Q: ধ্বনি কাক বোলে ?
Ans: আমি শব্দ এটা কওঁতে মুখৰ বিভিন্ন অংগ,ডিঙি আদিৰ পৰা উচ্চাৰণ কৰোঁ । এনে উচ্চাৰণকে ধ্বনি বোলে ।
যেনে – মই ভাত খালো ।
এই বাক্যটোত তিনিটা শব্দ আছে। (১) মই, (২) ভাত, (৩) খালো।
এতিয়া যদি আমি তিনিওটা শব্দ বিশ্লেষণ কৰোঁ—
১) মই =ম+অ+ই
২) ভাত=ভ+আ+ত
৩) খালো=খ+আ+ল+ও
ম,অ,ই,ভ,আ,ত,খ,আ,ল,ও আদি চিহ্নবোৰ আমি মুখৰ বিভিন্ন অংগ ডিঙি আদিৰ পৰা উচ্চাৰণ কৰোঁ । এনে উচ্চাৰণকে ধ্বনি বোলে।
উচ্চাৰণৰ স্থান আৰু বাধা অনুযায়ী ধ্বনিবোৰক স্বৰধ্বনি আৰু ব্যঞ্জনধ্বনি এই দুটা ভাগত ভাগ কৰিব পাৰি।
Q: স্বৰধ্বনি কাক বোলে ?
Ans: যিবিলাক ধ্বনি উচ্চাৰণ কৰোঁতে বায়ুপ্ৰৱাহ বাধাপ্ৰাপ্ত নহয়, জিভাৰ সঞ্চালনৰ যোগেদি বায়ুৰ সোঁত নিয়ন্ত্ৰিত হৈ থাকে তাকে স্বৰধ্বনি বোলে।
Q: ব্যঞ্জনধ্বনি কাক বোলে ?
Ans: যিবিলাক ধ্বনি উচ্চাৰণ কৰোঁতে প্ৰয়োজন অনুসৰি বাক্ যন্ত্ৰৰ বিভিন্ন অংগৰ জৰিয়তে বাহিৰলৈ ওলাই অহা বায়ুক সম্পূৰ্ণ অথবা আংশিকভাৱে ৰোধ কৰা হয় তাকে ব্যঞ্জনধ্বনি বোলে।
Q: ঘৰ্ষিত ধ্বনি কাক বোলে ?
Ans: কিছুমান ধ্বনি উচ্চাৰণ কৰোঁতে হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু সম্পূৰ্ণ বন্ধ নহয়। বায়ু ওলাই যোৱা বাটতো ঠেক কৰি ৰখাৰ ফলত বায়ু ঘঁহনি খাই ওলাই গৈ উচ্চাৰিত হোৱা ধ্বনিক ঘৰ্ষিত ধ্বনি বোলা হয়।
এই ধ্বনি উচ্চাৰণ কৰোঁতে মুখৰ বতাহ তপত হৈ ওলাই কাৰণে ইয়াক উষ্ণ ধ্বনিও বোলা হয়।
Q: নাসিক্য ধ্বনি কাক বোলে ?
Ans: কিছুমান ধ্বনি উচ্চাৰণ কৰোঁতে নাকেৰে বায়ু এৰি দিয়া হয়। এনে ধ্বনিক নাসিক্য ধ্বনি বোলা হয়।
3 thoughts on “ধ্বনি কাক বোলে ? 2024”