Class 11 Assamese Question Answer Lesson 3
গৌৰৱ – কালিৰাম মেধি
Table of Contents
অতি চমু প্ৰশ্ন (মূল্যাংক -১)
Class 11 Assamese Question Answer Lesson 3
১) কালিৰাম মেধিৰ অসমীয়া ব্যাকৰণ আৰু ভাষা সম্পৰ্কীয় গ্ৰন্থখনৰ নাম লিখা ।
উত্তৰঃ কালিৰাম মেধিৰ অসমীয়া ব্যাকৰণ আৰু ভাষা সম্পৰ্কীয় গ্ৰন্থখনৰ নাম হ’ল-“অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব” ।
২) ‘ডিভাইন কমেডি’ কাৰ ৰচনা ?
উত্তৰঃ ‘ডিভাইন কমেডি’ ইটালীৰ বিশ্ববিখ্যাত কবি ডাণ্টেৰ ৰচনা ।
৩) নেপলিয়ান বোনাপাৰ্ট কোন দেশৰ বীৰ আছিল ?
উত্তৰঃ নেপলিয়ান বোনাপাৰ্ট ফ্ৰান্স দেশৰ বীৰ আছিল ।
৪) মৈথিলী আৰু বঙালীয়ে কোনগৰাকী পণ্ডিতক লৈ ‘টনাটনি’ কৰে ?
উত্তৰঃ মৈথিলী আৰু বঙালীয়ে বিদ্যাপতি পণ্ডিতক লৈ টনাটনি কৰে ।
৫) জাপানীবিলাকে নিজৰ দেহৰ গঢ় কাৰ নিচিনা কৰিবলৈ চেষ্টা কৰে ?
উত্তৰঃ জাপানীবিলাকে নিজৰ দেহৰ গঢ় ককেচিয়ানবিলাকৰ নিচিনা কৰিবলৈ চেষ্টা কৰে ।
Class 11 Assamese Question Answer Lesson 3
চমু প্ৰশ্ন ( মূল্যাংক – ২/৩)
১) সৌভাগ্যৰ পৰা গৌৰৱ কেনেকৈ ওপজে ?
উত্তৰঃ গৌৰৱ তিনি ঠাইৰ পৰা উৎপন্ন হয় – সৌভাগ্য, শৰীৰ আৰু মন। সৌভাগ্যৰ পৰা জন্ম, ধন আৰু মান আহে । জন্মসূত্ৰে লাভ কৰা ধন আৰু মান পোৱা ব্যক্তিসকলে নিজস্ব ভাৱে কিবা ভাল কাম কৰক বা নকৰক সমাজত কিন্তু তেওঁলোকৰ স্থান সদায় একেই থাকে । উদাহৰণ স্বৰূপে নিধিৰাম বৰুৱাৰ পুতেক গৰুচোৰ হ’লেও ভূঞা পোৱালি বৰুৱাৰ ঘৰৰ ল’ৰাই আগমালা আৰু আগ ঠগি পোৱাৰ নিয়ম সামাজিক আইনত বন্ধ আছে । কিন্তু সাধাৰণ মানুহৰ ল’ৰা-ছোৱালীয়ে জন্মসূত্ৰে সাধাৰণ হোৱা বাবে নিজৰ কৃতিত্বৰ বাবে কিন্তু সমাজত আগস্থান নাপায় ।
Class 11 Assamese Question Answer Lesson 3
২) ৰূপৰ বলত পোৱা মান আৰু ভক্তি স্থায়ী হয়নে ? বুজাই লিখা ।
উত্তৰঃ ৰূপৰ বলত পোৱা মান ভক্তি স্থায়ী নহয় । কাৰণ শৰীৰৰ পতনৰ লগে লগে ৰূপ, স্বাস্থ্য আৰু বলৰো পতন ঘটে ।
৩) বিশ্বামিত্ৰৰ দুখৰ কাৰণ কি আছিল বুলি পাঠটোত কোৱা হৈছে ?
উত্তৰঃ বিশ্বামিত্ৰৰ দুখৰ কাৰণ জন্ম আছিল বুলি পাঠটোত কোৱা হৈছে ।
৪) শুদ্ধোধনৰ নাম মানুহে কিয় জানে ?
উত্তৰঃ শুদ্ধোধন গৌতম বুদ্ধৰ পিতৃ আছিল বাবে মানুহে তেওঁৰ নাম জানে ।
৫) দেশ জয় কৰা বীৰসকলে প্ৰকৃততে দেশ ৰাখিব পাৰেনে ?
উত্তৰঃ দেশ জয় কৰা বীৰসকলে প্ৰকৃততে দেশ ৰাখিব নোৱাৰে । কাৰণ বিজেতাই প্ৰথম দিন দেশ জয় কৰে, দ্বিতীয় দিন ৰাখে আৰু তৃতীয় দিন বিজিত দেশ তেওঁৰ হাতৰ পৰা যায় । বিজেতাই মানুহকে পৰাস্ত কৰে, মানুহৰ মনক পৰাস্ত কৰিব নোৱাৰে ।
Class 11 Assamese Question Answer Lesson 3
Sl. No. | Contents |
Unit 1 | গোট ১: গদ্য |
Chapter 1 | ধনৰ ব্যৱহাৰ |
Chapter 2 | অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদাৰ্পণ |
Chapter 3 | গৌৰৱ |
Chapter 4 | কিতাপৰ কথা |
Chapter 5 | গিবন |
Chapter 6 | কেম্ব্ৰিজ’ৰ শিক্ষা ব্যৱস্থা আৰু শিক্ষানুষ্ঠান |
Chapter 7 | অসমৰ পুৰণি খেল-ধেমালি |
Chapter 8 | এভাৰেষ্টৰ সপোন আৰু বিভীষিকা |
Unit 2 | গোট ২: চুটিগল্প |
Chapter 1 | বিয়াৰ প্ৰেজেন্ট |
Unit 3 | গোট ৩: কবিতা |
Chapter 1 | ৰাৱনক বিভীষণৰ সজ উপদেশ |
Chapter 2 | বৰগীতঃ জয় জয় যাদৱ |
Chapter 3 | ধনবৰ আৰু ৰতনী |
Chapter 4 | বনকুঁৱৰী |
Chapter 5 | লাচিত ফুকন |
Chapter 6 | ৰাজপথ |
Chapter 7 | এখন চিঠি |
দীঘল প্ৰশ্ন ( মূল্যাংক – ৪/৫)
১) ‘ধনেই ধৰ্মৰ মূল, ধন নহ’লে যায় জাতি কুল’ – কথাষাৰ বুজাই লিখা ।
উত্তৰঃ উদ্ধৃত কথাফাঁকিৰ দুয়োপিনে যুক্তি আছে । আজিকালি ধন থকা জনে মৰ্যাদা আৰু শ্ৰদ্ধা লাভ কৰে । ধন থকা জনৰ পুত্ৰই কু-কৰ্ম কৰিলেও তেওঁলোকৰ মানহানি নহয় । ধন থকাজনৰ গোন্ধই সকলোকে তেওঁৰ ওচৰত বিনীত, বিনয়ী, শিষ্টাচাৰী আৰু নম্ৰ কৰি ৰাখে । ধন থাকিলে দান নিদিয়া লোকেও দানী হিচাপে মৰ্যাদা পায় । ধন থাকিলে মান-মৰ্যাদা আপুনা-আপুনি নিজৰ ওচৰলৈ আহে । পৃথিৱীত এনে মানুহ নাই, যি ধনীক ভয়, মান আৰু ভক্তি নকৰে । সেয়েহে আজিকালি ধনেই আলাউদ্দিনৰ বন্তি যেন হৈছে ।
কিন্তু, ধন নাথাকিলেও মানুহ ভাল হ’ব পাৰে । ধনেই গৌৰৱ বঢ়ালেও দুখীয়াজনৰ মনৰ গৌৰৱৰো স্থায়িত্ত্ব আছে । আজিকালি জ্ঞানীক লোকে চকুৰে চায়, উচ্চ আসনত বহুৱায় । আজিকালি জ্ঞানীয়ে মৰ্যাদা পায় । ধনীৰ জ্ঞান নহ’লে মানুহে ভাল নোবোলে । আজিকালি সেয়ে ধনেই সৰ্বস্ব নহয় । ধনে মৰ্যাদাক হ্ৰাস কৰিবও পাৰে । আজিকালি জ্ঞানে প্ৰাসগীকতা বহন কৰিছে ।
২) ‘গৌৰৱ’ প্ৰবন্ধটোত প্ৰকৃত গৌৰৱৰ কাৰণ কি বুলি কোৱা হৈছে ?
উত্তৰঃ প্ৰকৃত গৌৰৱৰ কাৰণ জ্ঞান, আত্মসংযম আৰু আত্মদানৰ পৰা ওলায় । ছক্ৰেটিছৰ জ্ঞান, হৰিশ্চন্দ্ৰৰ ন্যায়, প্ৰহ্লাদৰ আত্মসংযম আৰু জয়মতীৰ আত্মদানৰ ইতিহাসো গৌৰৱৰ বিষয় । ছেক্সপীয়েৰ, কবিৰ, মাধৱদেৱ আদি মহাপুৰুষৰ পূৰ্ণাংগ জীৱনী পোৱা নাযায় । কিন্তু প্ৰজাই ৰাজ্যৰ সম্ৰাট বা ৰজাক যেনে – আকবৰ, চ্যুকাফা, নৰনাৰায়ণ, জুলিয়াছ ছিজাৰ, আলোকজেণ্ডাৰ, নেপলিয়ন বোনাপাৰ্ট আদিক যিমান ভালদৰে জানে তাতকৈ বেছি ভালদৰে জানে ক্ৰমে গৌতম বুদ্ধ, শংকৰদেৱ, ভাৰ্জিল, প্লেটো, মাৰ্টিন লুথাৰ আদি একো একোজন সন্ত মহাপুৰুষ জীৱনী । কিন্তু মহা মহা সম্রাটৰ বিস্তৃত জীৱনীহে পোৱা যায় । প্ৰকৃততে জ্ঞান, আত্মসংযম, আত্মদান আদিয়ে সন্ত মহাপুৰুষ, সতী সাৱিত্ৰী আদিক অমৰত্ব প্ৰদান কৰিছে ।
৩) প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা – “বিজেতাই মানুহকহে পৰাস্ত কৰে, মানুহৰ মনত পৰাস্ত কৰিব নোৱাৰে ।”
উত্তৰঃ উদ্ধৃত বাক্যশাৰী আমাৰ পাঠ্যক্ৰম ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত কালিৰাম মেধি ৰচিত ‘গৌৰৱ’ নামৰ প্ৰবন্ধটিৰ পৰা তুলি দিয়া হৈছে ।
দেশ বিজয় কৰা বীৰসকলক আমি গৌৰৱৰ পাত্ৰ বুলি ভাবো । কিন্ত বিজেতাই প্ৰথম দিন দেশ জয় কৰে, দ্বিতীয় দিন ৰাখে, তৃতীয় দিন বিজিত দেশ তেওঁৰ হাতৰ পৰা যায় । বিজেতাই মানুহক পৰাস্ত কৰে কিন্তু মানুহৰ মনক পৰাস্ত কৰিব নোৱাৰে । উদাহৰণ স্বৰূপে জুলিয়াছ ছিজাৰে বাস্তৱিকতে দেশ জয় কৰা নাছিল, কিন্তু ভাৰ্জিলে কৰিছিল । আলোকজেণ্ডাৰে দেশ লৈছিল হয়, কিন্তু প্লেটোৱেহে মানুহৰ মন জয় কৰিছিল । ইউৰোপত নেপলিয়ন বোনাপাৰ্টতকৈ মাৰ্টিন লুথাৰ বেছি জনপ্ৰিয় । আকবৰৰ ৰাজ্য কেতিয়াবাই চাৰখাৰ হ’ল,কিন্তু গৌতম বুদ্ধৰ হোৱা নাই । চ্যুকাফাৰ ৰাজ্য আৰু নৰনাৰায়ণৰ ৰাজ্য কালে ধ্বংস কৰিলে হয়, কিন্তু শংকৰদেৱৰ ৰাজ্য ধ্বংস কৰিব পৰা নাই । মহাপুৰুষ ৰাজ্য টুটক ছাৰি বাঢ়িছেহে । নিউটন, ডাৰউইন আদি পণ্ডিতে তেওঁলোকৰ নিজৰ মনৰ ভাৱ আনৰ মনত সুমুৱাই দি তেওঁলোকৰ নিচিনা সকলোকে চিন্তা কৰিবলৈ দিছে । অৰ্থাৎ চিন্তা, কৰ্ম, জ্ঞান, আত্মসংযম, আত্মদান আদি সদায় মানুহৰ মনত ৰৈ যায় বিলীন নহয় ।
Class 11 Assamese Question Answer Lesson 3
৪) জন্মগতভাৱে লাভ কৰা ধন আৰু মান স্থায়ী হয়নে ? বুজাই লিখা ।
উত্তৰঃ অসমত অতীতৰে পৰা বংশ মৰ্যাদাই প্ৰাধান্য লাভ কৰিছে । ইয়াৰ বিষয়ে ‘গৌৰৱ’ প্ৰবন্ধটিতো উল্লেখ আছে । বৰুৱাৰ ঘৰৰ ল’ৰাই আগ মালা আৰু আগ ঠগি পোৱাৰ নিয়ম অসমীয়া সামাজিক আইনত বন্ধা আছে । কোলামণি হাজাৰ হওক সাধাৰণ মানুহৰ ল’ৰা, তেওঁ মালা আৰু ঠগি পাছে পাব । বৰুৱাৰ পুতেক গৰুচোৰ হ’লেও ভূঞা পোৱালি, ক’লামণি দাস বংশৰ বিদ্যাভূষণ হ’লেও সাধাৰণ সামান্য মানুহ । এনে ধৰণৰ বংশ পৰম্পৰাই অসমীয়া সমাজত আজিও প্ৰচলিত । অৰ্থাৎ উচ্চ বংশৰ লোকসকলে সদায় মৰ্যাদা আৰু নিম্ন বৰ্গৰ মানুহ গুণসম্পন্ন হ’লেও মৰ্যাদা নোপোৱাকৈ থকাটো কালিৰাম মেধিৰ ‘গৌৰৱ’ প্ৰবন্ধটিত কোৱা হৈছে । ই এক পৰম্পৰাগত আৰু প্ৰবাহিত ৰীতি ৰূপেই আজি প্ৰচলিত হৈ আছে ।
Class 11 Assamese Question Answer Lesson 3
৫) প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰা:
“ৰূপৰ কিবা আচৰিত চুম্বক শক্তি আছে ।”
উত্তৰঃ উদ্ধৃত বাক্যশাৰী আমাৰ পাঠ্যক্ৰম ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত কালিৰাম মেধি ৰচিত ‘গৌৰৱ’ নামৰ প্ৰবন্ধটিৰ পৰা তুলি দিয়া হৈছে ।
ৰূপৰ বাবেই যে বিভিন্ন কাৰণ সংঘটিত হয় আৰু বহুবোৰ কাৰ্যৰ আৰু যে ৰূপেই ক্ৰিয়া কৰে সেয়া উদ্ধৃত বাক্যশাৰীত প্ৰকাশিত হৈছে ।
গৌৰৱ উৎপন্ন হোৱা দ্বিতীয় বিধ উপাদান শৰীৰৰ ভিতৰতো ৰূপে অন্যতম । ৰূপে জ্ঞানীৰ অজ্ঞানী কৰে, যুদ্ধ বিগ্ৰহৰ সৃষ্টি কৰে । ৰূপে জগতৰ বুৰঞ্জী পৰিৱৰ্তন কৰে আৰু নিৰ্বলীক বলী কৰে । মহাদেৱৰ নিচিনা যোগিকো ভগৱানৰ বিস্ববিমোহন ৰূপে বলিয়া কৰিছিল । ৰাম ৰাৱণৰ যুদ্ধ আৰু গ্ৰীক ট্ৰজান যুদ্ধৰ কাৰণ ৰূপ । ডাণ্টেৰ ‘ডিভাইন কমেডি’ৰূপৰ পৰাই ওলাইছে । ৰূপৰ কিবা আচৰিত চুম্বক শক্তি আছে । হিৰোৰ লাৱন্য শক্তিৰ প্ৰভাৱত লিয়েণ্ডাৰে হেলিস্পট সাগৰ সাঁতুৰি সাঁতুৰি পাৰ হ’বলৈ ভয় নকৰিছিল । সাপ যেনেকৈ ৰোগীৰ মন্ত্ৰত মুগ্ধ হয়, মানুহে তেনেকৈ ৰূপ মুগ্ধ হয় । এই ৰূপৰ বলতে বহুতে বহুত ঠাইত মান আৰু ভক্তি পায় । মহাপুৰুষ শংকৰদেৱৰ ৰূপ আৰু শান্ত মূৰ্তিয়ে তেওঁৰ প্ৰতিদ্বন্ধীৰ পৰাও ভক্তি আৰু শ্ৰদ্ধা আকৰ্ষণ কৰিছিল । ৰূপৰ প্ৰভাৱতে মহম্মদক বধ কৰিবলৈ উদ্যত শত্ৰুৰ হাতৰ তৰোৱাল খহি পৰিছিল । ৰূপ ঈশ্বৰদত্ত । কামদেৱ, এণ্ডিমিয়ান, তিলোত্তমা আৰু হলেনৰ ৰূপ মধুৰী নিজৰ আৰ্জিত নহয় । কিন্তু সেইবুলিয়ে ৰূপৰ ওপৰত যে আমাৰ হাত নাই এনে নহয় । হৰমোহন ৰূপ পাবলৈ নোৱাৰিলেও নিজ চেষ্টাৰ বলত কুৎসিত আকাৰ কিছু পৰিমানে কমাব পাৰি । জাপানিবিলাকে তেওঁলোকৰ গঢ় কুকেচিয়ানবিলাকৰ নিচিনা কৰিবলৈ চেষ্টা কৰিছে । কিঞ্চিত কৃতকাৰ্যও হৈছিল । ৰূপ সৌন্দৰ্য্য বঢ়োৱাত স্বাস্থ্যই বৰ সহায় কৰে । ভাল স্বাস্থ্য থাকিলে আৰু তেজ পৰিষ্কাৰ থাকিলে মুখৰ গঢ় বেয়া হ’লেও আৰু মানুহ দেখিবলৈ কুশ্ৰী নহয় । কিন্তু ৰোগীয়া মানুহৰ মুখ কাৰ্তিক, নাৰ্চিছাছৰ দৰে সুন্দৰ হ’লেও দেখিবলৈ কুৎচিত আৰু ঘিন লগা হয় । শৰীৰৰ মানসিক আৰ অন্তৰ্লিন বলে ৰূপৰ জেউতি চৰায় ।
Class 11 Assamese Question Answer Lesson 3
One thought on “Class 11 Assamese Question Answer Lesson 3”