, প্ৰস্তুতিৰ তাৎপৰ্য্য আৰু প্ৰশমনৰ কৌশলৰ বিষয়ে গভীৰভাৱে আলোচনা কৰা হৈছে।
প্ৰাকৃতিক দুৰ্যোগৰ প্ৰভাৱ
প্ৰাকৃতিক দুৰ্যোগে মানৱ আৰু প্ৰাকৃতিক ব্যৱস্থাৰ ওপৰত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলায়। মানৱীয় পৰিণতিৰ ভিতৰত জীৱন হেৰুৱা, আঘাত, স্থানচ্যুতি, আৰু আন্তঃগাঁথনি ধ্বংস যেনে ঘৰ, বিদ্যালয়, পৰিবহণ নেটৱৰ্ক আদি অন্তৰ্ভুক্ত। পানী, বিদ্যুৎ, যোগাযোগ ব্যৱস্থাৰ দৰে অত্যাৱশ্যকীয় সেৱাসমূহ বিঘ্নিত হ’ব পাৰে। পুনৰ নিৰ্মাণৰ খৰচ আৰু উদ্যোগৰ ব্যাঘাতৰ বাবে অৰ্থনীতিসমূহে বিপৰ্যয় সহ্য কৰে।
প্ৰাকৃতিক ব্যৱস্থাও প্ৰভাৱিত হয়, জৈৱ বৈচিত্ৰ্য, গছ-গছনি আৰু পৰিৱেশ প্ৰক্ৰিয়াত ব্যাঘাত জন্মে। জলভাগ প্ৰদূষিত হ’ব পাৰে, যাৰ ফলত দীৰ্ঘম্যাদী পৰিৱেশগত প্ৰতিক্ৰিয়া হ’ব পাৰে। কিছুমান দুৰ্যোগে জলবায়ু পৰিৱৰ্তন আৰু অধিক তীব্ৰতৰ কৰি তোলে, যাৰ ফলত পৰিৱেশৰ অৱক্ষয় আৰু সেউজ গৃহ গেছৰ নিৰ্গমনত অৰিহণা যোগায়।
প্ৰস্তুতি: প্ৰভাৱ কম কৰা
দুৰ্যোগৰ প্ৰভাৱ পৰিচালনাৰ ক্ষেত্ৰত প্ৰস্তুতি অতি গুৰুত্বপূৰ্ণ। দুৰ্যোগৰ ফলপ্ৰসূ সঁহাৰি আৰু পুনৰুদ্ধাৰৰ বাবে সম্প্ৰদায়, চৰকাৰ আৰু সংস্থাসমূহৰ মাজত সহযোগিতা অতি গুৰুত্বপূৰ্ণ। আগতীয়া সতৰ্কবাণী ব্যৱস্থাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, ভূমিকম্প আৰু হাৰিকেনৰ দৰে পৰিঘটনা ধৰা পেলোৱা আৰু ভৱিষ্যদ্বাণী কৰে, যাৰ ফলত সময়মতে সাৱধানতা অৱলম্বন সম্ভৱ হয়।
ৰাজহুৱা শিক্ষা অতি জটিল, ই সম্প্ৰদায়সমূহক বিপদ, সুৰক্ষা ব্যৱস্থা, আৰু জৰুৰীকালীন পৰিকল্পনাৰ গুৰুত্বৰ বিষয়ে অৱগত কৰে। ড্ৰিল আৰু চিমুলেচনে ব্যক্তি আৰু সংস্থাসমূহক সঁহাৰিৰ অনুশীলন আৰু উন্নতিৰ বাবে ক্ষেত্ৰসমূহ চিনাক্ত কৰাত সহায় কৰে।
প্ৰশমন: বিপদ হ্ৰাস কৰা
যদিও কিছুমান দুৰ্যোগ অনিবাৰ্য, প্ৰশমনৰ প্ৰচেষ্টাই ইয়াৰ বিপদ আৰু ভয়াৱহতা হ্ৰাস কৰিবলৈ চেষ্টা কৰে। ইয়াৰ লগত অভিযান্ত্ৰিক, ভূমি ব্যৱহাৰৰ পৰিকল্পনা, নীতি নিৰ্ধাৰণ আদি জড়িত হৈ থাকে। ভূমিকম্প প্ৰতিৰোধী অট্টালিকা, বান প্ৰতিৰোধী আন্তঃগাঁথনি, আৰু বন্য অগ্নিকাণ্ডৰ পৰা প্ৰতিৰক্ষাযোগ্য স্থান নিৰ্মাণ কৰিলে ক্ষতি কম হয়।
পৰিৱেশ পুনৰুদ্ধাৰ আৰু সুৰক্ষাও প্ৰশমনৰ অতি গুৰুত্বপূৰ্ণ ৰূপ। জলাশয় আৰু বনাঞ্চলৰ দৰে সুস্থ পৰিৱেশ তন্ত্ৰই কিছুমান দুৰ্যোগৰ বিৰুদ্ধে প্ৰাকৃতিক বাফাৰ হিচাপে কাম কৰে। এই অঞ্চলসমূহ সংৰক্ষণ আৰু বহনক্ষম ভূমি ব্যৱস্থাপনাৰ অভ্যাসে দুৰ্যোগৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।
বিশ্ব দুৰ্যোগ প্ৰশমনৰ বাবে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা অতি প্ৰয়োজনীয়। জ্ঞান, সম্পদ আৰু বিশেষজ্ঞতা বিনিময় কৰিলে সামগ্ৰিক সঁহাৰি উন্নত হয় আৰু বিশ্ব দুৰ্যোগৰ প্ৰভাৱ কম হয়।
উপসংহাৰ
প্ৰাকৃতিক দুৰ্যোগে সমাজ আৰু পৰিৱেশৰ প্ৰতি উল্লেখযোগ্য প্ৰত্যাহ্বানৰ সৃষ্টি কৰে। কিন্তু প্ৰস্তুতি আৰু প্ৰশমনৰ প্ৰচেষ্টাই বিপদ কম কৰিব পাৰে। ব্যক্তি, সম্প্ৰদায়, চৰকাৰ আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ মাজত সহযোগিতাই প্ৰাকৃতিক শক্তিক সহ্য কৰিব পৰা এখন স্থিতিস্থাপক পৃথিৱী গঢ়ি তুলিব পাৰে। প্ৰভাৱ বুজি, প্ৰস্তুত হৈ, আৰু সক্ৰিয় ব্যৱস্থা গ্ৰহণ কৰি, অধিক নিৰাপদ আৰু অধিক স্থিতিস্থাপক পৃথিৱী গঢ়ি তুলিব পাৰি।
অসমৰ প্ৰাকৃতিক দুৰ্যোগ ৰচনা For Class 9-10
আৰম্ভনীঃ পানীয়েই প্ৰাণ আৰু প্ৰাণৰূপে পানীৰ আকৃতিক আধাৰ হল নদীসমূহ। আগৰ কালত মানুহে গা-মূৰ তিওৱাৰ পৰা আৰম্ভ কৰি খোৱা-পিয়া পযৰ্ন্ত নদীৰ পানীকে ব্যৱহাৰ কৰিছিল।
নদীৰ পানীয়ে দেশৰ শস্য-মতস্যৰ উতপাদন বঢ়াইছিল। নাৱেৰে নদীয়েদি মানুহে যাতায়ত, বেহাবেপাৰ আদি কৰিছিল আৰু আজিও এনেবোৰ কাৰ্যত মানুহে নদীৰ সুজোগ গ্ৰহণ কৰিয়ে আছে।
নদীবোৰ আমাৰ প্ৰাকৃতিক সম্পদ। পিছে সময়ে-সময়ে আকৌ নদীবোৰ ভয়ংকৰ সুৰ্তি ধাৰণ কৰি প্ৰৱল বানপানীৰে দেয প্লাৱিত কৰি মহা পয়মাল ঘটোৱাও দেখা যায়।
বানপানীৰ কাৰণ ঃ অসম নদীমাতৃক দেশ। মহাবাহু ব্ৰহ্মপত্ৰকে ধৰি নানান নদী-নলাৰে অসমদেশ উপচি আছে। বাৰিষা-খৰালি দুয়ো সময়তে ইয়াৰ পানী প্ৰায় নুশুকায়। কিন্তু বাৰিষা পানী উপচি প্ৰায় পাৰ বাগৰি ভৈয়ামলৈ বৈ গৈ বানপানীৰ সৃষ্টি কৰে। সৰু-সুৰা বানপনীৰ পৰা মানুহৰ অপকাৰ নহৈ বৰঞ্চ উপকাৰ হে হয়। বানপানীত পোক-পৰুৱা আৰু বেয়া আৱৰ্জনাবোৰ উটি ভাহি যায়। পলস পৰি শস্য়ৰ পথাৰবোৰ সাৰুৱা হয় আৰু মাছ-পুঠিও বৃদ্ধি পায়। বানপানীৰ সুযোগ লৈ মানুহে নাৱেৰে গৈ দুৰ দুৰণিৰ পৰা কম খৰচতে আৱশ্য়কীয় বস্তু-বাহিনি গোটাই আনিব পাৰে। কিন্তু ই যদি প্ৰৱল হয়, তেন্তে উপকাৰতকৈ অপকাৰ হে হয় বেছি। ১৯৫০ চনৰ ভুঁইকঁপৰ পাছৰে পৰা আমাৰ দেশত প্ৰায়ে প্ৰতি বছৰে প্ৰৱল বানপানী হৈ থকা দেশা গৈছে।
সম্ভৱতঃ ভুঁইকঁপৰ জোকাৰনিত আমাৰ নদীবোৰৰ তলি দাং খাই উঠিছে-যাৰ ফলত অলপমান পানী জমিলেই পাৰ উপচি পৰে। আনহাতে অসমৰ বাৰিষা নিৰ্ভৰ কৰে মৌচুমি বতাহৰ ওপৰত। মৌচুমি বায়ু আগতীয়া হলে বাৰিষা আগতীয়া হয়, শেহতীয়া হলে বাৰিষাও পলমকৈ হয়। সম্প্ৰতি হাবি-বন, পৰ্বত-পাহাৰ কাটি ভাঙি মানুহে বসবাস কৰিবলৈ লোৱা বাবে মৌচুমিৰ গতি অনিয়মীয়া হৈ প্ৰাৱল্য বাঢ়িছে। বৰষুণ হলে একেৰাহে ধৰাসাৰে হয়, নহলেবা তেনেই খৰাং হৈ থাকে। ফলত কোনো কোনো বছৰত বাৰিষা আৰম্ভনিৰ পৰা শেহলৈ অগা-পিছাকৈ ৪\৫ বাৰ বানপানী হোৱা দেখা গৈছে। অকাল বাৰিষাই অনিষ্ট কৰে, সেয়ে যদি প্ৰৱলতা হয় ক্ষয়-ক্ষতিৰ সীমা নথকা হয়। পথাৰৰ শস্য় হানিৰ উপৰিও শোহনীয়া গৰু-মহ, হাহঁ-কুকুৰা, ঘৰ-দুৱাৰ, উটি-ভাহি যায়। মানুহ-দুনোহো মৃত্যু-মুখত পাৰে। আগৰ কালতকৈ এতিয়াৰ বানপানীত হোৱা মানুহৰ মৃত্যুৰে লেখ বাঢ়িছে। ইয়াৰ কাৰণ হৈছে, আগৰ দিনত বান-পানী প্ৰায় সকলোতে সমানভাৱে হৈছিল। মৌচুমি বতাহৰ অনিয়ন্ত্ৰিত গতি আৰু অপৰিকল্পিত বান্ধ-মথাউৰি আদিৰ বাবে আজি-কালি কাল-অকাল যেতিয়াই তেতিয়াই বানপানী হয় আৰু কৰবাত মথাউৰি ভাঙি ,কৰবাত বা আকৌ পানী বন্ধ হৈ আকস্মিক আৰু অস্বাভাবিক ধৰণৰ বানপানী হয়। বান-পানীয়ে আলি-পদূলি, বান্ধ-মথাউৰি আদি ভাঙি বেয়াকৈ অনিষ্ট কৰে। আজি কেইবছৰমানৰ পৰা বানপানীৰ লগে লগে ঠায়ে ঠায়ে প্ৰৱল গৰা-খহনীয়া হৈ বিশেষকৈ ব্ৰহ্মপুত্ৰৰ পাৰৰ কেইবাখনো গাওঁ-নগৰ নিশ্চিহ্ন হবৰ উপক্ৰম হৈছে।
বানপানীয়ে যে কেৱল বানপানীৰ সময়চোৱাত আৰু কেৱল বানপানী বিধ্ৱস্ত অঞ্চলৰ অনিষ্ট কৰে এনে নহয়। বানপানীৰ পিছতে সচৰাচৰ আকাল আৰু নানান মাৰি-মৰকে দেখা দিয়ে। বানপানীয়ে কৰা শস্যৰ ক্ষতিয়ে গোটেই দেশকে অভাৱগ্ৰস্ত কৰে। আমাৰ সৰ্বসাধাৰণৰ ৰাইজ প্ৰায় আটায়ে খেতিয়ক, অৱস্থা এনেয়ে বেয়া, তাতে আকৌ প্ৰতি বছৰতে খেতিৰ অনিষ্ট হলে তেওঁলোকে চিৰকালৰ কাৰণে দুভাৰ্গ্যৰ কৰাল গ্ৰামত পতিত হয়।
প্ৰতিৰোধৰ উপায়ঃ কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ, বিভিন্ন অনুষ্ঠান আৰু ব্যক্তি-বিশেষে বান-পাড়ীত লোকৰ সাহায্যাৰ্থে দান-বৰঙনি আগবঢ়ায় যদিওঁ সিয়ে দুৰ্গতি মোচনৰ কাৰণে যথেষ্ট নহয়।
ইফালে বানপানীৰ নিচিনা দুযোৰ্গবোৰ ঘনাই হৈ থাকিলে দেশৰ উন্নয়নমূলক আচঁনি সমূহ বাধাপ্ৰাপ্ত হয়। সেইবাবে সামাজিক সাহায্য়াৰ উপৰিও স্থায়ীভাৱে বান নিয়ন্ত্ৰনৰ ব্য়ৱস্থা লোৱা উচিত। কেন্দ্ৰীয় চৰকাৰে ততকালীন, হ্ৰস্বকালীন আৰু দীৰ্ঘকালীন এই তিনিটা পৰ্যায়ত বানপানী নিয়ন্ত্ৰনৰ নীতিগ্ৰহন কৰিছে যদিও তাৰপৰা অসমে পাবলগীয়া উপকাৰ পোৱা নাই, কিয়নো কেন্দ্ৰীয় চৰকাৰৰ পৰা অসমে যথাযথ আৰ্থিক সাহায্য় পোৱা নাই। অসম চৰকাৰে নৈবোৰত মথাউৰি দিয়াৰ ব্য়ৱস্থা কৰিছে সচাঁ, কিন্তু মথাউৰি পৰিকল্পিত নোহোৱাত বানপানী আহিলেই কোনো নহয় কোনো ঠাই আকস্মিক ভাৱে ভাঙি আৰু কোনো ঠাইত পানী ওলোৱা পথ বন্ধ কৰি হিতে বিপৰীত হোৱাদিহে হৈছে।
অসমত স্থায়ীভাৱে বান-নিয়ন্ত্ৰন কৰিবলৈ হলে প্ৰধানকৈ নদীসমূহ নিয়ন্ত্ৰন কৰিব লাগিব, বিশেষকৈ ব্ৰহ্মপুত্ৰ আৰু বৰাক নৈ দুখন। অৱশ্যে এই কাম সহজসাধ্য় নহয়। ইয়াৰ বাবে প্ৰচুৰ ধন আৰু অভিজ্ঞ কাৰিকৰী লোকৰ প্ৰয়োজন হৱ। কিন্তু, এই কাৰ্যৰউপকাৰিতালৈ চাই চৰকাৰে হোঁহোকা-শিছলা কৰাটো উচিত নহব। গংগাৰো মাত্ৰা, মাহীৰো বাৰ্তাৰ নিচিনা একেলগে ইয়াৰ দ্ৱাৰা দুটা কাম সিদ্ধি হব। অসমত পানী যোগানতকৈ পানী উলিয়াই দিয়াৰ সমস্যাহে ডাঙৰ। বান-নিয়ন্ত্ৰনৰ দ্ৱাৰা অনাৱশ্য়কীয় ঠাইৰ পৰা পানী উলিয়াই দি আৱশ্য়কীয় ঠাইত যোগান ধৰিব পৰা যাব আৰু জলবিদ্যুত উতপাদন কৰিব পৰা হব। বৰ্তমান অসমত বিদ্যুতৰ চাহিদা অনুযায়ি উতপাদন প্ৰকল্প নায়েই। ভাৰতত অন্য়ান্য় ৰাজ্যত নদী-নিয়ন্ত্ৰনৰ কাম হাতত লোৱা হৈছে আৰু ইয়াৰ পৰা জনসাধাৰণ উপকৃত নোহোৱাকৈ থকা নাই। গতিকে অসমত নদী-নিয়ন্ত্ৰন কৰিব নোৱাৰাৰ কাৰণ একো নাই।
গৰা-খহনীয়া আৰু ভুমিস্খলন প্ৰতিৰোধৰ কাৰণে বুৰুজ, বান্ধ আদিৰ উপৰিও বৃক্ষ-ৰোপনত অধিক মনোযোগ দিব লাগিব। ইয়াৰ পৰাও দুটা উপকাৰ পোৱা যাব। অসমৰ নদীৰ পাৰৰ মাটি শিমলু জাতীয় গছৰ কাৰণে উপযোগী। এই গছ আকৌ জুইশালা তৈয়াৰ কৰাৰ কাৰণে অপৰিহাৰ্য। অসমত ডাঙৰ ডাঙৰ নদীৰ পাৰবোৰত পৰিকল্পিত ভাৱে শিমলু গছ ৰুই দিলে ভূমিস্খলন প্ৰতিৰোধৰ লগে লগে জুইশলা কাৰখানাৰো উপকাৰ হব।
বান-নিয়ন্ত্ৰিত কৰিবলৈ হলে মৌচুমি বতাহৰ গতিও যিমানদুৰ পাৰি নিশ্চিত কৰিবলৈ যত্ন কৰিব লাগেব। অসমৰ হাবি-বন, পৰ্বত -পাহাৰবোৰ জধে-মধে ধ্বংস নকৰি তাক সংৰক্ষন কৰিবলৈ মৌচুমি বায়ুৰ গতি সুস্থিৰ বহ বুলি আশা কৰিব পাৰি। প্ৰৱল বানপানী আৰু অকাল বানপানী দুয়োটাই অনিষ্টকাৰী। মৌচুমিৰ গতি স্থিৰ হলে কিছু পৰিমানে অকাল বানপানীৰ পৰা হাত সাধিব পৰা যাব পাৰে।
সামৰণিঃ প্ৰকৃতিৰ কোনো বস্ত্উোৱে সম্পুৰ্ণৰূপে ধ্ৱংশ কৰি বা উপকাৰী নহয়। প্ৰাকৃতিক আয়ওলৈ আনি তাৰ কল্যানকৰ গুনক কাৰ্যত লগাব কৃতিত্ৱ। পৃথিৱীৰ বহু দেশে বিশেষকৈ নদী-নিয়ন্ত্ৰিত কৰিব পাৰিলে অসম ভাৰতৰ শস্য় আৰু বিদ্যুত-শক্তিৰ ভঁৰাল হোৱাৰ খ্য়াতি লাভ কৰিব বুলি ভবাটো আলক সপোন হব নিশ্চয়।
Mousumi Kalita
MA in Assamese (G.U.)
অসমৰ প্ৰাকৃতিক দুৰ্যোগ ৰচনা Part 3
আৰম্ভণি: পানীৰ অস্বাভাৱিক বাঢ়নিয়েই বানপানী। ভাৰতীয় ৰাজ্যসমূহৰ ভিতৰত অসমেই হৈছে আটাইতকৈ বেছি বানপানী আসক্ত প্ৰদেশ। বৰ্ণনাতীত কালৰে পৰা অসমৰ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক জন-জীৱন বানপানীৰ দ্বাৰা সকৰুণভাবে প্ৰভাৱিত হৈ আহিছে। ই হ’ল অসমৰ এক স্বতঃস্ফূর্ত প্ৰাকৃতিক বিপৰ্যয়।
বানপানীৰ কাৰণ: অসমৰ বানপানীৰ বাবে বহুতো উৎস দায়ী, যথা:
প্ৰথমতে, গ্ৰীষ্ম কালত অসমত যথেষ্ট পৰিমাণে বৰষুণ হয়, যাৰ ফলত অসমৰ বাট-পথ, গাওঁ-ভূই প্লাৱিত হৈ বাপানীৰ সৃষ্টি হয়।
দ্বিতীয়তে, অসম হৈছে পাহৰ আৰু পবর্ত, নদী আৰু উপনদী, জান আৰু জুৰিৰ দেশ। ইয়াৰ ওচৰে-পাঁজৰে থকা পাহাৰ আৰু পর্বত (বিশেষকৈ হিমালয় পৰ্বত ) সমূহত জমা হৈ থকা বৰফবোৰ গ্ৰীষ্ম ঋতুত সূৰ্যৰ তাপত গলি অসমৰ ব্রহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহ প্লাৱিত কৰি বানপানীৰ সৃষ্টি কৰে।
তৃতীয়তে, চৰকাৰে নিৰ্মাণ কৰা নলী-নৰ্দমা, দলং, কালভাৰ্ট, নদীৰ মাথাউৰি আদিত বহুতো আসোঁৱাহ থকাৰ বাবে বাৰিষা কালত পানীৰ হেচাঁত ভাঙি-চিঙি নদী উপ-নদীৰ পানী গাওঁ-ভূই, শস্য পথাৰ আদিত সোমাই বানপানীৰ সৃষ্টি কৰে।
বানপানীৰ প্রভাব: বানপানীৰ প্ৰভাৱ অসমবাসীৰ কাৰণে সুদূৰ-প্ৰসাৰী। ই মানুহৰ খেতি-বাতি, পথাৰ, পুখুৰী আদি নষ্ট কৰাৰ উপৰিও হাজাৰ হাজাৰ ঘৰবাৰী, ভিটা-মাটি উচ্ছন্ন কৰে। বহু পৰিয়ালক গৃহহীন কৰে। বহু মানুহক জীৱন্তে উঠাই লৈ গৈ সলিল সমাধি ঘটায়। ই ৰাস্তা-ঘাট, সাঁকো, দলং, আদিৰ ক্ষতি সাধন কৰি যোগাযোগ বিচ্ছিন্ন কৰে।
তাৰোপৰি বানপানীৰ পিছতো গেলা-পচা বস্তু আৰু মৰা-শৰ গোন্ধই পৰিৱেশ দূষিত কৰি অনাহাৰ -অনিদ্ৰাত ভূগি থকা মানুহক বেমাৰত পেলায়। কেতিয়াবা কেতিয়াবা মহামাৰীৰ সৃষ্টি কৰি বহুত লোকৰ প্ৰাণ নাশ কৰে। ফলত সামাজিক, আৰ্থিক, আৰু সাংস্কৃতিক দিশত অৱনমন ঘটে। মুঠতে বানপানীয়ে অসমবাসীৰ কাৰণে চৰম অভিশাপ হৈ জন- জীৱন সকৰুণভাৱে বিধবস্ত কৰে।
বানপানী ৰোধৰ উপায়: প্ৰতিটো সমস্যাৰ সমাধান থকাৰ দৰে বানপানী নামৰ দৈত্যটোক ৰোধ কৰাৰো উপায় নিশ্চয় আছে। ইয়াক ৰোধৰ বাবে আমি তলত দিয়া উপায়বোৰ গ্ৰহণ কৰিব পাৰো:
প্ৰথমতে, মহাবাহু ব্রহ্মপুত্ৰক বৈজ্ঞানিকভাৱে নিয়ন্ত্ৰণ কৰি বা দুয়ো পাৰে শক্তিশালী মাথাউৰি বান্ধি ইয়াৰ জলশক্তিক অন্য কামত ব্যৱহাৰ কৰিব পাৰিলে বানপানীৰ প্ৰাৱল্যৰ পৰা নিশ্চয় অসমবাসী সকাহ পাব।
দ্বিতীয়তে, ব্রহ্মপুত্ৰ নদীৰ সকলো উপনদীসমূহকো সুপৰিকল্পিতভাবে নিয়ন্ত্ৰণ কৰি স্থায়ীভাৱে মাথাউৰি নিৰ্মাণ কৰাৰ বিভিন্ন আঁচনি গ্ৰহণ কৰিব লাগে।
তৃতীয়তে, প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ বাবে অধিক গছ-গছনি ৰুব লাগে আৰু যধে-মধে গছ-গছনি কটা ৰোধ কৰিব লাগে।
চতুৰ্থতে, সুপৰিকল্পিতভাৱে আলিবাট, কালভাৰ্ট, দলং আদি নিৰ্মাণ কৰিব লাগে যাতে অতিৰিক্ত পানীৰ প্ৰাৱল্য প্ৰতিৰোধ কৰিব পাৰে।
পঞ্চমতে, হ্রস্বম্যাদী আঁচনিবোৰৰ ভিতৰত বানপানীয়ে সৃষ্টি কৰা দুৰ্যোগ চম্বালিবলৈ চকৰকাৰী অনুদান, বৰঙণি, সাহাৰ্য আদি বৃদ্ধি কৰিব লাগে আৰু কোনো ধৰণৰ ৰঙা-ফিটাৰ মেৰপাক সোমাব নিদিয়াকৈ ৰাইজক যোগান ধৰিব লাগে।
সামৰণি: অসমৰ বানপানী যদি নিয়ন্ত্ৰণ কৰিব পৰা যায়, তেন্তে অসম তথা ভাৰতৰ অৰ্থনীতি নিশ্চয় টনকীয়াল হ’ব আৰু অসম ভাৰতীয় ৰাজ্যসমূহৰ ভিতৰত এক লেখতলবলগীয়া ৰাজ্যত পৰিণত হ’ব ।
2 thoughts on “অসমৰ প্ৰাকৃতিক দুৰ্যোগ ৰচনা : অসমীয়া ৰচনা”