3 June, 2024
জিলা উপায়ুক্ত লৈ আবেদন

জিলা উপায়ুক্ত লৈ আবেদন | Assameese Application For 2024

জিলা উপায়ুক্ত লৈ আবেদন

মাননীয়

জিলা উপায়ুক্ত সমীপেষু,

শোণিতপুৰ জিলা

তাৰিখ: ০১/০১/২০

বিষয়: জিলা উপায়ুক্তলৈ সাহায্য বিচাৰি আবেদন।

মহাশয়,

আমাৰ বিনীত নিবেদন এই যে মই শোণিতপুৰ জিলাৰ অন্তৰ্গত কোচগাঁওৰ এজন দৰিদ্ৰ লোক। আমাৰ পৰিয়ালত পত্নীৰ সৈতে তিনিজন পুত্ৰ আৰু দুগৰাকী কন্যা সন্তান আছে। আমি এসময়ত খেতি কৰি খাইছিলো। কিন্তু খেতি-মাটি নাইকিয়া হোৱাত এতিয়া দিন হাজিৰা কৰি কোনোমতে জীয়াই আছো। মই বৰ্তমান বৃদ্ধ আৰু ক্ৰমান্বয়ে ৰুগীয়া হৈ আহিছো।  আৰ্থিক দুৰৱস্থাৰ বাবে ল’ৰা-ছোৱালী কেইটাকো পঢ়ুৱাব নোৱাৰিলো। এতিয়া এনে হৈছে এসাঁজ খালে আনসাজ লঘোণ দিবলগীয়া হয়।

গতিকে দয়ালু মহাশয়ৰ ওচৰত মই কাতৰ অনুৰোধ কৰিব খোজোঁ যেন মোৰ দুৰৱস্থাৰ কথা জানি মোৰ সকাহৰ বাবে এটা চৰকাৰী সাহায্যৰ ব্যৱস্থা কৰে যাতে এই দুখীয়া পৰিয়ালটোৱে কোনোমতে দুবেলা দুমুঠি খাই জীয়াই থাকিব পাৰে।

মহাশয়ৰ ওচৰত এয়ে মোৰ প্ৰাৰ্থনা।

ধন্যবাদ……

স্থান: কোচগাঁও,শোণিতপুৰ 

আপোনাৰ বিশ্বাসী

শ্ৰীৰবি বিশ্বাস


For English Application Vist>>

One thought on “জিলা উপায়ুক্ত লৈ আবেদন | Assameese Application For 2024

Leave a Reply

Your email address will not be published. Required fields are marked *