6 May, 2024
আধুনিক অসমীয়া কবিতাৰ বৈশিষ্ট্য

আধুনিক অসমীয়া কবিতাৰ বৈশিষ্ট্য

আধুনিক অসমীয়া কবিতাৰ বৈশিষ্ট্য

আধুনিক অসমীয়া কবিতাৰ বৈশিষ্ট্য

আধুনিক অসমীয়া কবিতাৰ বৈশিষ্ট্য
আধুনিক অসমীয়া কবিতাৰ বৈশিষ্ট্য

আধুনিকতাৰ ধাৰণা সদায়ে গতিশীল। নতুন যুগৰ চিন্তা আৰু চেতনা যি সাহিত্যত প্ৰতিবিম্বিত হৈ উঠে সেই সাহিত্যক সাধাৰণ অৰ্থত আধুনিক বুলি ক’ব পাৰি। কিন্তু ঠাই বিশেষে এই চেতনা বেলেগ বেলেগ সময়ত জাগৰিত হ’ব পাৰে। ঊনবিংশ শতিকাৰ শেষ দশকৰ পৰা বিংশ শতিকাৰ প্ৰথম চাৰিটা দশকৰ ভিতৰত অসমীয়া কবিতাৰ বন্যাই ব্যাপক ৰূপ লোৱাৰ পিছত অসমীয়া কবিতাৰ গতি আৰু প্ৰকৃতি সলনি হ’বলৈ লয়। সময়ৰ ঐতিহাসিক ঘটনাবোৰৰ প্ৰত্যক্ষ আৰু পৰোক্ষ প্ৰভাৱৰ ফলত অসমীয়া কবিতাই ৰোমান্টিক আৱেষ্টনীৰ পৰা ওলাই আধুনিক ৰূপত আত্ম প্ৰকাশ কৰে।

আধুনিক কবিতাৰ স্বৰূপ ১৯৪০ চন মানৰ পৰা আৰম্ভ হয় । ৰোমান্টিক কবিতাৰ গতি-প্ৰকৃতিৰ ৰূপৰেখা, চিন্তা ধাৰণা এই সময়ছোৱাৰ পৰা সলনি হ’বলৈ আৰম্ভ কৰে । অসমীয়া কবিতাৰ গতি-প্ৰকৃতিৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত ইৰোপীয় ঐতিহাসিক, উদ্য়োগিক, বিপ্লৱৰ কিছু ঘটনাৰ প্ৰভাৱৰ ফলত ৰোমান্টিক কবিতাৰ চাৰিওবেৰৰ পৰা ওলাই আহি আধুনিক কবিতাই আত্ম প্ৰকাশ কৰিবলৈ ল’লে ।

         দ্বিতীয় বিশ্বযুদ্ধৰ প্ৰভাৱে আধুনিক অসমীয়া কবিতাৰ ইতিহাসত বিশেষভাৱে প্ৰভাৱ পেলালে । ভাৰতৰ স্বাধীনতা আন্দোলন তথা সাম্য়বাদী ভাবাদৰ্শৰ প্ৰভাৱত মানুহৰ দৈনন্দিন জীৱন ধাৰা পৰিৱৰ্তন হোৱাৰ কাৰণে অসমীয়া ৰোমান্টিক কবিতাৰ ভাবৰাশিও পৰিৱৰ্তন হ’ল । বিশ্বযুদ্ধৰ প্ৰভাৱত মানুহৰ বিশ্বাসহীনতা, দ্বিধা, সংশয়ৰ ফলত ৰোমান্টিক কবিসকলক কল্পনা জগতখনৰ পৰা আঁতৰাই বাস্তৱ জগতলৈ আনিলে । ইপিনে ভাৰতবৰ্ষৰ সাম্প্ৰদায়িক সংঘৰ্ষ আৰু আনপিনে বঙ্গদেশৰ দুৰ্ভিক্ষৰ ভয়াবহ ছবিয়ে কবিসকলক ব্য়ক্তিগত তথা সমাজ জীৱনৰ সামগ্ৰিক দিশ নতুন দৃষ্টিভংগীৰে চাবলৈ শিকালে । ব্ৰিটিছ সাম্ৰাজ্য়বাদী কবলৰ পৰা ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ লগে লগে ভাৰতীয় ৰাজনৈতিক ব্য়ক্তিসকলৰ ভোগবাদী মানসিকতাৰ ফলত প্ৰকৃত গণতান্তিক মূল্য়বোৰৰ অৱক্ষয়ৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল ।

           কবিতাৰ ক্ষেত্ৰত আধুনিকতাৰ বিচাৰ কৰাটো সহজ সাধ্য নহয়। কবিৰ মনৰ জগত আৰু কবিতা-পাঠকৰ মনৰ জগতৰ মাজত যেতিয়া একে সময়তে নতুন চেতনাৰ সাকোঁৰে অনুভূতিৰ আদান-প্ৰদান ঘটে,তেতিয়াই কবিতাত আধুনিকতা স্বীকৃত হয়, কেতিয়াবা সেইবোৰ লক্ষণকে আধুনিক বোলা হয়।, যিবোৰত মানৱ প্ৰগতি, সভ্যতা, সংস্কৃতিৰ আদিৰ বিষয়ে প্ৰচলিত সকলো ধাৰণাকে মানি নোলোৱাৰ আৰু বিপৰীত ধাৰণা এটাক মানি লোৱাৰ প্ৰৱনতাই দেখা দিয়ে।

আধুনিক অসমীয়া কবিতাৰ বৈশিষ্ট্য

প্ৰশ্নাৱলী

অতি চমু প্ৰশ্নঃ

১। আধুনিক কবিতা স্বৰূপ কেতিয়াৰ পৰা আৰম্ভ হয়?

উত্তৰঃ আধুনিক কবিতা স্বৰূপ ১৯৪০ চনৰ পৰা আৰম্ভ হয় ।

২। আধুনিক কবিতাৰ ওপৰত কোনটো যুদ্ধই প্ৰভাৱ পেলাইছিল?

উত্তৰঃ আধুনিক কবিতাৰ ওপৰত দ্বিতীয় বিশ্বযুদ্ধই প্ৰভাৱ পেলাইছিল ।

৩। আধুনিক শব্দটো কৰ পৰা আহিছে?

উত্তৰঃ আধুনিক শব্দটোৰ ‘অধুনা’ শব্দৰ পৰা আহিছে ।

৪. ‘ Modern’ শব্দটোৰ মূল কটৰ পৰা আহিছে?

উত্তৰঃ ‘ Modern ‘ শব্দটোৰ মূল লেটিন “Modo” শব্দৰ পৰা আহিছে ।

৫। ৰবাৰ্ট ব্ৰিজে আধুনিক কবিতাক কি বুলি কৈছে?

উত্তৰঃ ৰবাৰ্ট ব্ৰিজে পুৰণি ভাৱধাৰা বা ঐহিত্য়বাদী ধাৰাৰে আধুনিক কবিতা কাল নিৰপেক্ষ বুলি অভিহিত কৰিছে ।

৬। জ’নচনৰ মতে কবিতা কি ?

উত্তৰঃ জনচ’নৰ মতে “কবিতা ছন্দোবদ্ধ ৰচনা”।

৭। কাৰ্লাইলে কবিতাৰ সংঞ্জা কিদৰে দিছে?

উত্তৰঃ কাৰ্লাইলে কবিতা সম্পৰ্কে কৈছে- “কবিতা সংগীতময় চিন্তা” ।

৮। ‘কয়লা’ কবিতাটোৰ কবি কি?

উত্তৰঃ ‘কয়লা’ কবিতাটোৰ কবি হ’ল- অমূল্য় বৰুৱা ।

৯। ৰোমান্টিক কবিতাৰ শেষ আৰু আধুনিক কবিতাৰ প্ৰথম কবি কোন?

উত্তৰঃ ৰোমান্টিক কবিতাৰ শেষ কবিজন হ’ল- নৱকান্ত বৰুৱা আৰু আধুনিক কবিতাৰ প্ৰথম কবি হ’ল- হেম বৰুৱা ।

১০। দ্বন্দ্বত্মক ভৌতিকবাদী এগৰাকী কবিৰ নাম লিখা?

উত্তৰঃ দ্বন্দ্বাত্মক ভৌতিকবাদী এগৰাকী কবিৰ নাম হ’ল- হীৰেন গোঁহাই ।

১১। ব্য়ক্তিসত্তাৰ স্বাতন্ত্ৰ প্ৰকাশ কৰা প্ৰথম মহিলা কবি কোন?

উত্তৰঃ ব্য়ক্তিসত্তাৰ স্বাতন্ত্ৰ প্ৰকাশ কৰা প্ৰথম মহিলা কবি হ’ল- নিৰ্মলপ্ৰভা বৰদলৈ ।

১২. কোনগৰাকীৰ কবিৰ কবিতাত জাপানী ‘হাইকু’ৰ প্ৰভাৱ পৰা দেখা যায়?

উত্তৰঃ কবি হীৰেণ ভট্টাচাৰ্যৰ কবিতাত জাপানী ‘হাইকু’ৰ প্ৰভাৱ পৰা দেখা যায় ।

১৩। আধুনিক কবিতা কোনখন কাকতৰ জৰিয়তে প্ৰথম প্ৰকাশ কৰিলে?

উত্তৰঃ আধুনিক কবিতা ‘জয়ন্তী’ কাকতৰ জৰিয়তে প্ৰথম প্ৰকাশ কৰিলে ।

১৪। আধুনিক কবিতাৰ এটি বৈশিষ্ট উল্লেখ কৰা । 

উত্তৰঃ আধুনিক কবিতাৰ এটি বৈশিষ্ট্য় হ’ল- (ক) বিষয়বস্তুগত

১| নব্য় মানৱীয় মূল্য়বোধৰ দৃষ্টিভংগীৰ মূল্য়ায়ন ।

১৫। ‘ইয়াত নদী কোন’কবিতাটিৰ কবি কোন?

উত্তৰঃ ‘ইয়াত  নদী কোন’ কবিতাটিৰ কবি হ’ল- নৱকান্ত বৰুৱা ।

১৬। ‘মনকুঁৱলী সময়’ কাৰ কবিতা?

উত্তৰঃ ‘মনকুৱলী সময়’ অজিত বৰুৱাৰ কবিতা ।

১৭। ভৱানন্দ দত্ত কি ছদ্ম নামেৰে ‘ৰাজপথ’ কবিতাটো লিখিছিল?

উত্তৰঃ ‘নচিকেতা’ ভৱানন্দ দত্ত ছদ্ম নামেৰে ‘ৰাজপথ’ কবিতাটো লিখিছিল ।

১৮। এজৰা পাউণ্ডৰ কবিতাৰ প্ৰভাৱ কোনগৰাকী অসমীয়া কবিৰ ওপৰত পৰিছে? 

উত্তৰঃ এজৰা পাউণ্ডৰ কবিতাৰ প্ৰভাৱ অসমীয়া কবিৰ হেম বৰুৱা ওপৰত পৰিছে ।

১৯। আধুনিকতাবাদৰ এটি মতবাদ লিখা।

উত্তৰঃ আধুনিকতাবাদৰ এ়টি মতবাদ হ’ল- (ক) Harry Levinৰ মতে আধুনিকতাবাদৰ এটা প্ৰধান বিষয় হ’ল আপোচহীন বৌদ্ধিকতা । 

আধুনিক অসমীয়া কবিতাৰ বৈশিষ্ট্য

চমু প্ৰশ্ন ঃ

১। আধুনিক কবিতাৰ অৰ্থ কেই ধৰণে আৰু কি কি নিৰ্ণয় কৰা হৈছে?

উত্তৰঃ আধুনিক কবিতাৰ অৰ্থ দুই ধৰণৰ কালগত আৰু প্ৰকৃতিগত ।

২। ওৱাৰ্ডছৱৰ্থৰ কবিতাৰ সংঞ্জা লিখা।

উত্তৰঃ ওৱাৰ্ডছৱৰ্থৰ মতে “কবিতা হ’ল সকলো জ্ঞানেৰে নিশ্বাস সুকুমাৰ আত্মা”।

আধুনিক অসমীয়া কবিতাৰ বৈশিষ্ট্য দুটা উল্লেখ কৰা।

উত্তৰঃ আধুনিক অসমীয়া কবিতাৰ বৈশিষ্ট্য দুটা হ’ল- ১) নব্য় মানৱীয় মূল্য়বোধৰ দৃষ্টিভংগীৰ মূল্য়ায়ন । ২) মাৰ্ক্সীয় দৰ্শনৰ প্ৰভাৱ ।

মুক্তক ছন্দ কি?

উত্তৰঃ প্ৰাচীন, মধ্য়যুগীয় আৰু ৰোমান্টিক কবিতাৰ দৈহিক গঠন আছিল যৌগিক ছন্দ সজ্জা । এই যৌগিক ছন্দ সজ্জাৰ পৰা নতুন কবিতাই আতৰি আহি মুক্তক আৰু স্পন্দিত গদ্য় ছন্দক কবিতাৰ বাবে গ্ৰহণ কৰিলে ।

৫। কলেৰিজৰ কবিতাৰ সংঞ্জাটো লিখা।

উত্তৰঃ কলেৰিজৰ কবিতাৰ সংজ্ঞাটো হ’ল- “উৎকৃষ্টতম শব্দপুঞ্জৰ উৎকৃষ্টতম বিন্য়াসৰ নামেই কবিতা ।

৬। মিড্লটন মাৰে কবিতাৰ ৰূপকাৰ ক্ষেত্ৰত কি লিখইছে?

উত্তৰঃ মিড্লটন মাৰে  কবিতাৰ ৰূপকৰ ক্ষেত্ৰত লিখিছে “Metaphor is as ultimate as speech itself, and speech as ultimate as thought.”  ( Countries of mind ) অৰ্থাৎ “ৰূপক ভাষাৰ দৰে এক চৰম বস্তু আৰু ভাষা চিন্তাৰ দৰে এক চৰম ।”

৭। ৰবীন্দ্ৰনাথ টাকুৰে আধুনিকতা সম্পৰ্কে কি লিখিছে?

উত্তৰঃ ৰবীন্দনাথ ঠাকুৰেও ‘আধুকতা’ ক্ষেত্ৰত এনে ধাৰণা পোষণ কৰি আধুনিক কাব্য় প্ৰৱন্ধত লিখিছে “আধুনিকতা কালৰ নহয় ভাৱৰহে আৰু শাশ্বতভাৱে আধুনিক শব্দটো ব্য়ৱহাৰ কৰে ।

৮। উইলিয়াম জেমছৰ মনস্তত্ববিষয়ক পুথিখনৰ নাম কি আৰু কেতিয়া প্ৰকাশ হয়?

উত্তৰঃ উইলিয়াম জেমছৰ মনস্তত্ববিষয়ক পুথিখনৰ নাম হ’ল “The Principles of Psychology” ১৮৯০ চনত প্ৰকাশ হয় ।

৯। আধুনিকতাবাদৰ দুটা মতামত লিখা।

উত্তৰঃ আধুনিকতাবাদৰ দুটা মতবাদ হ’ল- (ক) Monroe K. Spearsৰ মতে সৰ্বাত্মক অবিশ্বাসত নিমগ্ন হোৱা মানসিক স্থিতি । ( A preoccupation With Nihilism )

আধুনিক অসমীয়া কবিতাৰ বৈশিষ্ট্য

ৰচনাধৰ্মী প্ৰশ্ন ঃ

আধুনিক সম্পৰ্কে লিখা।

উত্তৰঃ আধুনিক কবিতাৰ স্বৰূপ ১৯৪০ চন মানৰ পৰা আৰম্ভ হয় । ৰোমান্টিক কবিতাৰ গতি-প্ৰকৃতিৰ ৰূপৰেখা, চিন্তা ধাৰণা এই সময়ছোৱাৰ পৰা সলনি হ’বলৈ আৰম্ভ কৰে । অসমীয়া কবিতাৰ গতি-প্ৰকৃতিৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত ইৰোপীয় ঐতিহাসিক, উদ্য়োগিক, বিপ্লৱৰ কিছু ঘটনাৰ প্ৰভাৱৰ ফলত ৰোমান্টিক কবিতাৰ চাৰিওবেৰৰ পৰা ওলাই আহি আধুনিক কবিতাই আত্ম প্ৰকাশ কৰিবলৈ ল’লে ।

         দ্বিতীয় বিশ্বযুদ্ধৰ প্ৰভাৱে আধুনিক অসমীয়া কবিতাৰ ইতিহাসত বিশেষভাৱে প্ৰভাৱ পেলালে । ভাৰতৰ স্বাধীনতা আন্দোলন তথা সাম্য়বাদী ভাবাদৰ্শৰ প্ৰভাৱত মানুহৰ দৈনন্দিন জীৱন ধাৰা পৰিৱৰ্তন হোৱাৰ কাৰণে অসমীয়া ৰোমান্টিক কবিতাৰ ভাবৰাশিও পৰিৱৰ্তন হ’ল । বিশ্বযুদ্ধৰ প্ৰভাৱত মানুহৰ বিশ্বাসহীনতা, দ্বিধা, সংশয়ৰ ফলত ৰোমান্টিক কবিসকলক কল্পনা জগতখনৰ পৰা আঁতৰাই বাস্তৱ জগতলৈ আনিলে । ইপিনে ভাৰতবৰ্ষৰ সাম্প্ৰদায়িক সংঘৰ্ষ আৰু আনপিনে বঙ্গদেশৰ দুৰ্ভিক্ষৰ ভয়াবহ ছবিয়ে কবিসকলক ব্য়ক্তিগত তথা সমাজ জীৱনৰ সামগ্ৰিক দিশ নতুন দৃষ্টিভংগীৰে চাবলৈ শিকালে । ব্ৰিটিছ সাম্ৰাজ্য়বাদী কবলৰ পৰা ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ লগে লগে ভাৰতীয় ৰাজনৈতিক ব্য়ক্তিসকলৰ ভোগবাদী মানসিকতাৰ ফলত প্ৰকৃত গণতান্তিক মূল্য়বোৰৰ অৱক্ষয়ৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল ।   

আধুনিক কবিতাৰ পটভূমি

আধুনিকতাবাদ ধাৰণা পশ্চিমীয়া সাহিত্য চিন্তা-চৰ্চ্চাৰ ধাৰাৰ পৰা অসমীয়া সাহিত্যলৈ আহিছে । Frank Kermode য়ে আধুনিক শব্দটোৰ ইতিহাস লিখিবলৈ যত্ন কৰিছে । আধুনিক শব্দটোৰ অৰ্থ দুই ধৰণে নিৰ্ণয় কৰিছে । এটা অৰ্থ কালগত আৰু আনটো প্ৰকৃতিগত বা স্থানগত । সংস্কৃতৰ পৰা অসমীয়া আধুনিক শব্দটোৰ মূল ‘অধূনা’ ইংৰাজী Modernশব্দটোৰ মূল লেটিন Modo । এই দুয়োটাই শব্দৰ অৰ্থ ‘এতিয়া’ বা ‘সম্প্ৰতি’ । সেয়ে পোনপটীয়া অৰ্থত আধুনিক সাহিত্ক এতিয়াৰ সাহিত্য বা সাম্প্ৰতিক সাহিত্য বুলি ক’ব পাৰি । বিংশ শতাব্দীৰ ইংৰাজ কবি Robert Bridges য়ে আধুনিক কবিতাক ‘কালনিৰপেক্ষ’ বুলি কৈছে । ৰবীন্দ্ৰনাথ ঠাকুৰেও ‘আধুনিকতা’ ক্ষেত্ৰত কবিতাক ‘কালনিৰপেক্ষ’বুলি কৈছে । ৰবীন্দ্ৰনাথ ঠাকুৰেও ‘আধুনিকতা’ ক্ষেত্ৰত এনে ধাৰণা পোষণ কৰি আধুনিক কাব্য় প্ৰৱন্ধত লিখিছে “আধুনিকতা কালৰ নহয় ভাৱৰহে আৰু শাশ্বতভাৱে আধুনিক শব্দটো ব্য়ৱহাৰ কৰিছে । আচলতে  আধুনিকতাবাদ এটা বিশেষ কালৰ বিশেষ শিল্পী-সাহিত্যিকৰ মাজত হোৱা এটা শিল্প আন্দোলন বুলি ক’ব পাৰি ।’

আধুনিক কবিতাৰ বিষয়বস্তু

অসমীয়া কবিতাৰ আধুনিকতাৰ বাবে কুৰি শতিকাৰ চতুৰ্থ দশকটো বিশেষভাৱে উল্লেখনীয় । পৃথিৱীৰ ইউৰোপ, আমেৰিকা আৰু অন্য়ান্য় দেশৰ কবিতাৰ বিষয়বস্তু আৰু আংগিকৰ অভিনৱত্বৰ প্ৰভাৱ অসমীয়া আধুনিক কবিতাৰ ক্ষেত্ৰখনলৈ প্ৰৱাহিত হ’ল । ইয়াৰ ফলস্বৰূপে কবিতাৰ বিষয়বস্তু আৰু আংগিকতাৰ এক আমূল পৰিৱৰ্তন হৈ আধুনিক অসমীয়া কবিতাই বিশেষ ৰূপত বিস্তৃতি লাভ কৰিবলৈ অগ্ৰসৰ হ’ল । বিজ্ঞান, প্ৰযুক্তিবিদ্য়াৰ ফলত মানুহৰ চিন্তা-চৰ্চা, ধ্য়ান-ধাৰণা, নিত্য় নতুন নতুন ভাৱনা আৰু সমাজৰ বাস্তবানুগত দৃষ্টিভংগীৰে আধুনিক অসমীয়া কবিতাৰ ৰূপ পাবলৈ ধৰিলে ।

      ৰোমান্টিক কবিতাৰ বিষয়বস্তু, শব্দচয়ন, ৰচনাৰীতি, ছন্দ প্ৰয়োগ, মানসচিত্ৰ আদি দৃষ্টিভংগীৰ সকলো পুৰণি কাব্য়ৰীতিৰ পৰা আধুনিক অসমীয়া কবিসকলে আঁতৰি আহি কবিতা ৰচনা কৰিবলৈ ধৰিলে ।

      আধুনিক যুগ নানা সমস্য়াকেন্দ্ৰিক, প্ৰশ্ন, দ্বিধা, সন্দেহ, শংকা, যুক্তিবাদী, প্ৰযুক্তিবাদী আৰু বৈজ্ঞানিক দৃষ্টিভংগীৰ যুগ । ৰোমান্টিক বা ৰমন্য়াবাদৰ চৰাই-চিৰিকতি, ফুল-প্ৰকৃতি, বসন্ত, প্ৰেম-প্ৰীতি, কল্পনা, সৌন্দৰ্য্য়বোধ, নাৰীৰূপ আদিৰ ৰূপচিত্ৰ আধুনিক কবিতাত পৰিহাৰ কৰা হৈছে । 

আধুনিক অসমীয়া কবিতাৰ বৈশিষ্ট

আধুনিক অসমীয়া কবিতাৰ বাবে কুৰি শতিকাৰ চতুৰ্থ দশকটো এটা গুৰুত্বপূৰ্ণ সময় । দ্বিতীয় মহাযুদ্ধই নতুন যুগৰ বাৰ্তা, নতুন চেতনা, সামাজিক পৰিৱৰ্তনৰ নতুন সূচনা কঢ়িয়াই আনিলে । এই সময়ছোৱাত আধুনিক অসমীয়া কবিতাত নব্য়ানুভূতিৰ সঞ্চাৰ হয় । এই নব্য়ানুভূতিয়ে ৰোমান্টিক কবিতাৰ ধাৰাৰ পৰা আতৰাই আনি এক নতুন মৰ্যাদা দিলে । উদয়মান কবিসকলে ৰোমান্টিক কবিতাৰ বিষয়বস্তু, ভাৱ-বিলাস, ধ্য়ান-ধাৰণাৰ আতিশয্য়ৰ পৰা আঁতৰি অৰ্থাৎ এইবোৰ পৰিহাৰ কৰি বাস্তৱতাৰ ভেটিত নতুন নতুন বিষয়বস্তু আৰু ভাবধাৰাক লৈ নতুন কবিতাৰ ধাৰা ‘জয়ন্তী’  কাকতৰ যোগেদি প্ৰকাশ কৰিবলৈ চেষ্টা কৰিলে । ‘জয়ন্তী’ পছোৱা, ৰামধেনু কাকতত আধুনিক কবিতাৰ আঙ্গিক আৰু বিষয়বস্তুৰ পৰিৱৰ্তন হ’ল আৰু অসমীয়া কবিতাৰ দিগন্ত বহুধা ধাৰাত বিস্তৃত হৈ পৰিল । আধুনিক কবিতাৰ পথাৰখন বহল । নতুন নতুন ভাব, চিন্তা, নতুন অভিজ্ঞতা, জগতৰ প্ৰতি বাস্তৱানুগত দৃষ্টিভংগী সোমাই পৰি অসমীয়া কবিতাৰ বোঁৱতীত যি নতুন লহৰ তুলিলে তাৰ নামেই আধুনিক কবিতা । ৰোমান্টিক কবিতাৰ বিষয়বস্তুৰ সলনি নতুন কবিতাত জগতৰ উন্মুক্ত বায়ু লগাকৈ মনৰ সকলো দুৱাৰ-খিৰিকি খুলি ৰখাটো আধুনিক কবিতাৰ ধৰ্ম হৈ পৰিল ।

আধুনিক কবিতাৰ ভাষা

সাহিত্যৰ পথাৰ খনত বিচৰণ কৰা অনেক মানুহৰ কবিতা লিখিবলৈ মন নোযোৱা নহয় । সাহিত্য় জগতৰ বহুতেই আকৌ কবিতা লিখে । কিন্তু মন গ’লেই কবিতা লিখিব নোৱাৰে । কবিতা হ’ল অন্তৰ বা হৃদয়ৰ পৰা স্বতঃস্ফুত নিগৰি অহা আবেগ-অনুভূতি । এই আৱেগ-অনুভূতিক লেখকসকলে কাব্য়িক ৰূপ দিয়ে । কবিতাৰ কাব্য়িক ৰূপটোৱে মূল কথা । কবিতাৰ ৰূপ দিবলৈ গ’লে ভাষা, শব্দ আদিৰ সুবিন্য়স্ত হোৱা প্ৰয়োজন । ভাষা আৰু শব্দ প্ৰয়োগৰ ফলত অনেক কবিতা উৎকৃষ্ট কবিতাৰ শ্ৰেণীলৈ পৰ্যবতি হয় ।

      কবিতাৰ ভাষাৰ ৰূপ নিৰ্ণয় কৰিবলৈ তাৰ অভিধানিক, কাব্য়বিন্যাসগত ৰূপ, অলংকাৰ, ছন্দ আদিৰ বিষয়ে সবিশেষ অধ্যয়নৰ প্ৰয়োজন । সৃজনশীল কবিৰ কবিতাৰ ৰূপটোক বিশ্লেষণাত্মক বৈয়াকৰণিক ভাষালৈ ৰূপান্তৰ কৰাৰ চেষ্টা কৰিব লাগিব । সৃষ্টিশীল কবিসকলে কবিতাৰ প্ৰতীকীয় ৰূপত তাৎপৰ্য, ভাষাৰ ছান্দসিক অনুৰণন আৰু কবি মনৰ অৱচেতন জগতত ধৰা দিয়া উপাদানসমূহৰ যৰ্থাযথ বিশ্লেষণ কৰা নিশ্চিত ।

আধুনিকতাবাদৰ মতামত

  • Hurry Levin ৰ মতে আধুনিকতাবাদৰ এটা প্ৰধান বিষয় হ’ল আপোচহীন বৌদ্ধিকতা ।
  • Monroe K. Spearsৰ মতে সৰ্বাত্মক অবিশ্বাসত নিমগ্ন হোৱা মানসিক স্থিতি ।
  • William K. Brazil jr. ৰে কৈছে ব্য়ক্তিসত্ত্বাৰ ওপৰত গুৰুত্ব । নিসংগতা আৰু বিচ্ছিন্নতাবোধ, সৰ্বব্য়াপী সংকটৰ ভীতি যাৰ সৈতে জড়িত হৈ আছে অন্বেষণৰ বোধ ।
  • Maurice Beeb য়ে লিখিছে ৰীতি আনুগত্য়, অনাসক্তিৰ মনোভাৱ আৰু মীথৰ ব্য়ৱহাৰ ।
  • Alan Wildৰ মতে ব্য়ক্তি আৰু বিশ্বৰ মাজত হোৱা ব্য়ৱধানৰ পৰা এক বিশেষ ধৰণৰ আইৰণি ।
  • Dowe Fokkema আৰু Elrud  Ibsch ৰ মতে সচেতনতা, পৰ্যবেক্ষণ আৰু অনাসক্তি আৰু কবিতাৰ সাৰবস্তু বুলি মেটাফ’ৰৰ ওচৰত দায়বদ্ধতা ।

আধুনিক কবিতাৰ সংজ্ঞা আৰু বৈশিষ্ট্য

কবিতাৰ পৰিধি ইমান বিস্তৃত আৰু ইয়াৰ প্ৰকৃতি ইমান বিচিত্র যে একোটা সংজ্ঞাৰ মাজত ইয়াৰ সকলোবোৰ বৈশিষ্ট্য সামৰি লোৱাটো সম্ভৱ নহয় । সেইবাবেই চেইণ্ট আগষ্টানে কবিতাৰ সংজ্ঞা দিবলৈ গৈ উল্লেখ কৰিছে এনেদৰে : If not asked, I know, if you ask me, I know not’ অর্থাৎ , যাৰ বিষয়ে নুসুধিলে বহুত কিবাকিবি ক’ব পাৰি , অথচ সুধিলে একো ক’ব নোৱাৰি সেয়ে কবিতা । বিভিন্ন কবি আৰু কবিতাৰ সমালোকসকলে কবিতাৰ বিষয়ে বিভিন্ন দৃষ্টিভঙ্গীৰ পৰা ভালেমান সংজ্ঞা আগবঢ়াইছে । এই সকলোবোৰ সংজ্ঞাই কম – বেছি পৰিমাণে কুঁৱলীৰ মায়াজালত আৱদ্ধ । গতিকে কবিতা সম্পর্কে এটা সর্বজনগ্রাহ্য সংজ্ঞা নিৰ্দ্ধাৰণ কৰাটো বৰ্তমানলৈ সম্ভৱ হৈ উঠা নাই । 

        ইংৰাজী ভাষাৰ অভিধান প্রণেতা ড ° জনচনৰ মতে কবিতা হৈছে ‘ ছন্দোবদ্ধ ৰচনা ’ ( Poetry is metrical composition ) । তেওঁ আৰু এখোজ আগুৱাই গৈ মন্তব্য কৰিছে । যে ‘ কবিতা হ’ল কল্পনাক যুক্তি আৰু বুদ্ধিৰে উজ্জীৱিত কৰি সত্যৰ সৈতে আনন্দৰ সমন্বয় সাধন কৰি ৰচনা কৰা এবিধ কলা । ‘ ( It is the art of writing pleasure with truth by calling imagination to the help of reason . ) । ৱৰ্ডছৱৰ্থে কবিতাৰ সংজ্ঞা নিৰূপণ কৰিবলৈ গৈ কবিতাৰ সৃষ্টি – প্ৰক্ৰিয়া সম্পর্কে দুটিমান অতি গুৰুত্বপূৰ্ণ কথা উপস্থাপন কৰিছে । তেওঁৰ মতে ‘ নিৰলাত সোঁৱৰা হিয়াৰ আবেগেই কবিতা । ‘ ( Poetry is emotion recollected in tranguility ) । তাৰ পিছতেই তেওঁ পুনৰ কৈছে ‘ উপচি উঠি আপোনা – আপুনি পাৰ বাগৰি যোৱা আবেগৰ ঢলেই কবিতা । ‘ ( Poetry is spontaneosus overflow of powerful feelings . ) মেথিউ আর্নল্ডে আকৌ কবিতাক ‘ জীৱনৰ সমালোচনা ‘ ( criticism of life ) আখ্যা দিছে ।

আধুনিক কবিতাৰ লক্ষণ

আধুনিক কবিতাৰ কেইটামান লক্ষণ হ’ল –

  • প্ৰতীকধৰ্মী শব্দৰ প্ৰয়োগ
  • আপাত দৃষ্টিত যিবোৰ বিষয়ক কবিতাৰ উপযুক্ত বুলি ধৰা হোৱা নাছিল, সেইবোৰৰ অন্তৰ্ভূক্তি
  • অসংলগ্ন যেন লগা ভাষাৰ প্ৰয়োগ
  • চলচিত্ৰধৰ্মী কলা-কৌশল
  • অতি কথাৰ প্ৰয়োগ
  • চিত্ৰকল্পসমূহত নাটকীয় বীজ
  • ঘৰুৱা আৰু কথিত শব্দৰ প্ৰয়োগ
  • ছন্দৰ শিকলি ছিঙা ৰূপ।


কবিতাৰ ভাগ কেইটা আৰু কি কি

কবিতা জীৱনৰ বৈচিত্র্যময় আৰু জটিল সৃষ্টি । ইয়াৰ সংজ্ঞা সহজ নহয় । তেনেই সহজ ভাষাত কবি হৃদয়ৰ ভাবানুভূতিৰ কল্পনাৰে মণ্ডিত, ভাষাৰ ছন্দ লহৰত অভিব্যক্ত কলাত্মক সৃষ্টিয়ে হ’ল কবিতা । 
সমালোচকসকলে কবিতাক বহলভাৱে দুটা ভাগত ভাগ কৰিছে– বস্তুনিষ্ঠ কবিতা আৰু ব্যক্তিনিষ্ঠ কবিতা ৷ কাব্য বিষয়ৰ প্ৰতি কবিৰ দৃষ্টিভংগী আৰু উপস্থাপনৰ বৈচিত্র্যই হ’ল এনে শ্রেণী বিভাগৰ মূল আধাৰ।
( ক ) বস্তুনিষ্ঠ কবিতা :- বস্তুনিষ্ঠ কবিতাত কবিয়ে নিজৰ পৰা দৃষ্টি আঁতৰাই নি বৰ্হিজগতৰ ঘটনাৰ ওপৰত দৃষ্টি নিৱেশ কৰে । অর্থাৎ ব্যক্তিগত ভাব অনুভূতি ৰূপায়িত নকৰি বাহ্যিক জগতৰ ঘটনা সংঘাত বৰ্ণনা কৰে । সেয়ে এনে কবিতাক যিমানেই নিজৰ মনৰ পৰশ নিদিয়াৰ চেষ্টা কৰক কবিৰ সম্পূৰ্ণ আত্মবিলুপ্তি সম্ভৱ নহয় । বস্তুনিষ্ঠ কবিতাক আকৌ বিভিন্ন ভাগত ভাগ কৰা হয় । যেনে– মহাকাব্য , খণ্ডকাব্য , মালিতা বা বেলাড , ব্যঙ্গ কবিতা , পেৰোডি ইত্যাদি । অসমীয়া সাহিত্যৰ শংকৰদেৱৰ ৰুক্মিণী হৰণ , হৰিশ্চন্দ্ৰ উপাখ্যান , অনন্ত কন্দলিৰ কুমাৰ হৰণ , ৰামসৰস্বতীৰ বধকাব্য এনে বস্তুনিষ্ঠ কবিতাৰ উদাহৰণ । 
( খ ) ব্যক্তিনিষ্ঠ কবিতা :- যি কবিতাত কবিয়ে আপোন মনৰ ভাব অনুভূতি আৰু অভিজ্ঞতাক ৰূপায়িত কৰে তেনে কবিতাক ব্যক্তিনিষ্ঠ কবিতা বোলা হয় । এনে কবিতাৰ পৰিসৰ ব্যাপক ভাব – অনুভূতিয়ে প্রধান হোৱা বাবে এনে কবিতাবোৰ নাতিদীর্ঘ হয় । ব্যক্তিনিষ্ঠ কবিতাকে গীতি কবিতা বুলিও কোৱা হয় । আৱেগ অনুভূতিৰ তন্ময়তা, ভাবৰ একময়তা আৰু প্ৰকাশৰ গীতিময়তা এনে কবিতাৰ মূল সম্পদ । ব্যক্তিনিষ্ঠ কবিতাক আকৌ বিভিন্ন ভাগত ভাগ কৰিব পাৰি যেনে — গীতি কবিতা , প্রশস্তি কবিতা , প্রেমমূলক কবিতা , প্রকৃতি বিষয়ক কবিতা , শোক কবিতা , নাটকীয় একোক্তি ইত্যাদি । অসমীয়া সাহিত্যত চন্দ্ৰকুমাৰ আগৰৱালাৰ বনকুঁৱৰী , নিয়ৰ , ৰঘুনাথ চৌধাৰীৰ কেতেকী , দহিকতৰা , যতীন দুৱৰাৰ শূন্য পৰিচয় আদি এনে ব্যক্তিনিষ্ঠ কবিতা ।

3 thoughts on “আধুনিক অসমীয়া কবিতাৰ বৈশিষ্ট্য

Leave a Reply

Your email address will not be published. Required fields are marked *