26 February, 2024
ৰোমান্টিক কবিতা

Class 9 Assamese Question Answer Chapter 1| শিশুলীলা প্ৰশ্ন উত্তৰ

Class 9 Assamese Question Answer Chapter 1

Chapter 1:

Class 9 Assamese Question Answer Chapter 1

শিশুলীলা

দিনেক যশোদা নন্দ জায়া ।
আপুনি মথন্ত দধি গৈয়া ।। 
কৃষ্ণৰ শৈশৱ লীলাক স্মৰি। 
কৃষ্ণগীত  গাৱন্ত সুন্দৰী ।।   
ক্ষৌম বস্ত্ৰ পিন্ধি দিব্য কাছে ।
কটিত মেখলা বান্ধি আছে ।।
পুত্ৰস্নেহে স্ৰৱে দুয়ো স্তন ।     
আজোড়ন্তে লড়ে ঘনে ঘন ।। 
ৰুণ ঝুণ কেয়ূৰ কঙ্কণ ।       
শ্ৰম জলে উজ্জ্বল বদন ।।  
কণত কুন্দল দোলে আতি । 
খসি পড়ে খোপাৰ মালতি ।।
এহিমতে মথন্তে প্ৰয়াসি ।
মাৱক ধৰিলা কৃষ্ণে আসি ।  
মথনিত ধৰিয়া নিষেধি ।   
মথিবাক নেদে আউৰ দধি ।।
হাসি কোলে লৈলা নন্দ জায়া ।।
দিলা স্তন পুত্ৰমুখ চায়া ।।

শব্দাৰ্থ আৰু টোকাঃ

শব্দঅৰ্থ
আউৰ আৰু
আখি   চকু
আজোড়ন্তেআজুৰি থাকোঁতে
কঙ্কণ    খাৰু
কোপে খঙত
খসিখহি
চাণ্ড জোৰকৈ
ছায়া  চাই
ডৰে  ভয়তে
দশন  দাঁত
দিব্য়  স্বৰ্গীয়
ভঞ্জন্তখালে
বসি  বহি
বদনমুখ
প্ৰয়াসিযত্ন কৰি
পশিলন্ত সোমালহি
নিষেধি বাধা দি
নন্দজায়ানন্দৰজাৰ পত্নী
দোলে দুলি থাকে, লৰে

(ক) ‘শিশুলীলা’ পাঠটিৰ ৰচক কোন?

উত্তৰঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ।

(খ) মহাপুৰুষ শংকৰদেৱৰ জন্ম আৰু মৃত্যু চন দুটা উল্লেখ কৰা।

উত্তৰঃ জন্ম- ১৪৪৯ চন, মৃত্যু- ১৫৬৮ চন।

(গ) মহাপুৰুষ শংকৰদেৱে প্ৰৱৰ্তন কৰা ধৰ্মটোৰ নাম কি?

উত্তৰঃ নৱ বৈষ্ণৱ ধৰ্ম।

(ঘ) মহাপুৰুষ শংকৰদেৱৰ জন্ম ক’ত হৈছিল? 

উত্তৰঃ বৰদোৱাৰ ওচৰৰ আলিপুখুৰী গাঁৱত।

(ঙ) মহাপুৰুষ শংকৰদেৱৰ মৃত্যু ক’ত হৈছিল?

উত্তৰঃ ভেলা মধুপুৰত।

(চ) মহাপুৰুষ শংকৰদেৱৰ জীৱনৰ কীৰ্তিস্তম্ভ স্বৰূপ কি?

উত্তৰঃ ‘কীৰ্ত্তন’ আৰু ‘দশম স্কন্ধ ভাগৱত’।

(ছ) মহাপুৰুষ শংকৰদেৱৰ প্ৰধান শিষ্য কোন আছিল?

উত্তৰঃ মহাপুৰুষ মাধৱদেৱ।

(জ) মহাপুৰুষ শংকৰদেৱৰ এখনি কাব্য গ্ৰন্থৰ নাম লিখা।

উত্তৰঃ ‘ৰুক্মিণী হৰণ’।

(ঝ) মহাপুৰুষ শংকৰদেৱৰ এখনি নাটকৰ নাম লিখা।

উত্তৰঃ ‘ৰাম-বিজয়’।

(ঞ) মহাপুৰুষ শংকৰদেৱৰ নাটবোৰক কি নাট বোলা হয়?

উত্তৰঃ অংকীয়া নাট।

(ক) ‘কৃষ্ণগীত গাৱন্ত সুন্দৰী’।।

        —-কৃষ্ণগীত গোৱা সুন্দৰীগৰাকী কোন?

উত্তৰঃ ‘কৃষ্ণগীত গাৱন্ত সুন্দৰী’ — কৃষ্ণগীত গোৱা সুন্দৰী গৰাকী হ’ল যশোদা। 

বা

কৃষ্ণগীতগোৱা সুন্দৰী গৰাকী হল যশোদা।

(খ) ‘কৰ্ণত কুণ্ডল দোলে অতি।’

       —কাৰ কাণৰ কুণ্ডলৰ কথা কৈছে?

উত্তৰঃ ‘কণত কুণ্ডল দোলে অতি’ ইয়াত যশোদাৰ কাণৰ কুণ্ডলৰ কথা কোৱা হৈছে।

বা

ইয়াত যশোদাৰ কৰ্ণত কুণ্ডলৰ কথা কোৱা হৈছে।

(গ) ‘কাম্পে কোপে অৰুণ অধৰ।’

      —-ইয়াত কাৰ অৰুণ অধৰৰ কথা কৈছে?

উত্তৰঃ কাম্পে কোপে অৰুণ অধৰ’ ইয়াত শ্ৰীকৃষ্ণৰ অৰুন অধৰৰ কথা কোৱা হৈছে।

বা

ইয়াত শ্ৰীকৃষ্ণৰ অৰুন অধৰৰ কথা কোৱা হৈছে।

(ঘ) ‘মথনিত ধৰিয়া নিষেধি’।

 —-‘মথনি’ শব্দৰ অৰ্থ কি?

উত্তৰঃ ‘মথনি’ শব্দৰ অৰ্থ হ’লঃ গাখীৰ ঘুঁটিবলৈ ব্যৱহাৰ কৰা এবিধ সঁজুলি।

বা 

গাখীৰ ঘুচিবলৈ ব্যৱহাৰ কৰিছিল।

(ঙ) ‘নোজোড়ে আঙ্গুল দুই জৰী’—-ইয়াত কাৰ জৰীৰ নাটনি হৈছে?

উত্তৰঃ ‘নোজোড়ে আঙ্গুল দুই জৰী’ — ইয়াত শ্ৰীকৃষ্ণক বান্ধিবলৈ  মাক যশোদাৰ জৰীৰ নাটনি হৈছে।

বা

ইয়াত শ্ৰীকৃষ্ণক বান্ধিবলৈ মাক যশোদাৰ জৰীৰ নাটনি হৈছে।

(চ) ‘ৰুণ ঝুণ কেয়ূৰ কঙ্কণ’ ।

     —-কাৰ কেয়ূৰ কঙ্কণৰ ‘ৰুণঝুণ’ শব্দৰ কথা ইয়াত কোৱা হৈছে?

উত্তৰঃ ‘ৰুণ ঝুণ কেয়ূৰ কঙ্কণ’ — ইয়াত যশোদাৰ কেয়ূৰ কঙ্কণৰ ‘ৰুন-ঝুন’ শব্দৰ কথা কোৱা হৈছে।

বা

ইয়াত যশোদাৰ কেয়ুৰ কঙ্গণৰ ‘ৰুন-ঝুন’ শব্দৰ কথা কোৱা হৈছে।

(ক) মহাপুৰুষ শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি?
উত্তৰ: মহাপুৰুষ শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ’ল- কীৰ্তন ঘোষা ।

(খ) মহাপুৰুষ শংকৰদেৱৰ বিৰচিত এখন অংকীয়া নাটৰ নাম লিখা ।
উত্তৰ: মহাপুৰুষ শংকৰদেৱৰ বিৰচিত এখন অংকীয়া নাটৰ নাম হ’ল- ৰাম বিজয় ।

(গ) “কৃষ্ণগীত গাঁৱন্ত সুন্দৰী”- ইয়াত কৃষ্ণ গীত গোৱা সুন্দৰী গৰাকী কোন?
উত্তৰ: “কৃষ্ণগীত গাঁৱন্ত সুন্দৰী”- ইয়াত কৃষ্ণ গীত গোৱা সুন্দৰী গৰাকী হ’ল- নন্দৰ ৰাণী যশোদা ।

(ঘ) “ৰুণ-ঝুন কেয়ুৰ কংকণ”- কাৰ কেয়ুৰ কংকণৰ ৰুণ-ঝুন শব্দৰ কথা ইয়াত কোৱা হৈছে?
উত্তৰ: “ৰুণ-ঝুন কেয়ুৰ কংকণ”- কাৰ কেয়ুৰ কংকণৰ ৰুণ-ঝুন শব্দৰ কথা ইয়াত নন্দৰ ৰাণী যশোদাৰ কথা কোৱা হৈছে ।

(ঙ) “মাথনিত ধৰিয়া নিষেধি।”- ‘মাথনি’ শব্দৰ অৰ্থ কি?
উত্তৰ: “মাথনিত ধৰিয়া নিষেধি।”- ইয়াত ‘মাথনি’ শব্দৰ অৰ্থ হ’ল- গাখীৰ ঘূটিবলৈ ব্যবহাৰ কৰা এবিধ সজিলি ।

(চ) শ্ৰীকৃষ্ণই শিকিয়াৰ পৰা লৱন চুৰ কৰি কাক দিছিল?
উত্তৰ: শ্ৰীকৃষ্ণই শিকিয়াৰ পৰা লৱন চুৰ কৰি বান্দৰক দিছিল ।

(ক) মহাপুৰুষ শংকৰদেৱে ৰচনা কৰা দুখন অংকীয়া নাটৰ নাম লিখা ।
উত্তৰ:
 মহাপুৰুষ শংকৰদেৱে ৰচনা কৰা দুখন অংকীয়া নাটৰ নাম হ’ল- ৰাম বিজয় আৰু কেলি- গোপাল ।

(খ) চিহ্নযাত্রা কি?
উত্তৰ:
 ‘চিহ্নযাত্রা’ মানে হ’ল- শংকৰদেৱে ৰচনা কৰা সংলাপবিহীন নাট । এইখন নাটকে গুৰুজনাই অসমীয়া নাট্য বুৰঞ্জিৰ পাতনি মেলিছিল ।

(গ) শংকৰদেৱে কোন দুখন গ্ৰন্থৰ কিছু কিছু অংশ অসমীয়ালৈ অনুবাদ কৰিছিল?
উত্তৰ:
 শংকৰদেৱে ভাগৱত আৰু ৰামায়ণ এই দুখন গ্ৰন্থৰ কিছু কিছু অংশ অসমীয়ালৈ অনুবাদ কৰিছিল ।

(ক) ‘শিশুলীলা’ পাঠটিত শ্ৰীকৃষ্ণ চৰিত্ৰটি এটি সাধাৰণ মানৱ শিশু হিচাপে অংকিত হৈছে । কথা- ষাৰ সত্যাসত্য নিৰ্ণয় কৰা ।

উত্তৰ: ‘শিশুলীলা’ পাঠটি মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ অনুপম ৰচনা । পাঠটিৰ মাজেৰে পৰম পুৰুষ ভগৱান শ্ৰীকৃষ্ণক ভক্ত কবিজনাই এটি সাধাৰণ মানৱ শিশু হিচাপে অংকন কৰি ভক্তৰ কাষ চপাই দিছে । বিশ্বব্ৰহ্মাণ্ডৰ গৰাকী ভগৱানে সাধাৰণ মানৱ শিশুহিচাপ মাক যশোদাক আমনি কৰিছে ।

মাকৰ কোলাত উঠিবলৈ আব্দাৰ কৰিছে । মাকে কোলাৰ পৰা নমাই দিয়াত তেওঁৰ খং উঠিছে । উৰালত উঠি লৱন চুৰ কৰিছে । আকৌ চুৰ কৰি ধৰা পৰি মাকৰ ভয়ত দৌৰি পলাইছে । এইবোৰ কাৰ্য্যৰে ভগৱান শ্ৰীকৃষ্ণ ভক্তৰ ওচৰত এটি সাধাৰণ মানৱ শিশু হৈ পৰিছে ।

(খ) শঙ্কৰদেৱে ৰচিত কীৰ্তন পুথিৰ বিষয়ে পঁচিছটামান শব্দৰ ভিতৰত এটি টোকা লিখা ।
উত্তৰ:
 মহাপুৰুষ শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হৈছে কীৰ্তন পুথি । ই গুৰুজনাৰ প্ৰচাৰিত নামধৰ্মৰ মূল গ্ৰন্থ । কীৰ্তন ২৭ টা স্বয়ং- সম্পূৰ্ণ খণ্ডৰ সমষ্টি । গ্ৰন্থখন শ্ৰৱণ কীৰ্তনৰ উপযোগী নাম – প্ৰসংগৰ পুথি । কীৰ্তনৰ বেছিভাগ খণ্ডই ভাগৱত পুৰাণৰ সাৰ সংগ্ৰহ ।

গ) শিশুলীলাৰ অন্তর্নিহিত তত্বপূৰ্ণ কথাখিনি তোমাৰ নিজৰ কথাৰে লিখা ।
উত্তৰ:
 ভগৱান ভক্তিৰ অধীন । একান্ত ভক্তিৰে ভগৱানক ভক্তই হাতেৰে পায় । কিন্তু অহংকাৰশূন্য মনেৰে কৰা ভক্তিৰেহে ভগৱানক পাব পাৰি । মনত অহংকাৰ থাকিলে বিভিন্ন প্ৰয়াসেৰেও ভগৱানক পাব নোৱাৰি ।

শিশুলীলা পাঠটিৰ অন্তর্নিহিত তত্বই সেই কথাকে কয় । কৃষ্ণচিন্তাত আতুৰ যশোদাৰ ওচৰত কৃষ্ণই নিজে আহি ধৰা দিছে । কিন্তু তেতিয়াই হাতত এচাৰী লৈ যশোদাই তেওঁক খেদিছে আৰু উৰালত জোৰেৰে বান্ধিব খুজিছে তেতিয়া যশোদাই কৃষ্ণক ধৰিব পৰা নাই আৰু বান্ধিবলৈ সক্ষম হোৱা নাই ।

(ঘ) নাহি আদি অন্ত পূর্বাপৰ ।
পূৰ্ণ ব্রহ্ম জগত ঈশ্বৰ ।
ইয়াত কবিয়ে কি প্ৰসংগত কাৰ বিষয়ে, কিয় এইদৰে কৈছে চমুকৈ লিখা ।

উত্তৰ: প্ৰশ্নত উল্লেখ কৰা পদফাকিত ভক্ত কবি শংকৰদেৱে ভগৱান শ্ৰীকৃষ্ণক সামান্য নাৰী যশোদাই উৰালত বান্ধিবলৈ লোৱাৰ প্ৰসংগত কৈছে । পদফাকিত শিশু শ্ৰীকৃষ্ণৰ বিষয়ে কোৱা হৈছে । শিশু কৃষ্ণ অনাদি অনন্ত পূৰ্ণব্রহ্মৰ অৱতাৰ। তেওঁক সাধাৰণ শিশু বুলি ভ্ৰম কৰি যশোদাই উৰালত বান্ধিব খুজিছে ।

শিশু কৃষ্ণ সামান্য কৃষ্ণ শিশু নহয় । তেওঁক সামান্য শিশুৰ দৰে বান্ধিব নোৱাৰি । যশোদাই কৃষ্ণক বান্ধিবলৈ যত্ন কৰি সেয়েহে সফল হ’ব পৰা নাই । কবিয়ে সেয়েহে উক্তপদফাকিৰ অৱতাৰণা কৰিছে ।

(ক) যাক যোগী নপাৱে ধ্যানত ।
হেন হৰি পলান্ত ভয়ত।।

উত্তৰ: উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিত- অন্তৰ্গত শংকৰদেৱৰ ৰচিত ‘শিশুলীলা’ নামৰ কাব্যাংশৰ পৰা তুলি অনা হৈছে । যি ভগৱান কৃষ্ণক সাধনা কৰিও পোৱা নাযায় সেই শ্ৰীকৃষ্ণ মাক যশোদাৰ ভয়ত মানৱ শিশুৰ দৰে পলুৱাত কোবিয়ে এনেদৰে কৈছে ।
মাতৃৰ স্তন পান কৰি থকাৰ সময়ত হঠাতে চৌকাত বহাই থোৱা গাখীৰ উতলি পৰিব ধৰাত শিশু কৃষ্ণক এৰাই থৈ মাক যশোদা গাখীৰ নমাবলৈ গ’ল ।

স্তন পান কৰিব নোৱাৰাৰ বাবে কৃষ্ণই খঙতে শিল মাৰি দধিৰ ভাণ্ড ভাঙিলে আৰু গোপনে গৈ নিজে দধি খালে আৰু বান্দৰকো খুৱালে । পুত্ৰৰ কাণ্ড দেখি মাকে চেকণি লৈ খেদি যোৱাত কৃষ্ণ পলাই ফুৰিব ধৰিলে । ইয়াকে দেখি কবিয়ে কৈছে যে তপস্বীসকলে কঠোৰ তপস্যা কৰিও যিগৰাকী পৰম ঈশ্বৰক পাব নোৱাৰে সেই- গৰাকীয়ে মানৱ শিশুৰূপে আবিৰ্ভাৱ হৈ সামান্য নাৰী এজনীৰ ভয়ত পলাই ফুৰিছে । এয়া মাথোঁ ঈশ্বৰৰ লীলা ।

(খ) নাহি আদি………
……..জগত ঈশ্বৰ ।

উত্তৰ: উক্ত কথাফাকি শ্ৰীমন্ত শংকৰদেৱে বিৰচিত ‘শিশুলীলা’ নামৰ পাঠটিৰ পৰা তুলি লোৱা হৈছে । মাকৰ স্তন পান কৰি থকাৰ সময়তে চৌকাত বহাই থোৱা গাখীৰৰ উতলি পৰাত তাৰাতাৰি কৃষ্ণক কোলাৰ পৰা নমাই থৈ যশোদাই গাখীৰৰ ওচৰলৈ দৌৰি গ’ল ।

ইয়াতে কৃষ্ণৰ খং উঠিল আৰু দধিৰ ভাণ্ড শিল মাৰি ভাঙি পেলালে আৰু নিজে দধি খালে আৰু বান্দৰকো দিলে । পুত্ৰৰ কাণ্ডত মাক যশোদা খঙত টিঙিৰি তোলা হৈ পৰিল । হাতত এচাৰী লৈ পুত্রক খেদি লৈ ফুৰিলে আৰু তেতিয়াই কৃষ্ণৰ মাকক এই কথা কৈ গৈছিল ।

(গ) তাহাংক তনয় মানি বলে ।
যশোদা বান্ধন’ত উৰুখালে ।।

উত্তৰ: উক্ত পদফাকি আমাৰ পাঠ্যপুথি সাহিত্য সুবাসৰ অন্তৰ্গত মহাপুৰুষ শংকৰদেৱৰ বিৰচিত ‘শিশুলীলা’নামৰ কবিতাংশৰ পৰা তুলি অনা হৈছে |
ভগৱান শ্ৰীকৃষ্ণ অনাদি অনন্ত । তেওঁ অসীম, স্থান কাল পত্ৰৰ অতীত । সেইজন ভগৱানে ভূমিৰ ভাৰ হৰণৰ হেতু সাধাৰণ নৰশিশু ৰূপে ধাৰণ কৰিছে । যশোদা সামান্য নাৰী ।

ভগৱান কৃষ্ণক তেওঁ মহাপুণ্যৰ বলত নিজ পুত্ৰৰূপ লাভ কৰিছে । ভগৱানৰ মহিমা তেওঁ বুজি পোৱা নাই সেয়েহে লৱন চুৰ কৰাৰ অপৰাধেতে খঙত তেওঁ কৃষ্ণক উৰালত বান্ধিব খুজিছে । কিন্তু যিজন সৰ্বশ্ৰ বিদ্যামান, যাৰ মায়াৰ বান্ধনত সমগ্ৰ বিশ্বব্ৰহ্মাণ্ড পৰিচালিত তেওঁক সাধাৰণ শিশুৰূপে বান্ধিবলৈ যোৱাতো যশোদাৰ বৃথা প্ৰয়াস ।

(ঘ) গোবিনদে মাৱৰ শ্রম দেখি ।
ৰহিল কান্দতে মুদি আখি।।

উত্তৰ: উক্ত পদফাকি আমাৰ পাঠ্যপুথি সাহিত্য সুবাসৰ অন্তৰ্গত মহাপুৰুষ শংকৰদেৱৰ বিৰচিত ‘শিশুলীলা’নামৰ কবিতাংশৰ পৰা তুলি অনা হৈছে | শিশু কৃষ্ণই যশোদাৰ ওচৰত ধৰা দিয়াৰ কথা ক’বলৈ গৈ পদফাকিৰ অৱতাৰণা কৰা হৈছে ।
ভগৱান ভক্তৰ অধীন । অহংকাৰশূন্য ভাৱেৰে একান্ত মনেৰে ভাবিলে ভগৱানে হাতেৰে ধৰা দিয়ে । শিশু কৃষ্ণই উৰালত উঠি লৱন চুৰ কৰি খোৱা দেখি যশোদাই হাতত এচাৰী লৈ কৃষ্ণক খেদিবলৈ ধৰিলে ।

যশোদাৰ অহংকাৰ বুজি পাই কৃষ্ণই যশোদাৰ পৰা পলাবলৈ দৌৰিবলৈ ধৰিলে । অহিংকাৰত মত্ত যশোদাই বহু কষ্ট কৰিও কৃষ্ণক ধৰিবলৈ সমৰ্থ নহ’ল । দৌৰি দৌৰি তেওঁ ভাগৰি পৰিল । গতি মন্থৰ হ’ল, খোৱা সুলকি পৰিল । কৃষ্ণ পৰম দয়ালু । ভক্তৰ কষ্ট দেখি তেওঁ সহ্য কৰিব নোৱাৰে । সেয়েহে যশোদাৰ শ্ৰম দেখি শিশুৰূপী কৃষ্ণই ধীৰা দিলে । তেওঁ সামান্য শিশুৰ দৰে চকু মুদি কান্দি কান্দি ৰৈ দিলে যাতে যশোদাই তেওঁক ধৰিব পাৰে ।

(ঙ) মহা কোনে কোঠা পৰিলন্ত ।
হিন্দিৰে সিঞ্চিৰাই লৱনু ভুঞ্জান্ত ।।
কোনে অতি খঙত কোঠাত সোমোৱাইছিল? তেওঁ কিয় লৱনবোৰ চাৰিওফালে ছটিয়াইছিল বুজাই লিখা ।

উত্তৰ: কবিতা ফাঁকিত উল্লেখ কৰা মতে শিশু কৃষ্ণ অতি খঙত কোঠাত সোমোৱাইছিল ।
শিশুৰূপী ভগৱান শ্ৰীকৃষ্ণই সাধাৰণ শিশুৰ দৰেই দধি মথি থকা যশোদাক আমনি কৰিছিল আৰু মাকৰ কোলাত উঠিবলৈ আব্দাৰ কৰিছিল । পুত্ৰৰ স্নেহত কাতৰ যশোদাই মৰমেৰে পুত্ৰক কোলাত লৈ স্তন পান কৰাইছিল । তেনেতে গাখীৰ উথলি পৰিব খোজা দেখি যশোদাই কৃষ্ণক কোলাৰ পৰা নমাই থৈ গ’ল ।

মাতৃদুগ্ধ পান কৰিবলৈ নোপোৱাৰ বাবে কৃষ্ণৰ খং উঠিল । খঙতে তেওঁ দাঁত কামুৰিবলৈ ধৰিলে আৰু শিল দলিয়াই দধিৰ পাত্ৰ ভাঙি পেলালে । তাৰ পিছত খঙতে দধি থোৱা কোঠাত সোমাই লৱনবোৰ শিকিয়াৰ পৰা নমাই আনিলে আৰু সিঁচি-মেলি নষ্ট কৰিলে । লৱনবোৰ ছটিয়াইছিল নিষ্ট কৰাৰ লগতে নিজেও খালে ।

  • কৰ্ণ – কণ, শ্রৱণেন্দ্রিয় অৰুণ – সূর্য,সবিতা
  • দধি – দৈ বস্ত্র – কাপোৰ, অম্বৰ
  • বিদন – মুখ লৱন – মাখন, নৱনীত
  • কোপ – খং, ৰাগ দশন – দাঁত, দন্ত
  • দুগ্ধ- গাখীৰ ঈশ্বৰ – ভগৱান, পৰমেশ্বৰ
  • তাহাংক – তেওঁক নোজোৰে – নাটে
  • খসি – খহি ৰহিল – ৰ’ল
  • আসি- আহি ভৌলা – হ’ল
  • আসন্ত – আহিলে শিলায়ে – শিলেৰে
  • কাম্পে – কঁপে মাৱক – মাকক

৮/ তলৰ শব্দকেইটাত কি কি কাৰণত (ণ)আৰু (ষ) হৈছে বুজাই লিখা ।

  • অৰুণ : ‘ৰ’ আৰু ‘ন’ৰ মাজত স্বৰবৰ্ণ ‘উ’ থকাৰ বাবে ‘ন’ ‘ণ’ হৈছে ।
  • কলঙ্ক : স্বাভাবিকতে হৈছে ।
  • কৰ্ণ : ‘ৰ’ৰ পিছত ‘ন’ থকা বাবে ‘ণ’ ‘ষ’ হৈছে ।
  • শ্ৰেণী : ‘ৰ’আৰু ‘ন’ৰ মাজত স্বৰবৰ্ণ ‘ও’ থকাৰ বাবে শেষৰ ‘ন’ ‘ণ’ হৈছে ।
  • ভাণ্ড : ‘ট’ বৰ্গৰ আখৰেৰে যুক্ত হোৱা বাবে ‘ন’ ‘ণ’ হৈছে ।
  • নিষেধি : ই- কাৰান্ত উপসর্গৰ পিছত হা,সিধ্, সিচ্,লস্ আদি ধাতুৰ ‘স’ ‘ষ’ হয় বাবে ‘নিষেধি’ত ‘ষ’ হৈছে ।

প্রশ্ন ১। শিকিয়াৰ পৰা নমাই আনি/বানৰকো দেন্ত দলি হানি। – ব্যাখ্যা কৰা।

উত্তৰঃ এই কবিতাফাকি, মহাপুৰুষ শংকৰদেৱ ৰচনা কৰা “শিশুলীলা” নামৰ কবিতাটোৰ পৰা তুলি অনা হৈছে।

ইয়াত কবিয়ে শ্রীকৃষ্ণই খঙতে শিকিয়াৰ পৰা লৱণু নমাই আনি বান্দৰক ভগাই দিয়া কথা উল্লেখ কৰিছে।

শ্রীকৃষ্ণই শিশু অবস্থাত মাকৰ গাখীৰ খাই থাকোতে গাখীৰ উতলি পৰা দেখি মাকে শ্রীকৃষ্ণক কোলাৰ পৰা নমাই থৈ গাখীৰ চাবলৈ গ’ল। কিছুসময় পাছত মাকে আহি দেখে যে শ্রীকৃষ্ণই গাখীৰৰ ভাণ্ডবোৰ ভাঙি পেলাইছে। লবণুবোৰ সিঁচি দিছে। উড়লৰ ওপৰত বহি কিছু পৰিমাণে লৱণু নিজেও খাইছে আৰু বানৰকো ভগাই দিছে। শ্রীকৃষ্ণই মাকৰ বুকুৰ গাখীৰ আধাখোৱা হোৱা বাবে খঙত দাঁত-মুখ কামুৰি শিলেৰে দধিভাণ্ড বিলাক কোবাই ভাঙি দিলে।

প্রশ্ন ২। উড়ল উপৰে বসি হৰি।/ভুঞ্জন্ত লৱণু চুৰি কৰি।।

—কি কাৰণত আৰু পৰিবেশত কৃষ্ণই লৱণু চুৰ কৰি খাইছিল বুজাই লিখা।

উত্তৰঃ মাকৰ গাখীৰ খাবলৈ বিচৰা কৃষ্ণক যশোদা মাতৃয়ে স্তন পান কৰাবলৈ লৈছিল। সেই সময়তে পগাবলৈ দিয়া গাখীৰ উতলি পৰাৰ উপক্ৰম হোৱাত কৃষ্ণক স্তন পানৰ পৰা এৰুৱাই মাতৃ-যশোদা গাখীৰ নমাবলৈ গৈছিল। এনে পৰিবেশত কৃষ্ণৰ অতি খঙ উঠিছিল। খঙত হে তেওঁ দাঁত কামুৰি, শিল দলিয়াই গাখীৰৰ পাত্ৰ ভাঙিছিল। কোঠাত সোমাই লৱণু সিঁচৰতি পেলাইছিল আৰু খাইছিল। উড়লৰ ওপৰত উঠি নিজে লৱণু খোৱাৰ উপৰিও শিকিয়াৰ পৰা ভান্ড নমাই আনি বান্দৰবোৰক খাবলৈ দিছিল।

উতলা গাখীৰ নমাই থৈ আহি যশোদা মাতৃয়ে শ্রীকৃষ্ণক সেই অতপালি দেখি খঙত কৃষ্ণক এশিকনি দিয়াৰ বাবে হাতত ছেকনি (বাৰী) লৈ কৃষ্ণক খেদি গ’ল। কৃষ্ণই মাকে মৰাৰ ভয়ত উড়লৰপৰা নামি দৌৰ মাৰিলে। যোগী ঋষি মুনিয়ে তপস্যা কৰিও দৰ্শন লাভ কৰিব নোৱাৰা কৃষ্ণ মাকৰ ভয়ত পলাবলৈ ধৰিলে। খেদি ফুৰোতে যশোদা মাতৃৰ চুলিৰ খোপা খহি, খোপাৰ মালতী ফুল সৰি পৰিছে; কিন্তু সিমানতেও মাতৃ যশোদাই খেদিবলৈ এৰা নাই।

প্রশ্ন ৩। স্তন পিবে নপায়া, কৃষ্ণৰ।/কাম্পৈ কোপে অৰুণ অধৰ৷৷

—মাকৰ গাখীৰ খাবলৈ নাপাই শিশু কৃষ্ণই কৰা অতপালিৰ বিৱৰণ দিয়া।

উত্তৰঃ এদিনাখন নন্দৰাণী যশোদাই নিজে দধি মথিবলৈ ধৰিছিল। কৃষ্ণৰ শিশুকালৰ লীলা স্মৰণ কৰি, কৃষ্ণৰ গুণ-গান কৰি দধি মথনত ব্যস্ত হৈ আছিল। কৃষ্ণৰ স্তন পানৰ সময় ছোৱাতো দধিমথনত লাগি আছিল। পৰিশ্ৰমৰ ভৰত শৰীৰৰপৰা ঘাম বৈ গৈছিল। ইফালে কৃষ্ণক সময়ত পান নকৰোৱাত দুই স্তনৰ গাখীৰো ওলাবলৈ আৰম্ভ কৰিছিল। দধি মথনত হোৱা পৰিশ্ৰমজনিত কম্পনত যশোদাৰ খোপাৰ মালতী ফুল সৰি পৰিছিল। সিমানতো আওকাণ কৰি দধি মথি থকা দেখি শ্ৰীকৃষ্ণই আহি মখনি বাকীত ধৰি যশোদাক দধি মথনত বাধা দিছিল। তেতিয়াহে যশোদা মাতৃয়ে কৃষ্ণক স্তন পিবলৈ দিছিল। কিন্তু কৃষ্ণই গাখীৰ খাই থকা সময়তে পগাবলৈ দিয়া গাখীৰ উতলি পৰাৰ উপক্ৰম হোৱাত কৃষ্ণক গাখীৰ খুৱাৰ পৰা এৰি যশোদা মাতৃ উতলা গাখীৰ নমাবলৈ গৈছিল। এই কাৰ্য্যত শ্ৰীকৃষ্ণৰ অতি খঙ উঠিছিল। খঙত কৃষ্ণৰ ৰঙা ওঠ দুটা কঁপিবলৈ ধৰিছিল। খঙত দাঁত কামুৰি শিল দলিয়াই কৃষ্ণই গাখীৰৰ পাত্ৰ ভাঙি পেলাইছিল। তাৰ পাছত কোঠাত সোমাই ক্ষীৰ লৱণু যত আছিল সিঁচিছিল আৰু খাইছিল। লৱণু খাই উড়লৰ ওপৰত বহিছিল আৰু শিকিয়াৰপৰ লৱণু ভাণ্ড নমাই আনি বান্দৰবোৰকো দিছিল। মাকৰ গাখীৰ শান্তিৰে হেপাহ পলুৱাই খাব নোপোৱাৰ খঙত কৃষ্ণই এইদৰে অতপালি কৰিছিল।

প্রশ্ন ৪। “ভাণ্ড ভাঙি আজি যাইবি কোথা।/খাইবো আজি কৃষ্ণ তোৰ মাথা। —কথাষাৰ ব্যাখ্যা কৰা।

উত্তৰঃ কবিতা দুশাৰি আমাৰ পাঠ্য-পুথিৰ ‘শিশু লীলা’ নামৰ পাঠৰপৰা লোৱা হৈছে।

মাকৰ গাখীৰ খোৱা আধৰুৱা হোৱাৰ খঙত কৃষ্ণ কোঠাত সোমাই শিলগুটি দলিয়াই দধি ভান্ড ভাঙি পেলাইছিল। লৱণু সিঁচৰিত কৰি পেলাইছিল আৰু খাইছিল। উড়লৰ ওপৰত উঠি শিকিয়াৰ পৰা লৱণু আনি বান্দৰকো দিছিল। তাকে দেখি মাতৃ যশোদাৰ খং উঠিছিল আৰু হাতত মাৰি লৈ কৃষ্ণক খেদি গৈছিল। গাখীৰ ভাণ্ড ভঙাৰ উচিত শাস্তি দিয়াৰ ভাবেৰে ক’ত মাৰিৰি বুলি খেদি যোৱাত কৃষ্ণ উড়লৰপৰা নামি দৌৰিবলৈ ধৰিছিল। যশোদাই খেদি খেদি ভাগৰি পৰা দেখি ভয়ৰুভাব দেখুৱাই চকুমুদি কৃষ্ণ বহি পৰাত যশোদাই হাতত ধৰি ভান্ড ভঙাৰ উচিত শাস্তি দিয়াৰ ভয় খুৱাইছিল। কৃষ্ণক নি উড়লত বান্ধি’ব খুজিছিল। কিন্তু ঈশ্বৰ পুৰুষ কৃষ্ণই নিজৰ লীলা-বলেৰে বান্ধ নোখোৱাকৈ থাকিবলৈ যত্ন কৰিছিল। যশোদা মাতৃয়ে ৰচী সিমান আনিলেও দুই আঙুলে নোজোড়া অৱস্থা হৈছিল। শেষত কৃষ্ণই লীলা সম্বৰণ কৰি যশোদা মাতৃৰ হাতত বান্ধ খাইছিল।

প্রশ্ন ৫। চমু উত্তৰ দিয়া।

(ক) ‘শিশু লীলা’ কবিতাটি ক’ৰ পৰা লোৱা হৈছে?

উত্তৰঃ ‘শিশুলীলা’ কবিতাটি শংকৰদেৱৰ কীৰ্ত্তন পুথিৰ ‘শিশুলীলা’ খণ্ডৰপৰা লোৱা হৈছে।

(খ) কৃষ্ণই মথনি মাৰিত ধৰি যশোদাক দধি মথাত কিয় বাধা দিছিল?

উত্তৰঃ মাতৃ যশোদা দধি মথনত লাগি থাকি কৃষ্ণক গাখীৰ নুখুউৱাৰ বাবে আমনিবোধ কৰি মাকৰ গাখীৰ খোৱাৰ মনেৰে দধি মথনত বাধা দিছিল।

(গ) কৃষ্ণই মাকৰ গাখীৰ খাব পালেনে?

উত্তৰঃ মনৰ আশাৰে মাকৰ গাখীৰ কৃষ্ণই খাব নাপালে। স্তন পান কৰিবলৈ ঘুৰোতেই উতলা গাখীৰ পৰি যাব বুলি যশোদাই কৃষ্ণক স্তন পান কৰাত এৰি গাখীৰ নমাবলৈ যোৱাত কৃষ্ণই মাকৰ গাখীৰ ভালকৈ খাব নাপালে।

(ঘ) মাকৰ গাখীৰ খাব নাপাই কৃষ্ণই কি কৰিলে?

উত্তৰঃ মাকৰ গাখীৰ খাব নাপাই খঙতে কৃষ্ণই দধি ভান্ড ভাঙি, লৱণু সিঁচৰতি কৰি পেলাইছিল। উড়লত বহি নিজে লৱণু খোৱাৰ উপৰিও বান্দৰকো দিছিল।

(ঙ) কৃষ্ণৰ অতপালিৰ বাবে শাস্তি দিবলৈ খেদি গৈ যশোদাই কৃষ্ণক ধৰিব পাৰিলেনে?

উত্তৰঃ কৃষ্ণক ধৰিবলৈ খেদি ফুৰোতে যশোদা ভাগৰি-পৰাত কৃষষ্ণই নিজে ধৰা দিছিল।

(চ) শাস্তি দিবৰ বাবে যশোদাই কৃষ্ণক কত বান্ধিব খুজিছিল?

উত্তৰঃ শাস্তি দিয়াৰ বাবে যশোদা-মাতৃয়ে কৃষ্ণক উড়লত বান্ধিব খুজিছিল।

প্রশ্ন ৬। তোমাৰ পাঠৰ আধাৰত ‘কীৰ্তন’ পুথিৰ কাব্যিক সৌন্দৰ্যৰ আভাস দিয়া।

উত্তৰঃ শংকৰদেৱৰ গ্ৰন্থসমূহে অসমত বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ লগতে অসমীয়া সাহিত্য সমৃদ্ধিশালী কৰি তোলাতো বিপুলভাবে সহায় কৰিছে। শংকৰদেৱৰ ‘কীৰ্তনত’ অন্তৰ্ভুক্ত কেইবাখনিও ক্ষুদ্রকাব্য আছে। এইক্ষুদ্ৰ কাব্য সমূহ শংকৰদেৱৰ অপূর্ব সৃষ্টি। ‘কীর্তন’ পুথিৰ অন্তৰ্গত শিশুলীলা এটা কাব্যিক সৌন্দৰ্য্যৰে ভৰপুৰ কবিতা। কাব্যত থাকিবলগীয়া সকলো গুণ ইয়াত বিৰাজমান৷ কীৰ্তনত নবৰসৰ সঞ্চাৰ হৈছে। সেইবাবে কিছুমানে কীর্তনক মৌচাক বুলিও কব খোজে। মৌমাখিয়ে বিভিন্ন ফুলৰ পৰা মৌ সংগ্ৰহ কৰাৰ দৰে শংকৰদেৱেও গীতা-ভাগৱত, পুৰাণ আদিৰ পৰা সাৰ সংগ্ৰহ কৰি কীৰ্তন ৰচনা কৰিছে। কীৰ্তন পুথিখন কাব্যিক সৌন্দৰ্যৰে ভৰপুৰ হৈ থকা বুলি কব পাৰি।

প্রশ্ন ৭। ‘শিশুলীলা’ পাঠৰ আধাৰত শ্ৰীকৃষ্ণৰ কাৰ্য-কলাপৰ এটি বিৱৰণ যুগুত কৰা।

উত্তৰঃ নন্দৰাজৰ পত্নী যশোদাই কৃষ্ণক সুৱৰি দধিমথনৰ কাম কৰি থাকোতে মাজে সময়ে শিশু কৃষ্ণই আহি মাকক আমনি কৰি আছিল। মাকে দধি মথিলে মথনিত ধৰি মাকক দধি মথিবলৈ নিদিছিল। তেতিয়া যশোদাই দধি মথিবলৈ এৰি কৃষ্ণক গাখীৰ খুৱাব ধৰিলে। কিন্তু গাখীৰ খুৱাই থাকোতে গাখীৰ উতলি পৰা দেখি যশোদাই কৃষ্ণক কোলাৰ পৰা নমাই থৈ উঠি গ’ল। কৃষ্ণই মাকৰ গাখীৰ খাবলৈ নাপাই খঙতে হাত মুখ কামুৰি শিলেৰে দধিভাণ্ডবিলাক ভাঙি পেলালে। মহাক্রোধত কোঠাত সোমাই লৱণুবিলাক চাৰিওফালে সিঁচি দিলে। তাৰপিছত উড়লৰ ওপৰত বহি লৱণু খাই বান্দৰকো খাবলৈ দিলে। যেতিয়া দেখিলে যশোদাই হাতত কোবাবলৈ বাৰি ললে তেতিয়া উড়লৰপৰা নামি দৌৰ দিলে। পাচে পাচে মাকে খেদি গ’ল। মাকৰ শ্ৰম দেখি মহাপ্রভু শ্রীকৃষ্ণই কান্দি কান্দি চকু মুদি ৰৈ গ’ল। যশোদাই তেতিয়া কৃষ্ণৰ হাতত ধৰি আনি উড়লেৰে সৈতে বান্ধিব খুজিলে।

প্রশ্ন ৮। গোবিন্দে মাৱৰ শ্ৰম দেখি,

ৰহিল কান্দন্তে মুদি আখি ৷৷

উত্তৰঃ এই কবিতাফাঁকি আমাৰ পাঠ্য ‘অসমীয়া সাহিত্য চয়নিকাৰ’ মহাপুৰুষ শংকৰদেৱ ৰচনা কৰা “শিশুলীলা” নামৰ কবিতাৰ পৰা উদ্ধৃত কৰা হৈছে।

গোবিন্দ শ্ৰীকৃষ্ণৰ এটা নাম। ‘আখি’ মানে চকু। হেপাহ পলুৱাই মাকৰ গাখীৰ খাব নাপাই শ্ৰীকৃষ্ণৰ খং উঠিছিল। শিল গুটি দলিয়াই দধি ভাণ্ড, ভাঙি পেলাইছিল। কোঠাত সোমাই লৱণুবোৰ সিঁচৰতি কৰি পেলাইছিল আৰু খাইছিল। উড়লৰ ওপৰত বহি লৱণু নিজেও খাইছিল আৰু শিকিয়াৰ পৰা নমাই বান্দৰবোৰকো দিছিল। কৃষ্ণৰ এই অতপালি দেখি মাতৃ যশোদাৰ খঙ উঠিছিল আৰু হাতত মাৰি লৈ এশিকনি দিয়াৰ বাবে কৃষ্ণক খেদি গৈছিল। মাকৰ মাৰৰ ভয়ত যোগী-ঋষি- মুনিয়ে দর্শন নোপোৱা কৃষ্ণ উড়লৰপৰা নামি দৌৰিবলৈ ধৰিছিল। মাতৃ যশোদাই খঙৰ ভৰত খেদি খেদি ভাগৰি পৰিছিল। চুলিৰ খোপা খহি খোপাৰ মালতী ফুল সৰি পৰিছিল।

যশোদা মাতৃৰ এনে দুৰ্গতি দেখি শ্ৰীকৃষ্ণই ভয়ৰ ভাৱ দেখুৱাই চকু মুদি কান্দি কান্দি বহি পৰিছিল। মাতৃ যশোদাই তেতিয়া কৃষ্ণৰ হাতত ধৰি ‘ভান্ড ভাঙ্গি আবে যাইবি কোথা’ বুলি উডুল/উড়লত বান্ধি থোৱাৰ ব্যৱস্থা কৰিছিল। যশোদাই ৰচি বচাৰি বিচাৰি আনি শ্রীকৃষ্ণক বান্ধিবলৈ যত্ন কৰিছে, কিন্তু কোনোমতে দুই আঙুল ৰচিয়ে নোজোড়ে। শ্ৰীকৃষ্ণই নিজৰ লীলাৰে মাতৃ যশোদাক এইদৰে হায়ৰাণ কৰাইছে আৰু শেষত নিজ ইচ্ছাৰে বান্ধ খাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *