27 May, 2024
Brahma Adi Kori Lyrics In Assamese

শিশুলীলা কবিতাৰ মূলভাব লিখা – শিশু লীলা প্ৰশ্ন উত্তৰ class 9 3

শিশু লীলা প্ৰশ্ন উত্তৰ

শিশুলীলা

___________________

দিনেক যশোদা নন্দ জায়া ।

আপুনি মথন্ত দধি গৈয়া ।। 

কৃষ্ণৰ শৈশৱ লীলাক স্মৰি। 

কৃষ্ণগীত  গাৱন্ত সুন্দৰী ।।   

ক্ষৌম বস্ত্ৰ পিন্ধি দিব্য কাছে ।

কটিত মেখলা বান্ধি আছে ।।

পুত্ৰস্নেহে স্ৰৱে দুয়ো স্তন ।     

আজোড়ন্তে লড়ে ঘনে ঘন ।। 

ৰুণ ঝুণ কেয়ূৰ কঙ্কণ ।       

শ্ৰম জলে উজ্জ্বল বদন ।।  

কণত কুন্দল দোলে আতি । 

খসি পড়ে খোপাৰ মালতি ।।

এহিমতে মথন্তে প্ৰয়াসি ।

মাৱক ধৰিলা কৃষ্ণে আসি ।  

মথনিত ধৰিয়া নিষেধি ।   

মথিবাক নেদে আউৰ দধি ।।

হাসি কোলে লৈলা নন্দ জায়া ।।

দিলা স্তন পুত্ৰমুখ চায়া ।।


শিশুলীলা কবিতাৰ মূলভাব লিখা :

‘শিশুলীলা’ পাঠটি শ্ৰীমন্ত শংকৰদেৱেৰ দ্বাৰা বিৰচিত ‘কীৰ্তন-ঘোষা’ৰ অন্তগত। ভগৱান শ্ৰীকৃষ্ণ ত্ৰিজগতৰ প্ৰতি পূনব্ৰহ্ম অৱতাৰ । সেইজন ভগৱানেই ভকতৰ মনোকামনা পূৰনৰ হেতু সাধাৰন মানৱশিশুৰূপে যশোদাৰ পুত্ৰহৈ জন্ম লৈছে আৰু নানান লীলা খেলা দেখুৱাইছে। ‘শিশুলীলা’ মহাপুৰুষ শংকৰদেৱৰ  ভগৱত প্ৰেমৰ সুন্দৰ নিদৰ্শন।

               মাতৃ যশোদা আৰু শিশুপুত্ৰ শ্ৰীকৃষ্ণৰ লীলা খেলাৰে পৰিপূৰ্ণ ‘শিশুলীলা’ পাঠটিৰ জৰিয়তে দেখিবলৈ পোৱা যায় যে ভগৱান সদায় ভক্তৰ অধীন। ভক্তৰ অধীন ভগৱানে ভকতৰ মনোকামনা  পূৰন কৰিবলৈ সদাই যত্ন কৰে। যশোদা পৰম কৃষ্ণ ভক্ত । যি জনা পৰম ঈশ্বৰক মহা মহা । যোগী সধিক সকলে তপ-যপ কৰিও দশন লাভ কৰিব নোৱাৰে; সেইজনা পৰম পুৰুষ ঈশ্বৰক একমত্ৰ ভক্তিৰ জৰিয়তেই যশোদাই নিজপুত্ৰ ৰূপে লাভ কৰিবলৈ সক্ষম হৈছে। কিন্তু সাধাৰন মানৱী যশোদা ভগৱানক লাভ কৰিও অহংকাৰ মুক্ত হব পৰা নাছিল। সেয়েহে কৃষ্ণই তেওঁক নচুৱাই ৰং চাইছে। পৰমবহ্ম কৃষ্ণক নিজ পুত্ৰৰূপে ভ্ৰম কৰি যশোদাই তেওঁক উড়লত বান্ধিবলৈ প্ৰয়োগ কৰিছে আৰু বিফল হৈছে।

                ভগবান শ্ৰীকৃষ্ণ অনাদি অনন্ত। সাংসাৰিক মায়া মোহৰ স্ত্ৰষ্টা, কালৰ অধিকাৰী। সেইজন ভগৱান সবব্যপ্ত, সৰ্বশক্তিমান। কেৱল ভকতিৰ জৰিয়তেহে তেওঁক লাভ কৰা সম্ভৱ। এয়ে ‘শিশুলীলা’ পাঠটিৰ তাৎপৰ্য।

শিশু লীলা প্ৰশ্ন উত্তৰ :

১। অতি চমু প্ৰশ্নৰ উত্তৰ লিখা।

(ক) ‘কৃষ্ণগীত গাৱন্ত সুন্দৰী’।।

        —-কৃষ্ণগীত গোৱা সুন্দৰীগৰাকী কোন?

উত্তৰঃ ‘কৃষ্ণগীত গাৱন্ত সুন্দৰী’ — কৃষ্ণগীত গোৱা সুন্দৰী গৰাকী হ’ল যশোদা। 

বা

কৃষ্ণগীতগোৱা সুন্দৰী গৰাকী হল যশোদা।

(খ) ‘কৰ্ণত কুণ্ডল দোলে অতি।’

       —কাৰ কাণৰ কুণ্ডলৰ কথা কৈছে?

উত্তৰঃ ‘কণত কুণ্ডল দোলে অতি’ ইয়াত যশোদাৰ কাণৰ কুণ্ডলৰ কথা কোৱা হৈছে।

বা

ইয়াত যশোদাৰ কৰ্ণত কুণ্ডলৰ কথা কোৱা হৈছে।

(গ) ‘কাম্পে কোপে অৰুণ অধৰ।’

      —-ইয়াত কাৰ অৰুণ অধৰৰ কথা কৈছে?

উত্তৰঃ কাম্পে কোপে অৰুণ অধৰ’ ইয়াত শ্ৰীকৃষ্ণৰ অৰুন অধৰৰ কথা কোৱা হৈছে।

বা

ইয়াত শ্ৰীকৃষ্ণৰ অৰুন অধৰৰ কথা কোৱা হৈছে।

(ঘ) ‘মথনিত ধৰিয়া নিষেধি’।

 —-‘মথনি’ শব্দৰ অৰ্থ কি?

উত্তৰঃ ‘মথনি’ শব্দৰ অৰ্থ হ’লঃ গাখীৰ ঘুঁটিবলৈ ব্যৱহাৰ কৰা এবিধ সঁজুলি।

বা 

গাখীৰ ঘুচিবলৈ ব্যৱহাৰ কৰিছিল।

(ঙ) ‘নোজোড়ে আঙ্গুল দুই জৰী’—-ইয়াত কাৰ জৰীৰ নাটনি হৈছে?

উত্তৰঃ ‘নোজোড়ে আঙ্গুল দুই জৰী’ — ইয়াত শ্ৰীকৃষ্ণক বান্ধিবলৈ  মাক যশোদাৰ জৰীৰ নাটনি হৈছে।

বা

ইয়াত শ্ৰীকৃষ্ণক বান্ধিবলৈ মাক যশোদাৰ জৰীৰ নাটনি হৈছে।

(চ) ‘ৰুণ ঝুণ কেয়ূৰ কঙ্কণ’ ।

     —-কাৰ কেয়ূৰ কঙ্কণৰ ‘ৰুণঝুণ’ শব্দৰ কথা ইয়াত কোৱা হৈছে?

উত্তৰঃ ‘ৰুণ ঝুণ কেয়ূৰ কঙ্কণ’ — ইয়াত যশোদাৰ কেয়ূৰ কঙ্কণৰ ‘ৰুন-ঝুন’ শব্দৰ কথা কোৱা হৈছে।

বা

ইয়াত যশোদাৰ কেয়ুৰ কঙ্গণৰ ‘ৰুন-ঝুন’ শব্দৰ কথা কোৱা হৈছে।

২। ‘শিশুলীলা’ পাঠটিত ফুটি উঠা শ্ৰীকৃষ্ণৰ মানৱীয় ৰূপৰ বিষয়ে নিজৰ ভাষাৰে লিখা।

উত্তৰঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত ‘কীত্তন ঘোষা’ৰ অন্তৰ্গত ‘শিশুলীলা’ পাঠটিত পৰম পুৰুষ শ্ৰীকৃষ্ণৰ ঐশ্বৰিক ৰূপৰ উপৰিও সাধাৰণ মানৱ শিশুৰ ৰূপটোও অতি সুন্দৰ ভাৱে পৰিস্ফুত হোৱা দেখিবলৈ পোৱা যায়। সাধাৰণ মানৱ শিশুৱে যেনেকৈ মাকক আমনি কৰে, মাকৰ লগত ঠেহ-পেচ কৰে থিক তেনেদৰে ভগৱান শ্ৰীকৃষ্ণয়ো মাক যশোদৰ লগত ঠেহ পাতিছে, অভিমান কৰিছে। মাকৰ মনোযোগ আকৰ্ষন কৰাৰ বাবে ঘৰৰ বয়-বস্তু ভাঙি, দলিয়াই লণ্ড-ভণ্ড কৰিছে। মাকৰ খং উঠাত ভয়তে পলাইছে আৰু মাকৰ ভাগৰ লগা দেখি আপুনিয়ে মাকৰ হাতত ধৰাও দিছে। শিশুলীলাৰ আখ্যাননিভাগ কৃষ্ণ হৈ পৰিছে চিৰন্তন শিশুৰ এক মোহনীয় ৰূপ। এয়াযেন আমাৰ চিনাকি এক শিশুৰহে দুষ্টালি।

৩। শংকৰদেৱৰ মহত্ত্বম সৃষ্টি ‘কীৰ্তন-ঘোষা’ৰ বিষয়ে এটি চমুটোকা লিখা। 

উত্তৰঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীতিস্তম্ভ হলঃ ‘কীত্তন ঘোষা’ । নাম প্ৰসঙ্গৰ উপযোগী হিচাপে ৰচনা কৰা এই কাব্যগ্ৰন্থ মহাপুৰুষৰ দ্বাৰা প্ৰৱত্তিত একশৰন নাম ধৰ্মৰ মূলপুঠি। বিভিন্ন ছন্দৰ প্ৰয়োগ, ৰসৰ প্ৰধান্য তথা ভক্তিধৰ্মৰ গুনানুকীৰ্ত্তনেৰে ভৰপুৰ কীৰ্তন-ঘোষাত ৯ টা অধ্যায় আছে। সাহিত্যিক গুনেৰে সমৃদ্ধ কীৰ্তন-ঘোষাই ভক্তি ৰসৰ ফল্গুধাৰা  নিঃসৰন কৰাৰ উপৰিও আমাৰ সমাজৰ জনসাধৰনৰ মনটো এক বিশেষ স্থান অধিকাৰ কৰি আহিছে। 

৪। ‘শিশুলীলা’ পাঠটিৰ অন্তৰ্নিহিত তাৎপৰ্য বুজাই লিখা।

উত্তৰঃ ‘শিশুলীলা’ পাঠটি শ্ৰীমন্ত শংকৰদেৱেৰ দ্বাৰা বিৰচিত ‘কীৰ্তন-ঘোষা’ৰ অন্তগত। ভগৱান শ্ৰীকৃষ্ণ ত্ৰিজগতৰ প্ৰতি পূনব্ৰহ্ম অৱতাৰ । সেইজন ভগৱানেই ভকতৰ মনোকামনা পূৰনৰ হেতু সাধাৰন মানৱশিশুৰূপে যশোদাৰ পুত্ৰহৈ জন্ম লৈছে আৰু নানান লীলা খেলা দেখুৱাইছে। ‘শিশুলীলা’ মহাপুৰুষ শংকৰদেৱৰ  ভগৱত প্ৰেমৰ সুন্দৰ নিদৰ্শন।

               মাতৃ যশোদা আৰু শিশুপুত্ৰ শ্ৰীকৃষ্ণৰ লীলা খেলাৰে পৰিপূৰ্ণ ‘শিশুলীলা’ পাঠটিৰ জৰিয়তে দেখিবলৈ পোৱা যায় যে ভগৱান সদায় ভক্তৰ অধীন। ভক্তৰ অধীন ভগৱানে ভকতৰ মনোকামনা  পূৰন কৰিবলৈ সদাই যত্ন কৰে। যশোদা পৰম কৃষ্ণ ভক্ত । যি জনা পৰম ঈশ্বৰক মহা মহা । যোগী সধিক সকলে তপ-যপ কৰিও দশন লাভ কৰিব নোৱাৰে; সেইজনা পৰম পুৰুষ ঈশ্বৰক একমত্ৰ ভক্তিৰ জৰিয়তেই যশোদাই নিজপুত্ৰ ৰূপে লাভ কৰিবলৈ সক্ষম হৈছে। কিন্তু সাধাৰন মানৱী যশোদা ভগৱানক লাভ কৰিও অহংকাৰ মুক্ত হব পৰা নাছিল। সেয়েহে কৃষ্ণই তেওঁক নচুৱাই ৰং চাইছে। পৰমবহ্ম কৃষ্ণক নিজ পুত্ৰৰূপে ভ্ৰম কৰি যশোদাই তেওঁক উড়লত বান্ধিবলৈ প্ৰয়োগ কৰিছে আৰু বিফল হৈছে।

                ভগবান শ্ৰীকৃষ্ণ অনাদি অনন্ত। সাংসাৰিক মায়া মোহৰ স্ত্ৰষ্টা, কালৰ অধিকাৰী। সেইজন ভগৱান সবব্যপ্ত, সৰ্বশক্তিমান। কেৱল ভকতিৰ জৰিয়তেহে তেওঁক লাভ কৰা সম্ভৱ। এয়ে ‘শিশুলীলা’ পাঠটিৰ তাৎপৰ্য।

৫। ‘তাহাঙ্ক তনয় মানি বলে।

      যশোদা বান্ধন্ত উড়ুখলে।’ —-কথাষাৰৰ অন্তৰ্নিহিত তাৎপৰ্য বুজাই লিখা।

উত্তৰঃ ‘তাহাঙ্ক নয় মানি বলে।

            যশোদা বান্ধন্ত উডুখলে’। –  উক্ত পদফাঁকিৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ‘শিশুলীলা’ নামৰ পাঠটিত  পৰম পুৰুষ ভগৱান শ্ৰীকৃষ্ণক মাক যশোদাই উড়লত বান্ধি যোৱাৰ প্ৰয়াস কৰাৰ কৰা প্ৰকাশ কৰিছে।

               যশোদা আছিল শ্ৰীকৃষ্ণৰ পৰম ভক্ত। ভকতিৰ বলতেই যশোদাই ত্ৰীজগতৰ পতি পৰম পুৰুষ শ্ৰীকৃষ্ণক পুত্ৰ ৰূপে লাভ কৰিছিল। মহা মহা যোগী, মাধৱ সকলে বছৰ বছৰ ধৰি তপ-যপ কৰিও যিজনা ভগৱানক দৰ্শন পাবলৈও সক্ষম হোৱা নাছিল; সেই পৰম ঈশ্বৰক যশোদাই কেৱল ভকতিৰ জৰিয়তেই পুত্ৰ ৰূপে লাভ কৰিছিল। নিজ পুত্ৰ মানি শ্ৰীকৃষ্ণৰ লগত খং অভিমান কৰিছিল, আনকি বান্ধি থবলৈও প্ৰয়াস কৰিছিল। ইয়াৰ দ্বাৰা ইয়াকে বুজাব বিচাৰিছে যে- ভগৱান সদায় ভকতৰ অধিন। ভকতে যি ৰূপতেই তেওঁক বিচাৰে তেওঁ সেই ৰূপতেই ভকতক ধৰা দিয়ে।

৬। ‘নাহি আদি অন্ত পূৰ্বাপৰ।

     পূৰ্ণব্ৰহ্মা জগত ঈশ্বৰ ।।’ —- ইয়াত কবিয়ে শিশু কৃষ্ণৰ ঐশ্বৰিক গুণৰ প্ৰকাশ কেনেদৰে কৰিছে বুজাই লিখা।

উত্তৰঃ ‘নাহি আদি অন্ত পূৰ্বাপৰ।

             পূৰ্ণব্ৰহ্মা জগতইশ্বৰ’! – এই কবিতা ফাঁকিৰ জৰিয়তে কবি শ্ৰীমন্ত শংকৰদেৱে পূৰ্ণব্ৰহ্মা অৱতাৰ ভগৱান শ্ৰীকৃষ্ণৰ মহিমাৰ বিষয়ে প্ৰকাশ কৰিছে। 

             ভগৱান শ্ৰীকৃষ্ণই পুত্ৰ ৰূপে যশোদাৰ ঘৰত ওপজি নানান লীলা খেলা কৰিছিল। শিশু পুত্ৰৰূপে তেওঁ যশোদাৰ কোলাত উঠিবলৈ আমনি কৰিছিল, মাকক কাম কৰিবলৈ আমনি কৰিছিল, স্তনপান কৰিবলৈ নাপাই দধিভাণ্ড ভাঙিছিল, লৱনু চুৰ কৰি নিজেও খাইছিল আৰু বান্দৰকো দিছিল। শিশুকৃষ্ণৰ উতপাতত মাক যশোদা অতিষ্ঠ হৈছিল আৰু শান্তি ৰূপে ৰচীৰে উড়লত বান্ধি থবলৈ প্ৰয়াস কৰিছিল। কিন্তু  শ্ৰীকৃষ্ণ হল পৰম ভগৱান। তেওঁক একোৰেই আৱদ্ধ কৰিব নোৱাৰি। সোয়েহে যশোদাই তেওঁক বান্ধিব বিছাৰোতে প্ৰতিবাৰতেই দুই আঙুল ৰচীৰ নাটনি হ’ল। অৱশেষত মাকৰ প্ৰৰিশ্ৰম দেখি শ্ৰীকৃষ্ণই নিজেই যশোদাৰ হাতত বন্ধন স্বীকাৰ কৰিলে। সেয়েহে কবিয়ে কৈছে যে শ্ৰীকৃষ্ণৰ আদি অন্ত নাই, তেৱেই এই সৰাচৰ জগতৰ পৰম পুৰুষ। ত্ৰি জগতৰ সৃষ্টিকৰ্তা পূৰ্ণ ব্ৰহ্মা অৱতাৰ। 

৭। বাখ্য়া কৰাঃ

(ক) যাক যোগী নপাৱে ধ্যানত।

      হেন হৰি পলান্ত ভয়ত।।

উত্তৰঃ “যাক যোগী নপাৱে ধ্যানত।

          হেন হৰি পলান্ত ভয়ত।”

  ——উক্ত পদফাঁকি আমাৰ পাঠ্যপুঠিৰ অন্তগত শ্ৰীমন্ত শংকৰদেৱ বিৰচিত ‘শিশুলীলা’ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।

              পদফাঁকিৰ জৰিয়তে কবিয়ে ভগৱান শ্ৰীকৃষ্ণৰ অনন্ত মহিমাৰ বিষয়ে অবগত কৰাইছে।

               শ্ৰীকৃষ্ণ হ’ল পৰম পুৰুষ ভগৱান। ত্ৰি জগতৰ সৃষ্টি কৰ্তা। তেওঁক মহা মহা যোগী সকলেও অনেক সাধনা তপস্যা কৰিও লাভ কৰিব নোৱাৰে। কিন্তু সেইজনা পৰম ঈশ্বৰকে যশোদাই পুত্ৰৰূপে লাভ কৰিছিল একমাত্ৰ ভক্তিৰ জৰিয়তে। কেৱল পুত্ৰৰূপে লাভ কৰাই নহয়, যশোদাৰ ভয়তে শিশুকৃষ্ণই পলাই ফুৰিব লগিয়াও হৈছিল। ই সম্ভৱ হৈছে কেৱল ভক্তিৰ বলত। ভগৱান ভক্তৰ অধীন। সেয়েহে শংকৰদেৱে শ্ৰীকৃষ্ণৰ মহিমা আৰু ভক্তিৰ মহিমা প্ৰকাশ উক্তপদফাঁকিৰ জৰিয়তে প্ৰকাশ কৰিছে।

(খ) ভাণ্ড ভাঙ্গি আবে যাইবি কোথা।

   খাইবো আজি কৃষ্ণ তোৰ মাথা।।

উত্তৰঃ “ভাণ্ডভাঙ্গি আবে যাইবি কোথা।

   খাইবো আজি কৃষ্ণ তোৰমাথা”।

          উক্ত পদফাঁকি আমাৰ পাঠৰ অন্তগত শ্ৰীমন্ত শংকৰদেৱে বিৰচিত ‘শিশুলীলা’ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।

             কবিতা ফাঁকিত যশোদাই শ্ৰীকৃষ্ণক দৈ লৱনুৰ টেকেলি ভঙাৰ বাবে খং কৰি গালি পৰাৰ কথা কোৱা হৈছে।

              শ্ৰীকৃষ্ণক যশোদাই কোলাৰ পৰা নমাই স্তন পান কৰাৰ পৰা বিৰত কৰি জুইত বহাই থোৱা গাখীৰ নমাবলৈ যোৱা বাবে শ্ৰীকৃষ্ণই খঙতে দৈ, লবনুৰ টেকেলিবোৰ মজিয়াত চতিয়াই নিজেও খাইছে আৰু বান্দৰকো দিছে। যশোদাই জুইৰ পৰা গাখীৰ নমাইথৈ আহি কৃষ্ণৰ কাণ্ড দেখি খং উঠিছে আৰু কৃষ্ণক এইবোৰ দুষ্টালি কৰাৰ বাবে গালি পাৰিছে। পদফাঁকিৰ জৰিয়তে মাতৃ আৰু পুত্ৰৰ চিৰন্তন স্নেহৰ প্ৰকাশ ঘটিছে।

(গ) পাচে পাচে যশোদা খেদন্ত।

     ভয়ে লাগ মাৱক নেদেন্ত।।

উত্তৰঃ “পাচে পাচে যশোদা খেদন্ত।

     ভয়ে লাগ মাৱকনেদন্ত”

     উক্ত কবিতাফাঁকি আমাৰ পাঠৰ অন্তগত শ্ৰীমন্ত শংকৰদেৱে বিৰচিত ‘শিশুলীলা’ ৰ পৰা তুলি দিয়া হৈছে।

    পৰম ভক্ত যশোদাই নিজা ভকতিৰ বলত ত্ৰিজগতৰ পতি হৰিক পুত্ৰৰূপে লাভ কৰিবলৈ সক্ষম হৈছিল। শ্ৰীকৃষ্ণয়ো শিশুৰূপে মাতৃ যশোদাৰ লগত নানান লীলা খেলা কৰিছিল। মাকৰ স্তনপান কৰিব নাপায় শিশু কৃষ্ণই দৈ লৱনুৰ টেকেলি শিলগুটি মাৰি ভাঙিছিল। লৱনুবোৰ মজিয়াত চটিয়াইছিল নিজেও খাইছিল আৰু বান্দৰকো দিছিল। যশোদাই কৃষ্ণৰ এই কাণ্ডদেখি খং কৰিছিল আৰু মাৰিবলৈ হাতত বাৰী তুলি লৈছিল মাকৰ খং উঠা দেখি কৃষ্ণই ভয়তে পলাইছিল। এনেদৰে মাতৃ পুত্ৰৰ মাজত হোৱা খং অভিমানৰ চিত্ৰ কবিয়ে কবিতাফঁকিৰ জৰিয়তে খুব সুন্দৰকৈ বননা কৰিছে।

৮। শিশুলীলা পাঠৰ আধাৰত  শ্ৰীকৃষ্ণৰ নানা ধৰণৰ কাৰ্যৰ বিষয়ে নিজৰ ভাষাৰে বিৱৰি লিখা।

উত্তৰঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ‘কীৰ্তন ঘোষাৰ’ অন্তৰ্গত শিশুলীলা পাঠটি পৰম তত্ত্ব প্ৰকাশক। পাঠটিৰ জৰিয়তে শ্ৰীকৃষ্ণৰ দুমুখীয়া ব্যক্তিত্ব অতি সুন্দৰ ভাৱে কবিজনাই দাঙি ধৰিছে। এফালে শিশুকৃষ্ণৰ  দুষ্টামিৰ মাজেৰে সাধাৰণ মানৱ শিশুৰ ৰূপটি দাঙি-ধৰাৰ উপৰিও তেওঁৰ লীলা মহিমাৰ মাজেৰে ভগৱানৰ ৰূপটোও আমাক সোৱঁৰাই থাকিবলৈ পাহৰা নাই।

    কামত ব্যস্ত মাকক শিশু কৃষ্ণই আমনি কৰিছে। স্তন পিৰিবলৈ মাকৰ কোলাত উঠিবলৈ ইচ্ছা কৰাত মাক যশোদাই মৰমেৰে কোলাত লৈ কৃষ্ণক স্তন পান কৰাইছে। তেনেতে জুইত বহাই থৈ অহা গাখীৰ উতলি পৰিবলৈ ধৰাত কৃষ্ণক কোলাৰ পৰা নমাই থৈ গাখীৰ নমাবলৈ যশোদা যোৱা দেখি কৃষ্ণই খং অভিমান কৰিছে। দধি দুগ্ধৰ কলহ শিলগুটিৰে ভাঙিছে, মজিয়াত সিঁচৰিত কৰিছে, বান্দৰকো দিছে। কৃষ্ণৰ এইবোৰ কাণ্ড দেখি যশোদাৰ খং উঠিছে। মাকৰ খং উঠা দেখি কৃষ্ণ মাকৰ ভয়তে পলাইছে। এনেদৰে শ্ৰীকৃষ্ণৰ সাধাৰণ মানব শিশুৰ ৰূপটি অতি সুন্দৰ ভাৱে দাঙি ধৰিছে।

     আনহাতে, শ্ৰীকৃষ্ণৰ  পৰম পুৰুষ ভগৱান। তেওঁ অনাদি অনন্ত, যি জগতৰ সৃষ্টিকৰ্তা পৰম ব্ৰহ্মা। ভগৱান ভক্তৰ অধীন। ভকতবৎসল ভগৱানে যশোদাৰ ওচৰত ধৰা দিছে। কিন্তু যশোদাৰ আচৰণত অহংকাৰৰ চিন দেখি তেওঁ নিজৰ ঐশ্বৰিক মহিমা দেখাইছে। মাক যশোদাই কৃষ্ণক বান্ধিবলৈ খুজিছে তেতিয়া বাৰে বাৰে দুই আঙুল জৰি কম হৈছে। এনেদৰে শ্ৰীকৃষ্ণৰ মহিমাৰ জৰিয়তে তেওঁ যে পৰম পুৰুষ ভগৱান এই কথাও কবিজনাই সোৱঁৰাই দিৱলৈ পাহৰা নাই।

৯। মহাকোপে কোঠা পশিলন্ত 

    সিঞ্চিৰাই লৱনু ভুজন্ত।।- কোনে অতি খঙেৰে  কোঠাত সোমাইছিল? তেওঁ কিয় লৱণুবোৰ চাৰিওফালে ছটিয়াই খাইছিল বুজাই লিখা।

উত্তৰঃ শিশু কৃষ্ণই অতি খঙেৰে কোঠাত সোমাইছিল।

          মাক যশোদাই দধি মথি থাকোতে শিশুকৃষ্ণৰ মাকৰ স্তন পাণ কৰিবলৈ মাকক আমনি কৰিছিল আৰু পুত্ৰস্নেহত আপ্লুত হৈ যশোদায়ো কৃষ্ণক কোলাত লৈ মাতৃদুগ্ধ  পান কৰাইছিল। তেনেকুৱা সময়তে যশোদাই আখাত বহাই থোৱা গাখীৰ উতলি পৰিবলৈ ধৰাত কৃষ্ণক কোলাৰ পৰা নমাই দৌৰি গল। মাকে এনেদৰে কোলাৰ পৰা নমাই যোৱা বাবে কৃষ্ণৰ মাকৰ ওপৰত খং উঠিছিল আৰু দধি ভাণ্ড শিলগুটি মাৰি ভাঙি লৱণু বোৰ চাওিওফালে সিঁচৰিত কৰিছিল।

১০। কৃষ্ণক ধৰিবলৈ গৈ যশোদাৰ কেনে অৱস্থা হৈছিল বুজাই লিখা।

উওৰ : কৃষ্ণক ধৰিবলৈ গৈ যশোদা ভাগৰি পৰিছিল। ভাগৰত যশোদাৰ খোপা ঢিলা হৈ পৰিছিল, খোপাত পিন্ধা মালতী ফুল সৰি পৰিছিল। মাকৰ ভাগৰত এনে অবস্থা হোৱা দেখি কৃষ্ণই যশোদাৰ ওচৰত নিজে ধৰা দিছিল।

ভাষা বিষয় ঃ

১১। তলত দিয়া শব্দবোৰৰ এটা বা দুটাকৈ  সমাৰ্থক শব্দ লিখাঃ

কৰ্ণঃ কান

অৰুণঃ সূয্য

দধিঃ দৈ

বস্ত্ৰঃ কাপোৰ               

বদনঃ মুখ

লৱণুঃ মাখন

কোপঃ খং, ৰাগ

দশনঃ দাঁত    

দুগ্ধঃ গাখীৰ

ঈশ্বৰঃ ভগৱান

১২। তলৰ পুৰণি অসমীয়া শব্দবোৰৰ আধুনিক ৰূপ লিখাঃ

তাহাঙ্কঃ তেওঁক

নোজোৰেঃ নাটে

খসিঃ খহি

ৰহিলঃ ৰল

আসিঃ আহি

ভৈলাঃ হ’ল

আসান্তঃ আহিছে

শিলায়েঃ শিলেৰে

কাম্পেঃ কঁপে

মাৱকঃ মাকক

বসিঃ বহি

প্ৰয়াসিঃ চেষ্টাকৰা

খেদন্তঃ খেদিলে

১৩। তলৰ শব্দকেইটাত কি কি কাৰণত মূদ্ধন্য ণ আৰু মূদ্ধন্য ষ হৈছে বুজাই লিখাঃ

অৰুণ, কঙ্কণ, কৰ্ণ, শ্ৰোণী, ভাণ্ড, নিষেধি

উত্তৰঃ

অৰুণঃ ঋ, ৰ, ষ আৰু ‘নʼ ৰ মাজত স্বৰবৰ্ণ থকাৰ বাবে `নʼ ৰ ঠাইত `ণʼ হৈছে।

কঙ্কণঃ স্বাভাৱিকতে  `ণʼ হৈছে।

কৰ্ণঃ ঋ, ৰ, ষ `নʼ মাজত থাকিলে শেষৰ `নʼ `ণʼ হয়। ইয়াত ৰ কাষৰ পিছত স্বৰবৰ্ণ থকাৰ বাবে শেষৰ `নʼ `ণ ʼ হৈছে।

ভাণ্ডঃ `টʼ বৰ্গৰ আখৰেৰে যুক্ত হোৱা বাবে `নʼ `ণʼ হৈছে।

নিষেধঃ ই কাৰান্ত উপসৰ্গৰ পিছত স্থা, সিধ্, সিচ, লস্ প্ৰভৃতি ধাতুৰ `সʼ `ষʼ  হয়।

১৪। পাঠটোত থকা অসমাপিকা ক্ৰিয়া শব্দ পাঁচোটা বাছি উলিয়াই লিখা।

উত্তৰঃ পিন্ধি, গৈয়া, বান্ধি, ধৰিয়া, পিবে।


Read More:

অসমীয়া ৰচনা মোৰ প্ৰিয় গ্ৰন্থ “মিৰি জীয়ৰী”

অসমীয়া সাথঁৰ । Assamese Sathor Collection Part-1

মৌলিক সংখ্যা কাক বোলে ? উদাহৰণ দিয়া – Prime Numbers #1

বৰগীত কাক বোলে ? : অসমীয়া প্ৰশ্ন-উত্তৰ

Krishna Bhakti Lyrics:बनवारी रे, जीने का सहारा तेरा नाम रे #1

4 thoughts on “শিশুলীলা কবিতাৰ মূলভাব লিখা – শিশু লীলা প্ৰশ্ন উত্তৰ class 9 3

  1. This web site definitely has all of the information and facts I needed about this
    subject and didn’t know who to ask.

Leave a Reply

Your email address will not be published. Required fields are marked *