অসমীয়া বিয়াৰ নাম এক চমু বৰ্ণনা
অসমীয়া বিয়াৰ নাম: অসমীয়া বিবাহ অনুষ্ঠানত বিভিন্ন সময়ত আয়তী সকলে গোৱা মাংগলিক গীত। এই বিয়া নামবোৰ অসমীয়া লোক সাহিত্যৰ এক অমূল্য সম্পদ। এই বিয়া নামবোৰ বিবাহ অনুষ্ঠানৰ বিভিন্ন সময়ত গোৱা হয়। যেনে- কইনা উলিয়াই দিয়া সময়ত, সুৱাগ তোলা সময়ত, পানী তোলাৰ সময়ত, দৰা আদৰোতে, হোমৰ গুৰিত বহোঁতে বিধে বিধে এই গীতবোৰ গোৱা হয়।
অসমীয়া বিয়াৰ নাম:
অসমীয়া বিয়াৰ নামবোৰৰ বিষয়বস্তু, বৰ্ণনা আদিলৈ চাই বিয়া নামবোৰ দুটা ৰূপত পোৱা যায়। প্ৰথম বিধ গহীন গম্ভীৰ আৰু ৰুচিপূৰ্ণ। এই ধৰণৰ গীতত ৰাম-সীতা, ৰাধা-কৃষ্ণ, ঊষা-অনিৰুদ্ধ আদি পৌৰাণিক চৰিত্ৰ সমূহৰ বিবাহৰ বৰ্ণনা দি দৰা-কইনাক আবেগিক কৰা দেখা যায়। এই ধৰণৰ গীতত বিচ্ছেদৰ কাৰুণ্য, মিলনৰ আনন্দ আদি আয়তীসকলে সুন্দৰকৈ প্ৰকাশ কৰে। এই ধৰণৰ গীতবোৰত ৰচনাৰ সৰলতা, কল্পনাৰ কমনীয়তা, উপমাৰ মনোহাৰিতা, ঘৰুৱা জীৱনৰ প্ৰাঞ্জল চিত্ৰ আদি সুন্দৰ ভাবে পৰিস্ফুত হোৱা দেখা যায়।
এইবোৰৰ উপৰিও অসমীয়া বিয়াৰ নাম ৰ অন্য এটা ৰূপ দেখা পোৱা যায়। ইয়াত দৰা ঘৰীয়াই কইনা ঘৰীয়াক আৰু কইনা ঘৰীয়াই দৰা ঘৰীয়াক ঠাট্টা মস্কৰা কৰা দেখা যায়। এই ধৰণৰ গীতক সাধাৰণতে যোৰা নাম বুলি কোৱা হয়। নামনী অসমত এই ধৰণৰ গীতক খিচা গীত বুলিও কয়। এই গীতবোৰ দৰা আদৰোঁতে আনন্দ উপভোগ কৰিবলৈ আৰু কইনা হোমৰ গুৰিত বহোঁতে কাৰুণ্য আঁতৰাবলৈ হাঁহি-তামচাৰে গোৱা হয়।
যেনে-
ৰভাৰ খুটা হেলেকা
ৰভাৰ খুটা হেলেকা
কইনাঘৰৰ ছোৱালীবোৰৰ
নাক কেইটা চেপেতা…
দৰাঘৰীয়াই কইনাঘৰীয়া বা কইনাঘৰীয়াই দৰাঘৰীয়াক মৰা এই চকা বাণৰ উপৰিও পৰিবেশটো বেছি উপভোগ্য হৈ উঠে যেতিয়া এই শৰ গৈ পুৰোহিত বাপুৰ গাতো পৰেগৈ। এই গীতবোৰ অসমীয়া চহা জীৱনৰ অমল স্বাক্ষৰ।
Source: Assamese Wikipedia
অসমীয়া সমাজত বিয়ানামৰ প্ৰভাৱ:
বিয়ানাম অসমীয়া থলুৱা বা লোকগীতৰ এক অন্যতম উপাদান। সঁচা কথা অন্য লোকগীতৰ তুলনাত বিয়া নামৰ সংখ্যাই সৰহ। কাৰণ সময়ে সময়ে এনে লোকগীত সৃষ্টি হৈছিল আৰু আজিও হৈয়ে আছে। বিষয় বস্তু একে হ‘লেও নামৰ ভাষা, সুৰ , শব্দ ব্যঞ্জনাত ভিন্নতা আছে। ই আছিল অনাখৰী অখ্যাত লোকৰ বিখ্যাত ৰচনা। আজিও ঠাইতে সৃষ্টি কৰি সুৰ দি গাব পৰা অনেক শিল্পী আছে।
অসমীয়া বিয়াৰ নাম সৃষ্টি হৈ আছে, বিয়াৰ সংখ্যাও বাঢ়িছে। কিন্তু খৰচ কমাবলৈ আৰু সময় বচাবলৈ বিয়া তিনিৰ পৰা দুদিন , দুদিনৰ পৰা এদিনীয়া হ‘ল। তাতকৈ ডাঙৰ কথা অনেক শিক্ষিতাই নাম গাবলৈ লাজ কৰে, সেয়ে নামতীৰো সঙ্গী নোহোৱা হৈছেগৈ । বিয়া নাম একক নহয় , বৃন্দাবন বা সমবেত গীত।
এখন বিয়াত নাম আৰু উৰুলি অবিচ্ছেদ্য অঙ্গ আৰু দুয়োটাই মাঙ্গলিক কাৰ্য। নাম আৰু উৰুলিয়ে বিয়াখন উৎসৱ মুখৰ আৰু সঙ্গীত মুখৰ কৰি ৰাখে।
এই প্ৰৱন্ধত মই মোৰ জন্মস্থান লক্ষীমপুৰ জিলাত প্ৰচলিত বিয়ানামৰ কিছু আভাস দিবলৈ যত্ন কৰিছোঁ ।
জোৰণেৰে বিবাহ কাৰ্যৰ আৰম্ভনি হয়। জোৰণৰ আগদিনা ৰাতি পদুলিমুখত তোৰণ আৰু চোতালত মৰল সজা হয়। জোৰোণ আদৰা কইনা ঘৰৰ প্ৰথম কৰ্তব্য। জোৰণ আদৰিবলৈ শৰাই এখনত আগগুৰি কটা তামোল-পান, মচলা সজাই শৰাই এখন, কাঁহৰ কাঁহি এখনত চাকি-ধূপ, ফুলাম গামোচা আৰু এখন বিচনি লৈ কইনাৰ মাকে দৰাৰ মাকক আদৰি আনি সমাজত বহুৱায়। কইনা বহিবলৈ দলিচা পাৰি দি কইনা বাহিৰলৈ উলিয়াই আনিবলৈ বিয়া নামেৰে অনুৰোধ জনায়। কইনাৰ শিৰত আঙুঠি এটাৰে সেন্দুৰ দি তাৰ পিছত অনামিকা আঙুলিৰে সেন্দুৰৰ ফোঁট দি আ-অলঙ্কাৰ পিন্ধায়। তাৰ পিছিত কইনাক আনি সমাজত আঠু লৈ ৰাইজৰ আৰ্শীবাদ বিচৰা হয় ।
[Source: ANJANATAMULI]
অসমীয়া বিয়াৰ নাম:
জোৰণ পিন্ধোৱা নাম।
ইয়ে ৰাধা! কি মনি সাজেৰে
ইয়ে ৰাধা! কি মনি আনিছা
ৰুক্মিণী অ দেও! লই আহা বাছি পিন্ধাও।
ইয়ে ৰাধা! সোনাৰি সালতে
ইয়ে ৰাধা! সাদিন টিকে টিকাই
ৰুক্মিণী অ দেও! আইদেওৰ হাতলৈ খাৰু।
ইয়ে ৰাধা! মনতে অসন্তোষ
ইয়ে ৰাধা! নকৰা আইদেও
ৰুক্মিণী অ দেও! তুমি হবা আলাসৰ লাৰু॥ইয়ে ৰাধা! সুবৰ্ণৰ খাটতে
ইয়ে ৰাধা! আইদেও শুইয়াছে
ৰুক্মিণী অ দেও! ই কথা মনতে নাই।
ইয়ে ৰাধা! লাখৰ বাখৰ কৰি
ইয়ে ৰাধা! আইটীৰ বাইদেউক
ৰুক্মিণী অ দেও! লাহেকৈ যগোৱা গই॥
ইয়ে ৰাধা! মাৰৰ অলঙ্কাৰ
ইয়ে ৰাধা! থোৱা ঐ আইটি
ৰুক্মিণী অ দেও! ককাই দেওৰ অলঙ্কাৰ থোৱা
ইয়ে ৰাধা! তোমাৰ নিজ ঘৰৰ
ইয়ে ৰাধা! অলঙ্কাৰ আনিছে
ৰুক্মিণী অ দেও! হাত কৰ যোৰেকৈ লোৱা।
ইয়ে ৰাধা! ভেকুৰি গছতে
ইয়ে ৰাধা! মেকুৰি উঠিলে
ৰুক্মিণী অ দেও! ছনকাই ভাগিলে ডাল।
ইয়ে ৰাধা! আইদেওৰ হাতলৈ
ইয়ে ৰাধা! কি খাৰু আনিছা
ৰুক্মিণী অ দেও! ঢেকিৰ গুল দিবলৈ ভাল॥
ইয়ে ৰাধা! ওপৰৰ কুৰুৱাই
ইয়ে ৰাধা! আনে ৰৌ মাছ
ৰুক্মিণী অ দেও! তললৈ পেলালে ফিছা।
ইয়ে ৰাধা! জোৰোনত দিছেহি
ইয়ে ৰাধা! মুগাৰে মেখেলা
ৰুক্মিণী অ দেও! সমাজ পাই মাতিব মিছা॥ইয়ে ৰাধা! ছোতালৰ আগৰে
ইয়ে ৰাধা! মিঠা আম এজুপি
ৰুক্মিণী অ দেও! বাকলি গুছাইয়ে খাবা।
ইয়ে ৰাধা! দোষ দায় কৰিব
ইয়ে ৰাধা! দৰাৰ মাক ক্ষমিবা
ৰুক্মিণী অ দেও! মাকৰ মুখলৈ চাই॥
ইয়ে ৰাধা! শুনিবা শুনিবা
ইয়ে ৰাধা! দৰাৰে মাকে
ৰুক্মিণী অ দেও! আইদেওৰ ব্যবস্থা কওঁ।
ইয়ে ৰাধা! তাঁতত হালে জালে
ইয়ে ৰাধা! শৰাইত ফুলে গাঁথে
ৰুক্মিণী অ দেও! তাকেহে আইদেও পাৰে॥
ইয়ে ৰাধা! টান বন নিদিবা
ইয়ে ৰাধা! লঘোনে নথবা
ৰুক্মিণী অ দেও! চেচুকৰ ডেম ডেউকা।
ইয়ে ৰাধা! চাৰি ভাইৰ মাজৰে
ইয়ে ৰাধা! চেনেহৰ আইদেউ
ৰুক্মিণী অ দেও! নেখাই দোৱা ভজা ছিৰা॥
ইয়ে ৰাধা! শুকান পিঠা গুৰি
ইয়ে ৰাধা! চালিব নোৱাৰে
ৰুক্মিণী অ দেও! হাতৰ পানী জোলা বান্ধে।
ইয়ে ৰাধা! লোকৰ মাতে কথা
ইয়ে ৰাধা! শুনিব নোৱাৰে।
ৰুক্মিণী অ দেও! আপুনি স্বয়ং হৈ থাকে॥ইয়ে ৰাধা! আমাৰ আইদেউ
অসমীয়া বিয়াৰ নাম
ইয়ে ৰাধা! নিছেই কুমলীয়া
ৰুক্মিণী অ দেও! নিছেই কল পাতৰ থুৰি।
ইয়ে ৰাধা! আটিব নোৱাৰে
ইয়ে ৰাধা! চাটোনৰ মেখেলা
ৰুক্মিণী অ দেও! বান্ধিব নেজানে চুলি।
মূৰত তেল দিয়া নাম।
দালিম থিয় কৰি
অসমীয়া বিয়াৰ নাম
মূৰত তেল দিবা
ঐ ৰাম! সুগন্ধ মালতীৰ হাতে হে।
তেলে চিকে মিকাই
চিকন ঐ আইদেও
ঐ ৰাম! আৰু চিকে মিকাই হাতে হে।
পানী তুলিবলৈ যোৱা নাম।
ওলাই আহা শশী প্ৰভা
ৰাজাৰ মহা দৈ।
শুভ ক্ষণে যাত্ৰা কৰি
জল আনো গৈ॥
কাৰে ঘণ্টা লোৱা ৰাধা
মুয়ে লোৱা মালা।যমুনা লৈ যাব লাগে
অসমীয়া বিয়াৰ নাম
নকৰিবা হেলা।
বাটে বাটে ফুলি আছে
কেতেকী বকুল।
চলিব নোৱাৰে ৰাধাই
পাৱত নেপূৰ॥
বাটে বাটে জোমা জুমি
চোৱা গোপীলোক।
কোন খনি বৃন্দা বন
চিনাই দিয়া মোক॥
ৰত্নৰ কলসী
অসমীয়া বিয়াৰ নাম
দশমে মলসী
ঐ ৰাম! লই যোৱা আচলে ঢাকি হে।
আগত গইছে
গায়নে বায়নে
ঐ ৰাম। পাছত গইছে ভাৰী হে।
মাজত গইছে
দ্ৰুপদ জিয়াৰী
ঐ ৰাম! পাণ্ডুৰ নিজা বোৱাৰী হে।
দূৰৈকৈ পুখুৰী
খনালা আই দেউ
ঐ ৰাম! বন্ধালা সেন্দুৰী আলি হে।
তাৰ চাৰিপাশে
অসমীয়া বিয়াৰ নাম
কদম ৰুই গলা
ঐ ৰাম! তাৰ মাজে বকুলৰ সাৰী হে।
যাওঁ বেগ ধৰি
নেপাও হাত মেলি
ঐ ৰাম! ক’তবা যমুনা নৈ হে।
যমুনাৰে জল
কৰে টল বল
ঐ ৰাম! আছে বকুল তলে ৰই হে।
যমুনাৰ বালি পাই
তধাদি আছে চাই
ঐ ৰাম! তোলোঁ কোন ঘাটে পানী হে।
যদি ধুকি পাও
তাৰে তুলি নিওঁ
ঐ ৰাম! যমুনা সাগৰৰ পানী হে।
দূৰকৈ পুখুৰী
খনালা আইটি
ঐ ৰাম! পাৰত ৰোৱাই গ’লা জৰা হে।
ৰাধাই পানী তোলে
উঠিব নোৱাৰে
ঐ ৰাম! নমাই দে পাৰলী ঘোৰা হে।
মথুৰা ঘাটক লাগি ৰাধা চলি যায়।
বাট ভোট বিনা খেদে নন্দেৰ কানাই॥নুঠিবা নাৱত ৰাধা, কানাইৰ ভগা নাওঁ।
অসমীয়া বিয়াৰ নাম
ক’ত থবা দধি ভাণ্ড, ক’ত থবা পাও॥
যমুনাৰ ঢৌ দেখি, ৰাধাৰ কঁপে হিয়া।
ঘাটে নাওঁ চপাই দিয়া অ! বিনন্দিয়া॥
ইফালৰে চাক নৈয়া, সিফালৰে ঢৌ।
তামৰ কলসী ৰাধা, ভৰিল নে নৌ॥
জললৈ নেনামে টেঙ্গৰী যশোদা
নাগে হৰি নিয়ে বুলি এ
জল এৰি দিয়া হৰি এ
লই যাওঁ কলসী ভৰি এ
পানী তুলি ওভতি আহোঁতে গোৱা না।
জয়! গঙ্গাত জল মাগি,
অসমীয়া বিয়াৰ নাম
জয়! কি মায়া দেখিলা,
জয়! ৰৈ বসুদেৱে শোধে
জয়! জল ভৰি যশোদা,
জয়! পাছলৈ নেচাবা,
জয়! সাগৰ আহিব ভাগি।
জয়! সাগৰো ভাগিব,
জয়! জগৰো লাগিব,
জয়! লোকৰ ধৰমীয়া বিয়া।
জয়! গঙ্গাত জল মাগি,
জয়! আনিছোঁ আইটী,
জয়! লোৱাহি আঁচলে পাতি।
জয়! লগাই থৈ আহিলোঁ,
জয়! সোণৰ মুঠি গছা,
জয়! এতিয়াই আহোগৈ বুলি।
জয়! জল কুৱৰীয়ে,
জয়! এৰি নপঠিয়াই,
জয়! মোকো লই যোৱা বুলি।
জয়! চাঁতে ফুলিলে,
জয়! বালি বাবৰি,
জয়! আহোঁতে ফুলিলে জৰা।
জয়! ছকুৰি গোপিনী,
জয়! আহে পানী তুলি,
জয়! ভৱ সাগৰৰ পৰা
জয়! বতাহত মাৰলি,
জয়! ভাগিল হৰি হৰি,
জয়! বতাহত মাৰলি ভাগিল।
জয়! ৰং যেন দেখিলা,
জয়! গায়নক মাতিলা,
জয়! গায়নৰ কি জগৰ লাগিল
জয়! কৰ্দৈ চকলা
জয়! পাতে ভৰা ভৰা,
জয়! কৰ দৈ চকলা পাত।
জয়! ৰুপৰ চকলা,
জয়! দিবলই কোৱাগৈ,
জয়! ঢুলিয়াই নিদিয়ে বাট।জয়! ঢাপৰ থেৰেজু।
অসমীয়া বিয়াৰ নাম
জয়! টেঙ্গা হৰি হৰি,
জয়! ঢাপৰ ঠেৰেজু টেঙ্গা।
জয়! খৰকৈ যোৱাগৈ,
জয়! দেউতাক কোৱাগৈ,
জয়! মাৰকহি গায়নৰ জেঙ্গা।
জয়! আইটীৰ পধুলি,
জয়! ওখোৰা মোখোৰা
জয়! গায়নৰ নচলে ভৰি।
জয়! আনা কোৰ খনি,
জয়! দিয়া সমান কৰি,
জয়! গায়নে চলায় যত ভৰি।
ছালত পানী দিয়া নাম।
ছালত পানী দিবা,
অসমীয়া বিয়াৰ নাম
ধাৰ নিচিঙ্গিবা,
ঐ ৰাম! অতি সাবধান হবা হে।
ছালত পানী দিবা,
নিয়ম কৈ সোমাবা,
ঐ ৰাম! মৰল চাই টেকেলি থবা হে।
মঁৰললৈ সোমোৱা নাম।
পাঁচ বৰণীয়া,
অসমীয়া বিয়াৰ নাম
পাচুটি টেকেলী,
ঐ ৰাম! ঘিলা বৰণীয়া পানী হে।
আউদেউ সুধিলে,
কৰা কি এ বুলি,
ঐ ৰাম! ডিব্ৰুনইৰে পানী হে।
দুৱাৰ মেল দুৱৰি
অৰ্জ্জুন কুৱৰী
ঐ ৰাম! দুৱাৰত ঘুনুছা জৰি হে।
শিলৰ পাটে দুৱাৰ,
মেলাগৈ ঘৰিণী,
ঐ ৰাম! কলসী ভিতৰে কৰো হে।
গঙ্গাত জল মাগি,
আনিছোঁ আইদেউ,
ঐ ৰাম! লোৱাহি মাথা দোঁৱাই হে।
নোৱনি ঘৰলৈ যোৱা নাম
ওলাই আহা আইদেৱে
মাটিত মঙ্গল চাই।
গণকে গণিতা কৰে
ক্ষণ চৰি যায়॥ওলাই আহা আইদেৱে
অসমীয়া বিয়াৰ নাম
আঙ্গুলিক লেখি
প্ৰজা সকল ৰই আছে
তোমাক নেদেখি॥
ওলাই আহা আইদেৱে,
দুৱাৰ দলিৰ বাজ।
ঘৰতে নোৱাব লাগে
নকৰিবা লাজ॥
ওলাই আহা আইদেৱে
কদমতে ধৰি।
নোৱাবলৈ ৰই আছে
কৌশল্যা সুন্দৰী॥
বৃন্দাবনৰ মাজে
আইদেউ চলি যায়,
ঐ ৰাম! থমকে থমকে পাৱ চলাই।
চিত্ৰ মুনিৰ পুত্ৰ
আমি চিনা নাই
ঐ ৰাম! মোহন মুৰুলি বাংশী বজাই।
নোৱনি ঘৰত গোৱা নাম।
অ! হৰি চম্পাৰ কলি
মোলান পৰে গাতনেমাৰিবা নেমাৰিবা
অসমীয়া বিয়াৰ নাম
দই পানীৰ চাট॥
আচলতে ধৰি মাৰে
ঘূৰে পঞ্চ বাৰ।
অভিমান নকৰিবা
বেদৰ ব্যৱহাৰ॥
বেইতে ঘুৰোঁতে
ফুৰনি ধৰিলে
ঐ ৰাম! সোমাই বৰপিৰাত বহে হে।
জীয়েকৰ আচলত
মাকে ধৰিছে
ঐ ৰাম! ই জনী কি লাহত ঘুৰে হে।
প্ৰথমতে মুঠা দিবা
অ! সখি মাহ শিৰত।
হালধিত তেল দিবা
অ! সখি বহিবা গাৱত
হালধি বাটিলে কোনে
অ! সখি খৰচিয়া হল।
শিতলীয়া গাৱ পাই
অ! সখি পিছলিয়া গলজাতি চন্দন ৰে
এছাতি মাৰিবা
থাকিব মলে মলাই ৰাম জানকী।
কেলেই ঘহিছা
কেতুৰি হালধি
আপুনি কেতেকী পাহি ৰাম জানকী।
মাৰৰ হালধি
থোৱা কাতি কৰি
দেউতাৰৰ হালধি থোৱা ৰাম জানকী।
তোমাৰ নিজৰ গুৰুৰ
হালধি আনিছে
তাকে ঘহিবলৈ লোৱা ৰাম জানকী।
আগলি পাততে
ৰাঙ্গলি হালধি
বহে মৰাচালি কৰি ৰাম জানকী।
ভৰিলৈ ননমাই
মাকৰ মান হৰাই বুলি ৰাম জানকি।
এটা বাটিতে
মাহে হালধী
এটা বাটিতে দৈ ৰাম জানকী।
হৰক নোৱাবলই
গৌৰী আহিছে
মূৰত ওৰণী লই ৰাম জানকি।অতি চেনেহৰে
মাকে নোৱাইছে
ওপৰে বনাইছে চিলা ৰাম জানকী।
আইদেউৰ পধুলিতে, হালি আহে নল।
কলহে কলহে ধালে, যমুনাৰে জল॥
দেউতাৰ ঢাপত আছে, পাৰদ মণি তিতা।
এতেবেলি নোৱাই আছে কুমলিয়া সীতা॥
মেঘৰ বৰণ শ্যাম তনু, দিগম্বৰ ভেশ।
পিঠিত পৰিয়া আছে, আউল জাউল কেশ॥
বহি আছে আইদেৱে, মেলি আছে চুলি।
শৰ ধনু ধৰি আছে, হৰি নিয়ে বুলি॥
স্নান কৰি আইদেৱে দুৰ্গাত মাগে বৰ।
জন্মে জন্মে মোৰ স্বামী হোক দামোদৰ।
স্নান কৰি আইদেৱে কঁপে থৰ থৰি।
পেলাই দিয়া পাট বস্ত্ৰ, পিন্ধক লাহে কৰি॥
স্নান কৰি আইদেৱে গোপিণীলৈ চাই।
চেনেহৰ মাকৰ মনে, অনেক খেলাই॥
স্নান কৰি আইদেৱে মূৰত দি হাত।
স্বৰ্গৰ পৰা ইন্দ্ৰ আহি কৰে আশীৰ্ব্বাদ॥
ৰাম ৰাম। জাৰে কপাই হিয়া
ৰাম ৰাম। কিনো ৰঙ্গ চোৱা
ৰাম ৰাম। বস্ত্ৰ দি আবৰি আনা।ৰাম ৰাম। গা চাই গামোছা
ৰাম ৰাম। আনাগই লিগিৰী
ৰাম ৰাম। ককাল চাই মেখেলা আনা।
ৰাম ৰাম। মুখে চাই আৰছি
ৰাম ৰাম। আনাগই বানেছি
ৰাম ৰাম। দাপোন চাই মেলাগই চুলি।
ৰাম ৰাম। চুলিও নেমেলে
ৰাম ৰাম। চন্দনো নিপিন্ধে
ৰাম ৰাম। সতৰ ফোঁট নলৱে বুলি।
ৰাম ৰাম। গা ধুই আইটী
ৰাম ৰাম। মাকক সুধিলে
ৰাম ৰাম। মোলৈ কি এ সাজ আছে।
ৰাম ৰাম। চাঁতে শুকুৱা
ৰাম ৰাম। মুঠিতে লুকুৱা
ৰাম ৰাম। তোমালৈ সেই সাজ আছে।
ৰাম ৰাম। গা ধুই উঠিয়েই
ৰাম ৰাম। দেউতাক সুধিলে
ৰাম ৰাম। কি ফুল পিন্ধিব পাই।
ৰাম ৰাম। সেউতী নিপিন্ধো
ৰাম ৰাম। মালতী নিপিন্ধো।
ৰাম ৰাম। নিপিন্ধো খৰিকা জাঁই।
ৰাম ৰাম। সাগৰৰ মাজতে
ৰাম ৰাম। আছে পাৰিজাত
ৰাম ৰাম। তাকে আনি দিওঁতা নাই।ৰাম ৰাম। দেউতা বিষয়া
অসমীয়া বিয়াৰ নাম
ৰাম ৰাম। দিলে নাওঁ বঠা
ৰাম ৰাম। পাৰিজাত বিচাৰি যাওঁ।