প্ৰশ্ন: বাক্য কাক বোলে?
উত্তৰ: দুই বা ততোধিক শব্দ লগ লাগি সম্পূর্ণ অর্থ প্রকাশ বা মনৰ ভাব প্ৰকাশ কৰাকে বাক্য বোলে। যেনেঃ “আমি কিতাপ পঢ়োঁ”, “বিভিন্ন কামত ইজনে সিজনক সহায় কৰে”।
Table of Contents
প্ৰশ্ন: বাক্য কেই প্ৰকাৰৰ আৰু কি কি?
উদ্দেশ্য বা অৰ্থ অনুযায়ী বাক্যক পাঁচটা ভাগত ভাগ কৰা হৈছে:
- বৰ্ণনামূলক বাক্য (Assertive Sentence)
- প্রশ্নবোধক বাক্য (Interrogative Sentence)
- অনুজ্ঞাবোধক বা আদেশসূচক বাক্য (Imperative Sentence)
- ইচ্ছাবোধক বাক্য (Optative Sentence) আৰু
- আবেগসূচক বা ভাৱবোধক বাক্য (Exclamatory Sentence)।
প্ৰশ্ন: গঠন অনুসৰি বাক্য কেইটা আৰু কি কি?
বাক্যৰ গঠন (structure) অনুযায়ী অসমীয়া বাক্যক তিনি শ্ৰেণীত ভাগ কৰা হৈছে। যথা–
- সৰল বাক্য (Simple Sentence)
- জটিল বা মিশ্ৰ বাক্য (Complex Sentence)
- যৌগিক বা সংযুক্ত বাক্য (Compound Sentence)।
প্ৰশ্ন: সৰল বাক্য কাক বোলে উদাহৰণ দিয়া?
এটা কৰ্তা আৰু এটা ক্ৰিয়া থকা বাক্যক সৰল বাক্য বোলে। যেনে–
আমি আম খাওঁ।
সিহঁতে বল খেলে।
উক্ত বাক্য দুটাত ‘আমি’ আৰু ‘সিহঁতে’ পদ দুটা কৰ্তা বা উদ্দেশ্য। আনহাতে ‘আম খাওঁ’ আৰু ‘বল খেলে’ বিধেয়। ইয়াৰ ‘খাওঁ’ আৰু ‘খেলে’ পদ দুটি ক্ৰিয়া। অৰ্থাৎ দুয়োটা বাক্যই এটাকৈ কৰ্তা আৰু এটাকৈ ক্ৰিয়া ধাৰণ কৰিছে। সেয়ে বাক্য দুটা সৰল বাক্য। উদাহৰণ–
সিহঁতে সময়মতে স্কুললৈ যায় ।
আশ্রাফে কিতাপ পঢ়ি আছে।
কমলে কাম কৰি আছে ।
প্ৰশ্ন: জটিল বাক্য কাক বোলে উদাহৰণ দিয়া?
যিবোৰ বাক্য এটা প্ৰধান বাক্য আৰু তাৰ তলতীয়া এটা বা তাতোধিক বাক্যাংশৰ দ্বাৰা গঠিত হয় তাকে জটিল বাক্য বোলে। সাধাৰণতে এটা জটিল বাক্যত এটা প্ৰধান বাক্য (Principal Clause) আৰু এটা অপ্ৰধান বাক্য (Subordinate Clause) থাকে। ইয়াৰ অপ্ৰধান বাক্যাংশটি প্ৰধান বাক্যটিৰ ওপৰত নিৰ্ভৰশীল। উদাহৰণ–
যিবোৰ ল’ৰা ভাল, সিহঁতে ভাল কাম কৰে।
যোৱাকালি যিজনী ছোৱালী আহিছিল, তাই মোৰ ভনী।
উক্ত বাক্য দুটিৰ ‘সিহঁতে ভাল কাম কৰে’ আৰু ‘তাই মোৰ ভনী’- প্ৰধান বাক্য। আনহাতে ‘যিবোৰল’ৰা ভাল’ আৰু ‘যোৱাকালি যিজনী ছোৱালী আহিছিল’ – বাক্যাংশবোৰ আগৰ প্ৰধান বাক্যাংশ দুটাৰ তলতীয়া। সেয়ে বাক্য দুটা জটিল বাক্য।
প্ৰশ্ন: যৌগিক বাক্য কাক বোলে উদাহৰণ দিয়া?
যেতিয়া এটাতকৈ অধিক সৰল বাক্য বা মিশ্ৰ বাক্য কোনো সংযোজক অব্যয়ৰ দ্বাৰা যুক্ত হৈ এটা বাক্যত পৰিণত হয়, তেতিয়া তাক যৌগিক বাক্য বা সংযুক্ত বাক্য বোলে। যেনে–
লীলা এজনী ভাল ছোৱালী আৰু ছামীমা এজনী ভাল ছোৱালী।
তেওঁ যথেষ্ট পৰিশ্ৰম কৰে তথাপি দুখীয়া।
ওপৰৰ প্ৰথম বাক্যটোত দুটা সৰল বাক্য আছে । যথাঃ (ক) ‘লীলা এজনী ভাল ছোৱালী’ আৰু (খ) ‘ছামীমা এজনী ভাল ছোৱালী’ -এই সৰল বাক্য দুটি ‘আৰু’ -সংযোজক অব্যয়টোৰ দ্বাৰা সংযুক্ত হৈ এটা যৌগিক বাক্যত পৰিণত হৈছে। তেনেদৰে দ্বিতীয় বাক্যটোতো দুটা অংশ আছে আৰু ই ‘তথাপি’– এই সংযোজক পদটোৰ দ্বাৰা সংযুক্ত হৈ এটা যৌগিক বাক্যত পৰিণত হৈছে।
প্ৰশ্ন: বৰ্ণনামূলক বাক্য কাক বোলে উদাহৰণ দিয়া?
যিবোৰ বাক্যৰ দ্বাৰা কোনো বক্তব্য, বিৱৰণ বা বৰ্ণনা প্ৰকাশ কৰা হয় সেইবোৰ বাক্যক বৰ্ণনামূলক বাক্য বোলে। বৰ্ণনাত্মক বাক্যক ঘোষণাবোধক বাক্য (Statement) বুলিও কোৱা হয়। উদাহৰণ–
ললিতা সপ্তম শ্ৰেণীত পঢ়ে।
কৰিম এজন ভাল ল’ৰা।
সিহঁতে ফুটবল খেলি আছে।
উক্ত বাক্য তিনিটাই সাধাৰণভাৱে কোনো বক্তব্য প্ৰকাশ কৰিছে সেয়ে বাক্যকেইটা বৰ্ণনামূলক বাক্য। বৰ্ণনামূলক বাক্যক আকৌ দুটা ভাগত ভাগ কৰা হৈছে। যথা–
(ক) স্বীকাৰাত্মক বাক্য (Affirmative Sentence) আৰু
(খ) অ-স্বীকাৰাত্মক (নহয়বোধক) বাক্য (Negative Sentence)।
হয় বা হোৱা অৰ্থত ব্যৱহাৰ হোৱা বৰ্ণনামূলক বাক্যক স্বীকাৰাত্মক বাক্য বোলে। উদাহৰণ–
ৰমেন বজাৰলৈ গৈছে।
আমি বেডমিন্টন খেলি আছো।
সিহঁতে কিতাপ পঢ়িছে।
ওপৰৰ বাক্যকেইটাই সাধাৰণ স্বীকাৰাত্মক বৰ্ণনা বহন কৰিছে সেয়ে বাক্য কেইটা স্বীকাৰাত্মক বৰ্ণনামূলক বাক্য (Affirmative Sentence)।
আনহাতে যিবোৰ বাক্যই নহয়বোধক বক্তব্য প্ৰকাশ কৰে সেইবোৰ বাক্যক অ-স্বীকাৰাত্মক বা নহয়বোধক বাক্য (Negative Sentence) বোলে। উদাহৰণ–
তেওঁ ভাত নাখাব।
আজি আমি বল নেখেলো।
সিহঁত তালৈ নাযাব।
ওপৰৰ বক্তব্য কেইটাই নহয়েবাধক ভাৱ প্ৰকাশ কৰিছে সেয়ে বাক্যকেইটা অস্বীকাৰাত্মক বা নহয়বোধক বাক্য।
উদ্দেশ্য বা অৰ্থ অনুযায়ী বাক্যৰ শ্ৰেণী বিভাগ
প্ৰশ্ন: প্রশ্নবোধক বাক্য কাক বোলে উদাহৰণ দিয়া?
যিবোৰ বাক্যৰ দ্বাৰা কোনো প্ৰশ্ন সোধা হয় সেইবোৰ বাক্যক প্রশ্নবোধক বাক্য বোলে। উদাহৰণ–
সি গুৱাহাটীলৈ যাবনে?
ছোৱালীজনীয়ে কি কৰি আছে?
তাই ৰামায়নখন পঢ়িছেনে?
উক্ত প্ৰতিটো বাক্যৰ দ্বাৰা একো-একোটা প্ৰশ্ন সোধা হৈছে । গতিকে বাক্যবোৰ প্রশ্নবোধক বাক্য ।
প্ৰশ্ন: অনুজ্ঞাবোধক বা আদেশসূচক বাক্য কাক বোলে উদাহৰণ দিয়া?
যিবিলাক বাক্যৰ দ্বাৰা কোনো আদেশ, অনুৰোধ, প্ৰাৰ্থনা, নিষেধ আদি প্ৰকাশ কৰা হয় সেইবোৰ বাক্যক অনুজ্ঞাবোধক বা আদেশসূচক বাক্য বোলে। উদাহৰণ–
ৰাম, তালৈ যোৱা।
বৰষুণত নিতিতিবা।
অনুগ্ৰহ কৰি মোক সহায় কৰক।
ভিক্ষাৰীজনক দয়া কৰক।
ওপৰৰ প্ৰথমটো বাক্যটোৰ দ্বাৰা কোনো আদেশ, দ্বিতীয়টোৰ দ্বাৰা নিষেধ, তৃতীয়টোৰ দ্বাৰা অনুৰোধ আৰু চতুৰ্থটোৰ দ্বাৰা প্ৰাৰ্থনা প্ৰকাশ কৰা হৈছে। এইবোৰ অনুজ্ঞাবোধক বা আদেশসূচক বাক্য।
প্ৰশ্ন: ইচ্ছাবোধক বাক্য কাক বোলে উদাহৰণ দিয়া?
যিবিলাক বাক্যৰ দ্বাৰা কোনো আশীৰ্বাদ, শুভেচছা জ্ঞাপন, শুভ কামনা আদি প্ৰকাশ কৰা হয় সেইবোৰ বাক্যক ইচ্ছাবোধক বাক্য বোলে। উদাহৰণ–
ভগৱানে তোমাৰ মঙ্গল কৰক।
তোমালোক কুশলে থাকা।
তোমাৰ জয় হওক।
ওপৰৰ বাক্যবোৰৰ দ্বাৰা মনৰ ইচ্ছা যেনে- আৰ্শীবাদ, শুভ কামনা আদি প্ৰকাশ কৰা হৈছে । গতিকে বাক্যবোৰ ইচ্ছাবোধক বাক্য।
প্ৰশ্ন: আবেগসূচক বা ভাববোধক বাক্য কাক বোলে উদাহৰণ দিয়া?
যিবিলাক বাক্যৰ দ্বাৰা মনৰ কোনো উচ্চ আবেগ যেনে- সুখ, দুখ, হাঁহি, কান্দোন, বিষ্ময় আদি ভাৱ প্ৰকাশ কৰা হয় সেইবোৰ বাক্যক আবেগসূচক বা ভাববোধক বাক্য বোলে। উদাহৰণ–
হায়! মই মৰিলো।
হায়! ৰাজেনৰ সবৰ্বনাশ হ’ল।
হে ভগবান! মোক ৰক্ষা কৰা।
উহ! কিমান ঠাণ্ডা।
বা! সিহঁত খেলত জিকিল।
চাববাচ! আগবাঢ়ি যোৱা।
ওপৰৰ বাক্যবোৰৰ দ্বাৰা মনৰ শক্তিশালী ভাৱ প্ৰকাশ কৰা হৈছে। গতিকে বাক্যবোৰ আবেগসূচক বা ভাববোধক বাক্য।
ভাৱবোধক বাক্যত সাধাৰণতে ‘হায়’, ‘হে’, ‘উহ’, ‘বা’, ‘চাববাচ’ আদি আৱেগসূচক পদ ব্যৱহাৰ কৰা হয়। সাধাৰণতে এই পদবোৰৰ পিছত আৱেগসূচক চিন (! ) ব্যৱহাৰ কৰা হয়।
অসমীয়া ব্যাকৰণ:
অনুশীলনী
(১) অৰ্থ বা উদ্দেশ্য অনুযায়ী অসমীয়া বাক্যক কেই ভাগত ভাগ কৰা হৈছে?
(২) বৰ্ণনাত্মক বাক্য কাক বোলে? উদাহৰণসহ বুজাই লিখা।
(৩) প্রশ্নবোধক বাক্য কাক বোলে? উদাহৰণসহ বুজাই লিখা।
(৪) অনুজ্ঞাবোধক বাক্য কাক বোলে? উদাহৰণসহ বুজাই লিখা।
(৫) ইচ্ছাসূচক বাক্য কাক বোলে? উদাহৰণসহ বুজাই লিখা।
(৬) আবেগ বা ভাৱবোধক বাক্য কাক বোলে? উদাহৰণসহ বুজাই লিখা।
(৭) তলৰ বাক্যবোৰ অৰ্থ অনুযায়ী শ্ৰেণী বিভাগ কৰা–
(ক) সি কেতিয়া যাব?
(খ) হায়! তেওঁৰ সৰ্বনাশ হ’ল।
(গ) তেওঁ বল নেখেলে।
(ঘ) ঈশ্বৰে তোমাৰ মঙ্গল কৰক।
(ঙ) ৰ’দত নদৌৰিবা।
(চ) তেওঁ আহিল।
(ছ) ল’ৰাজনক দয়া কৰক।
5 thoughts on “বাক্য কাক বোলে? অসমীয়া ব্যাকৰণ”