4 November, 2024
সভ্যতা আৰু সংস্কৃতি পার্থক্য

সভ্যতা আৰু সংস্কৃতি পার্থক্য

সভ্যতা আৰু সংস্কৃতি পার্থক্য এই শব্দ এটাৰ সলনি আনটো ব্যৱহাৰ কৰিব পৰা নাযায়, এই শব্দ দুটাৰ মাজত যথেষ্ট পার্থক্য আছে।

সভ্যতা আৰু সংস্কৃতি পার্থক্য

আপুনি কেতিয়াবা ভাবিছেনে যে যিজন দুখীয়া আৰু জৰাজীৰ্ণ সাজ-পোছাক পিন্ধা তেওঁক অসভ্য বুলি গণ্য কৰা হয়, যদিও তেওঁ হয়তো আটাইতকৈ সংস্কৃতিৱান ব্যক্তি আৰু আনফালে অত্যাধুনিক সাজ-পোছাক পিন্ধাজনক সভ্য বুলি কোৱা হয়, কিন্তু, হয়তো তেওঁৰ সংস্কৃতিৰ জ্ঞান নাই ! সংস্কৃতি হৈছে মানৱ সমাজৰ সকলো, অৰ্থাৎ ই কোনো অঞ্চলত বসবাস কৰা এক নিৰ্দিষ্ট গোটৰ মানুহৰ জ্ঞান আৰু বৈশিষ্ট্যক বুজায়।

সভ্যতাই বিশেষ এটা সামাজিক বা ৰাজনৈতিক অৱস্থাক বুজায়। ইয়াৰ প্ৰধান মাপকাঠী হ’ল সমাজ এখনত বাস কৰা লােকসকলৰ জীৱন ধাৰণৰ প্রণালী।

সংস্কৃতি হৈছে কোনাে এটা জাতিৰ বা সমাজ এখনৰ জীৱন প্রতিভা। ভাষা, সাহিত্য, সুকুমাৰ কলা, দর্শন ইত্যাদি ক্ষেত্ৰত প্ৰকাশ পােৱা প্রতিভাই হৈছে জাতি বিশেষৰ সংস্কৃতিৰ মাপকাঠী।

সভ্যতা কোনাে জাতি বা জনগােষ্ঠীৰ উত্থান-পতনৰ সৈতে জড়িত থাকে, কিন্তু সংস্কৃতি সেই জাতি বা জনগােষ্ঠীৰ জীৱন পদ্ধতিৰ সৈতেহে জড়িত হৈ থাকে ।

সভ্যতা আৰু সংস্কৃতি পার্থক্য:

  • সংস্কৃতিৰ জোখ-মাখৰ কোনো মানদণ্ড নাই। আনহাতে সভ্যতাক জুখিব পৰাকৈ মানদণ্ড আছে।
  • সংস্কৃতি ধ্বংস নহয়। আনহাতে সভ্যতা ধ্বংস হয়।
  • সংস্কৃতি হৈছে মানুহৰ জীৱন-ধাৰণৰ পদ্ধতি। আনহাতে সভ্যতা হৈছে সংস্কৃতিৰ প্ৰতিফলন।
  • সংস্কৃতিৰ ফালৰ পৰা উন্নত বুলি গণ্য কৰিবলৈ হ’লে মানুহৰ মনৰ উৎকৃষ্টতা চাব লাগিব। আনহাতে মানুহক সভ্যতাৰ পৰিসৰত উন্নত বুলি ধৰিব পাৰি।
  • জীৱন-যাপনৰ সকলো ধৰণ বা কলা সংস্কৃতি। আনহাতে উন্নত শিল্প বা প্ৰযুক্তি কেৱল সভ্যতা।
  • সংস্কৃতিয়ে মানুহৰ নৈতিক, বস্তুগত আৰু বৌদ্ধিক দিশক বুজায়। আনহাতে সভ্যতাই প্ৰযুক্তি, বস্তুগত সংস্কৃতি আৰু সামাজিক প্ৰতিষ্ঠানৰ যোগফলক বুজায়।
  • সংস্কৃতিৰ গুণগত মান আৰু উপযোগিতা পৰীক্ষা কৰিব নোৱাৰি। আনহাতে সভ্যতাৰ গুণগত মান আৰু উপযোগিতা পৰীক্ষা কৰিব পৰা যায়।

সভ্যতা কাক বোলে?[what is civilization]

সভ্যতা হ’ল এক জটিল সামাজিক প্ৰক্ৰিয়া যিয়ে এক ৰাষ্ট্ৰ, সামাজিক স্তৰীকৰণ, নগৰীকৰণ আৰু লিখন ব্যৱস্থাৰ বিকাশ ঘটাই।

সংস্কৃতি বুলিলে কি বুজা?

সংস্কৃতি শব্দৰ অৰ্থ হ’ল, মানৱ সমাজৰ জ্ঞান-বিশ্বাস, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, নৈতিকতা, উৎসৱ অনুষ্ঠান, আইন-কানুন, শিল্প, কলা আৰু বৌদ্ধিক উৎকৰ্ষ সাধনৰ আন দিশবোৰ সামৰা সামগ্ৰিক ৰূপ।

অসমীয়া সংস্কৃতি বুলিলে কি বুজা?

সংস্কৃতি শব্দৰ অৰ্থ হ’ল, মানৱ সমাজৰ জ্ঞান-বিশ্বাস, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, নৈতিকতা, উৎসৱ অনুষ্ঠান, আইন-কানুন, শিল্প, কলা আৰু বৌদ্ধিক উৎকৰ্ষ সাধনৰ আন দিশবোৰ সামৰা সামগ্ৰিক ৰূপ।

One thought on “সভ্যতা আৰু সংস্কৃতি পার্থক্য

Leave a Reply

Your email address will not be published. Required fields are marked *