26 February, 2024
অসমীয়া ৰোমাণ্টিক কবিতা : মোৰ সংগী

অসমীয়া দেশপ্ৰেমমূলক কবিতাৰ সংগ্ৰহ

দেশপ্ৰেমমূলক কবিতা

দেশপ্ৰেমমূলক কবিতা

মোৰ দেশ

হীৰেন ভট্টচাৰ্য্য[প্ৰকাশ: ৪ জুলাই, ২০১৬]

মোৰ প্ৰাণৰো প্ৰাণৰ, মোৰ গানৰো গানৰ মোৰ দেশ।
মোৰ প্ৰতিটো কামে, মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে
শইচ-সোণোৱালী ভৱিষ্যতৰ সপোন। মোৰ জীৱনৰ আঁহে আঁহে
মোৰ যৌৱনৰ কোঁহে কোঁহে সেই সপোনৰ কলৰোল।

দেশে দেশে দেশ আছে। এনে বহু দেশৰ অৰঙে-দৰঙে
মই ঘূৰিছোঁ। বহু বন্ধুৰ সতে’ হাতে হাতে হাত ধৰি ফুৰিছোঁ।
কেতিয়াবা সাগৰ পাৰত, কেতিয়াবা খেজুৰ তলত, নতুবা
পাহাৰতলিত খন্তেক জিৰাইছোঁ। বন্ধুৰ সতে প্ৰাণ খুলি প্ৰাণৰ
কথা পাতিছোঁ। তাৰ পাছত আকৌ আৰম্ভ কৰিছোঁ নতুন যাত্ৰা।

এনে বহু যাত্ৰাৰ শেষ মোৰ দেশ। যাৰ বুকুৰ উমে মোক দিছে
ভালপোৱাৰ আনন্দ, যৌৱনৰ প্ৰাচুৰ্য। জীৱনৰ নতুন অৰ্থ।
এই দেশৰ প্ৰতিটো পুৱাই মোলৈ লুকাই আনে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ
প্ৰতিটো সন্ধিয়াই বৈ আনে স্নিগ্ধ ফুলৰ সুবাস। প্ৰতিটো ঋতুৱে
মোক দি যায় জীৱনৰ আশীৰ্বাদ।

মোৰ দেশৰ বাবে মই জীয়াই আছোঁ। এই দেশৰ বাবে মই
জীয়াই থাকিবলৈ মৰণ পণ কৰিছোঁ। ৰণুৱা, বনুৱা, হালোৱা
এই সকলোৰে মাজত মই আছোঁ— মোৰ দেশৰ বাবে। অনৈক্যৰ
মাজত ঐক্য হৈ, বিৰোধৰ মাজত সংহতিৰ সম্ভাৱনা হৈ মই আছোঁ।
জীৱনে-মৰণে, শয়নে-সপোনে এই দেশৰ আহ্বান মই শুনিছোঁ।
শত্ৰু-মিত্ৰ সকলোকে মই চিনিছোঁ। সিহঁতৰ অন্তৰ মই বিশ্বাসেৰে
জিনিছোঁ। শান্তিৰ চৰাইযুৰিক আঁজলি ভৰাই মই দিছোঁ— ভঁৰালৰ
এমুঠি ধান, পৰাণৰ একোটি গান।

আৰুতো মোৰ একো নাই!

মোৰ দেশ— মোৰ কল্লোলিত সপোনৰ উত্তাল তৰংগই
মোক লৈ যায় গভীৰৰ পৰা গভীৰতৰলৈ, আদৰ্শৰ
কঠিন পৰ্বত-মূললৈ…

দেশপ্ৰেমমূলক কবিতা


হীৰেন ভট্টচাৰ্য্য


দেশ বুলি ক’লে আদেশ নেলাগে,
মোৰ তুম্‌ৰলি তেজত টগ্‌বগাই উঠে
এহেজাৰ এটা ৰণুৱা ঘোঁৰা!


মোৰ শব্দৰ শোভাযাত্ৰা হওক, ক্ৰুৰ-কুটিল ৰাতিৰ প্ৰহৰী হওক
তিৰ্‌বিৰাই থাকক বিক্ষোভৰ চোকা তৰোৱাল,
টলমল শব্দৰ উচ্ছ্বসিত তেজৰ প্ৰবাহে প্ৰবাহে।


মোৰ কামিজত ফুটি উঠে কাতৰতা, ক্ষীণ হয় ঘনিষ্ঠ উশাহ;
গভীৰত বৰ অস্বস্তি, বৰ অস্থিৰতা। সতৰ্ক প্ৰহৰী বতাহ
হঠাৎ কৌতূহলী হৈ পানীত যিদৰে নচুৱাই মাছ
মোৰ চৌকাষে উদ্যত মৃত্যু; মৃত্যুৰ কৌশলী হাত
অথবা মৃত্যুজিৎ প্ৰতিভাৰ আচ্ছাদিত আভাস।

দেশপ্ৰেমমূলক কবিতা


 জ্যোতিপ্ৰসাদ আগৰৱালা

অ’ মোৰ ধুনীয়া গাঁও
ৰজাকো, প্ৰজাকো,
আমাক গৰকাকো
তোৰে পদূলিতে বান্ধি ৰখাওঁ
অ’ মোৰ ধুনীয়া গাঁও ৷
তোৰে কোলাৰে জাতিবাঁহজুপিয়ে
থকা ঘৰে মোক দিয়ে,
ইকৰা-খাগৰি উলু-খেৰণিয়ে
হজুৱা-বনুৱা জীয়ে ৷
তোৰ মৰমতে ধাননি উপচি
মাণিকিমধুৰী আহে,
তোৰে চেনেহতে ফুলা সৰিয়হে
পাহি মেলি মেলি হাঁহে ৷
তোৰে চোতালতে গাঁৱৰ জীয়ৰীয়ে
নকৈ বাঁতিছে তাঁত,
গাঁৱৰ ডেকা ল’ৰাই
তিনিসইত খাইছে --
নেৰিছোঁ নেৰিছোঁ
দুবেলাৰ দুসাজি ভাত ৷
অ’ মোৰ ধুনীয়া গাঁও !
অত দিনে থকা
ভুৱাভাৰীৰ ছলাহি ভাঙি পেলাওঁ ৷

দেশপ্ৰেমমূলক কবিতা


হেমচন্দ্ৰ গোস্বামী

সৌন্দৰ্য্যৰ বুকুত কাঁচলি উদঙ্গাই
প্ৰকৃতিৰ চোঁ-ঘৰ চালোঁ পিত্ পিত্;
কুকুৰঠেঙ্গীয়া এই আখৰকিটিত
যি অমিয়া ঘহাঁ আছে, ক’তো আৰু নাই ।
কবি-নিকুঞ্জত ফুলি কত কবিতাই
মলয়াত উটি উটি ফুৰে পৃথিৱীত,
তোমাৰ চিঠিয়ে কিন্তু জানে যিটি গীত,
কবিতাৰ কাব্যে তাৰ গোন্ধকে নাপায় ।
ফুল ফুলে, সৰি যায়, শুকান বননি,
বসন্তৰ কুঁহিপাত ৰ’দত লেৰেলে;
তোমাৰ চিঠিয়ে প্ৰিয়ে জানে কি মোহিনী,
নিতৌ নোহোৱা বাহী, ন ন ফুল মেলে ।
যত শুঙো, চুমা খাওঁ, নালাগে আমনি,
হৃদয়ত হেপাহৰ ভোটাতৰা জ্বলে ।

দেশপ্ৰেমমূলক কবিতা


হেম বৰুৱা

পোহৰতকৈ এন্ধাৰ ভাল
হেম বৰুৱা
সময়ৰ বলুকাৰাশিত পদচিহ্ন ৰখাৰ
উন্মাদ বাসনা আমাৰ নাই । আমি
বুৰঞ্জীৰ শিলাখণ্ডৰ জীৱন্ত ফছিল্।
হেৰা শকুন্তলা, তোমাৰ চকুৰ শেৱালি পাহিত
দুষ্মন্তৰ চুমাৰ চেকা। কোৰিয়াত জৰাসন্ধৰ কঙ্কাল
এছিয়াৰ আকাশত আগুৰি শগুণৰ জাক !
আমি জীয়াই আছো যুগৰ সীমান্তত
প্ৰাচীন নাৱিকৰ জকা। কালিদাস তুমি কোন
অলকাৰ পলাতক কবি? ডাৱৰ দেখি উন্মাদ?
তোমাৰ কাব্য-বেদীত আমাৰ জীৱন-অৰ্চ্চনা
সৰি পৰা মদাৰৰ ফুল ! (….গুৰুতো নেলাগে,
গোসাইতো নালাগে,থাক তলে ভৰি সৰি…)
ৰজাই ৰজাই ৰণ-বিগ্ৰহ, তীখাৰ আস্ফালন। আমি খাণ্ডৱ-দাহ
অগ্নি-শিখাৰ পুৰি ছাই হোৱা বিৰিণাৰ ফুলঃ আমাৰ
পিৰামিড্ হিৰোশ্বিমা,নাগাছাকি।
হেৰা শকুন্তলা তোমাৰ আঙুলিৰ অগ্নি-কণাৰে নুমাই দিয়া
ৰাজকাৰেঙৰ শলিতাৰ জুই । দুষ্মন্তৰ ভাগক স্বপ্ন।
পোহৰতকৈ এন্ধাৰ ভাল।
জীৱনৰ অগ্ৰগতিত ৰামেশ্বৰৰ সেতুৰ বান্ধ।
শঙ্কা কিহৰ?
নতুন পুৱাৰ কেঁচা পোহৰত আশাৰ জুই।
আমাৰ চকুত তীখাৰ শাণ।

দেশপ্ৰেমমূলক কবিতা


হীৰেন ভট্টাচাৰ্য

মোৰ প্ৰাণৰো প্ৰাণৰ, মোৰ গানৰো গানৰ মোৰ দেশ ।
মোৰ প্ৰতোটো কামে, মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে
শ‍ইচ-সোনোৱালী ভৱিষ্যতৰ সপোন ।
মোৰ জীৱনৰ আহেঁ আহেঁ
মোৰ যৌৱনৰ কোহেঁ-কোহেঁ সেই সপোনৰ কলৰোল ।
দেশে-দেশে দেশ আছে
এনে বহু দেশৰ অৰঙে-দৰঙে
ম‍ই ঘূৰিছোঁ ।
 বহু বন্ধুৰ সতে হাতে-হাত ধৰি ফুৰিছোঁ ।
কেতিয়াবা সাগৰ পাৰত, কেতিয়াবা খেজুৰ তলত, নতুবা
পাহাৰতলিত খন্তেক জিৰাইছোঁ ।
বন্ধুৰ সতে প্ৰাণ খুলি প্ৰাণৰ
কথা পাতিছোঁ ।
তাৰ পিছত আকৌ আৰম্ভ কৰিছোঁ নতুন যাত্ৰা ।
এনে বহু যাত্ৰাৰ শেষ মোৰ দেশ ।
 যাৰ বুকুৰ উমে মোক দিছে
ভালপোৱাৰ আনন্দ, যৌৱনৰ প্ৰাচুৰ্য ।
 জীৱনৰ নতুন অৰ্থ ।
এই দেশৰ প্ৰতিটো পুৱাই মোলৈ লুকাই আনে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ
প্ৰতিটো সন্ধিয়াই বৈ আনে স্নিগ্ধ ফুলৰ সুবাস ।
প্ৰতিটো ঋতুৱে
মোক দি যায় জীৱনৰ আশীৰ্বাদ ।
মোৰ দেশৰ বাবে ম‍ই জীয়াই আছোঁ ।
 এই দেশৰ বাবে ম‍ই
জীয়াই থাকিবলৈ মৰণ পণ কৰিছোঁ
ৰণুৱা, বনুৱা, হালোৱা
এই সকলোৰে মাজত ঐক্য হৈ, বিৰোধৰ মাজত
সংহতিৰ সম্ভাৱনা হৈ ম‍ই আছোঁ ।
জীৱনে-মৰণে, শয়নে-সপোনে এই দেশৰ আহ্বান ম‍ই শুনিছোঁ
শত্ৰু-মিত্ৰ সকলোকে ম‍ই চিনিছোঁ
সিহঁতৰ অন্তৰ ম‍ই বিশ্বাসেৰে
জিনিছোঁ ।
শান্তিৰ চৰাইযুৰিক আঁজলি ভৰাই দিছোঁ – ভঁৰালৰ
এমুঠি ধান, পৰাণৰ একোটি গান ।
আৰুতো মোৰ একো নাই !
মোৰ দেশ – মোৰ কল্লোলিত সপোনৰ উত্তাল তৰংগ‍ই
মোক লৈ যায় গভীৰৰ পৰা গভীৰতলৈ, আদৰ্শৰ কঠিন
পৰ্বত-মূললৈ ….

দেশপ্ৰেমমূলক কবিতা


নৱকান্ত বৰুৱা

মই নাহোঁ মই নাহোঁ
এবাৰেই আহি গুচি গ’লোঁ মই
উভতি অহাৰ কথা নাই
মই জানো মই নাহোঁ
মই জানো কোনো নাহে
মাথোন এই পৃথিৱীখনক ভাল পাই গ’লো
এই কথাটোকে কিমানবাৰ যে ক’লোঁ
কিমান ভাৱেৰে ক’লোঁ
যন্ত্ৰণা মোৰ জীয়াৰ মন্ত্ৰ
সেই মন্ত্ৰকে গালোঁ
জীয়াই থকাৰ ধেমালিটো মই
এবাৰেই খেলি গ’লোঁ।
আলিৰ কাণৰ জাবৰৰ পৰা এপাহ বকুল
এবাৰেই তুলি ল’লোঁ।
কোনোবা আহিব মোৰ দৰে কোনো দিনা ?
মোৰ সুৰতেই বাজিব নতুন বীণা ?
ওহোঁ সেয়া হ’ব নতুন মানুহ
সেই দিনো হ’ব নতুন দিন
মোৰ তাত একো নাথাকে চিন।
বকুল তলত পৰি ৰ’ব
মইতো নহয় , কোনোবাই বুটলিব
মই নাহোঁ, মই নোৱাৰো আহিব, নাহোঁ
হেৰাই যোৱাৰ ৰঙতেই চোন অকলে অকলে হাঁহোঁ
মই নাহোঁ মই নাহোঁ
পৃথিৱী, তোমাক ভাল পাই গ’লোঁ
তথাপিও মই নাহোঁ।

দেশপ্ৰেমমূলক কবিতা


জ্যোতি প্ৰসাদ আগৰৱালা

 হে মোৰ আলোক-পূজাৰী প্ৰাণ !

আজি সুন্দৰৰ পূজা-থাপনাত
যাচিবি কিহৰে ষোড়শোপচাৰ,

গাবি কি ৰাগ, কি সুৰেৰেনো
পুৱা-সন্ধিয়াৰ গান ?

আজি পৃথিৱীৰ আকাশে আকাশে
জনতাৰ আহ্বান ৷

আজি জনতাৰ পঙ্কজ ৰূপ
 জাগে পদুমৰ দৰে,

বোকাত জনমা মানুহে আজি

আলোকলে’ উঠি আহে
 বেলিমুৱা হৈ হাঁহে ৷

মাটিৰ-পানীৰ বিদাৰি বক্ষ
জননী গৰ্ভৰ আন্ধাৰ কক্ষ

            ওলাল এৰিবলে’
পোহৰত পাহি মেলিবলে’

মানুহৰ এই পৃথিৱীখনত
শান্তি-সুৰভি বিয়পাই দি

বিশ্বৰ এই সৌন্দৰ্য্য-সৃষ্টিৰ
মহান মেলাত

অভিনৱ এক জীৱনৰ ৰূপ,
 পুষ্পিত কৰি তুলিবলে’

আজি মানৱৰ জনজীৱনৰ
সংহত অভ্যুত্থান ;

দুৰ্নিবাৰ ভূমিকম্প উল্লাসে
বিকশিত হৈ আহিছে সেই

জীৱনৰ মহাপ্ৰবাহে প্ৰবাহে
জনতাৰ মহাপ্ৰাণ ৷

আজি জনতাৰ আলোকবিজয়ী
 অপূৰ্ব্ব অভিযান

আজি পৃথিৱীৰ আকাশে আকাশে
জনতাৰ আহ্বান,

নৱজীৱনৰ মহাসংঘাতে কঁপায় বৰ্ত্তমান ৷
আজি সাৰ্থক হ’ক বেদত ধ্বনিত হোৱা

আলোকৰ আগমনী মন্ত্ৰ
প্ৰবুদ্ধ্ জনতা জায়………..
জয় জনতন্ত্ৰ
জয় স্বতন্ত্ৰ
জয় স্বতন্ত্ৰ

জয় জয় জয় জয় -----
 আলোক-মন্ত্ৰপূত
মহামানৱতন্ত্ৰ
জয় জনতন্ত্ৰ
জয় স্বতন্ত্ৰ
জয় স্বতন্ত্ৰ ৷

দেশপ্ৰেমমূলক কবিতা


দেৱকান্ত বৰুৱা

সাগৰ দেখিছা? দেখা নাই কেতিয়াও?
ময়ো দেখা নাই, শুনিছোঁ তথাপি,
নীলিম সলিলৰাশি বাধাহীন উৰ্ম্মিমালা
আছে দূৰ দিগন্ত বিয়াপি ।
মোৰ ই অন্তৰ খনি সাগৰৰ দৰে নীলা,
বেদনাৰে – দেখা নাই তুমি ?
উঠিছে মৰিছে য’ত বাসনাৰ লক্ষ  ঢৌ
তোমাৰেই স্মৃতি – সীমা চুমি ।
শুনা নাই?
মোৰ সাগৰত তুমি শুনা নাই ধুমুহাৰ উতলা সঙ্গীত ?
বুজা নাই?
অনুভৱো কৰা নাই ফুলনিত বসন্তৰ কোমল ইঙ্গিত?
দেখিছাতো ৰামধেনু?
বাৰিষাৰ ডাৱৰত পোহৰৰ মোহন গৌৰৱ;
প্ৰেমৰ পোহৰ-দীপ্ত মোৰ হিয়া আকাশত
দেখিছানে ৰঙৰ উছৱ ?
মাজনিশা সাৰ পাই শুনিছানে কেতিয়াবা কেতেকীৰ হিয়া ভগা মাত?
ভাবিছানে এটিবাৰো পখীৰ ডিঙিত কান্দে মানুহৰ বুকুৰ সম্বাদ!
মই জানো,তুমি কিটো জানা,হেৰা মোৰ হিয়াহীনা প্ৰিয়া!
তুমি জানা মাথোঁ
তুমি তুমি,মই মই।
তুমিতো নাজানা-হায়,
কিয় বাৰু কিয় আমি গাথোঁ
জঁই পৰা মালতীৰে জয়ৰ গৌৰৱ মালা?
মিলনৰ কাৰেঙ সোনালী
সাজোঁ কিয় পৃথিৱীৰ দুখৰ বোকাৰে আমি?
হৃদয়ৰ ৰঙা তেজ ঢালি
প্ৰতিমাৰ পখালোঁ চৰণ কিয়?
তুমি নুবুজিবা সখি! কিনো বেদনাত
ষষ্ঠীত প্ৰতিষ্ঠা কৰা দেৱীক বিসৰ্জো আমি বিজয়াৰ বিফল সন্ধ্যাত!
সন্ধিয়া আহিছে নামি?
থক হেৰা নেলাগে জ্বলাব চাকি;
দুটি নয়নৰ
সহজ প্ৰভাৰে আজি নাশিবা
তিমিৰ তুমি অন্ধকাৰ মোৰ জগতৰ।

দেশপ্ৰেমমূলক কবিতা


More Assamese Poem

Assamese Wikipedia

2 thoughts on “অসমীয়া দেশপ্ৰেমমূলক কবিতাৰ সংগ্ৰহ

Leave a Reply

Your email address will not be published. Required fields are marked *