পুৰণি অসমীয়া কবিতা
Table of Contents
প্ৰকৃত অসমীয়া ভাষাৰ নিদৰ্শন চতুৰ্দশ শতিকাত ৰচিত হেম সৰস্বতীৰ ‘প্ৰহ্লাদ চৰিত’হে পোৱা যায়। কিন্তু তাৰ অৰ্থ এইটো নহয় যে, ইয়াৰ আগৰ পৰ্যায়ত অসমীয়া ভাষাত কোনো কাব্য বা সাহিত্যৰ সৃষ্টি হোৱা নাছিল। যদিও সংৰক্ষণৰ অভাৱত বহুতো পুথি-পাঁজি লুপ্ত হৈ গৈছে। তথাপিও দশম শতিকাৰ পৰা দ্বাদশ শতিকাৰ ভিতৰত ৰচিত বুলি অনুমান কৰা- চৰ্যাপদ, শ্ৰীকৃষ্ণ কীৰ্তন আৰু শূন্য পুৰাণ আদি গ্ৰন্থত অসমীয়া সাহিত্য বা কবিতাৰ প্ৰাচীনতম নিদৰ্শন পোৱা যায়। চৰ্যাপদৰ যুগৰ পৰা আজিলৈকে বিচাৰ কৰিলে অসমীয়া কবিতাৰ এক বিশাল মহাসমুদ্ৰ চকুত পৰে। চৰ্যাগীতসমূহ গাবৰ কাৰণে ৰচিত। সেই কাৰণে প্ৰত্যেকটো চৰ্যাতে, পৰৱৰ্তী কালত বৰগীতবোৰত থকাৰ দৰে ৰাগ সংযোগ কৰা আছে। প্ৰত্যেকপদৰ দ্বিতীয় চৰণটো ধ্ৰুপদ অৰ্থাৎ দোহাৰি গাব লাগে (উদ্ধাৰ কৰি অনা পুথিখনত সৰ্বমুঠ ৪৬টা সম্পূৰ্ণ আৰু এটা খণ্ডিত গান বা দোহা আছে। চৰ্যাপদ সমূহ সহজযান পন্থৰ ধৰ্মসাধন গীত। প্ৰত্যেকটো চৰ্যা সাঁথৰৰ দৰে; ইয়াৰ বাহ্যিক অৰ্থ অতি সহজ, কিন্তু গূঢ়াৰ্থ বা মৰ্মাৰ্থ বুজা কঠিন। ১৯০৭ চনত মহামহোপাধ্যায় হৰপ্ৰসাদ শাস্ত্ৰীয়ে নেপাল ৰাজৰাবাৰ গ্ৰন্থালয়ৰ পৰা এই ‘চৰ্যাপদ’ বা বৌদ্ধগানসমূহ উদ্ধাৰ কৰি আনি ‘হাজাৰ বৎসৰেৰ পুৰাণ বাঙ্গালা ভাষায় বৌদ্ধগান ও দোহা”- এই নামেৰে ১৯৯৬ চনত প্ৰকাশ কৰে। মুঠতে চাৰিখন একে পৰ্যায়ৰ পুথি শাস্ত্ৰীদেৱে সংগ্ৰহ কৰি আনি প্ৰকাশ কৰে সৰোহবজ্ৰৰ দোহাকোষ, কৃষ্ণাচাৰ্যৰ দোহাকোষ, ডাকাৰ্ণৱ আৰু ‘চৰ্যাগীতিকোষ’। চৰ্যাগীতবোৰ ৰাগ ৰাগিণী সহকাৰে গোৱা হৈছিল। প্ৰত্যেক গীতত ৰাগ ৰাগিণীৰ উল্লেখ কৰা আছে। মাত্ৰাবৃত্ত ছন্দত ৰচিত এই গীতবোৰত অন্ত্যানুপ্ৰাস (চৰণ বা পংক্তিবোৰৰ শেষ ধ্বনিৰ পাৰস্পৰিক মিল) এটা মন কৰিবলগীয়া বিশেষত্ব। পৰৱৰ্তী অসমীয়া সাহিত্যৰ সকলো ছন্দই অন্ত্যানুপ্ৰাসযুক্ত। প্ৰত্যেক গীতৰ শেষত ভণিতা আৰু আৰম্ভতে ধুৰা আছে। গীতৰ মাধ্যমেদি আত্মসাধনাৰ প্ৰক্ৰিয়া প্ৰকাশ কৰাৰ চেষ্টা চৰ্যাগীতৰপৰা আৰম্ভ কৰি ৰাতিখোৱা বা ভিতৰপকীয়া সম্প্ৰদায়ৰ দেহবিচাৰৰ গীতলৈকে একোটা পৰম্পৰাকে লক্ষ্য কৰা যায়।
শ্ৰীকৃষ্ণ কীৰ্তন:- খ্ৰীষ্টীয় দশম শতিকাৰ পৰা দ্বাদশ শতিকাৰ ভিতৰত ৰচিত বুলি প্ৰমাণ পোৱা আৰু এখন উল্লেখযোগ্য কাব্য পুথি হৈছে বড়ু চণ্ডীদাসৰ শ্ৰীকৃষ্ণ কীৰ্তন। এই পুথিখনত অসমীয়া আৰু বংলা ভাষাৰ আদি স্তৰৰ নিদৰ্শন পোৱা যায়। এই পুথিখনৰ উদ্ধাৰকৰ্তা আৰু প্ৰথম সম্পাদক আছিল বসন্তৰঞ্জন ৰায় বিদ্যুৎবল্লভ। তেওঁৰ ওপৰত অভিযোগ আছে যে, তেওঁ পুথিখনৰ সম্পাদনা কৰোঁতে অসমীয়া ভাষাৰ আৱৰণ গুচাই অত্যধিক বঙলুৱা কৰিবলৈ যাওঁতে পুথিখনক যথেষ্ট বিকৃত কৰি তুলিছিল। কিন্তু ড° বাণীকান্ত কাকতিয়ে ধ্বনিতাত্ত্বিক আৰু ৰূপতাত্ত্বিক বিশ্লেষণৰ জৰিয়তে শ্ৰীকৃষ্ণ কীৰ্তনত যে অসমীয়া ঠাঁচ যথাৰ্থ ৰূপত বিদ্যমান সেই কথা দৃঢ়তাৰে প্ৰমাণ কৰিছে। শ্ৰীকৃষ্ণ কীৰ্তন ৰাধা-কৃষ্ণৰ প্ৰণয় সম্বলিত এখন মনোৰম কাব্য। ইয়াৰ কাহিনীভাগক গীতৰ মাধ্যমেৰে আগুৱাই নিয়া হৈছে। পুথিখনত ১৬১টা শ্লোক আৰু ৪১৮টা পদ আছে।
শূন্য পুৰাণ:- “শূন্য পুৰাণ”কো কোনো কোনো পণ্ডিতে “মিশ্ৰ অসমীয়া” সাহিত্য বুলি মত পোষণ কৰিছে। অৱশ্যে ইয়াৰ বিষয়ে বিস্তৃত বিৱৰণ পোৱা নাযায়। ৰামাই পণ্ডিত “শূন্য পুৰাণ” গ্ৰন্থ খনিৰ ৰচক। কাব্যত ৰচিত এই পুথিখনি শূন্য বাদৰ ওপৰত প্ৰতিষ্ঠিত। সেইবাবেই কাব্য খনিৰ নাম “শূন্য পুৰাণ।” মানুহৰ মুখে মুখে প্ৰচলিত শূন্য নিৰঞ্জন সম্পৰ্কীয় কথা বিলাক ৰামাই পণ্ডিতে লিপিবদ্ধ কৰি উলিয়াইছিল। ৰমাই পণ্ডিতৰ এই পুথিখন হৰপ্ৰসাদ শাস্ত্ৰীযে বংগৰ বাঁকুলা জিলাৰ পৰা সংগ্ৰহ কৰে আৰু নগেন্দ্ৰ নাথ বসুৱে সৰ্ব প্ৰথমে কৰিছিল। ইয়াৰ নাম হৰপ্ৰসাদ শাস্ত্ৰীযে “ৰামাই পণ্ডিতৰ পদ্ধতি” ৰাখিছিল। নগেন্দ্ৰ নাথ বসুৱে ইয়াৰ নাম সলনি কৰি “শূন্য পুৰাণ” নাম দি “বংগীয় সাহিত্য পৰিষদৰ” পৰা ১৩১৪ বংগাব্দত (১৯০৭ চন হ’ব চাগে) প্ৰকাশ কৰি উলিয়ায়। ই প্ৰত্ন আৰু মিশ্ৰ অসমীয়া সাহিত্যৰ নিদৰ্শন।
পুৰণি অসমীয়া কবিতা সংগ্ৰহ
1. বৰদৈচিলা
কবিঃ- হেমচন্দ্ৰ গোস্বামী
চ’তৰ বিহুত বৰদৈচিলা মাকৰ ঘৰলৈ যায়
গছ-গছনি ঘৰ-দূৱাৰ নিয়ে উৰুৱাই।
হিল দ’ল ভাঙি-ছিঙি মেলিছা ঢাপলি
লগত নিছা লগৰীয়া যত বা মাৰলি।
আউল বাউল চুলি মেলি মাৰিছা কিয় লৰ?
লাহে ধীৰে গ’লেও দেখোন পাবা মাৰাৰ ঘৰ।
চোতালত দিছোঁ বৰপীৰা কাকৈ ফণী তাতে
মুৰৰ চুলি মেলাই যোৱা ৰজাৰ ৰাজবাটে।
মাৰাই দিব মাধৈ ফুল, বাপেৰাই দিব খাৰু,
ককায়েৰাই দিব কাপোৰ কানি, ভায়েৰাই দিব কেৰু।
শুবলৈ দিব শীতল পাটি, বহিবলৈ দিব পীৰা,
খাবলৈ দিব জহা ধানৰ দোৱা ভজা চিৰা।
কাবৌ কৰি মাতিছোঁ আমি লাহে ধীৰে যোৱা
আমাৰ পঁজা ঘৰ কেউটি ভালে ভালে থোৱা।
পুৰণি অসমীয়া কবিতা সংগ্ৰহ
2. ধূলিকণা মই
কবিঃ–চন্দ্রধৰ বৰুৱা
যিদিনা মৰিম মই,সেইদিনা বাৰু
জগতৰ কেনি হানি হ’ব ?
মৰিলোঁ নে আছোঁ,মই,এই কথাকেনো
পৃথিৱীৰ কিমানে জানিব ?
মই মৰিলেও দিন গ’লে ৰাতি হ’ব,
জোন বেলি ওলায়ে থাকিব;
গছত ফুলিব ফুল,বতাহ বলিব,
নিজ বাটে নক্ষত্র ঘূৰিব ।
আজিৰ দৰেই নিতে জগত চলিব,
নাই তাত অকণো সংশয়;
এই বিশ্ব-সংসাৰত কোনো নিয়মৰে
লৰচৰ অলপো নহয় ।
মই নোহোৱাৰ বাবে এই জগতৰ
কোনো কাম পৰি নাথাকিব,
কামত বিভোৰ এই বিশাল বিশ্বই
মই মৰা গমকে নাপাব ।
অনন্ত বিশ্বৰ অসংখ্য ধূলিৰ
এটি মাত্র ধূলিকণা মই;
মোৰ অবিহনে এই বিপুল সৃষ্টিৰ,
কেনিও অকণো হানি নাই ।
পুৰণি অসমীয়া কবিতা সংগ্ৰহ
3. পখিলা
“পখিলা”কোন দেশৰ প্ৰাণী তুমি
কবিঃ- চন্দ্ৰকুমাৰ আগৰৱালা
ফুটুকীয়া সাজ তোমাৰ
হেঙুলীয়া ৰেখা;
কেতেকী ৰেণুৰে ঘঁহা
নাচনী পখিলা।
আগলি পাতত বহি তুমি
ৰ’দ-কাচলি লোৱা
ফুলৰ পাহিত আসন পাতি
ফুলৰ মৌ খোৱা।
মলয়াৰ ছাটি নাচি আহে গা
খৰ বাগৰ মাৰি,
তাতে তুমি উটি যোৱা
পুলুকাটি মাৰি।
মেঘলৈকো যোৱা দেখোঁ
স্বৰ্গৰ কথা কোৱা
দেৱকণ্যাৰ খোপাত তুমি
অলঙ্কাৰ হোৱা।
ৰ’দে ছায়ে মিলি তোমাক
ধুনীয়াটি কৰে
কুঁহিলা যেন গাটি তোমাৰ
কেনে বৰণ ধৰে।
শূন্যৰ কোলাত গা ঘেলাই
পানীত মুখ চোৱা,
পদুম ফুলৰ চকাত পৰি
তাতে মোহ যোৱা।
বনৰ মাজত পাতৰ আঁৰত
ক’ত তোমাৰ ঘৰ
কোন দেশৰ প্ৰাণী তুমি
কলৈ মাৰা লৰ?
পুৰণি অসমীয়া কবিতা সংগ্ৰহ
4. তেওঁলৈ
কবিঃ- তৰুণৰাম ফুকন
চুমাটি খাবলৈ পালে সি দুটি ওঁঠত,
লাখতো হেঁপাহ মোৰ থাকিব মনত ।
তথাপিতো সি মুখতে ওঁঠ দুটি থই,
প্রতি মাটিতে ৰম যুগ যুগ কই,
তাতো নুগুচিব মোৰ প্ৰাণৰ ধাউতি,
চুমাকেহে খাই ৰম তোমাকে সাৱটি।
নিছিগে তোমাৰে মোৰ বান্ধনি চুমাৰ;
সদায় চুমাকে খাম, খাম আৰু বাৰ।
পথাৰ ধান মাহ অশেষ অলেখ,
তাতোকই বেছি হ’লে নপৰিব শেষ।
আথৰিব মিছাকৈয়ে যতন নকৰোঁ
এৰিব পাৰিমনে ঐ? নোৱাৰোঁ নোৱাৰোঁ।
পুৰণি অসমীয়া কবিতা সংগ্ৰহ
5. বিষাদ
কবিঃ-ৰঘূনাথ চৌধাৰী
পুষ্প কাননত আছিল এজুপি
ধুনীয়া শেৱালী ফুল।
ধীৰ প্ৰৱাহত হইছিল ধৰা
গোন্ধতে আমোলমোল।
আকাশ নৰ্তকী খঞ্জনী অপ্সৰা
বিচিত্ৰ কাচোনে কাচি,
বিৰহ বিধুৰা প্ৰকৃতিবালাক
দিছিল অমিয়া যাচি।
নিষ্ঠুৰ নিদাঘ আহিল যিদিনা
সকলো পৰিল জঁয়,
সৰি গ’ল ফুল উৰি গ’ল পখী
জগত বিষাদদময়।
আকৌ এদিন আহিব শৰত
হাঁহিব শেৱালী পাহি,
ঠেও ধৰি ধৰি কৰিব নৰ্তন
খঞ্জনী পখীটি আহি।
হ’ব কুসুমিত কুসুমাভৰণা
কুসুম কাননখনি,
ধীৰে সমীৰণে কুসুমে কুসুমে
দিব পৰিমল সানি।
কিন্তু মোৰ সেই মানস-কুসুম
গইছে যিদিনা সৰি,
সৌন্দৰ্য্য-পৰাগ-শূন্য হিয়াখনি
নুঠে আৰু ঠন ধৰি।
পুৰণি অসমীয়া কবিতা সংগ্ৰহ
পুৰণি অসমীয়া কবিতা সংগ্ৰহ
6. আত্মদান
অম্বিকাগিৰী ৰায়চৌধুৰী
ক’ৰ পৰানো আচম্বিতে অ’ মোৰ তুমি প্রিয়
নিশাৰ সপোন নৌ বুৰোঁতে,
ঊষাৰ আঁচল নৌ উৰোঁতে,
হাঁহি হাঁহি মোৰ দুৱাৰত দিলা আহি থিয়,
অ’ মোৰ তুমি প্ৰিয়।
কোন সৰগৰ সুধাৰ আধাৰ লুটি,
কোন অৰুণৰ উৰণ দোলাত উঠি,
কোন গগনৰ গড় পাৰ হৈ আহি পালা তুমি,
কোন অমৰাত নিশা খপি কিহৰ সুধা চুমি,
আহা ! কি বিমোহন তৃপ্তিৰ তেজ বইছে মুখত ফুটি !
নাইতো আজি মোৰ হৃদয়ত
গোন্ধ, গীতৰ কণা,
কি ৰসনো লবা চেপি
অ’ মোৰ উদাৰ-মনা ?
যুগ-যুগান্ত বিৰহ-ভৰা ধুম-ধুপালিত পৰি,
ছিন্ন হৃদয় আছে কেৱল আশা উদি কৰি,
ইয়াতেই অতৃপ্তি তোমাৰ
পলায় যদি ভাই,
লুপ্ত কৰি লোৱা তাকো
আনতো একো নাই।
3 thoughts on “পুৰণি অসমীয়া কবিতা: Old Assamese Poem #5”