6 May, 2024
person holding brown and white paper

ৰোমান্টিক কবিতাৰ বৈশিষ্ট্য সমূহ আলোচনা কৰা

ৰোমান্টিক কবিতাৰ বৈশিষ্ট্য সমূহ আলোচনা কৰা

ৰোমান্টিক কবিতাৰ বৈশিষ্ট্য সমূহ আলোচনা কৰা
Photo by Jill Wellington on Pexels.com

ৰোমান্টিকতাবাদ বা ৰমন্যাসবাদ (Romanticism) বুলিলে এক শৈল্পিক, সাহিত্যিক, সাংগীতিক আৰু বৌদ্ধিক আন্দোলনক বুজা যায় যি অষ্টাদশ শতিকাৰ শেষৰ ফালে ইউৰোপত উদ্ভৱ হৈছিল। 

ইংৰাজী ভাষাৰ ৰোমাঞ্চ(Romance) শব্দটো মূলতঃ ফৰাচী ভাষাৰ পৰা আহিছে। প্ৰাচীন ফৰাচী ভাষাত romans আৰু romanz এই দুটা ৰূপত ব্যৱহৃত শব্দটোৰ পৰা আহিছে। এই ফৰাচী শব্দটো মধ্যযুগীয় ইংৰাজী ভাষাত romauns আৰু romaunce ৰূপে প্ৰবেশ কৰে। তেতিয়া অৰ্থ আছিল – ‘something composed in French, tale in verse’। ৰোমাঞ্চৰ উৎপত্তি স্থান সম্পৰ্কে ইউৰোপীয় পণ্ডিতসকলৰ দ্বিমত আছে। কোনোৱে ইয়াক কেৱল European form বুলি উল্লেখ কৰাৰ পৰিৱৰ্তে কিছুসংখ্যকে ইয়াৰ উৎপত্তি স্থল Western Europe বুলি কৈছে। ৰোমাঞ্চসমূহ বিষয়বস্তুতকৈ বিশেষ বৰ্ণনাশৈলীৰ উদ্ভাৱনৰ বাবে বেছি তাৎপৰ্যপূৰ্ণ বুলি চিহ্নিত কৰিব পাৰি। বীৰত্বপূৰ্ণ কাৰ্যকলাপ, দুঃসাহসিক আৰু বিপদ সংকুল অভিযান, ৰোমাণ্টিক প্ৰেম ইত্যাদিসমূহেই ৰোমাঞ্চৰ প্ৰধান বিষয়বস্তু আছিল বুলি জনা যায়।


ৰোমান্টিক কবিতাৰ বৈশিষ্ট্য সমূহ আলোচনা কৰা

  • ৰমন্যাসিক কবিতাৰ প্ৰথম বৈশিষ্ট্য হ’ল, বন্ধনমুক্তিৰ আদৰ্শ। অষ্টাদশ শতিকাৰ নৱ্যধ্ৰুপদী কবিসকলে কিছুমান ধৰা বন্ধা নীতি আগত ৰাখি কবিতা বচনা কৰিছিল। ৰোমাণ্টিক কবিসকলে কিন্তু এই নীতি-নিয়মৰ বন্ধনৰ পৰা নিজকে মুক্ত কৰাৰ প্ৰয়াস কৰিছিল। প্ৰকৃততে ৰমন্যাসিক কাব্য আন্দোলনে গঢ় লৈ উঠিছিল নৱৱ্য ধ্ৰুপদীসকলৰ ৰীতিবদ্ধতাৰ বিৰুদ্ধে বিদ্ৰোহাচৰণ কৰাৰ ফলশ্ৰুতি স্বৰূপেই। সেইবাবেই ৰমন্যাসবাদক ‘liberalism in literature’ বা ‘সাহিত্যত আত্মমুক্তিৰ জয়গান’ বুলি কোৱা হয়।
  • ৰোমাণ্টিক কবিতাৰ দ্বিতীয় প্ৰধান বৈশিষ্ট্য হ’ল প্ৰকৃতি-প্ৰীতি। ৰোমাণ্টিক কবিতাত ‘প্ৰকৃতি’ স্বয়ংসম্পূৰ্ণ স্বকীয় সত্তা ৰূপে প্ৰাণদায়িনী শক্তিৰ উৎস ৰূপে পৰিগণিত হয়। প্ৰকৃতি কেৱল ঘটনাৰ পৃষ্ঠভূমি হৈ নাথাকিল। প্ৰকৃতিৰ বিভিন্ন উপাদান, যেনে ফুল, চৰাই, গছ-পাত আদি সকলোতে তেওঁলোকে আৰোপ কৰিলে।
  • প্ৰকৃতি-প্ৰীতিৰ লগতে চহা জীৱনৰ প্ৰতি আৰু গাঁৱলীয়া জীৱনৰ প্ৰতি গভীৰ আকৰ্ষণো ৰমন্যাসিক সাহিত্যৰ অন্যতম লক্ষণ। ধ্ৰুপদী সাহিত্যৰ নগৰীয়া চৌখিন জীৱনৰ চিত্ৰণৰ বিপৰীতে ৰোমাণ্টিক সাহিত্যত চিহ্নিত হৈছিল গাঁৱলীয়া সৰল জীৱনৰ চিত্ৰ— ভেড়াৰখীয়া, কুটীৰ বাসী, সাধাৰণ লোকৰ সহজ-সৰল জীৱনৰ চিত্ৰ।
  • ৰোমাণ্টিক সাহিত্যৰ আন এটি প্ৰধান বৈশিষ্ট্য হ’ল মধ্যযুগ প্ৰীতিৰ মনোভাৱ। এইটো যুগৰ কবিসকলে সমসাময়িক সমাজখনৰ লগত নিজকে জীন নিয়াব পৰা নাছিল। জড়বাদী দৃষ্টিভংগী, সামাজিক অত্যাচাৰ-অনাচাৰ আদিয়ে তেওঁলোকৰ মনত এক তিক্ততাৰ ভাব সৃষ্টি কৰিছিল আৰু তাৰ পৰিত্ৰাণ বিচাৰি তেওঁলোকে শান্তিৰ উৎস সন্ধান কৰিছিল মধ্যযুগৰ মাজত।
  • কল্পনাপ্ৰৱণতা বা কল্পনাপ্ৰিয়তা আৰু ভাবাবেগৰ প্ৰাধান্য ৰমন্যাসবাদৰ এটা মুখ্য বৈশিষ্ট্য। নব্যধ্ৰুপদীসকলৰ যুক্তি, বিচাৰবুদ্ধি বা বিচাৰমত্তা আৰু বুদ্ধিনিষ্ঠতাৰ ঠাইত কমন্যাসবাদীসকলে অভিসিক্ত কৰিলে কল্পনা আৰু আৱেগ-অনুভূতিক।
  • ছন্দৰ ক্ষেত্ৰতো ৰমন্যাসিক কবিতা বিশেষত্বপূৰ্ণ। স্বাভাৱিকভাৱেই ৰোমাণ্টিক কবিতাৰ ছন্দ প্ৰয়োগৰ ৰীতি আছিল। চহা কবিৰ মৌখিক কবিতাৰ ছন্দকো গীতিময় কবিতাৰ বাহন কৰি লৈছিল।
  • ৰহস্যময়তা আৰু বিস্ময়বোধ প্ৰায়বোৰ ৰসন্যাসিক কবিতাৰে এক সাধাৰণ বিশেষত্ব। তাৰ গাতে আঁউজি গঢ় লোৱা আন এক বিশেষত্ব হ’ল– এই যুগৰ কবি-সাহিত্যিকসকলে বাস্তৱ জীৱনতকৈ এক অতিলৌকিক পৰিৱেশ সৃষ্টি কৰিহে বেছি ভাল পাইছিল। এই ক্ষেত্ৰত কবি ক’লৰিজৰ নাম বিশেষভাৱে উল্লেখনীয়। অসমীয়া সাহিত্যৰ ক্ষেত্ৰতো চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতা আৰু ৰজনীকান্ত বৰদলৈৰ উপন্যাস উল্লেখ্যযোগ্য।
  • ৰমন্যাসিক কবিতাত একধৰণৰ বিপ্লৱী সত্তাও নিহিত হৈ থকা দেখিবলৈ পোৱা যায়। ৰোমাণ্টিক কবিসকলে ব্যক্তিস্বাধীনতাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছিল। তেওঁলোকে শাসক-শোষক, দমনমূলক আইন-কানুন, সামাজিক শোষণ নিষ্পেষণ, অন্যায় আদিৰ বিৰুদ্ধে বিপ্লৱী মনোভাৱ প্ৰদৰ্শন কৰিছিল।
  • ভাষা প্ৰয়োগৰ ক্ষেত্ৰতো ৰোমাণ্টিক বা ৰমন্যাসিক কবিতাৰ বিশিষ্টতা লক্ষ্য কৰা যায়। ৰমন্যাসিক কবিসকলে কিন্তু তাৰ পৰিৱৰ্তে অনাড়ম্বৰ, অনাড়ষ্ট ধ্বনিশীল ভাষাকহে কবিতাৰ বাহন কৰি ল’লে।

ৰোমান্টিক কবিতাৰ বৈশিষ্ট্য সমূহ আলোচনা কৰা

ৰোমান্টিক কবিতাৰ দুটা বৈশিষ্ট্য লিখা:

ৰোমান্টিক কবিতাৰ দুটা বৈশিষ্ট্য হ’ল:-

  • কল্পনাপ্ৰৱণতা বা কল্পনাপ্ৰিয়তা আৰু ভাবাবেগৰ প্ৰাধান্য ৰমন্যাসবাদৰ এটা মুখ্য বৈশিষ্ট্য
  • ৰোমাণ্টিক সাহিত্যৰ আন এটি প্ৰধান বৈশিষ্ট্য হ’ল মধ্যযুগ প্ৰীতিৰ মনোভাৱ

অসমীয়া ৰোমান্টিক কবিতাৰ লক্ষণ:

ৰমন্যাসবাদ বা ৰোমান্টিকতাবাদ মূলতঃ পাশ্চাত্যৰ চিন্তা। ফৰাচী বিপ্লৱৰ ফল, ৰুচোৰ প্ৰকৃতিৰ প্ৰতি প্রত্যাৱৰ্তনৰ ধাৰণা আদি বিভিন্ন কাৰণত পাশ্চাত্যত ৰমন্যাসবাদৰ মূল চিন্তা চেতনাই গা কৰি উঠে আৰু ই ক্রমান্বয়ে সমস্ত বিশ্বত ব্যাপ্ত হৈ পৰে।

অসমলৈ ৰোমাণ্টিক চিন্তা চেতনাৰ বাট কাটি আনে কলিকতাত শিক্ষাৰত হৈ থকা প্ৰবাসী ছাত্ৰসকলে। বিশেষকৈ চন্দ্ৰকুমাৰৰ ‘বনকুঁৱৰী’ নামৰ প্ৰথম ৰোমাণ্টিক কবিতাত প্রকাশে সার্থক উন্মেষ ঘটায়। ৰমন্যাসবাদীসকলৰ ৰচনা কেতবোৰ বিশেষ লক্ষণ সমালোচক সকলে প্রত্যক্ষ কৰিছে। তাৰে ভিতৰত উল্লেখনীয় অসমীয়া ৰোমান্টিক কবিতাৰ লক্ষণবোৰ হ’ল—

(ক) প্রকৃতি প্রীতিঃ

ৰুচোৰ প্ৰকৃতিৰ প্ৰতি প্রত্যাবর্তনৰ ধাৰণাই ৰোমাণ্টিক কবিসকলৰ মনত প্ৰকৃতিৰ প্ৰতি এক আকৰ্ষণৰ জন্ম দিয়ে। জগতৰ সকলো সৎগুণ প্ৰকৃতিৰ বুকুতে নিহিত হৈ আছে বুলি বিশ্বাস কৰা ৰোমাণ্টিক কবিসকলে সেয়েহে প্ৰকৃতিৰ অনিৰ্বাচনীয় সৌন্দৰ্যৰ সন্ধানত নিজকে ব্ৰতী কৰিছিল আৰু সেয়েহে প্ৰকৃতি প্রীতি আছিল ৰমন্যাসিক কবিসকলৰ এক বিশিষ্ট লক্ষণ।

(খ) সাধাৰণ বস্তুত অসাধাৰণত্ব আৰোপঃ

ৰোমাণ্টিক কবিসকলে জগতৰ সকলো সৰু বস্তুৰ মাজতে অসাধাৰণত্ব দেখিবলৈ পাইছিল। আমাৰ ৰঘুনাথ চৌধুৰীদেৱে কেতেকীৰ মাজতো পৃথিৱীৰ সকলো সততা সকলো সৌন্দর্য দেখিবলৈ পোৱাৰ দৰে তেওঁলোকে সাধাৰণ বস্তুৰ মাজতে অসাধাৰণত্ব আৰোপ কৰিছিল৷

(গ) ৰহস্যৰ সূক্ষ্ম অনুভূতিঃ

ৰোমাণ্টিক কবিসকলে অতি বিচক্ষণভাৱে সৌন্দৰ্য ৰহস্য আৰু বিস্ময়ক একীভূত কৰিছিল। তেওঁলোকে সকলোৰে মাজত এক সূক্ষ্ম ৰহস্য বিচাৰৰ যত্ন কৰিছিল।

(ঘ) মন্ময় ধর্মিতাঃ

অন্তৰৰ ভাৱৰাজিক এক সাৰ্বজনীন ৰূপ দিয়াই হ’ল মন্ময়ধর্মিতা। ৰোমাণ্টিক কবিসকলৰ কল্পনাত তেওঁলোকৰ মনৰ সকলোবোৰ সৰু বস্তুৱেই একোটা সার্বজনীন ৰূপ ল’বৰ চেষ্টা কৰিছে। বস্তু একোটাৰ অস্তিত্বই তাৰ অৰ্ন্তলোকৰ অভিজ্ঞতা আৰু তাৰ সামগ্ৰিক ৰূপ তৃষ্ণাৰ অন্বেষণে ৰোমাণ্টিক কবিসকলৰ ভাৱনাক সাৰ্বজনীন ৰূপ দিছে।

(ঙ) জীৱনৰ মৌলিক সৰলতাৰ প্ৰতি আকর্ষণঃ

ৰুচোৰ ধাৰণাই আছিল যে জীৱনটো মৌলিকভাৱে সৎ আৰু সুন্দৰ। সামাজিক আৱহাৱাইহে মানুহক অসুন্দৰ কৰি তোলে৷ সেয়েহে তেওঁলোকে সাধাৰণ মানুহ বা চহা জীৱনৰ সৰলতাৰ প্ৰতি এক বিশেষ ধৰণৰ আদান-প্রদান অনুভৱ কৰিছিল। জীৱনৰ এই মৌলিক সৰলতাৰ প্রতি অন্বেষণ ৰোমামিটক কবিতাৰ এক অন্যতম বৈশিষ্ট্য। 

(চ) অতীত প্ৰীতি আৰু মধ্যযুগৰ ভাবান্বেষণঃ

মধ্যযুগৰ মাজত থকা লোক জীৱনৰ এক বিশেষ আকর্ষণ আছিল। অতীতৰ বিভিন্ন বৈচিত্র্যই তেওঁলোকৰ মনত বিশেষভাৱে ধৰা দিছিল। আনকি অসমীয়া ৰোমাণ্টিক কবিসকলৰ কল্পনাতো বাৰে বাৰে মধ্যযুগৰ ভাবান্বেষণ প্রত্যক্ষ কৰিব পাৰি ।

(ছ) কাৰুণ্যতাঃ

সমসাময়িক সামাজিক ঘটনাৱলীৰ বাবে ৰোমাণ্টিক কবিসকল হয়তো বৰ সুখী নাছিল। সৎ আৰু অসত্ৰ দ্বন্দ্বই সৃষ্টি কৰা এক দোদ্যোল্যমান মানসিক অৱস্থাই অনবৰতে তেওঁলোকৰ অন্তৰ আলোড়িত কৰি ৰাখিছিল। সেয়েহে প্রচলিত অৱস্থা বা সংসাৰখনৰ প্ৰতি এক অনীহা আৰু কাৰুণ্যতাৰ ভাবো তেওঁলোকৰ কবিতাৰ মাজত ফুটি উঠিছিল।

(জ) এক সতেজ বৌদ্ধিক অনুসন্ধিৎসাঃ

ৰোমাণ্টিক কবিসকল যদিও বিশেষভাৱে কল্পনাপ্রবণ আছিল বা সৌন্দৰ্যৰ কল্পলোকত উটি ভাঁহি ফুৰিছিল তথাপিও তেওঁলোকৰ চিন্তাৰ মাজত আছিল এক সতেজ বৌদ্ধিক অনুসন্ধিৎসা।

(ঝ) স্বতঃস্ফুর্ত্ততাঃ

ৰোমাণ্টিক কবিসকলে তাহানিৰ ধৰা-বন্ধা নীতি নিয়মবোৰ ভাঙিবলৈ যত্ন কৰিছিল আৰু নিজৰ কবিতাৰ কাননত মুক্তভাৱে বিচৰণ কৰাৰ চেষ্টা কৰিছিল। তেওঁলোকৰ কল্পনা স্বতঃস্ফূর্ত্ত, উন্মুক্ত। 

(ঞ) পুৰণি ছন্দ ৰীতি আদিৰ পুনৰুত্থানঃ

ৰোমাণ্টিক কবিসকলে যেনেদৰে অতীতৰ প্ৰতি প্ৰীতি অনুভৱ কৰিছিল, তেনেকৈ অতীতৰ ছন্দ অলংকাৰবোৰক নতুন ৰূপত সজাই তুলিছিল আৰু নিজৰ কবিতাত স্থান দিছিল।

সামগ্ৰিকভাৱে ৰমন্যাসবাদ মুক্ত ধাৰণা, কল্পনাৰ বিচৰণৰ ক্ষেত্র। এই কেন্দ্ৰটোকে তেওঁলোকে ৰহস্যৰ অনুভূতি, বৌদ্ধিক অনুসন্ধিৎসা আদিৰে সজাই তুলিছিল ।

ৰোমান্টিক কবিতাৰ বৈশিষ্ট্য সমূহ আলোচনা কৰা
Photo by Poppy Thomas Hill on Pexels.com

ৰোমান্টিক কবিতাৰ সংজ্ঞা:

পাশ্চাত্যৰ ইংৰাজী সাহিত্যত অষ্টাদশ শতিকাৰ শেষ ভাগত ধ্ৰুপদী কাব্য ৰীতিৰ বিৰুদ্ধে গৈ কল্পনা আৰু ব্যক্তিগত আবেগ অনুভূতিক প্ৰধান্য দি যি কাব্যৰীতিৰ সূচনা কৰা হৈছিল তাকে ৰোমান্টিক কবিতা বোলা হয় । 

ৰোমান্টিক কবিতাৰ সংজ্ঞা হ’ল:

  • ৱাল্টাৰ পেটাৰৰ মতে, “ৰমন্যাসবাদ হ’ল সৌন্দৰ্যৰ লগত অপৰিচিতৰ সংযোজন।”
  • সমালোচক এম্বাৰক্ৰম্বিয়ে Romanticism নামৰ গ্ৰন্থখনৰ মতে, “ৰমন্যাসবাদ হ’ল বাহ্যিক অভিজ্ঞতাৰ পৰা আঁতৰি গৈ অৰ্ন্তলোকৰ ওপৰত মনোনিবেশ কৰা।”
  • বাটছ ডাণ্টনৰ মতে, “ৰমন্যাসবাদ হ’ল বিস্ময়ৰ পুৰ্নজাগৰণ (Renascence of wonder)।”
  • ফৰাচী ঔপন্যাসিক ভিক্টৰ হিউগ’ৰ মতে, “ৰমন্যাসবাদ হ’ল সাহিত্যত উদাৰতাবাদ।”
  • হাৰফোৰ্ডৰ মতে, “কল্পনা শক্তিৰ অসামান্য বিকাশ বা অসাধাৰণ বিকাশেই হ’ল ৰমন্যাসবাদ।”

ৰোমান্টিক কবিতা কাক বোলে?

পাশ্চাত্যৰ ইংৰাজী সাহিত্যত অষ্টাদশ শতিকাৰ শেষ ভাগত ধ্ৰুপদী কাব্য ৰীতিৰ বিৰুদ্ধে গৈ কল্পনা আৰু ব্যক্তিগত আবেগ অনুভূতিক প্ৰধান্য দি যি কাব্যৰীতিৰ সূচনা কৰা হৈছিল তাকে ৰোমান্টিক কবিতা বোলা হয় । 

Source: Hertrust.in, As.Wiki


ৰোমান্টিক কবিতা কাক বোলে?

পাশ্চাত্যৰ ইংৰাজী সাহিত্যত অষ্টাদশ শতিকাৰ শেষ ভাগত ধ্ৰুপদী কাব্য ৰীতিৰ বিৰুদ্ধে গৈ কল্পনা আৰু ব্যক্তিগত আবেগ অনুভূতিক প্ৰধান্য দি যি কাব্যৰীতিৰ সূচনা কৰা হৈছিল তাকে ৰোমান্টিক কবিতা বোলা হয় । 

ছন্দ কাক বোলে?

বাক্য যিদৰে অৰ্থৰ ফালৰ পৰা বিন্যস্ত শব্দৰ সমষ্টি , সেইদৰে ছন্দ হ’ল কণ্ঠ ধ্বনিৰ দৃষ্টিকোণৰ পৰা বিন্যাস কৰা বাক্য বিন্যাস । এনে বাক্য বিন্যাসত নিয়মিত আৰু সাময়িক ব্ৰিতিয়ে ধ্বনি প্রবাহত স্পন্দন আনি দিয়ে , স্পন্দনৰ পৰা লয় ওপজে আৰু ফলত ছন্দৰ সৃষ্টি হয় । সংজ্ঞাৰ আকাৰত ক’ব পাৰি নিয়মিত বিৰতিয়ে লয়যুক্ত কৰা ধ্বনি প্রবাহকেই ছন্দ বোলে ।

যতি বুলিলে কি বুজা ?

যতি শব্দৰ অৰ্থ বিৰাম । ছন্দৰ ক্ষেত্ৰত ধ্বনি প্রবাহৰ পৰ্যায়ক্ৰম তৰঙ্গ নিৰ্দেশক বিৰতিকে যতি বোলা হয় ।

যতি কেই প্ৰকাৰৰ ?

যতি দুই প্ৰকাৰৰ — অৰ্ধ যতি আৰু পূৰ্ণ যতি । অৰ্ধ যতিয়ে ছন্দ হিল্লোলৰ এটা তৰঙ্গ নির্ণয় কৰে আনহাতে পূর্ণ যতিত সমগ্ৰ ছন্দ হিল্লোলটোৰ পৰিসমাপ্তি ঘটে । অৰ্ধ যতিয়ে বিভক্ত কৰা ধ্বনি প্ৰবাহৰ অংশক পৰ্ব আৰু পূৰ্ণ যতিতে বিভক্ত অংশক চৰণ বোলা হয় । 

ৰোমান্টিক কবিতা কি

পাশ্চাত্যৰ ইংৰাজী সাহিত্যত অষ্টাদশ শতিকাৰ শেষ ভাগত ধ্ৰুপদী কাব্য ৰীতিৰ বিৰুদ্ধে গৈ কল্পনা আৰু ব্যক্তিগত আবেগ অনুভূতিক প্ৰধান্য দি যি কাব্যৰীতিৰ সূচনা কৰা হৈছিল তাকে ৰোমান্টিক কবিতা বোলা হয় । 

2 thoughts on “ৰোমান্টিক কবিতাৰ বৈশিষ্ট্য সমূহ আলোচনা কৰা

Leave a Reply

Your email address will not be published. Required fields are marked *