Table of Contents
অসমীয়া ৰচনা মোৰ প্ৰিয় গ্ৰন্থ
হৃদয়ৰ লুকাই থকা কোঠাবোৰৰ চাবি-কাঠি হ’ল কিতাপ, 1894 চনত প্ৰকাশিত প্ৰথম অসমীয়া উপন্যাস মিৰি জীয়ৰীৰ পৃষ্ঠাবোৰ খুলি থাকোঁতে এই শব্দবোৰ প্ৰতিধ্বনিত হয়। ৰজনীকান্ত বৰদলৈয়ে যাদুত ডুবি থকা কাঁইটীয়া তাঁৰেৰে আমাক এই সাহিত্যৰত্নৰ জৰিয়তে মোহময়ী মিৰি জনগোষ্ঠীৰ সৈতে পৰিচয় কৰাই দিছে।
সহজ সৰল প্ৰেম কাহিনীৰ পটভূমিত উপন্যাসখনৰ পাতনি মেলে। ই এক আৱেগ, হৃদয় বিদাৰক কাহিনী আৰু নিয়তিৰ অনিবাৰ্য টান। পৃষ্ঠাবোৰৰ মাজেৰে যাত্ৰা কৰি থাকোঁতে আমাৰ মুখামুখি হ’ব লগীয়া হয় যুৱ মিৰি দম্পতী-পানোঈ আৰু জোনকি- যিয়ে অসমৰ মনোৰম প্ৰাকৃতিক দৃশ্যৰ মাজত প্ৰেমৰ ফুলজাৰি মাৰিছে।
কল্পনা কৰক এনে এখন পৃথিৱীৰ কথা, য’ত নদীবোৰে গোপনে হাঁহি মাৰে, আৰু সেউজীয়া চৰাইবোৰৰ মাজত প্ৰেমৰ ফুল ফুটে। অসমৰ বুকুত মিৰি জীয়ৰী নামৰ এখন উপন্যাসৰ অস্তিত্ব আছে। ই কেৱল কোনো গ্ৰন্থ নহয়; ই এক যাদুকৰী পৰ্টেল যি আমাক এনে এক সময়লৈ লৈ যায় যেতিয়া পৰম্পৰাই নিয়তিৰ সৈতে হাত মিলাই নৃত্য কৰিছিল।
আমাৰ মুখ্য চৰিত্ৰ দুটা হ’ল পান’ই আৰু জোনকি, শৈশৱৰ বন্ধুবোৰ আত্মাত পৰিণত হ’ল। তেওঁলোকৰ প্ৰেম কাহিনী মিচিং সম্প্ৰদায়ৰ পটভূমিত উন্মোচিত হৈছে- সংস্কৃতি আৰু কৰুণাৰে সমৃদ্ধ এটা সম্প্ৰদায়। কিন্তু ভাগ্যই কোনো দুষ্ট নদীৰ দৰে সিহঁতৰ বাবে অন্য পৰিকল্পনা কৰিছে।
অসমীয়া ৰচনা মোৰ প্ৰিয় গ্ৰন্থ “মিৰি জীয়ৰী”
পাতনি:
গ্ৰন্থ হৈছে জাতি এটাৰ সভ্যতাৰ পৰিচায়ক ।গ্ৰন্থ অধ্যয়নৰ জৰিয়তে আমি নিজকে জ্ঞান অন্নেষণৰ প্ৰতি ধাৱমান কৰি তুলিব পাৰোঁ । মানুহে কয় যে কিতাপ মানুহৰ ভাল বন্ধু । এখন গ্ৰন্থই মানুহক অনাবিল আনন্দ প্ৰদান কৰিব পাৰে । সকলো দুখ , কষ্ট পাহৰাই ৰাখি গ্ৰন্থ অধ্যয়নে মানুহক সকাহ প্ৰদান কৰিব পাৰে । সেইবাবে যিমান পাৰো আমি গ্ৰন্থ অধ্যয়নক নিয়মীয়া অভ্যাস ৰূপে গঢ়ি তুলিবলৈ যত্ন কৰিব লাগে ।
অসমীয়া সাহিত্যৰ দুই চাৰিখন উপন্যাস , গল্প সংকলন আৰু জীৱনী গ্ৰন্থ আদি মই পঢ়িছোঁ । তাৰ ভিতৰত ৰজনীকান্ত বৰদলৈৰ দ্বাৰা ৰচিত ‘ মিৰি জীয়ৰী ‘ নামৰ উপন্যাসখনে মোক বাৰুকৈয়ে আপ্লুত কৰিছে । এই উপন্যাসখনে মোৰ মনত ইমানেই বেছি সাঁচ বহুৱাবলৈ সক্ষম হৈছে যে মই এই উপন্যাসখন এতিয়ালৈ কেইবাবাৰো পঢ়িছো । সেইবাবে মোৰ প্রিয় গ্ৰন্থ হিচাপে মিৰি জীয়ৰীৰ কথাকেই লিখিবলৈ লৈছোঁ ।
ৰজনীকান্ত বৰদলৈ: অসমীয়া সাহিত্যত ৰজনীকান্ত বৰদলৈ এটি প্ৰসিদ্ধ নাম ।তেখেত উপন্যাস সম্ৰাট নামেৰে জনাজাত । মানৰ দিনৰ আলমত তেওঁ ভালেকেইখন উপন্যাস ৰচনা কৰিছে । তাৰ ভিতৰত মনোমতী, ৰহদৈ, লিগিৰী , দন্দুৱা দ্ৰোহ , নিৰ্মল ভকত , ৰংগিলী আদি উল্লেখযোগ্য ।
মিৰি জীয়ৰী : মিৰি জীয়ৰী এখন সামাজিক উপন্যাস । চৰকাৰী চাকৰিত থাকোতে বৰদলৈয়ে মিৰি সমাজ খনৰ বিষয়ে জনাৰ সুবিধা পাইছিল । তাৰেই পটভূমিত তেওঁ এই উপন্যাস খন ৰচনা কৰিছিল ।
”মিৰি জীয়ৰী”ত এহাল মিৰি ডেকা- গাভৰুৰ জীৱনৰ কৰুণ কাহিনী বৰ্ণনা কৰা হৈছে । ডেকাজনৰ নাম জঙ্কি আৰু গাভৰুজনীৰ নাম পানেই । সোৱণশিৰীৰ পাৰৰ মিৰি গাঁৱত সিহঁতৰ ঘৰ । সৰুতে টঙি ৰখি থাকোতেই দুয়োৰে মাজত চিনাকি হৈছিল । এনেকৈ দুয়ো শৈশৱত ৰং- ধেমালিৰ লগৰী হৈ পৰিছিল । কালক্ৰমত দুয়ো ডাঙৰ হ’ল , ল’ৰালিৰ লগৰী যৌৱনত ভালপোৱাৰ পাত্ৰ পাত্ৰী হৈ পৰিল । বিহুৱে- পাৰ্বনে নাচি সিহঁত আপোন পাহৰা হ’ল । পানেইৰ দেউতাক তামেদে তাইক গামৰ পুতেক কুমুদলৈ দিবলৈ ঠিক কৰি থৈছিল । মাক নিৰমাই এবেলিলৈ জীয়েকৰ পক্ষ ল’ব খুজিলেও বাপেকৰ ওপৰত মাত মাতিব নোৱাৰে । মিৰি সমাজৰ প্ৰথা অনুযায়ী কুমুদ জোঁৱাই খাটিবলৈ অহাটো ঠিক হ’ল ।ইপিনে জঙ্কি আৰু পানেইৰ মনৰ কথা পৰস্পৰে জানি দুয়ো দুয়োকে চিৰদিনলৈ আপোন কৰি লোৱাৰ সংকল্প কৰিলে । টকা পইচা যোগাৰ কৰিবলৈ জঙ্কি ঘূনাসুঁতি গাওঁৰ মাহীয়েকৰ ঘৰলৈ গৈ তাতে থাকিবলৈ ল’লে । কুমুদে জোঁৱাই খাটিবলৈ আহিও পানেইৰ মন জয় কৰাত বিফল হ’ল , পানেয়ে সুযোগ বুজি জঙ্কিলৈ খবৰ পঠাই দুয়ো এদিন পলাই সোৱণশিৰীৰ পাৰৰ হাবিত লুকাই থাকিলগৈ । ঘূণাসূতি গাওঁৰ ডালিমী নামৰ আন এজনী গাভৰুৱেও জঙ্কিক ভাল পাইছিল । পিছে জঙ্কিৰ পৰা পানেইৰ বিষয়ে জনাত সহৃদয়তাৰে দুয়োটাকে সহায় কৰিবলৈ ল’লে । জঙ্কি পানেই ধৰা পৰিল , কাছাৰীত দুয়োটাৰে বিচাৰ হ’ল ,মাক বাপেকে পানেইক লৈ আহিল । কিছুদিনৰ পিছত পানেই আকৌ পলাল । সেই খবৰ পাই জঙ্কিয়ে পানেইৰ মাক বাপেকক লগ ধৰি ক’লে যে এইবাৰ পানেই অকলেহে গৈছে, এনেকৈ তাই আত্মঘাতী হ’ব । এইবাৰ মাক বাপেকে তাইক জঙ্কিলৈ বিয়া দিবলৈ সৈমান হ’ল । জঙ্কিয়ে পানেইক বিচাৰি যাওঁতে গাছি মিৰিৰ হাতত বন্দী হয় । ইপিনে পানেইকো বন্দী কৰি এদিন সিহঁতে তালৈকে আনে । বন্দী অৱস্থাতে দুয়োৰে দেখা দেখি হ’ল । এনিশা দুয়ো পুনৰ পলাবৰ দিহা কৰোঁতেই পুনৰ ধৰা পৰিল । বাৰেগামৰ মেলত দুয়োটাৰে বিচাৰ হ’ল । বাৰেগামে দুয়োটাকে মৃত্যুদণ্ড বিহিলে । শাল মাৰি দুয়োটা দেহ বান্ধি গাছি মিৰিয়ে সিহঁতক উটুৱাই দিলে , নিষ্প্ৰাণ দেহ দুটা এটা সময়ত আহি সোৱণশিৰিৰ ঘাটত লাগিলহি । জঙ্কি পানেইৰ ভালপোৱাৰ প্ৰতি পানেইৰ মাক বাপেকে সঁহাৰি নিদিলে । আনকি সমাজেও সিহঁতৰ প্ৰেমৰ স্বীকৃতি দিব নুখুজিলে । ফলস্বৰূপে কৰুণভাৱে তেওঁলোকে মৃত্যুক সাৱটি ল’ব লগাত পৰিল । ইয়াৰ বাবে জঙ্কি আৰু পানেইৰ কোনো দোষ নাছিল । দোষ আমাৰ সমাজখনৰ , সমাজ ব্যৱস্থাৰ ।
চৰিত্ৰ: উপন্যাসখনৰ প্ৰধান চৰিত্ৰ জঙ্কি আৰু পানেই । মিৰি সমাজৰ সাধাৰণ ডেকা গাভৰু হোজা আৰু সৰল । পানেইৰ দেউতাক তামেদ সমাজৰ নিৰ্দেশত চলা মানুহ । মাক নিৰমা সৰল মাতৃ কিন্তু পুৰুষৰ ওপৰত মাত মাতিব নোৱাৰে ।কুমুদ ধনী গামৰ ল’ৰা , জোৰেৰে সকলো পাবলৈ বিচাৰে । ডালিমী চৰিত্ৰ ত্যাগৰ আদৰ্শৰে মহীয়ান। জঙ্কিক ভালপোৱাৰ বাবেই তাই স্বাৰ্থ ত্যাগ কৰি জঙ্কি – পানেইৰ মিলনৰ বাবে যথাসাধ্য সহায় কৰিছে । বাৰেগাম নিষ্ঠুৰ ।
উপন্যাসখনৰ পটভূমিত আমি সোৱণশিৰীৰ পাৰৰ মিৰিগাঁৱৰ উপৰি ঘূণাসুঁতি গাঁৱৰ মিৰি সমাজখন পাওঁ । পৰ্বতীয়া গাছি মিৰিৰ কথাও আছে । লগতে নগৰৰ সামান্য পটভূমিৰূপে লক্ষীমপুৰ নগৰৰ কথাও আছে । ” মিৰি জীয়ৰী ” কেৱল এহাল ডেকা গাভৰুৰ প্ৰেম কাহিনীয়েই নহয় ।মিৰি সমাজৰ সাংস্কৃতিক জীৱনধাৰাৰ পৰিচয় এইখন উপন্যাসত পোৱা যায় । তদুপৰি লেখকে জঙ্কি পানেইৰ কাহিনীৰ যোগেদি মিৰি সমাজ তথা অসমীয়া সমাজখনকে যেন সকীয়াই দিছে । তেওঁ মিৰি – সমাজত এনে দুৰ্ভাগ্যজনক ঘটনা আৰু নঘটিব বুলি আশা কৰিছে । কাহিনী , চৰিত্ৰ , পটভূমি, আঞ্চলিক বৈশিষ্ট্য আদিৰে সমৃদ্ধ ” মিৰি জীয়ৰী” এখন সুখপাঠ্য সামাজিক উপন্যাস ।
Chinku Moni Adhikarai
(M.A in Assamese)
Very good post. I will be experiencing a few of these issues as well..
First of all I would like to say fantastic blog!
I had a quick question in which I’d like to ask if you don’t mind.
I was curious to find out how you center yourself and clear your
thoughts prior to writing. I’ve had difficulty clearing my mind in getting my thoughts out there.
I truly do enjoy writing however it just seems like
the first 10 to 15 minutes are usually lost simply just trying to figure out how to
begin. Any ideas or hints? Thank you!
If you desire to obtain a good deal from this piece of writing then you have to apply such techniques to your won webpage.
Hi there to every body, it’s my first visit of this web site; this web site consists of remarkable and in fact fine data designed for visitors.
you are reality
a good webmaster. The website loading velocity is amazing.
It kind of feels that you’re doing any distinctive trick.
Moreover, The contents are masterwork. you have done a fantastic
task on this matter!