Q: বাগধ্বনি কাক বোলে ?
Ans: বাগধ্বনি বুলিলে মানুহে কথা বতৰা পাতোঁতে মুখেৰে বায়ুৰ সোঁতৰ সহায়ত যি মাত উলিয়ায় সেই মাতৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ভাগ বা খণ্ডবোৰকে বুজোৱা হয়। ধ্বনি, ধ্বনিগুণ আৰু লয়ৰ বিশ্লেষণাত্মক আলোচনাক ধ্বনিবিজ্ঞান আৰু বৰ্ণবিজ্ঞানত অন্তৰ্ভুক্ত কৰা হয়। বাগ্বিজ্ঞানৰ আলোচনা পদ্ধতি ভাষা নিৰপেক্ষ হোৱা বাবে জগতৰ ভিন ভিন ভাষাৰ বিশ্লেষণত বা ব্যাকৰণত একেবোৰ পাৰিভাষিক শব্দৰ প্ৰয়োগ হ’ব পাৰে। সেয়েহে, ভাষাৰ লিখিত ৰূপদানত আন্তঃৰাষ্ট্ৰীয় ধ্বনিলিপি স্বীকৃতি হ’ব পাৰিছে।