13 September, 2024
পদ কাক বোলে ? ই কেই প্ৰকাৰৰ আৰু কি কি?

পদ কাক বোলে ? ই কেই প্ৰকাৰৰ আৰু কি কি?

Q: পদ কাক বোলে ?

Ans: কিছুমান অৰ্থপূৰ্ণ শব্দ যেতিয়া ব্যাকৰণিক বিধি মতে লগলাগি কোনো অৰ্থ প্ৰকাশ কৰে তেতিয়া তাক বাক্য বুলি কোৱা হয়। কোনো বাক্যত ব্যৱহাৰ হোৱা প্ৰতিটো অৰ্থব্যঞ্জক শব্দই একো একোটা পদ। উদাহৰণ স্বৰূপে: সীতা এগৰাকী ভাল শিক্ষয়িত্ৰী

ওপৰৰ বাক্যটোত চাৰিটা অৰ্থব্যঞ্জক শব্দ আছে, “সীতা“, “এগৰাকী“, “ভাল“, “শিক্ষয়িত্ৰীইয়াৰ প্ৰতিটো শব্দই একো একোটা পদ।

Q: পদ কাক বোলে ? Q: অব্যয় পদ কাক বোলে ? Q: সব্যয় পদ কাক বোলে ?

Q: পদ কেই প্ৰকাৰৰ আৰু কি কি?

Ans: গঠন আৰু বৈশিষ্ট্য অনুযায়ী পদবোৰক প্ৰধানকৈ দুটা ভাগত ভাগ কৰা হৈছে, যেনে–

  • সব্যয় পদ আৰু  
  • অব্যয় পদ

Q: সব্যয় পদ কাক বোলে ?

Ans: বাক্যত ব্যৱহাৰ হওঁতে বিভক্তি যুক্ত হৈ বাক্য ভেদে ভিন ভিন ৰূপ  লোৱা শব্দবোৰক সব্যয় পদ বোলে।

উদাহৰণ স্বৰূপে:-

হৰিহৰ এজন শিক্ষক। ভাল শিক্ষকে ভালদৰে পঢ়ায়। ছাত্ৰ-ছাত্ৰীয়ে শিক্ষকক শ্ৰদ্ধা কৰে।

উপৰি উক্ত প্ৰথম বাক্যটোত ‘শিক্ষক’ এটি পদ । এই পদটি দ্বিতীয় আৰু তৃতীয় বাক্যত ৰূপ সলাই ক্ৰমে ‘শিক্ষকে’ আৰু ‘শিক্ষকক’ হৈছে। অৰ্থাৎ ‘শিক্ষক’ পদটিৰ লগত দ্বিতীয় আৰু তৃতীয় বাক্যটিত বিভক্তি যোগ হৈছে।  সেয়ে ‘শিক্ষক’ পদটি সব্যয় পদ। 


Q: অব্যয় পদ কাক বোলে ?

Ans: বাক্যত ব্যৱহাৰ হওঁতে বিভক্তি যোগ নোহোৱা আৰু বাক্য ভেদে ভিন্ন ৰূপ নোলোৱা শব্দবোৰক অব্যয় পদ বোলে।

উদাহৰণ স্বৰূপে:-

হৰি বা টম তালৈ যোৱা।

ৰাম আৰু ৰহিম দুয়োজনেই ভাল ল’ৰা।

উক্ত বাক্য দুটাত ব্যৱহাৰ হোৱা ‘বা’ আৰু ‘আৰু’ পদ দুটি অব্যয় পদ। এই পদটিৰ লগত কোনো বিভক্তি যোগ হোৱা নাই। অব্যয় পদবোৰে কেতিয়াও কোনো অৱস্থাতে ৰূপৰ সলনি নকৰে। 


Leave a Reply

Your email address will not be published. Required fields are marked *