20 May, 2024
সভাৰ প্ৰতিবেদন লিখাৰ নিয়ম

সভাৰ প্ৰতিবেদন লিখাৰ নিয়ম – প্ৰতিবেদন লিখন

সভাৰ প্ৰতিবেদন লিখাৰ নিয়ম

সভাৰ প্ৰতিবেদন লিখাৰ নিয়ম

প্ৰতিবেদন (ইংৰাজীঃ Report) হ’ল এনে এখন নথি য’ত কোনো নিৰ্দিষ্ট বিষয় বা ঘটনাৰ বিষয়ে তথ্য প্ৰদান কৰা হয়। সাধাৰণতে কোনো ঘটনা সংঘটিত হোৱাৰ তথ্য প্ৰদানৰ বাবে ইয়াক ব্যৱহাৰ কৰা হয়। এটা প্ৰতিবেদন সাধাৰণতে আনুষ্ঠানিক শৈলীত লিখা হয় আৰু ইয়াত এটা পৰিচয়, পটভূমিৰ তথ্য, অনুসন্ধান আৰু সিদ্ধান্ত অন্তৰ্ভুক্ত থাকে।

কোনো অনুষ্ঠান বা সভাৰ বাবে প্ৰতিবেদনৰ গুৰুত্ব হ’ল ইয়াত কি হৈছিল আৰু কি আলোচনা হৈছিল তাৰ সাৰাংশ প্ৰদান কৰা হয়। ইয়াক অনুষ্ঠান বা সভাত উপস্থিত নোহোৱা লোকসকলক অৱগত কৰিবলৈ ব্যৱহাৰ কৰিব পৰা যায় আৰু ভৱিষ্যতৰ অনুষ্ঠান বা সভাৰ বাবে ৰেফাৰেন্স হিচাপে ব্যৱহাৰ কৰিব পৰা যায়।

এটা প্ৰতিবেদনত অন্তৰ্ভুক্ত কৰিবৰ বাবে গুৰুত্বপূৰ্ণ মূল বিষয়সমূহ প্ৰতিবেদনৰ উদ্দেশ্যৰ ওপৰত নিৰ্ভৰ কৰি ভিন্ন হ’ব পাৰে।

তথাপি, কিছুমান সাধাৰণ বিষয় যিবোৰ প্ৰায়ে প্ৰতিবেদনসমূহত অন্তৰ্ভুক্ত কৰা হয়, সেয়া হ’লঃ

আৰম্ভণ: এই বিভাগত বিষয়টোৰ বিষয়ে পটভূমিৰ তথ্য দিয়া হৈছে আৰু প্ৰতিবেদনৰ উদ্দেশ্য ব্যাখ্যা কৰা হৈছে।

পদ্ধতি: এই বিভাগত তথ্য সংগ্ৰহ আৰু তথ্য বিশ্লেষণৰ বাবে ব্যৱহৃত পদ্ধতিসমূহ বৰ্ণনা কৰা হৈছে।

ফল: এই খণ্ডটোত যিকোনো তথ্য বা পৰিসংখ্যা সংগ্ৰহ কৰা তথ্যকে ধৰি প্ৰতিবেদনৰ ফলাফলসমূহ উপস্থাপন কৰা হৈছে।

আলোচনা: এই খণ্ডটোত ফলাফলৰ ব্যাখ্যা কৰা হৈছে আৰু প্ৰতিবেদনৰ প্ৰেক্ষাপটত তেওঁলোকে কি অৰ্থ বহন কৰে সেই বিষয়ে ব্যাখ্যা কৰা হৈছে।

উপসংহাৰ: এই বিভাগটোত প্ৰতিবেদনৰ মূল কথাখিনি সংক্ষেপত উল্লেখ কৰা হৈছে আৰু ভৱিষ্যত কাৰ্যপন্থাৰ বাবে পৰামৰ্শ আগবঢ়োৱা হৈছে।

তথ্যসূত্ৰ: এই বিভাগত প্ৰতিবেদনত ব্যৱহাৰ কৰা যিকোনো উত্সৰ তালিকা দিয়া হৈছে।

পৰিশিষ্ট: এই ধাৰাটোত যিকোনো অতিৰিক্ত তথ্য অন্তৰ্ভুক্ত কৰা হৈছে যি প্ৰতিবেদনৰ সৈতে প্ৰাসংগিক কিন্তু মূল নিকায়ত অন্তৰ্ভুক্ত কৰা হোৱা নাছিল।

মনত ৰাখিব যে আপোনাৰ প্ৰতিবেদনত আপুনি সন্নিৱিষ্ট কৰা বিষয়সমূহ প্ৰতিবেদনৰ নিৰ্দিষ্ট প্ৰয়োজনীয়তা আৰু আপুনি লিখি থকা শ্ৰোতাসকলৰ ওপৰত নিৰ্ভৰ কৰিব।

সভাৰ প্ৰতিবেদন লিখাৰ নিয়ম

তোমাৰ অঞ্চলত বানপানীয়ে সৃষ্টি কৰা সমস্যা এটিৰ সন্দৰ্ভত বাতৰি কাকতৰ বাবে এটি প্রতিবেদন যুগুত কৰা 

তালগাঁও১০ জুন : যোৱা ২ জুনৰ পৰা ধাৰাসাৰে হৈ থকা বৰষুণৰ ফলত কলহী নৈ পানীৰে উপচি পৰি দক্ষিণ কামৰূপৰ ব্যাপক অঞ্চলটোৰ কেইবাখনো গাঁৱত হাহাকাৰৰ সৃষ্টি কৰিছে। কেইবাখনো গাঁৱত পানীত মানুহৰ ঘৰ-চোতাল বুৰ গৈছে। ফলত মানুহে ঘৰ-দুৱাৰ এৰি ওখ ঠাইত আশ্রয় ল’বলগীয়া হৈছে। কেইবাখনো বিদ্যালয়ত আশ্রয়হীন লোকসকলে আশ্রয় ল’বলগা হৈছে। লোকসকলে খাদ্য-সামগ্ৰীৰ অভাৱত অতি কষ্টেৰে দিন নিয়াব লগাত পৰিছে। এতিয়ালৈকে এইসকল বানপানীত আক্রান্ত লোকক সাহায্য প্ৰদানত বিমোৰত পেলাইছে। সেয়ে অঞ্চলটোলৈ জিলা প্ৰশাসনে সোনকালে আৱশ্যকীয় খাদ্য সামগ্রী। পঠোৱাৰ ব্যৱস্থা নকৰিলে ভালেমান লোকে খাদ্যৰ অভাৱত জীয়াতু ভুগিব। তদুপৰি অঞ্চলটো পশু ধনৰ খাদ্য অভাৱ ঘটিছে। গতিকে পশু ধনৰ খাদ্য সামগ্ৰী আৰু স্বাস্থ্য বিভাগৰ পৰা অঞ্চলটোলৈ চিকিৎসক পঠোৱাটো জৰুৰী হৈ পৰিছে। কৃষি প্রধান অঞ্চলটোৰ শালি খেতি সমূলে বিনষ্ট হোৱাৰ সম্ভাৱনা। সেয়ে বানপানী কমি যোৱাৰ পিছত কৃষকসকলে যাতে পুনৰ শালি ধানৰ খেতি কৰিব পাৰে তাৰ বাবে কৃষি বিভাগে উপযুক্ত আঁচনি গ্ৰহণ কৰি সাজু হৈ থকাটো প্ৰয়োজনীয় হৈ পৰিছে।

অর্ধ ছুটি বিচাৰি আবেদন

তোমাৰ বিদ্যালয়ত পালন কৰা শিক্ষক দিৱসৰ ওপৰত এখনি প্রতিৱেদন লিখা। সভাৰ প্ৰতিবেদন লিখাৰ নিয়ম :

৫ ছেপ্টেম্বৰ হ’ল শিক্ষক দিৱস। আমাৰ দেশৰ প্ৰথম ৰাষ্ট্ৰপতি তথা শিক্ষাবিদ, বিশিষ্ট দার্শনিক ড. সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্ম দিনটো আমাৰ দেশত শিক্ষক দিৱস হিচাপে পালন কৰা হয়। যোৱা ২০০৯ চনৰ ৫ ছেপ্টেম্বৰত আমাৰ  বিদ্যালয়ত এই উদ্দেশ্যে এখনি বিশেষ সভাৰ আয়োজন কৰা হয়। এই সভাত বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয়ে সভাপতিত্ব কৰে। শ্ৰী হেমেন বৰগোহাঁইদেৱে বিশিষ্ট বক্তা হিচাপে এই সভাত যোগদান কৰে। এই সভাত আমাৰ অঞ্চলৰ কেইগৰাকীমান গুণী শিক্ষকক সম্বৰ্ধনা জনোৱা হয়। বিশিষ্ট ব্যক্তিগৰাকীয়ে শিক্ষক  দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰাৰ লগতে শিক্ষকসকলে সমাজ গঠনত যোগদান কৰা সম্পর্কে বহলাই ব্যাখ্যা কৰে। কেইবাগৰাকী বক্তাই শিক্ষকসকলে সমাজত যোগোৱা অৱদান সম্পর্কে বহলাই ব্যাখ্যা কৰে। শেষত সভাপতিয়ে সমাজ গঠনত শিক্ষকসকলক অধিক দায়িত্ব পালন কৰিবলৈ আহ্বান জনাই সভাৰ কাৰ্যসূচীৰ অন্ত পেলায়।

সভাৰ প্ৰতিবেদন লিখাৰ নিয়ম

Video Tutorials

অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ চতুৰ্থ দ্বি-বাৰ্ষক

পূৰ্ণাঙ্গ অধিবেশনৰ প্ৰতিবেদন

আয়োজকঃ বৰপেটা ৰোড জ্যেষ্ঠ নাগৰিক সন্মিলন

তাৰিখঃ ইং 21/12/2023।

 –শ্ৰীকাৰ্ত্তিক চন্দ্ৰ তালুকদাৰ

সাংস্কৃতিক সম্পাদক

জেষ্ঠ নাগৰিক সন্মিলন

বৰপেটা ৰোড।

     অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ অনুৰোধ আৰু বৰপেটা ৰোড জ্যেষ্ঠ নাগৰিক সন্মিলনৰ আমন্ত্ৰণক্ৰমে যোৱা ১৪ আৰু ১৫ ফেব্ৰুৱাৰী ২০১৫, শনি আৰু দেওবাৰে অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ চতুৰ্থ দ্বি-বাৰ্ষিক সন্মিলন বৰপেটা ৰোডত অনুষ্ঠিত হয়। প্ৰথম দিনাখন ৰাতিপুৱাৰ পৰাই নাইট-চুপাৰ, প্ৰাইভেট বাছ, ৰেলগাড়ী আৰু ব্যক্তিগত যান-বাহনত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিনিধিসকল আহিবলৈ আৰম্ভ কৰে। ৰাতিপুৱা ১০ বজাৰ পৰা বৰপেটা ৰোড ক্লাৱত প্ৰতিনিধিসকলক পঞ্জীয়নৰ ব্যৱস্থা কৰা হয় আৰু বৰপেটা ৰোড শাখা সত্ৰৰ অতিথিশালা, বৰপেটা ৰোড ক্লাৱ, টুৰিষ্ট ল’জ, প্ৰসষ্টি ল’জ, হোটেল কুইন আদি বিভিন্ন স্থানত ৰখাৰ ব্যৱস্থা কৰা হয়। আবেলি ৪ বজাত প্ৰতিনিধি সভা সমাজ কৰ্মী, স্থানীয় বাসিন্দা শ্ৰীগৌৰীশংকৰ খেমকাই মুকলি কৰে। মুকলি অনুষ্ঠানত শাখা সত্ৰৰ পৰা অনা মাঙ্গলিক প্ৰসাদ প্ৰতিনিধি আৰু ৰাইজৰ মাজত বিতৰণ কৰা হয়। ৫ বজাত প্ৰতিনিধি সভাৰ প্ৰথম বৈঠক আৰম্ভ হয়। ইয়াত সভাপতিত্ব কৰে শ্ৰীধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী আৰু সাধাৰণ সম্পাদক শ্ৰীপ্ৰফুল্ল কুমাৰ মহন্ত সমন্বিতে কাৰ্যকৰী  কমিটিৰ সদস্যসকল উপস্থিত থাকে। বৰপেটা জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ অভ্যৰ্থনা সামতিৰি সভাপতি শ্ৰীৰমেন দাসে আদৰণী ভাষণ পাঠ কৰে। কাৰ্যকৰী সমিতিৰ সকলো সন্মানীয় বিষয়ববীয়াক ফুলাম গামোছা আৰু শৰাইৰে উষ্ম আদৰণী জনোৱাৰ লগতে সকলো কাৰ্যকৰী সমিতিৰ সদস্যক গামোচাৰে আদৰণী জনোৱা হয়। সৰভোগ বিধান সভা সমষ্টিৰ বিধায়ক শ্ৰীৰঞ্জিত কুমাৰ দাসে সকলো জ্যেষ্ঠ নাগৰিকৰ বাবে দুআষাৰ কয়। সন্ধিয়া ৭ বজাত বৰপেটাৰ অতি প্ৰাচীন বৈঠকী কেন্দ্ৰিক সাংস্কÔতিক অনুস্থান আৰম্ভ হয়। বৰপেটা ৰোডৰ অতি জনপ্ৰিয় ডাক্তৰ দৈত্যাৰি দাসৰ সেঁাৱৰণীত উৎসৰ্গা কৰা মঞ্চখনত বন্তি প্ৰজ্বলন কৰে তেওঁৰে যোগ্য পত্নী ডাঃ প্ৰিয়ম্বদা দাসে। বৰপেটা জিলাৰ উপায়ুক্ত মাননীয়া শ্ৰীবৰ্ণালী ডেকা Iট্টত্ৰ মহোদয়াই সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰে। শ্ৰীধনঞ্জয় দাসৰ উদ্বোধনী বৰগীত, কৃষ্ণা দাসৰ দলীয় নৃত্য আৰু বৰপেটাৰ পৰা অহা বৈঠকী দলৰ গানে সকলোকে আমোদ দিয়ে। ইং ১৫/2য২০১৫ তাৰিখে ৯ বজাত পতাকা উত্তোলন কৰে সভাপতি শ্ৰীধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীয়ে। ৯.৩০ বজাৰ প্ৰতিনিধি সভাৰ দ্বিতীয় বৈঠক অনুষ্ঠিত হয়। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিনিধি সকলে নিজৰ নিজৰ মতামত ব্যাখ্যা কৰে আৰু এই বিষয়ত সকলোৰে সহমতত সিদ্ধান্ত গ্ৰহণ কৰে। পুৰণি কাৰ্যকৰী সমিতি ভঙ্গ কৰি নতুন সমিতি গঠন কৰা হয় আৰু শ্ৰীতবিউল হুছেইনক নতুন সভাপতি, শ্ৰীপ্ৰফুল্ল কুমাৰ মহন্তক প্ৰধান সম্পাদক নিৰ্বাচিত কৰাৰ পিছত বাকী বিষয়ববীয়া আৰু কাৰ্যকৰী সমিতিৰ সদস্য সকলক সৰ্বসন্মতিক্ৰমে নিৰ্বাচন কৰে। বিয়লি ১.৩০ বজাত মুকলি সভা অনুস্থিত হয় আৰু বৰপেটা ৰোড অসম সাহিত্য সভা ভৱনত। সভাপতিত্ব কৰে শ্ৰীধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীয়ে। মুকলি সভাৰ আঁত ধৰে শ্ৰীৰমেন দাসে। ইয়াত শ্ৰীবশিষ্ঠ দেৱশৰ্মা, শ্ৰীহেমেন দাস, শ্ৰীসত্যনাথ দাস, আৰু শ্ৰীসন্তোষ কৰ্মকাৰক সম্বৰ্দ্ধনা জনোৱা হয়। তেওঁলোক প্ৰতিজনকে মুগাৰ ফুলৰ চেলেংচাদৰ আৰু ফুলাম শৰাইৰে আদৰণী জনোৱা হয়। সৰভোগ সমষ্টিৰ বিধায়ক শ্ৰীৰঞ্জিত কুমাৰ দাসে মুকলি সভা উদ্বোধন কৰে। প্ৰাক্তন সাংসদ শ্ৰীকুমাৰ দীপক দাস আৰু ঢেকিয়াজুলি সমষ্টিৰ প্ৰাক্তন বিধায়ক শ্ৰীহিৰণ্য বৰা উপস্থিত থাকি দুআষাৰ কয়। শ্ৰীহেমেন দাসে নিৰ্দিষ্ট বক্তা হিচাবে অতি সাৰুৱা বক্তব্য ৰাখে। বৰপেটা সত্ৰৰ সত্ৰাধিকাৰ প্ৰভুৱে অতি সাৱলীল ভাবে তেওঁৰ অভিজ্ঞতাপুষ্ট ভাষণ আগবঢ়ায়। শ্ৰীহিৰণ্য বৰাই বৰপেটা ৰোড নাগৰিক সন্মিলনৰ ফালৰ পৰা প্ৰকাশ কৰা “স্মৃতিগ্ৰন্থ” উন্মোচন কৰি ৰসাল ভাষণ দিয়ে। মুকলি সভাৰ সভাপতিয়ে বলিষ্ঠ, অতি গম্ভীৰ, তাৎপৰ্যপূৰ্ণ আৰু অৰ্থব্যঞ্জক ভাষণ দিয়ে। সভাৰ শেষত সম্পাদক শ্ৰীডিম্বেশ্বৰ দাসে সকলোকে শলাগৰ শৰাই আগবঢ়াই আৰু কৃতজ্ঞতা প্ৰকাশ কৰে আৰু সভা ভঙ্গ হয়।

সভাৰ প্ৰতিবেদন লিখাৰ নিয়ম

অর্ধ ছুটি বিচাৰি আবেদন

চৰাইদেউ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ এক প্ৰতিবেদন

     অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সংবিধানৰ আধাৰত আমাৰ চৰাইদেউ অঞ্চলত এটি শাখা খোলাৰ উদ্দেশ্যে যোৱা ২৭/১০/১২ তাৰিখত প্ৰাক্তন প্ৰধান শিক্ষক শ্ৰীপ্ৰভাত বৰগোহাঁই ডাঙৰীয়াৰ সভাপতিত্বত এঙেৰা নাট্য মন্দিৰত এই অঞ্চলৰ জ্যেষ্ঠ নাগৰিক সকলৰ উপস্থিতিত এখন ৰাজহুৱা সভা অনুস্থিত হয়। সেই সভাতে বিভিন্ন দিশ আলোচনা কৰি সৰ্বসন্মতিক্ৰমে “চৰাইদেউ জ্যেষ্ঠ নাগৰিক সন্মিলন” নামেৰে এটি শাখা খোলা হয়। ১৫ জনীয়া কাৰ্যনিৰ্বাহক সমিতিখনিত প্ৰতিষ্ঠাতা সভাপতি নিৰ্বাচিত হয় শ্ৰীলক্ষীনাথ বৰগোহাঁই, উপ-সভাপতি শ্ৰীউমেশ ৰাজকোঁৱৰ আৰু উমেশ গগে, সম্পাদক শ্ৰীলোহিত চন্দ্ৰ কেঁাৱৰ আৰু সহ সম্পাদক শ্ৰীহৰেণ কেঁাৱৰ আৰু তনু গগৈ।

     শাখা সন্মিলনখনে নিৰ্দ্ধাৰিত মাচুল আৰু নথি-পত্ৰ জমা দি সেই বছৰৰেহ ডিচেম্বৰ মাহত অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ পৰা স্বীকৃতি লাভ কৰে আৰু ৬৩ জন সদস্যৰ ১০ক্ম বৰঙণি কেন্দ্ৰীয় সমিতিলৈ প্ৰেৰণ কৰা হয়। ছযৰয২০১৩ তাৰিখত অনুস্থিত হোৱা দ্বি-বাৰ্ষিক কলিয়াবৰ অধিবেশনত আমাৰ শাখাৰ পৰা শ্ৰীধৰ্মেশ্বৰ সন্দিকৈয়ে প্ৰতিনিধি হিচাবে যোগদান কৰে।

     ২৭/১০/২০১৩ তাৰিখত প্ৰথম প্ৰতিষ্ঠা দিৱসৰ দিনা এই অঞ্চলৰ জ্যেষ্ঠ নাগৰিক সকলৰ মাজত স্বাস্থ্য সজাগতা সভা ও স্বাস্থ্য পৰীক্ষা শিবিৰ খেলুৱা খণ্ড উন্নয়ন স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসা বিষয়া কৰ্মীৰ উপস্থিতিত অনুস্থিত কৰা হয়। মুকলি সভাত ভালেমান গণ্যমান্য লোকৰ উপৰিও গড়গাঁও কলেজৰ প্ৰাক্তন অধ্যক্ষ শ্ৰীদিলীপ বুঢ়াগোহাঁই উপস্থিত আছিল। ৰয১২/২০১৩ আৰু ১৭/জ্জ্বয২০১৪ তাৰিখৰ নাজিৰা আৰু শিৱসাগৰত বহা অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ কাৰ্যনিৰ্বাহক সভাৰ বাৰ্তালাপ অনুষ্ঠানত আমাৰ শাখাৰ ভালে কেইগৰাকী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।

     কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশক্ৰমে আমাৰ শাখা সন্মিলনে যোৱা ২৭/ৰয১৪ আৰু ১২/প্তয১৪ তাৰিখে এঙেৰা এমভি স্কুল আৰু চাৰিমুঠিয়া এলপি স্কুলত অভিভাৱক, আই-মাতৃ আৰু ছাত্ৰ-ছাত্ৰী সকলৰ উপস্থিতিত শিক্ষা সজাগতা সভা অনুস্থিত কৰি ভালেমান গণ্যমান্য লোকৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত শিক্ষা, চৰিত্ৰ গঠন সম্পৰ্কত দিহা পৰামৰ্শ দিয়ে। পুনৰ প্তযজ্জয১৪ তাৰিখত এঙেৰা শ্যামলজ্যোতি বিদ্যালয়ত পৰিবেশ সজাগতা সভা অনুস্থিত কৰাৰ উপৰিও বৃক্ষ ৰোপন কাৰ্যসূচী হাতত লোৱা হয়।

     ১৬/2য১৪ তাৰিখে তিনিচুকীয়াত বহা বাৰ্ষিক অধিবেশনত আমাৰ চৰাইদেউ শাখাৰ পৰা এজন প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে আৰু ২০১৪ চনৰ বাৰ্ষিক বৰঙণি ১০ক্ম কেন্দ্ৰীয় সমিতিক জমা দিয়ে।

     ২৭/ৰৰয২০১৪ তাৰিখে আমাৰ চৰাইদেউ জ্যেষ্ঠ নাগৰিক শাখাৰ প্ৰথম অধিবেশন এঙেৰা নাট্য মন্দিৰত অনুস্থিত হয় আৰু সেই অধিবেশনতে পুনৰ ২ বছৰ কাৰ্যকালৰ বাবে শ্ৰীউমেশ ৰাজকোঁৱৰক সভাপতি শ্ৰীনৰেন্দ্ৰ নাথ সন্দিকৈ আৰু শ্ৰীহৰেণ কেঁাৱৰ উপ-সভাপতি, শ্ৰীলোহিত চন্দ্ৰ কেঁাৱৰ সম্পাদক, শ্ৰীযোগেন্দ্ৰ নাথ বুঢ়াগোহাঁই আৰু শ্ৰীধৰ্ম্মেশ্বৰ সন্দিকৈ সহঃ সম্পাদক নিৰ্বাচিত হয়। যোৱা ১৪, ১৫ ফেব্ৰুৱাৰী, ২০১৫ তাৰিখৰ বৰপেটা ৰ’ড অধিবেশনত আমাৰ চৰাইদেউ শাখাৰ পৰা শ্ৰীউমেশ ৰাজকোঁৱৰ, শ্ৰীযোগেন্দ্ৰ নাথ বুঢ়াগোহাঁই আৰু শ্ৰীগুণ গগৈয়ে প্ৰতিনিধিত্ব কৰে। শ্ৰীযোগেন্দ্ৰ নাথ গোহাঁইদেৱে আগন্তুক দুবছৰৰ বাবে অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ কাৰ্যনিৰ্বাহক সমিতিত সদস্য নিৰ্বাচিত হৈছে।

     সমিতিখনে এটি স্থায়ী কাৰ্যালয় গৃহ নিৰ্মাণৰ বাবে স্থানীয় এম.এল.এ শ্ৰীশৰৎ শইকীয়াদেৱৰ পৰা ১ লাখ টকাৰ অনুদান পোৱাৰ আশ্বাস পাইছে লগতে জিলা পৰিষদৰ সদস্য শ্ৰীবিনোদ গগৈ আৰু লাকুৱা আঞ্চলিক পঞ্চায়তৰ  সভাপতি শ্ৰীনৃপেন কেঁাৱৰৰ যথাক্ৰমে ৫০ আৰু ২০ খন চকী যোগান ধৰাৰ আশ্বাস পাইছো।

     অসম জ্যেষ্ঠ নাগৰিক সন্মিলনে প্ৰকাশ কৰা জ্যেষ্ঠ নাগৰিক জীৱনপঞ্জীত আমাৰ শাখাৰ সদস্যযসদস্যাৰ নাম অন্তভূক্ত হৈছে আৰু কেন্দ্ৰীয় সমিতিৰ দ্বাৰা প্ৰস্তুত কৰা পৰিচয় পত্ৰও ইতিমধ্যে লাভ কৰিছো। অদূৰ ভৱিষ্যতে আমাৰ চৰাইদেউ শাখা সন্মিলনে জ্যেষ্ঠ নাগৰিকৰ কল্যাণৰ বাবে কিছুমান আঁচনি গ্ৰহণ কৰাৰো পৰিকল্পনা কৰিছে।

                                      ইতি

                                      ভৱদীয়–

                                      শ্ৰীলোহিত চন্দ্ৰ কেঁাৱৰ

                                      চৰাইদেউ জ্যেষ্ঠ নাগৰিক সন্মিলন

সভাৰ প্ৰতিবেদন লিখাৰ নিয়ম

অর্ধ ছুটি বিচাৰি আবেদন

জ্যেষ্ঠ নাগৰিক সন্থা, শলগুৰি মৌজাৰ প্ৰতিবেদন

শিৱসাগৰ, অসম, পোঃ আঃ কালুগাঁও

     শিৱসাগৰ জিলাৰ অন্তৰ্গত আমগুৰি বিধান সভা সমষ্টিৰ দুখন গাঁও পঞ্চায়ত ক্ৰমে- বৰুৱা পুখুৰী আৰু দিকছু আৰু শিৱসাগৰ বিধান সভা সমষ্টিৰ দুখন গাঁও পঞ্চায়ত ক্ৰমে- শলগুৰি আৰু মগৰাহাট গাঁও পঞ্চায়ত। এই চাৰিখন গাঁও পঞ্চায়তক লৈ শলগুৰি মৌজা গঠন কৰা হৈছে।

     এই শলগুৰি মৌজাৰ ১১ জন সামাজিক কামৰ লগত জড়িত ব্যক্তিৰ প্ৰচেষ্টাত যোৱা ৭ নৱেম্বৰ ২০১০ চনত শলগুৰি পাঁহিগাঁও শংকৰজ্যোতি বৰনামঘৰত শ্ৰীযুত ইন্দ্ৰেশ্বৰ বৰুৱাদেৱৰ সভাপতিত্বত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাত “জ্যেষ্ঠ নাগৰিক সন্থা, শলগুৰি মৌজা” নামেৰে মৌজাটোত এটা জ্যেষ্ঠ নাগৰিক মঞ্চ গঠন কৰা হয়। উক্ত সন্থাৰ সভাপতি হিচাবে শ্ৰীযুত ভদ্ৰেশ্বৰ দত্ত আৰু শ্ৰীযুত প্ৰফুল্ল ফুকনক সম্পাদক হিচাবে লৈ এখন ২৯ জনীয়া কাৰ্যকৰী সমিতি গঠন কৰাৰ উপৰিও ৮ জন উপদেষ্টা নিৰ্বাচিত কৰা হয়। যোৱা ২৯ মাৰ্চ ২০১৩ চনত সন্থাৰ প্ৰথম দ্বি-বাৰ্ষিক অধিবেশন অনুষ্ঠিত কৰা হয় আৰু উক্ত অধিবেশনত পৰৱৰ্তী কাৰ্যকালৰ বাবে আগৰ কাৰ্যকৰী সমিতিখনকে পুনৰ বাহাল ৰাখে।

     বৰ্তমান সন্থাৰ সভাপতি ঃ শ্ৰীযুত ভদ্ৰেশ্বৰ দত্ত

     সম্পাদক ঃ শ্ৰীযুত প্ৰফুল্ল ফুকন

     কোষাধ্যক্ষ     ঃ শ্ৰীযুত ললিত চুতীয়া।

কাৰ্যকালৰ উল্লেখনীয় দিশ সমূহঃ

     সন্থাৰ জ্জযৰৰয২০১০ তাৰিখৰ পৰা ১৫/১০/২০১৪ তাৰিখলৈকে কাৰ্যকৰী সভা ২০ খন, সাধাৰণ সভা ২ খন আৰু যোৱা ২৯/3য২০১৩ তাৰিখত সন্থাৰ প্ৰথম দ্বি-বাৰ্ষিক অধিবেশন অনুষ্ঠিত হয়। সন্থাৰ তৰফৰ পৰা বৰ্তমানলৈকে ৪ বাৰ ১ অক্টোবৰৰ ‘বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস” উদযাপন কৰা হৈছে। সন্থাৰ তৰফৰ পৰা বৰ্তমানলৈকে ৮০ বছৰ উৰ্ধৰ কেইবাগৰাকী ব্যক্তিক সম্বৰ্দ্ধনা জনোৱা হৈছে। দিকছু হাইস্কুলৰ কৃতী ছাত্ৰ, হাইস্কুল শিক্ষান্ত পৰীক্ষা, ২০১৪ত অসমৰ ভিতৰত সপ্তম স্থান প্ৰাপ্ত শ্ৰীমান কাশ্যপ গগৈক ঘৰত গৈ সম্বৰ্দ্ধনা জনোৱা হয়। দৰিদ্ৰ বৃদ্ধ লোক আৰু দৰিদ্ৰ ছাত্ৰ-ছাত্ৰী সকলক সহায়ৰ কাৰণে এটা ন্যাস পুঁজি গঠন কৰা হয়। ন্যাস পুঁজিৰ বছেৰেকীয়া সুতেৰে উক্ত সকলক সাহাৰ্য কৰিব পৰা হব। বৰ্তমান এই পুঁজিত ৮০,০০০/ৃ [আশী হাজাৰ] টকা জয়সাগৰ গ্ৰামীণ বিকাশ বেংকত জমা থোৱা হৈছে।

     যোৱা ১৬/জ্জ্বয২০১২ তাৰিখে অসম জ্যেষ্ঠ নাগৰিক সন্মিলনীৰ আহ্বানক্ৰমে শিৱসাগৰ জ্যেষ্ঠ নাগৰিক সন্থা, নামতি জ্যেষ্ঠ নাগৰিক সন্থা, শলগুৰি মৌজাই শিৱসাগৰ নগৰৰ কে.পি.এম. চাৰিআলিৰ পৰা মৌন শোভাযাত্ৰা কৰি শিৱসাগৰ জিলা উপায়ুক্ত মহোদয়ৰ যোগেদি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ ১০ দফীয়া দাবী পূৰণৰ কাৰণে স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয়। ১ ফেব্ৰুৱাৰী ২০১৩ তাৰিখে শিৱসাগৰ জিলা স্বাস্থ্য বিভাগৰ সহযোগত বৰপাত্ৰ দ’ল উচ্চ বিদ্যালয়ৰ প্ৰেক্ষাগৃহত এখনি স্বাস্থ্য সেৱা সজাগতা সভা সন্থাৰ দ্বাৰা অনুষ্ঠিত কৰা হয়। শতাধিক জ্যেষ্ঠ নাগৰিকে এই শিবিৰত অংশগ্ৰহণ কৰিছিল। ২০ ফেব্ৰুৱাৰী ২০১১ তাৰিখত তিনিচুকীয়াত অনুষ্ঠিত অসম জ্যেষ্ঠ নাগৰিক সন্মিলনীৰ কাৰ্যকৰী সভাত, ২৯/১২/২০১২ তাৰিখৰ অসম জ্যেষ্ঠ নাগৰিক সন্থাৰ অধিবেশনত, ২০/3য২০১২ তাৰিখে অসম জ্যেষ্ঠ নাগৰিক সন্মিলনীৰ সভাত, 2য১০/২০১২ তাৰিখে নাজিৰা জ্যেষ্ঠ নাগৰিক সন্থাৰ সভাত, ছযৰয২০১৩ তাৰিখে কলিয়াবৰত অসম জ্যেষ্ঠ নাগৰিক সন্মিলনীৰ সভাত আৰু যোৱা ১৬/2য১৪ তাৰিখে তিনিচুকীয়াত অনুষ্ঠিত হোৱা অসম জ্যেষ্ঠ নাগৰিক সন্মিলনীৰ সভাত সন্থাৰ তৰফৰ পৰা দুগৰাকী প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰে।

     জ্যেষ্ঠ নাগৰিক সন্থা, শলগুৰি মৌজা, অসম জ্যেষ্ঠ নাগৰিক সন্মিলনী গুৱাহাটীৰ স্বীকৃতিপ্ৰাপ্ত অনুষ্ঠান।

     বৰ্তমান আমাৰ জ্যেষ্ঠ নাগৰিক সন্থাৰ কাৰ্যালয়ৰ বাবে এডোখৰ মাটি পাবলৈ সক্ষম হৈছো। আশা কৰা হৈছে অতি সোনকালে কাৰ্যালয় গৃহটো হৈ উঠিলে আমাৰ এটা বহুদিনীয়া অভাৱ পূৰণ হ’ব।

     বৰ্তমানৰ সদস্য সংখ্যা ৯২০ জন।

পূব কামৰূপ অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ নাগৰিক সন্থা

মুখ্য কাৰ্য্যালয়ঃ কৰৰা, কামৰূপ, অসম

ৰেজিঃ নং Kট্টত্ত শ্চত্মগ্ৰ ১২৪০/ট্ট-২২/৭১০ণ্ঠ ২০১০-২০১১

     ২০০৮ চনৰ জানুৱাৰীত এই সংস্থা গঠন কৰে। ১৬ জনীয়া এই কাযনিৰ্বাহকৰ সভাপতি শ্ৰীপবিত্ৰ চৰণ দাস, সাধাৰণ সম্পাদক শ্ৰীঘনকান্ত ডেকা নিৰ্বাচিত হৈছিল। আকস্মিক ভাৱে সভাপতি দাসদেৱৰ বিয়োগ হোৱাত উপসভাপতি শ্ৰীকেশৱ চন্দ্ৰ ডেকাই ২০১০ চনলৈকে সভাপতি ৰূপে কাৰ্য পৰিচালনা কৰে। বৰ্তমান এই সংস্থাৰ সভাপতি হ’ল শ্ৰীখগেন্দ্ৰ নাথ কলিতা আৰু সম্পাদক শ্ৰীঘনকান্ত ডেকা। জন্মৰে পৰা পূব কামৰূপ অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ নাগৰিক সংস্থাই নানা সামাজিক কাম কৰি আহিছে। ২০০৮চনত বিষ্ণুৰাভা দিৱস,বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস, মৌলবাদী আৰু সন্ত্ৰাসবাদীৰ হাতত নিহতসকলৰ প্ৰতি ভগৱানৰ ওচৰত প্ৰাৰ্থনা, বানপানীত সৰ্বস্বান্ত হোৱা পৰিয়াললৈ সাহাৰ্য্য, ১০০৯ চনত সুভাষ চন্দ্ৰ বসুৰ জন্ম দিৱস পালন, বিশ্ব মদ নিবাৰণী দিৱস, ২০১০ চনত বিশ্ব পৰিবেশ দিৱস পালন, বিষ্ণুৰাভা দিৱস, বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস, মূল্যবৃদ্ধি, বাছভাড়া বৃদ্ধি, বৃহৎ নদী বান্ধ, অন্ন সুৰক্ষা, পিতৃ-মাতৃৰ ভৰণ-পোষণ আইন কাৰ্যকৰী কৰা, ২০১১ চনত বাইহাটা চাৰিআলি গোৰেশ্বৰ পথ নিৰ্মাণৰ বিসংগতিত পথ অৱৰোধ, ২০১২ চনত বিশ্ব মাদকদ্ৰব্য নিবাৰণী দিৱস, ১৬ আগষ্টত জ্যেষ্ঠ নাগৰিকৰ ১০ দফীয়া দাবী চনদ প্ৰদান, ভূপেন হাজৰিকাৰ স্মৃতি দিৱস পালন কৰা হয়। ২০১৩ বিশ্ব জ্যেষ্ঠ নাগৰিক, ড০ মহেন্দ্ৰ ডেকাৰ কবিতা পুথি ‘আইতাৰ সুখৰ বিজ্ঞান’ উদ্বোধন কৰা হয়। ইয়াৰোপৰি সংস্থাৰ উদ্যোগত খেল-ধেমালি, সাহিত্য প্ৰতিযোগিতা, বয়োজ্যেষ্ঠ লোকক সম্বৰ্দ্ধনা, বাট-পথ মেৰামতি, বিদ্যুৎ যোগান নিয়মীয়াকৰণ, গান্ধী জয়ন্তী পালন, পথসভা অনুষ্ঠিত কৰা, শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক সম্বৰ্দ্ধনা জনোৱা আদি কাৰ্য সম্পাদন কৰা হয়।

                                                 ঘনকান্ত ডেকা

                                                 সম্পাদক প্ৰধান

                                      পূব কামৰূপ অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ নাগৰিক সন্থা।

সভাৰ প্ৰতিবেদন লিখাৰ নিয়ম

অর্ধ ছুটি বিচাৰি আবেদন

প্ৰতিবেদন

তিতাবৰ নগৰ জ্যেষ্ঠ নাগৰিক সমিতি

মাৰফৎঃ কিতাপ ঘৰ, তিতাবৰ, ন-আলি।

ডাকঃ তিতাবৰ- ৭৮৫৬৩০, যোৰহাট।

     ২০১৩ চনত ত্মত্ৰ/ণ্ণত্থত্ম/২৩৮/ণ্ঠ/০৯০ ঙ্মন্দ্ৰ ২০১৩ত পঞ্জীয়ন ভূক্ত তিতাবৰ নগৰ জ্যেষ্ঠ নাগৰিক সমিতিয়ে জন্মৰ দিন ধৰি নগৰৰ জ্যেষ্ঠ নাগৰিকসকলক এখন মঞ্চৰ ভিতৰলৈ আনি নিজৰ কল্যাণৰ লগতে সমাজৰ কল্যাণৰ কাৰণে কাম কৰিবলৈ প্ৰয়াস কৰি আহিছে। ফল স্বৰূপে সমাজত জেষ্ঠ নাগৰিক সকলৰ অপৰিহাৰ্যতা প্ৰতিপন্ন কৰিবলৈ সমৰ্থ হৈছো। আমাৰ সমিতিয়ে যোৱা অক্টোবৰ মাহলৈকে কৰা কামৰ এক চমু খতিয়ান উল্লেখ কৰিলো–

সমিতিৰ কামৰ খতিয়ানঃ

 অসম গেছ কোম্পানী লিঃএ তিতাবৰ নগৰাঞ্চলত পাইপ যোগে ৰন্ধন গেছ যোগান ধৰিব বাবে  ইতিবাচক চিঠি লাভ কৰিছে।

উজনি অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে তিতাবৰ নগৰ জ্যেষ্ঠ নাগৰিক সমিতিৰ অনুৰোধ  মৰ্মে ৩৩ কে.ভি. লাইন সংযুক্ত কৰি তিতাবৰ নগৰকে ধৰি কাষৰীয়া অঞ্চললৈ শক্তি বিতৰণ কাৰ্য, বৰ্তমানৰ বিদ্যুৎ নিয়ন্ত্ৰণ কক্ষৰ স্থান উন্নীতকৰণ আদি কাৰ্যসমূহ সম্পাদন কৰা কাৰ্য বৰ্তমান চলি আছে।

এচিয়া মহাদেশৰ ভিতৰতে ধনশিৰি নদী খোৱা পানী যোগান প্ৰকল্পৰ কাম খৰতকীয়া কৰি জনসাধাৰণক আৰ্চেনিক মুক্ত খোৱা পানী যোগান আঁচনিখন ফলপ্ৰসু কৰি তোলাৰ ক্ষেত্ৰত তিতাবৰ নগৰ জ্যেষ্ঠ নাগৰিক সমিতিৰ নিৰৱ¿চ্ছন্ন প্ৰচেষ্টাৰ ফলস্বৰূপে প্ৰায় ৮০ শতাংশ কাৰ্য সম্পূৰ্ণ হৈ উঠিল।

   ৰেল ষ্টেচনৰ উন্নীতকৰণ, দূৰণীবটীয়া দ্ৰুতগামী দুখন যাত্ৰীবাহী ৰেল– কামাখ্যা আৰু কামৰূপ এক্সপ্ৰেছ তিতাবৰ ৰেল ষ্টেচনত ৰখোৱাৰ ব্যৱস্থাৰ বাবে ৰেলৱে মহাপ্ৰৱন্থকক লগ ধৰি স্মাৰক পত্ৰ প্ৰদান।

    তিতাবৰ ৰেচম পামখনি উন্নীত কৰা, নতুন আঁচনি গ্ৰহণ কৰি আধুনিকীকৰণ কৰা আৰু সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে একমাত্ৰ এই অনুষ্ঠানৰ এলেকাত এখন স্নাতক পৰ্যায়ত ৰেচম মহাবিদ্যালয় স্থাপন কৰা, যোৰহাটৰ পৰা অধীক্ষকৰ কাৰ্যালয় তিতাবৰলৈ পুনৰ স্থানান্তৰ কৰাৰ ওপৰত মন্ত্ৰী গৰাকীয়ে ইয়াক কাৰ্যকৰীকৰণ কৰাৰ সম্পূৰ্ণ নিশ্চিতি প্ৰদান কৰে। ফলস্বৰূপে স্নাতক পৰ্যায়ত ৰেচম মহাবিদ্যালয়খন হৈ উঠিছে।

           সাংস্কৃতিক বিভাগৰ ফালৰ পৰা তিতাবৰ অঞ্চলৰ অৱহেলিত ৮ জন শিল্পীকপেঞ্চনয সাহাৰ্য দিবৰ কাৰণে কৰা অনুৰোধক্ৰমে ৪ জন শিল্পীক এককালীন ১০ হাজাৰ টকাকৈ সাহায্য মঞ্জুৰ কৰা হয়।

   ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ জড়িয়তে তিতাবৰৰ তিনি ঠাইত স্বয়ংক্ৰিয় যান-বাহন নিয়ন্ত্ৰণ যন্ত্ৰ স্থাপনৰ বাবে লোৱা প্ৰচেষ্টাত দুটা যন্ত্ৰহে স্থাপনৰ বাবে মঞ্জুৰ কৰা হৈছে বুলি জানিব পৰা হৈছে।

     তিতাবৰ জ্যেষ্ঠ নাগৰিক সমিতিৰ কাৰ্যালয় ভৱন আদি স্থাপনৰ বাবে ভূমি বিচাৰি কৰা আবেদনৰ ভিত্তিত চৰকাৰে নগৰৰ ভিতৰতে এডোখৰ ভূমি আবণ্টন দিছে।

   তিতাবৰ নগৰৰ বাহিৰেদি ধোদৰ আলিৰ দক্ষিণ পাৰে আৰু উত্তৰ-পূব ৰেলৱে পথৰ উত্তৰ পাৰেদি   দুটা উপপথ [বাইপাছ] আৰু তিতাবৰ নগৰত দুটা আন্তঃনগৰ উপপথ, তিতাবৰত কৃষি ভিত্তিক উদ্যোগ স্থাপন, ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান, তিতাবৰ মহকুমাত পলিটেকনিক স্থাপন, মহিলা বিশ্ববিদ্যালয় স্থাপন আদিৰ বিষয়ে অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰা হয় আৰু মুখ্যমন্ত্ৰীয়ে সমাধানৰক্ষেত্ৰত আশ্বাস প্ৰদান কৰে।

     তিতাবৰ নগৰ জ্যেষ্ঠ নাগৰিক সমিতিৰ ভৱন নিৰ্মাণৰ বাবে মুখ্যমন্ত্ৰীয়ে যোৱা ইংৰাজী চ্ছ্ৰয১০/২০১৪ তাৰিখে তিতাবৰ গড়কাপ্তানী বিভাগৰ পৰিদৰ্শন বঙলাত ৰাজহুৱা ভাবে পাঁচ লাখ টকাৰ অনুদান ঘোষণা কৰে।

    তিতাবৰ অঞ্চলৰ আৰ্থ সামাজিক উন্নয়নৰ কাৰণে আৰু কিছুমান হস্ৰম্যাদী আৰু দীৰ্ঘম্যাদী আঁচনি চৰকাৰৰ ওচৰত দাখিল কৰিবৰ কাৰণে তিতাবৰ নগৰ জ্যেষ্ঠ নাগৰিক সমিতিয়ে আঁচনি প্ৰস্তুত কৰিছে।

     ইংৰাজী ১০/২০১৪ তাৰিখে তিতাবৰ নগৰ জ্যেষ্ঠ নাগৰিক সমিতিয়ে “বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস” উদযাপন কৰে আৰু ‘কৰুণাধাৰা’ অনুষ্ঠানলৈ ১১৫০ টকাৰ এটি আৰ্থিক টোপোলাও আগবঢ়ায়।

                      অপূৰ্ব ভাগৱতী  শ্ৰীঅতুল চন্দ্ৰ দত্ত

                         সভাপতি সাধাৰণ সম্পাদক

                      ফোনঃ ৯৭০৬৮-৬০৪৬৬ ফোনঃ ৯৭০৭৪-৬১৭১৯

                           তিতাবৰ নগৰ জ্যেষ্ঠ নাগৰিক সমিতি

সভাৰ প্ৰতিবেদন লিখাৰ নিয়ম

অর্ধ ছুটি বিচাৰি আবেদন

Video Tutorial No 2