20 May, 2024

Gamosa Fulor Saneki Graph Pdf Download

Gamosa Fulor Saneki:

এই ৱেবপেজটোৰ জৰিয়তে আমি আমাৰ অসমীয়া শিপিনীসকলক তেওঁলোকৰ আৰু সমাজৰ বাবে উন্নত হস্তনিৰ্মিত কাপোৰ বনাবলৈ সহায় কৰিবলৈ চেষ্টা কৰিছো,

যদি আপুনি আপোনাৰ অভিজ্ঞতাৰ জৰিয়তে আমাতকৈ ভালকৈ সহায় কৰিব পাৰিব বুলি ভাবে অনুগ্ৰহ কৰি মন্তব্যৰ অংশত লিখক, আমি ২৪ ঘন্টাৰ ভিতৰত আপোনাৰ সৈতে যোগাযোগ কৰিম আৰু আমি একেলগে কাম কৰিম আমাৰ অসমীয়া সমাজ আৰু স্থানীয় বয়নকাৰীলৈ উন্নত সেৱাৰ বাবে।

এই লেখাটোত আমি গামোছা আৰু ছাডৰৰ বাবে ৫টা ডিজাইন শ্বেয়াৰ কৰিছো। অধিক আপডেটৰ বাবে ব্লগ চাবস্ক্ৰাইব কৰক:



Gamosa Fulor Saneki Graph Pdf


What Is Gamosa?

The Gamosa of Assam is an article of significance for the indigenous people of Assam, India. It is generally a white rectangular piece of cloth with primarily a red border on three sides and red woven motifs on the fourth (in addition to red, other colors are also used). Although cotton yarn is the most common material for making/weaving gamosas, there are special occasion ones made from Pat silk.

গামোচা অসমীয়া লোকসকলে ব্যৱহাৰ কৰা এবিধ বস্ত্ৰ। সাধাৰণতে গামোচা চাৰিওফালে ৰঙা সূতাৰে (সেউজীয়া ৰঙো থাকে) পাৰি দি বোৱা এখন বগা দীঘলীয়া কাপোৰ। কপাহী সূতাৰে বিশেষভাৱে গামোচা তৈয়াৰ কৰা হয় যদিও পাট আদি সূতাৰেও ইয়াক তৈয়াৰ কৰা হয়। ২০২২ চনৰ ১৩ ডিচেম্বৰত বস্তুৰ ভৌগোলিক ও পদৰ্শন (পঞ্জীয়ন তথা সংৰক্ষণ) অধিনিয়ম ১৯৯৯ অনুসৰি ভাৰত চৰকাৰে অসমৰ গামোচাক ভৌগোলিক উপদৰ্শন পঞ্জীয়ন চমুকৈ GI tag-ত অন্তৰ্ভুক্ত কৰে।

“গাত লৈ ফুৰালে বতাহে ফালিব।
মুঠিত লৈ ফুৰাহে ভাল।
এআগে বাছিলোঁ সেউতী মালতী
এআগে বাছিলোঁ ফুল।
এআগে বাছিলোঁ বাঘে ভালোকে।
বাটে মানুহ ধৰি খাই।
এআগে বাছিলোঁ চৰাই হালধীয়া
উৰি শদিয়ালৈ যায়। “

অসমীয়াৰ দৰে বঙালী, বিহাৰী আৰু উৰিয়া মানুহেও গামোচা সদৃশ গমছা বা গামছা নামৰ এবিধ বস্ত্ৰ ব্যৱহাৰ কৰে। অসমীয়া গামোচাৰ লগত তেওঁলোকৰ গামছাৰ বহুখিনি পাৰ্থক্য আছে। আনহাতে অসমীয়া মানুহে গামোচাখনক এক সাংস্কৃতিক তথা সন্মানৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰে। কিন্তু আন ঠাইত ইয়াক অকল নিত্য ব্যৱহাৰ্য্য সামগ্ৰী হিচাপেহে ব্যৱহাৰ কৰা দেখা যায়। নামনি অসমত গামোচাক ‘গাম্‌চা’, ‘মুক্‌চা’ বা ‘দুহেইটা’ আদি নামেৰে জনা যায়।


গামোচাৰ ব্যৱহাৰ:

অসমীয়া সমাজত বিভিন্ন ক্ষেত্ৰত গামোচাৰ ব্যৱহাৰ হোৱা দেখা যায়:

  • গামোচাক দৈনিক কাৰ্যত গা-ধোৱাৰ পিছত শৰীৰ মচিবৰ বাবে ব্যৱহাৰ কৰা হয়।
  • নামঘৰৰ থাপনাত কোনো শাস্ত্ৰ ঢাকি ৰাখিবৰ বাবে ইয়াক ব্যৱহাৰ কৰা হয়।
  • খেতিয়কে ইয়াক কঁকালত বন্ধা টঙালি বা কঁকালত পিন্ধা কাপোৰ হিচাপে ব্যৱহাৰ কৰে।
  • নামঘৰত প্ৰাৰ্থনা কৰাৰ সময়ত ইয়াক ডিঙিত ওলোমাই ৰখা হয়।
  • কোনো সভাত বিশিষ্ট ব্যক্তিক সন্মান জনাবৰ বাবেও গামোচা ব্যৱহাৰ কৰা হয়।

গামোচা কেই প্ৰকাৰৰ আৰু কি কি?

অসমীয়া সমাজত গামোচাৰ ব্যৱহাৰৰ ওপৰত নিৰ্ভৰ কৰি ইয়াক:-

  1. পানী-গামোচা
  2. তামোল-গামোচা
  3. বিহুৱান
  4. ফুলাম গামোচা
  5. ফুটুকী গামোচা
  6. কমৰবন্ধ আদি বিভিন্ন নামত ভাগ কৰা আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *