কানাইৰ চাতুৰী Question Answer
>}কানাইৰ চাতুৰী{<
কানাইৰ চাতুৰী Question Answer
অতি চমু উত্তৰ দিয়া :
- কৃষ্ণক টোপনিৰ পৰা জগাবলৈ কোনে আহি যশোদাক কৈছিল?
- Ans: কৃষ্ণক টোপনিৰ পৰা জগাবলৈ গোপ শিশু সকলে আহি যশোদাক কৈছিল ।
- কৃষ্ণই কিমান দিন টোপনিৰ পৰা নুঠাকৈ আৰু নোখোৱাকৈ থাকিব বুলি মাকক জনাইছিল?
- Ans: কৃষ্ণই চাৰি-পাঁচ দিন টোপনিৰ পৰা নুঠাকৈ আৰু নোখোৱাকৈ থাকিব বুলি মাকক জনাইছিল।
- দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই কি ৰূপ ধাৰণ কৰিছিল?
- উত্তৰঃ দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই মোহিনীৰূপ ধাৰণ কৰিছিল ।
- কপিল মুনিৰ মাতৃ কোন আছিল?
- Ans: কপিল মুনিৰ মাতৃ দেৱহুতি আছিল ।
- কি ৰূপ ধাৰণ কৰি কৃষ্ণই বলিক ছলনা কৰিছিল?
- Ans: বামন ৰূপ ধাৰণ কৰি কৃষ্ণই বলিক ছলনা কৰিছিল ।
কানাইৰ চাতুৰী Question Answer
[2] তথাপি তোহাক দেখন্তে ভৰত
উৰি যায় মোৰ জীউ।
এইষাৰ কাৰ উক্তি? কাক দেখি, কিয় তেওঁৰ ভয়তে জীউ উৰি যায় বুজাই লিখা।
উত্তৰঃ এইষাৰ ভগৱান শ্ৰীকৃষ্ণৰ উক্তি আছিল ।
মাতৃ যশোদাক দেখি , কৃষ্ণই যিমানেই খোৱা-বোৱা নকৰক কিয়, তেওঁৰ অলপো শ্ৰীবৃদ্ধি নহয়। মাক যশোদাৰ কৃষ্ণৰ প্ৰতি থকা মৰমৰ অভাৱেই তাৰ ঘাই কাৰণ। মাকে কৃষ্ণক ভালদৰে শুবলৈয়ো নিদিয়ে বুলি মিছা অভিযোগ কৰি ৰাতিপুৱা বহু সময়লৈকে শোৱাপাটীত টোপনিৰ ভাও ধৰি শুই আছিল।
[3] “মোহিনী স্বৰূপে অমৃত পিয়ালো
সধিলো দেৱৰ কাম।”
—কোনে মোহিনী ৰূপ ধাৰণ কৰিছিল? তেওঁ কাক অমৃত খুৱাই দেৱতাৰ কাৰ্য সাধন কৰিছিল; খৰচি মাৰি লিখা।
উত্তৰঃ ভগৱান শ্ৰীকৃষ্ণ মোহিনী ৰূপ ধাৰণ কৰিছিল ।
তেওঁ দেৱতাসকলক অমৃত খুৱাই অমৰত্ব প্ৰদান কৰিছিল। এই অমৃত লাভৰ বাবে দেৱতা আৰু অসুৰ সকলো মিলি সাগৰ মন্থন কৰিছিল যদিও মোহিনী ৰূপেৰে অসুৰক মোহজালত পেলাই দেৱতাক অমৃত পানৰ সুযোগ দিয়া হৈছিল।
[4] মাকৰ কি কি গুণৰ কথা ক’বলৈ শিশু কৃষ্ণৰ লাজ লাগে বুলি কৈছিল? কথাখিনি তোমাৰ নিজৰ কথাৰে বহলাই লিখা।
উত্তৰঃ যশোদাই কৃষ্ণক মাটি খোৱা বদনাম দিয়া, কৃষ্ণক কলীয়া বুলি মাতা, যশোদা ৰাজ পটেশ্বৰী হৈওঁ যে কৃষ্ণক সোণৰ বাঁহী এটা গঢ়াই দিয়া নাই, বাহৰ বাঁহী বজাওতে দুই ওঠ ফাটি তেজ ওলাই যায়, গৰু চৰাবলৈ যাওঁতে যে আধা পেটে যায়, গৰু আগুৰুতে কন্টক বলে বিন্ধে তথাপিও যে যশোদাই কৃষ্ণক গালি দিয়ে সেই কথা কবলৈ কৃষ্ণ লাজ লাগে বুলি কৈছে।
কানাইৰ চাতুৰী Question Answer
চমু টোকা লিখা :
- বামন
- বিষ্ণুৰ পঞ্চম অৱতাৰ। বিষ্ণুৱে বাওনা মানুহৰ ৰূপ লৈ এই অৱতাৰ ধাৰণ কৰিছিল। এওঁ দৈত্যৰাজ বলিৰ যজ্ঞলৈ আহি তিনিপদ ভূমি বিচৰা ছলেৰে তেওঁক পাতাললৈ পঠাইছিল। অর্থাৎ দান কৰাৰ বাবে বলিৰ অহংকাৰ নাশ কৰিছিল ।
- দেবহুতি
- স্বায়জুৱ মুনিৰ কন্যা। এওঁ কপিল মুনিৰ মাতৃ । মাতৃ দেৱহুতিয়ে কপিলৰ পৰা- সাংখ্য দর্শন সম্পর্কে শ্ৰৱণ কৰিছিল।
- কপিল
- এজন প্রসিদ্ধ মুনি। এওঁ সাংখ্য দৰ্শনৰ প্ৰৱৰ্তক। কদম মুনি আৰু স্বায়ত্ত্বর মুনিৰ কন্যা দেৱহুতিৰ পুত্ৰ। এওঁৰ শাপত সৰগ ৰজাৰ ষাঠী হাজাৰ পুত্ৰ ভস্মীভূত হয়। এওঁক বিষ্ণুৰ আন এক অৱতাৰ বুলিও ধৰা হয়।
- শ্ৰীধৰ কন্দলী
- শ্ৰীমন্ত শংকৰদেৱৰ পৰৱৰ্তী বৈষ্ণৱ কবি। এওঁৰ কাব্যত বৈষ্ণৱ প্ৰভাৱ সুস্পষ্ট। কন্দলিয়ে ‘কাণখোৱা’ আৰু ‘ঘুনুচা কীৰ্ত্তন’ নামৰ দুখন কাব্য ৰচনা কৰে। কাণখোৱা পুথিখন নিচুকণি গীতৰ আৰ্হিত ৰচনা কৰা।
কানাইৰ চাতুৰী Question Answer
দশম শ্ৰেণী : বৰগীত Class 10 Question Answer |
ৰোমান্টিক কবিতাৰ বৈশিষ্ট্য সমূহ আলোচনা কৰা |
দৰিদ্ৰ হোৱাৰ চিন কেনেকুৱা? |
[6] পাঠটিৰ কাহিনীভাগ তোমাৰ নিজৰ কথাৰে লিখা।
উত্তৰঃ এই পাঠত উদ্ধৃত পাঠটি ‘কাণখোৱা’ পুথিৰ দ্বিতীয় অংশৰ পৰা কিছু অংশ বাদ দি তুলি দিয়া হৈছে। পাঠটিত শিশুকৃষ্ণৰ ঈশ্বৰত্বৰ পৰিবৰ্তে সাধাৰণ অভিমানেৰে ভৰা মানৱ শিশু এটিৰ চিত্ৰ বৰ্ণিত হৈছে, যি পঢ়োঁতাক নিজৰ স্বৰূপৰ লগত একীভূত হৈ পৰাত অৰিহণা যোগাইছে। ইয়াত কৃষ্ণৰ মানবীয় ৰূপ প্ৰকট হৈ উঠাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলে তেওঁৰ ঐশ্বৰিক দিশটো পাহৰি নিজৰ কৰ্মৰাজিৰ লগত সাদৃশ্য উপলব্ধি কৰি আনন্দ পোৱাতেই পাঠটিৰ গুৰুত্ব নিৰ্ভৰ কৰিছে।
[7] কৃষ্ণই বিভিন্ন সময়ত কি কি অৱতাৰ ধাৰণ কৰি কেনে কাৰ্য সাধন কৰিছিল পাঠৰ আলমত বৰ্ণনা কৰা।
উত্তৰঃ কানাইৰ চাতুৰী পাঠটোত শিশুকৃষ্ণৰ শিশুসুলভ চাতুৰী আৰু কৌশলৰ বৰ্ণনা দাঙি ধৰা হৈছে।শ্ৰীকৃষ্ণই নিজেই অনন্ত ব্ৰহ্মাণ্ডৰ স্ৰষ্টা, পালন কৰোঁতা। ব্ৰহ্মাদি দেৱতাসকল তেওঁৰেই সৃষ্টি। নাৰায়ণৰূপে তেওঁ অনন্ত শয্যাত জলত শয়ন কৰে আৰু তেওঁৰ নাভিপদ্মৰ পৰাই ব্ৰহ্মা জাত হৈছে। তেওঁ মোহিনী ৰূপ ধাৰণ কৰি সাগৰ মন্থনৰ যোগেদি সংগৃহীত অমৃত পানেৰে দেৱতাসকলক অমৰত্ব প্ৰদান কৰি দেৱতাৰ কাম সিদ্ধি কৰিছিল। কপিল অৱতৰণত কদম মুনিৰ ঘৰত মাতৃ দেৱহুতিক শাস্ত্ৰৰ তত্ত্বজ্ঞান প্ৰদান কৰিছিল। বামণ অৱতাৰত তিনিপদ ভূমি বিচাৰি বলিক ছলনা কৰি পাতালপুৰীলৈ পঠাইছিল। এতিয়া কৃষ্ণ অৱতাৰ ধাৰণ কৰি বৃন্দাবনত গৰু চৰাইছে যদিও কৃষ্ণৰ পৰম-পুৰুষত্ব সম্পর্কে জ্ঞাত নোহোৱা বাবেই মাতৃ যশোদাই কৃষ্ণক এটি সাধাৰণ শিশুৰ দৰেই ব্যৱহাৰ কৰে।
এনেদৰে কৃষ্ণই বিভিন্ন অৱতাৰ গ্ৰহণ কৰি কেনেধৰণৰ লীলাকৰ্ম সম্পন্ন কৰিছিল, সেইবিষয়ে কবিয়ে প্ৰসংগৰূপে সুন্দৰ বৰ্ণনা দাঙি ধৰিছে।
[8] কবিতাটোত ‘কাঠবাজী’ বুলি কাক কৈছে? ইয়াৰ অৰ্থ কি? এই অপবাদৰ পৰা তেওক কোনে ৰক্ষা কৰিলে?
উত্তৰঃ কবিতাটোত ‘কাঠবাজী’ বুলি যশোদাক কৈছে । ইয়াৰ অৰ্থ হৈছে – যি তিৰোতাৰ সন্তান নাই ।
এই অপবাদৰ পৰা তেওক ভগৱান শ্ৰীকৃষ্ণই ৰক্ষা কৰিলে ।
কানাইৰ চাতুৰী Question Answer
তাৎপর্য ব্যাখ্যা কৰা
(ক) কাঠবাঁজী বুলি জগতে হাসয়
দেখিলে সুমৰো হৰি।
মই আসি তোৰ ঘৰে পুত্ৰ ভৈলো
সিটো দুখ দূৰ কৰি।।
উত্তৰঃ উক্ত কতিবাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰীধৰ কন্দলি বিৰচিত ‘কানাইৰ চাতুৰী’ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
যশোদা নিঃসন্তান আছিল বাবেই তেওঁক সমাজত কাঠবাজী বুলি নিন্দা কৰা হৈছিল। কৃষ্ণই পুত্ৰৰূপে আহি তেওঁৰ সেই অপবাদ দূৰ কৰিলেহি। কিন্তু, যশোদাই কৃষ্ণৰ প্ৰকৃত স্বৰূপ বুজিব নোৱাৰি তেওঁক সাধাৰণ শিশুৰ দৰেই ব্যৱহাৰ কৰাত শ্ৰীকৃষ্ণই কোপিত হৈ মাকক তেনেদৰে কঠোৰভাৱে সমালোচনা কৰিছিল। যশোদাৰ মাতৃ কামনা পূৰণৰ বাবেই যদিও কৃষ্ণই তেওঁৰ ভক্তিত সন্তুষ্ট হৈ পুত্ৰৰূপে জাগতিক লীলা সম্পাদন কৰিছেহি, আচলতে তেওঁ পৰম পুৰুষ পুৰুষোত্তম। সেই কথা উপলব্ধি কৰিব নোৱাৰি পুত্ৰজ্ঞান কৰি যশোদাই যি ব্যৱহাৰ কৃষ্ণৰ প্ৰতি প্ৰদৰ্শন কৰিছে, তাত তেওঁ অতিশয় অসন্তুষ্ট, সেয়ে তেওঁ মাকক তেনেদৰে সমালোচনা কৰিছে।
(খ) মোহিনী স্বৰূপে অমৃত পিয়ালে
সাধিলো দেৱৰ কাম।
তোমাৰ ঘৰে আসি বৰ যশ পাইলো
লৈলো দধিচোৰ নাম।।
উত্তৰঃ উক্ত কতিবাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰীধৰ কন্দলি বিৰচিত ‘কানাইৰ চাতুৰী’ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
প্রতি যথোচিত চেনেহ প্ৰদৰ্শন নকৰা বুলি অভিযোগ কৰি শ্ৰীকৃষ্ণই নিজৰ পৰম পুৰুষত্বৰ মাতৃ যশোদাই শ্রীকৃষ্ণক পুত্ৰজ্ঞান কৰি নানা ধৰণৰ কঠোৰ শাস্তি বিহা আৰু তেওঁৰ কথা ঘোষণা কৰিছে আৰু বিভিন্ন অৱতাৰ গ্ৰহণৰ যোগেদি তেওঁ সমাধা কৰা বিভিন্ন লীলা-মাহাত্ম্যৰ সোঁৱৰণ কৰিছে। দেৱতা আৰু অসুৰৰ মাজত মীমাংসা কৰিবৰ কাৰণে সাগৰ মহনত উদ্ভৱ হোৱা অমৃত দেৱতাক ভোগ কৰাই মোহিনী বেশেৰে অসুৰসকলক আকৰ্ষণ কৰি তেওঁলোকক অমৃত ভোগৰ পৰা বঞ্চিত কৰাত সফল হৈছিল। দেৱতাৰ কৰ্ম সাধনৰ কাৰণেই তেওঁ মোহিনী অৱতাৰ ধাৰণ কৰিছিল।
(গ) মই নাৰায়ণ জগত কাৰণ
তুমি গোৱালৰ জীউ।
তথাপি তোহাক দেখন্তে ভৰত
উৰি যায় মোৰ জীউ ।।
উত্তৰঃ উক্ত কতিবাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰীধৰ কন্দলি বিৰচিত ‘কানাইৰ চাতুৰী’ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
শ্ৰীকৃষ্ণই মাতৃ যশোদাৰ মনুষ্য ভাৱনাত অসন্তুষ্টি প্ৰকাশ কৰি কৈছে যে তেওঁ নিজেই নাৰায়ণ, জগতৰ আদি কাৰণ। তেওঁ সৃষ্টি-স্থিতি প্রলয়ৰ মূল গৰাকী। অথচ তেওঁৰ স্বৰূপ উপলব্ধি নকৰি এগৰাকী সাধাৰণ গোৱালৰ জীয়াৰী হিচাপে যশোদাই কৃষ্ণৰ প্ৰতি যি আচৰণ কৰিছে, সেয়া সঁচাই দুখজনক। যশোদাই কৃষ্ণক ভালদৰে খাবলৈ পিন্ধিবলৈতো নিদিয়েই আনকি প্ৰচুৰ ধন সম্পদ থকা সত্ত্বেও তেওঁক ভালদৰে বাঁহী এটাও তৈয়াৰ কৰি নিদিয়ে। কৃষ্ণই এটা সোণৰ বাঁহী বিচাৰে, যদিও যশোদাই যোগাৰ নধৰাত বাঁহৰ বাঁহী বজাই তেওঁৰ ওঁঠ ফাটি যোৱাৰ উপক্ৰম হৈছে।
কানাইৰ চাতুৰী Question Answer FAQ
গোপশিশুসকলে কৃষ্ণক কিয় বিচাৰিছিল ?
গোপশিশুসকলে কৃষ্ণক খেলিবৰ কাৰণে বিচাৰিছিল।
‘তুমি গোৱালৰ জীউ’ বুলি কাক কোৱা হৈছে?
যশোদাক ।
দৈৱকী কোন?
দৈৱকী কৃষ্ণৰ প্ৰকৃত মাতৃ। তেওঁ বাসুদেৱৰ পত্নী আৰু কংসৰ ভনীয়েক।
কৃষ্ণৰ ওঁঠ কিয় ফাটিছিল ?
কৃষ্ণৰ ওঁঠ বাঁহৰ বাঁহী বজোৱাৰ কাৰণে ৷
অনন্ত ব্ৰহ্মাণ্ডখন কোনে স্ৰজন কৰিছে?
অনন্ত ব্ৰহ্মাণ্ডখন কৃষ্ণই স্ৰজন কৰিছে ৷
শ্ৰী কৃষ্ণৰ শংখ টোৰ নাম কি?
শ্ৰী কৃষ্ণৰ চক্ৰৰ নাম আছিল সুদৰ্শন।
2 thoughts on “কানাইৰ চাতুৰী Question Answer”