20 May, 2024
লাচিত বৰফুকন বিষয়ে ৰচনা pdf

লাচিত বৰফুকন বিষয়ে ৰচনা Pdf Download

লাচিত বৰফুকন বিষয়ে ৰচনা Pdf

চমুটোকা লিখা লাচিত বৰফুকন; লাচিত বৰফুকন বিষয়ে ৰচনা Pdf

ধন্য ৰজা, ধন্য মন্ত্রী, ধন্য সেনাপতি, ধন্য সেনা। অকল এজন মানুহে সকলো সৈন্য চলায়, ই কি আচৰিত । মই হেন ৰামসিংহ নিজে মুদ্ধৰ সেনাপতি হৈও একোতে সুবিধা নাপাওঁ।”– মোগলৰ সেনাপতি- ৰামসিংহৰ এই উক্তিয়ে লাচিতৰ যুদ্ধ পৰিচালনাৰ কাহিনীত যি জাতীয় দায়বদ্ধতা, নিয়মানুবর্তিতা আৰু একমুখী কাৰ্যপন্থাৰ এই সকলো বিষয় স্পষ্ট কৰি দিয়ে।

অসমৰ ইতিহাসত দেশপ্রেমীক বীৰ বুলি কলে বিশেষভাৱে লাচিত বৰফুকনৰ নামেই লোৱা হয়। এই গৰাকী লাচিত বৰফুকনৰ জন্ম হয় ১৬১২ খ্রীঃত । দিন, বাৰ আৰু স্থান সম্পর্কে সঠিক ভাবে জনা নহ’লেও গড়গাঁওৰ ওচৰে-পাজৰে বুলি অনুমান কৰা হয়। দেউতাক মোমাই তামুলী বৰবৰুৱাৰ কনিষ্ঠ সন্তান লাচিতৰ তিনিজন ককায়েক হ’ল যথাক্রমে- লালুকসোলা, মৰংগী আৰু ভাৱধাৰা। সাহসী, স্পষ্টবাদিতা আৰু সততা আছিল লাচিত বৰফুকনৰ বৈশিষ্ট্য। দেউতাকৰ ৰাজ- কার্মাৰ লীক, নিৰীক্ষণ কৰিয়েই লাচিতে বহু কথা শিকাৰ সুবিধা পাইছিল ।

নিজৰ দক্ষতাৰ বলত আতি সোনকালেই লাচিতে ৰজাঘৰত নিযুক্তি লাভ কৰি প্ৰথম অৱস্থাত “হাঁচতি ধৰা তামুলীৰ পৰা কম সময়তে ঘোঁৰা বৰুৱা, দোলীয়া বৰুৱা আৰু শিমলুৰীয়া ফুকনৰ পদত নিযুক্তি লাভ কৰে। মিৰজুমলাৰ অসম আক্রমণত দিখৌমুখত হোৱা যুদ্ধত লাচিতৰ পাৰদর্শিতাৰ বাবে তথা পৰাক্ৰমৰ উমান পাই সেই সময়ৰ আহোম ৰজা চক্ৰধ্বজ সিংহই লাচিতক বৰসেনাপতি পাতিলে আৰু বৰফুকন পদত নিযুক্ত কৰিলে।

১৬৬৭ চনৰ ২০ আগষ্টত আহোম- মোগলৰ যুদ্ধ আৰম্ভ হয়। ব্রহ্মপুত্ৰৰ দক্ষিণ পাৰৰ কাজলীত থকা মোগলৰ দুর্গ আহোমে নিজৰ অধীনলৈ আনে । ইটাখুলিত চাউনি পাতি স্মৰণ মোগলক মানাহ নদী পাৰ কৰি খেদি পঠাই অসমলৈ কঢ়িয়াই অনা বিজয়ে অসমীয়াক আৰু অধিক আত্ম বিশ্বাসী কৰি তুলিলে আৰু সেনাপতি লাচিত বৰফুকনো প্রশংসিত হ’ল। মোগল সেনাৰ পৰাজয়ৰ সখৰ শুনি সম্রাট, ঔৰঙ্গজেৱে অপমানত তাৰ প্রতিশোধ লবলৈ ৰামসিংহক নির্দেশ দিলে অসম আক্ৰমণ কৰিবলৈ।

লাচিত বৰফুকনে ভালদৰে উপলব্ধি কৰিছিল যে- শত্রু যিমানেই শক্তিশালী নহওক, প্রতিজন অসমীয়া সেনা আৰু সেনাপতিয়ে যদি নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰে, তেওঁলোকে মোগলক পৰাভূত কৰিব পাৰিবই । তেওঁ কামাখ্য়া(Kamakhya) গোঁসানীলৈ সেৱা কৰি এইবুলিও নির্দেশ দিলে যে, “যুদ্ধৰ কামত পাছ হুইকিলে মই এই হেংদাঙেৰে তাক দুডোখৰ কৰি কাটিম, পাছতহে স্বৰ্গদেৱক জনাম্।” আহোম আৰু যোগলৰ সৰ্বশেষ যুদ্ধ খনেই হ’ল শৰাইঘাটৰ যুদ্ধ। ১৬৭১ চনৰ মাঠ মাহৰ শেষ ভাগত এই যুদ্ধ আৰম্ভ হৈছিল ।

লাচিতৰ টান নৰিয়াৰ বাবে অসমীয়া সৈন্যসকলৰ মনোবল কিছু হ্রাস হৈছিল আৰু যুদ্ধ এৰি উজনিলৈ যাবলৈ বিচাৰিছিল। মোগলৰ নাওৰ সংখ্যা ক্রমে বাঢ়ি অহা দেখি লাচিতে বুজিলে আৰু একে মুহূর্তও দেৰি নকৰি তেওঁ নাওঁ মেলি দিলে আৰু চিঞৰি কলে – ” অসমীয়া ৰণুৱাসকল, মই যুঁজিছে মূৰিম । চিলা পৰ্বতৰ ওপৰত এচপৰা মাটি কিনি থৈছো, তাতে মোক শটো থবা নতুবা মোক বঙালে ধৰি লৈ যাওঁক, তোমালোক সুখেৰে ঘৰলৈ উভতি যোৱা । ” লাচিতৰ এই মৃত্যুপনৰ ফলত শৰাইঘাটৰ যুদ্ধত মোগল পৰাজিত হ’ল । ইয়াৰ পিছতে বীৰ লাচিতৰ মৃত্যু হল বুলি অসমৰ চৌপাশে খবৰ বিয়পি পৰাৰ লগে লগে যুদ্ধ জয়ৰ আনন্দত শোকৰ ছাঁ পৰিল ৷

খ্ৰীষ্টিয় ১৬৭১ চনৰ ৫ এপ্ৰিলত ৰাম- সিংহই ভাটিমূৱা যাত্রা আৰম্ভ কৰিলে। হাজো এৰাৰ আগতে ৰামসিংহই হয়গ্রীৱ মাধব মন্দিৰত পূজা কৰি তাৰ ব্ৰাহ্মণ সকলক কৈ গ’ল “লাচিত সামান্য বীৰ নহয়, মই একো ঠাইতে ছিদ্র নাপালো।”

শৰাইঘাটৰ যুদ্ধত অসমীয়া সৈনাই জয় লাভ কৰাৰ এটা ডাঙৰ কাৰণ আছিল এই যে – প্রতিজন অসমীয়া সেনাই প্রয়োজনত নাও বাইছিল, হিলৈও মাৰিছিল, একেজন সেনাই কাঁড়ো মাৰিছিল, গড়ো বান্ধিছিল । গতিকে একোজন সেনা একোটা হাতী । শত্রুপক্ষৰ হলেও ৰামসিংহই অসমীয়া সেনাৰ এনে কর্মপটুতা, সাহস আৰু ৰনকৌশল প্রশংসা কৰি কৈছিল- “প্রতিজন অসমীয়া সেনা নাও চলোৱা, কাঁড় মৰা, খাৱৈ খন্দা, হিলৈ- কামান মৰা সকলো কার্যতে পাৰ্গত । এনেদৰে সকলো কামতে পটু সেনা মই ভাৰতত কোতো দেখা নাই।” ৰামসিংহই পুনৰ কৈছিল যে – “ অসম দেশ জয় কৰা যিকোনো ৰজাৰ বাবেই অসম্ভব কথা |

লাচিত বৰফুকন আৰু তেওঁৰ সহযোগী শৰাইঘটীয়া বীৰ সকলৰ উদাহৰণ কেবল মাত্র অসমীয়া জাতিৰ কাৰণেই নহয়, সমগ্ৰ ভাৰতীয়ৰ কাৰণেও অনুপ্ৰেৰণা দায়ক। মোগলৰ বিৰুদ্ধে লাচিত বৰফুকনৰ যুদ্ধ পৰিচালনাৰ কাহিনীত অসমীয়া জাতিয়ে নিজকে সংগঠন শক্তি, কর্তব্যনিষ্ঠা আৰু সাহসিকতাৰ পৰিচয় দিলে – অসমৰ সংৰক্ষিত বুৰঞ্জীত তেনে উদাহৰণ দুষ্প্রাপ্য।

সমগ্র জাতিয়ে ঐক্যবদ্ধ ভাবে কাম কৰিছিল, আনকি বয়োজ্যেষ্ঠ সেনাপতি আৰু ডা-ডাঙৰীয়া সকলেও কম বয়সীয়া বৰ সেনাপতি লাচিত বৰফুকনৰ আদেশ বিনাদ্বিধাই পালন কৰিছিল। নিঃস্বার্থ, দেশপ্রেম আৰু সাহসী নেতৃত্বৰ শিক্ষা লবলৈ হলে লাচিত বৰফুকনৰ মোগল সংঘৰ্ষৰ কাহিনী সর্বকালৰ বাবে জ্বলন্ত নিদর্শন হৈ থাকিব ।

শৰাইঘাটৰ যুঁজৰ তাৎপৰ্য আৰু বীৰত্বৰ কথা অসমৰ ইতিহাসৰ পাতত সোনালী আখৰেৰে জিলিকি থাকিব। এই শৰাইঘাটৰ যুঁজতে অসমীয়া সৈন্য আৰু সেনাপতিৰ কৰ্মদক্ষতা, সময় অনুযায়ী কর্তব্যবোধ, আভ্যন্তৰীণ শৃংখলাৰ প্ৰকাশ আৰু সবাতোকৈ গুৰুত্বপূর্ণ অদম্য দেশপ্রেমৰ চানেকি প্রতিফলিত হোৱা দেখা যায়। সততে জাগ্রত অসমীয়া জাতিৰ সময়োপযোগী দায়িত্ববোধ, কর্মনিষ্ঠা আৰু যুঁজাৰু মানসিকতাৰ উৎকৃষ্ট নমুনা শৰাইঘাটৰ কাহিনীত ঊজ্বলি উঠিছে । জাতীয় চৈতন্যক জগাই তুলিবলৈ লাচিত বৰফুকন আৰু শৰাইঘাটৰ কাহিনীয়ে যথেষ্ট, যাৰ পৰা আমি শিক্ষা ল’ব পাৰো।

লাচিত বৰফুকন বিষয়ে ৰচনা PDF

Join Our Telegram Group And Download The PDF Now

One thought on “লাচিত বৰফুকন বিষয়ে ৰচনা Pdf Download

Leave a Reply

Your email address will not be published. Required fields are marked *