পুৰাণ কি? পুৰাণ কেইখন আৰু কি কি?
পুৰাণ(English: Puranas)সমূহ হ’ল ধৰ্মমূলক উপাখ্যান থকা ওঠৰখন ভাৰতীয় শাস্ত্ৰ। অতি প্ৰাচীনকালৰ প্ৰসিদ্ধ ব্যক্তি আৰু সমাজ, ধৰ্ম আদিৰ অৱলম্বনত পুৰাণৰ কাহিনী সমূহ ৰচনা কৰা হৈছে। বহল ভাষাত, যি গ্ৰন্থত দেৱতা, অসুৰ, গন্ধৰ্ব, যক্ষ, মানুহ আদিৰ বৃত্তান্ত আৰু সৃষ্টি বিৱৰণ, ব্ৰহ্মানুসন্ধান, ব্ৰহ্মৰ আকাৰ আৰু নিৰাকাৰ বিৱৰণ, জ্যোতিৰ্বিজ্ঞান, ৰজা-মহাৰজাৰ বংশাৱলী আদি নানা বিষয়ক সবিশেষ বৰ্ণনা আছে আৰু যাৰ দ্বাৰা ভূত, ভৱিষ্যত আৰু বৰ্তমান অৱস্থাৰ পৰিজ্ঞান, জ্ঞানৰ নিৰ্মলতা আৰু বুদ্ধিৰ প্ৰখৰতা জন্মে, সেয়াই পুৰাণ। অৱশ্যে পুৰাণ আৰু ইতিহাসক সমাৰ্থক বুলি ক’ব নোৱাৰি। পৌৰাণিক আখ্যান সমূহৰ বাস্তৱ ভিত্তি নাই। দৰ্শনত পুৰাণ শাস্ত্ৰৰ গুৰুত্ব অপৰিসীম আৰু সেয়া পুৰাণক পঞ্চম বেদৰ আখ্যাও দিয়া হৈছে।
Table of Contents
পুৰাণ কেইখন আৰু কি কি?[How Many Puranas?]
১৮ খন মুখ্য পুৰাণ (প্ৰধান পুৰাণ) আৰু ১৮ খন উপপুৰাণ (ক্ষুদ্ৰ পুৰাণ), ৪ লাখৰো অধিক শ্লোক আছে,
সেইসমূহ হ’ল:
- ব্ৰহ্মপুৰাণ
- পদ্ম পুৰাণ
- বিষ্ণুপুৰাণ
- অগ্নি পুৰাণ
- মাৰ্কণ্ডেয় পুৰাণ
- নাৰদ পুৰাণ
- বায়ুপুৰাণ
- শিৱপুৰাণ
- ভাগৱত পুৰাণ
- ব্ৰহ্মবৈৱৰ্ত পুৰাণ
- লিঙ্গ পুৰাণ
- বৰাহ পুৰাণ
- স্কন্দ পুৰাণ
- বামন পুৰাণ
- কুৰ্ম পুৰাণ
- মৎস্য পুৰাণ
- গৰুড় পুৰাণ
- ব্ৰহ্মাণ্ড পুৰাণ
পুৰাণ কোনে ৰচনা কৰিছিল?
পুৰাণ সমূহৰ ৰচয়িতা হিচাপে বেদব্যাসৰ নাম লোকসমাজত প্ৰচলিত। অৱশ্যে কেৱল এজন ব্যক্তিয়েই সমগ্ৰ পুৰাণ ৰচনা কৰিছে বুলি বিশ্বাস কৰিব নোৱাৰি।
Leave a Reply