20 May, 2024
person holding brown and green vegetable

গাজৰ (Carrot)*উপকাৰিতা *কৃষি *ঔষধি গুণ

pexels-photo-65174.jpeg
Photo by mali maeder on Pexels.com

সম্পূৰ্ণ বিৱৰণ :

গাজৰ হৈছে মুল্য (Radish) ৰ দৰে এবিধ শাকজাতীয় উদ্ভিদ। ই একবৰ্ষী উদ্ভিদ। শীতকাল ইয়াৰ কৃষিৰ বাবে উপযোগী। অৱশ্যে বহু যতনেৰে অন্য সময়তো পোৱাৰ বাবে ঠাইবিশেষে ইয়াৰ খেতি কৰা বাস্তৱত পৰিলক্ষিত হয়। ইয়াৰ গছ প্ৰায় ১-১.৫ মিটাৰ পৰ্যন্ত ওখ হয়। ইয়াৰ গা-গছৰ পৰা সৰু ঠেঙুলি ওলায়। পাত ছিৰিলা-ছিৰিলি, সৰু মুখ্যত: ইয়াৰ মুল  অংশহে খাদ্য হিচাপে গ্ৰহণ কৰা হ’লেও কিন্তু ইয়াৰ পাতো খোৱাৰ উপযোগী। ইংৰাজীত গাজৰক  Carrot  নামেৰে আৰু বৈজ্ঞানিক নাম  Daucus carota হিচাপে জনা যায়। বিশ্বৰ কিছু নিৰ্দিষ্ট ঠাইৰ দৰে আমাৰ দেশৰো কাশ্মীৰ আৰু পঞ্জাৱৰ পাৰ্বত্য এলেকা ইয়াৰ আদিভুমি আছিল বুলি তথ্য পোৱা যায়। ই এনে এবিধ খাদ্যদ্ৰব্য, যাক মানুহে নিৰ্ভয়ে, নি:সংকোচন খাব পাৰে। কিয়নো, আন কিছুমান খাদ্যৰ দৰে টেঙা, জলা , ডিঙি খজুওৱা আদি অসুবিধাজনক অনুভুতি ই প্ৰদান নকৰে। বৰ্ং কেঁচাই চোবাই খালে বেছ তৃপ্তিহে পোৱা যায়।

ইয়াক কেঁচাই গোটে গোটে, চকলিয়াই , ভাজি বা তৰকাৰীৰ ৰুপত খোৱাৰ উপৰি হালোৱা, মিঠাই আদি সুমিষ্ট খাদ্যৰ ৰুপতো খোৱা হয়। উল্লেখ্য , ইয়াৰ ৰস অতি পুষ্টিকৰ আৰু ই ৰোগ তথা বয়স নিৰ্বিশেষে খোৱাৰ উপযোগী। তদুপৰি ইয়াৰ পৰা প্ৰস্তুত কাঞ্জী এক উৎকৃষ্ট ভোকবৰ্ধক ৰুপে স্বীকৃত হৈ আহিছে। আনফালে ই ভিটামিন-এৰ উ্ৎকৃষ্ট উৎস ৰুপে সৰ্বজনবিদিত । ইয়াত থকা কেৰ’টিন নামৰ উপাদানবিধেই ইয়াক ভিটামিন-এ সমৃদ্ধ কৰি তুলিছে আৰু সেয়ে হয়তো কেৰ’টিন শব্দৰ পৰাই ইয়াৰ ইংৰাজী নাম Carrot ও আহে। ইয়াৰ গুৰি অংশত পটাছিয়ামৰ পৰিমাণ বেছিকৈ থকাৰ হেতুকে ৰংটো গাঢ় বেঙুনীয়াৰ দৰে হয় আৰু তাৰ পৰিপ্ৰেক্ষিততে অঁহীয়া এক গন্ধও পোৱা যায়।

গাজৰ এবিধ পুষ্টিদায়ক খাদ্য। ইয়াৰ ১০০ গ্ৰামত পোৱা মুখ্য পুষ্টিদায়ক উপাদানবোৰ হৈছে- প্ৰ’টিন(০.৯ গ্ৰাম), চৰ্বি (০.২ গ্ৰাম),আঁহ (১.২গ্ৰাম), কাৰ্বোহাইড্ৰেট (১০.৬ গ্ৰাম),আইৰন(২.২ মি: গ্ৰাম), কেলচিয়াম (৮০ মি: গ্ৰাম), মেগনেছিয়াম (১৪ মি: গ্ৰাম), ফছফৰাছ (৩০ মি: গ্ৰাম), ছ’ডিয়াম (৩৫.৬ মি: গ্ৰাম), পটাছিয়াম (১০৮ মি: গ্ৰাম), কপাৰ (০.১৩ মি: গ্ৰাম), ভিটামিন-এ (৩২৫০ আই ইউ, বি১ (০.০৪ মি: গ্ৰাম), বি২ (০.০২ মি: গ্ৰাম), বি৩ (০.৬ মি: গ্ৰাম), চি (৩ মি: গ্ৰাম)আৰু শক্তি ৪৭ কেলৰি  । গতিকে পুষ্টি উপাদানৰ স্থিতি নিৰীক্ষণ কৰিলেও বোধগম্য হৈ উঠে যে গাজৰ সঁচাই এবিধ পুষ্টিকাৰক খাদ্য হ’ব। বিশেষকৈ ভিটামিনৰ সমাহাৰ, লাগতিয়াল, খনিজ লৱণৰ সবল স্থিতি আৰু মধ্যমীয়া ধৰনৰ শক্তি-সামৰ্থ্যৰ হেতুকে ল’ৰা-বুঢ়া সকলোৰে বাবে ই উপযোগী আহাৰ ৰুপে বিবেচিত হৈ আহিছে। সৰ্বোপৰি, ভিটামিন-এৰ প্ৰাচুৰ্য্যই দৃষ্টিশক্তি বৃদ্ধিত এক উল্লেখনীয় ভুমিকা আগবঢ়াব পৰা গুণ থকাৰ হেতুকে শিশুৰ লগতে বৃদ্ধৰ বাবেও অতি প্ৰয়োজনীয় খাদ্য ৰুপে ই পৰিগণিত হৈ আহিছে। লক্ষণীয় যে উল্লিখিত ভিটামিনসমুহৰ উপৰি গাজৰত সামান্য পৰিমাণে ভিটামিন-ডি, ই, বায়’টিন আৰু ফলিক এচিডো থাকে বুলি উল্লেখ পোৱা যায়।

গাজৰ এবিধ উত্তম খাদ্য হোৱাৰ উপৰি ই ভালেমান ৰোগৰ পথ্যৰ ভুমিকা পালন কৰাৰো তথ্য পোৱা যায়। দৃষ্টিশক্তি বৃদ্ধিৰ লগতে শৌচ-প্ৰস্ৰাৱ খোলোচা কৰা, ফিষ্টুলা আৰু গ্ৰহণী নাশৰ ক্ষেত্ৰতো ই ফলদায়ক ভুমিকা গ্ৰহণ কৰে। এফালে ই কম কেলৰিসমৃদ্ধ আৰু আনফালে টক’কিনিক নামৰ ইনছুলিন উৎপাদনকাৰী এবিধ হৰম’নো সৃষ্টিকাৰী হোৱাৰ হেতুকে মধুমেহ ৰোগত ভোগা লোকৰ বাবে গাজৰ উপকাৰী বুলি কোৱা হৈছে। অসমৰ ভেষক শাস্ত্ৰী বৈকুণ্ঠ নাথ দেৱশৰ্মাৰ মতে কেঁচুমুৰীয়াত ইয়াৰ ৰস এপোৱা ছাগলী অথবা গৰু গাখীৰৰ দৈৰ লগত দিনে দুবাৰকৈ খালে আৰু তিৰোতাৰ ৰক্তস্ৰাৱৰ সময়ত ইয়াৰ ৰস ১২০ গ্ৰামকৈ দিনে ৩-৪ বাৰ খালে উভয় ৰোগৰে উপশম হয়। ইয়াৰ যে ৰোগ প্ৰতিৰোধী ক্ষমতা যথেষ্ট বেছি থাকে সেই সন্দৰ্ভত মনোৰম বৰ্ণনা পোৱা যায় চিকিৎসক Dr. D.R. Gala, Dr. S Gala  আৰু Dr. D Gala প্ৰণীত Juice diet for perfect health শীৰ্ষক গ্ৰন্থত। তাত হিষ্টিৰিয়াত ভোগা এটি শিশু আৰু লিউকেমিয়াৰ কৱলত পৰি মৃত্যুমুখী শিশুক গাজৰৰ ৰস খুৱাই কেনেকৈ আৰোগ্য কৰা হৈছিল তাৰ সৰস বৰ্ণনা পোৱা যায়। ইয়াৰ প্ৰথমটো ৰোগত পৰা শিশু এটিৰ কাহিনী সন্নিৱিষ্ট হৈছে। জন্মৰ সময়ত সম্পুৰ্ণ সুস্থ থকা শিশু এটিয়ে ১৪ মাহ বয়সত হিষ্টিৰিয়া ৰোগত আক্ৰান্ত হোৱাৰ কথা কোৱা হৈছে। প্ৰথমে শিশুটি ৰোগৰ বাবে ৮ ঘণ্টা ধৰি অচেতন অৱস্থাত থকাৰ হেতুকে হাস্পতালত ভৰ্তি কৰাই চিকিৎসকে তাৰ কৰঙনত বেজীৰে ঔষধ প্ৰয়োগৰ ব্যৱস্থা কৰিছিল। তাৰ ফলত হিষ্টিৰিয়া ৰোগ কিছু ভাল হোৱা দেখা গৈছিল যদিও কিন্তু তিনি দিনলৈ শিশুটি অচেতন হৈয়ে পৰি ৰৈছিল। লাহে লাহে ৰোগী কিছু আৰোগ্যৰ পথত আগবঢ়া যেন লগা দেখাত চিকিৎসকে তাক ঘৰলৈ নিয়াৰ  উপদেশ দিয়ে আৰু লগতে তাক পুষ্টিকাৰক খাদ্য খুৱাবলৈও উপদেশ দিয়ে। কিন্তু কি আচৰিত, তাৰ দুদিনৰ পিছত পুনৰ পুৰ্বৰ অৱস্থাপ্ৰাপ্ত হৈ অতি সংকট ৰুপ ধাৰণ কৰে। তাৰ তেনে অৱস্থাই মাক-বাপেককো হতবাক কৰি তোলে আৰু নিৰুপায়ত পৰি ১২৭ জন চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা হৈছিল। কিন্তু একো ফল নধৰিল। ৰোগীৰ ৰোগৰ প্ৰকৃত কাৰণেই নিৰ্ণীত নহ’ল। কেৱল অৱস্থাৰ সামান্য উন্নতি ঘটিল। তাৰ দুবছৰ বয়সত এজন চিকিৎসকে ব্যক্ত কৰিলে যে শিশুটো আন্ত্ৰিক প্ৰদাহত আক্ৰান্ত হৈছে। সেই সময়ত সি অসহ্যকৰ পেটৰ বিষত ছটফটাব ধৰে, খাদ্য খোৱাৰ মন নকৰে, জোৰেৰে খোৱা খাদ্য হজম নহয় আৰু তাতকৈ ডাঙৰ কথা, তাৰ পায়খানাত শাওঁ আৰু তেজ পৰাও আৰম্ভ হয়। দুখৰ বিষয়, সেই সময়ত চিকিৎসকে অক্ষমতা প্ৰদৰ্শনেৰে হাত দাঙিব ধৰে। তেনে হোৱা দেখি তাৰ মাক-দেউতাক অতি বিমোৰত পৰে। তেতিয়া তেওঁলোকৰ কোনোবা হিতাকাংক্ষী এজনে প্ৰাকৃতিক চিকিৎসকৰ কাষ চপাব পৰামৰ্শ আগবঢ়ালে। আৰু মাক-দেউতাকেও সেই অনুসাৰে দুজন প্ৰাকৃতিক চিকিৎসকৰ দ্বাৰা ল’ৰাটিৰ চিকিৎসা কৰোৱাব ধৰে। আশ্চৰ্যকৰ বিষয়, চিকিৎসকদ্বয়ে চিকিৎসাৰ নামত অন্য খাদ্যৰ উপৰি প্ৰধানকৈ গাজৰৰ ৰস খুওৱাৰ ব্যৱস্থা কৰিলে। ফলশ্ৰুতিত লাহে লাহে ৰোগে বিদায় ল’বলৈ ধৰিলে আৰু গাজৰৰ কৃপাত এদিন ল’ৰাটি সম্পুৰ্ণভাৱে ৰোগমুক্ত হৈ উঠিল। তেতিয়া  কেৱল পুৰ্বৰ ৰোগ দুৰ হোৱাই নহয়, তাৰ ২২ বছৰ বয়সত দেউতাকে গৰ্বেৰে ক’ব পৰা হ’ল-‘আগৰ বেমাৰৰ কথাতো বাদেই, তাইৰ এতিয়া জ্বৰ-কাহ আদিও নোহোৱা হৈ পৰিল।

উক্ত গ্ৰন্থৰ দ্বিতীয়টো ঘটনাৰ বিৱৰণীত প্ৰকাশ পাইছে আমেৰিকাৰ এটি নৱদম্পতীয়ে জন্ম দিয়া প্ৰথমটো সন্তান লিউকমিয়া (এবিধ কেন্সাৰ) ৰ কবলত পৰি তেতিয়াৰ (১৯৫১ চনৰ) প্ৰচলিত চিকিৎসাক অকামিলা কৰি মাত্ৰ তিনি মাহ বয়সতে মৃত্যুত পতিত হোৱাৰ কথা। কিন্তু কি আশ্চৰ্যকৰ বিষয়, সেই দম্পতীটোৰ ১৯৫৩ চনত পুনৰ জন্ম হোৱা দ্বিতীয়টো সন্তান জন্মতে লিউকমিয়াৰ বলি হৈ জন্ম পায়। এইবাৰ তেওঁলোকে মেডিকেলৰ চিকিৎসাৰ সলনি কোনো লোকৰ উপদেশ মানি এজন প্ৰাকৃতিক চিকিৎসকৰ ওচৰ চাপিল। সেই চিকিৎসকজনে কেঁচুৱাটিক কি ঔষধ খুৱাব? খুৱালে বোলে কেৱল গাজৰৰ ৰসহে। সুখৰ বিষয়, সকলোকে চমক খুৱাই এবছৰৰ ভিতৰতে সি ৰোগমুক্ত হৈ উঠিল।

গ্ৰন্থখনিত এনেধৰনৰ কাণ্ডৰ উপৰি উল্লেখ পোৱা যায় সেই দম্পতীৰ ১৯৫৬ চনত জন্ম পোৱা তৃতীয়টি সন্তানৰ (কন্যা) কথা। তাত কোৱা হৈছে যে সেই সন্তানটিৰ ৰক্তত কোনো কেন্সাৰ কোষ পোৱা নগ’ল আৰু পিছৰ বয়সতো তাই কেন্সাৰমুক্ত হৈ থকাটো সম্ভৱ হৈ উঠিল। তাৰ একমাত্ৰ কাৰণ বোলে এয়ে আছিল যে সন্তানটি জন্মৰ পুৰ্বতে তাইৰ মাকে পৰ্যাপ্ত পৰিমাণে গাজৰ খাইছিল। কোৱা বাহুল্য যে কেন্সাৰ প্ৰতিৰোধী ক্ষমতাৰ ক্ষেত্ৰত গাজৰত থকা কেৰটিন আৰু ভিটামিন-ইৰ অৱদান অপৰিসীম বুলি লেখকত্ৰয়ে উল্লিখিত গ্ৰন্থখনত মন্তব্য প্ৰকাশ কৰিছে। সম্প্ৰতি অৱশ্যে গাজৰ এণ্টি-অক্সিডেণ্ট গুণসম্পন্ন বুলিও পোহৰলৈ আহিছে। এতেকে এনেধৰণৰ ঔষধি গুণৰ গুৰুত্ব অনুধাৱন কৰি আমি গাজৰক এক দৰকাৰী খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰি খোৱাত জোৰ দিয়াটো নিশ্চয় উচিত হ’ব।

লেখক: অৰ্পণ দত্ত (জি এনআৰচি স্বাস্থ্য)


variety of spices and vegetables on black surface
Photo by Mike on Pexels.com
অর্ধ ছুটি বিচাৰি আবেদন

গাজৰৰ উপকাৰিতা:

গাজৰ[1]ৰ (ইংৰাজীঃ Carrot) এপিয়াচি (Apiaceae) পৰিয়ালৰ এবিধ দ্বি-বাৰ্ষিক উদ্ভিদ। জন্মৰ সময়ত ই ডাঙৰ হোৱা শিপা ডাল নিৰ্মাণ কৰোঁতে পাতবোৰৰ এটা গোলাপী ৰূপ লয়। দ্ৰুত গতিত বৃদ্ধি পোৱা খেতি বীজ বোৱাৰ প্ৰায় তিনিমাহ ( ৯০ দিন )ৰ ভিতৰত পৰিপক্ক হয় , আনহাতে মন্থৰ পৰিপক্ক খেতিৰ বাবে এমাহৰ দীঘল ( ১২০ দিন ) সময়ৰ প্ৰয়োজন হয়। মূলত উচ্চ পৰিমাণৰ আলফা আৰু বিটা কেৰোটিন, লাইকোপিন, এন্থ’ছায়ানিন, লুটেইন থাকে আৰু ই ভিটামিন এ, ভিটামিন কে আৰু ভিটামিন B6 ৰ এটা ভাল উত্স। ক’লা গাজৰ এন্থ’ছায়ানিন (২৫০-৩০০ মিগ্ৰা/১০০)ৰ অন্যতম সমৃদ্ধ উত্স জি ফ্ৰেচ ৰুট ওজন ) , আৰু সেয়েহে উচ্চ এন্টিঅক্সিডেন্ট ক্ষমতা অৰ্থাত্ লাল / কমলা গাজৰৰ তুলনাত প্ৰায় ২০-৩৫ গুণ বেছি আৰু বিটৰ তুলনাত পাঁচ গুণ বেছি।

ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থা (FAO)ৰ প্ৰতিবেদন অনুসৰি 2020 চনত বিশ্বত গাজৰ আৰু টাৰ্নিপ (এই গছবোৰ FAOৰ দ্বাৰা একত্ৰিত কৰা হয়)ৰ উত্পাদন আছিল 41 নিযুত টন, বিশ্বৰ মুঠ উত্পাদনৰ 44%তকৈও অধিক উত্পাদন হৈছিল চীনত। গাজৰ সাধাৰণতে কেঁচা বা বিভিন্ন ব্যঞ্জনত ৰন্ধা হয়।

★ গাজৰে ৰোগ প্ৰতিৰোধৰ ক্ষমতা বৃদ্ধি কৰে।

★গাজৰত থকা ভিটামিন চি য়ে আমাৰ শৰীৰত এন্টিবডি গঢ়াত সক্ষম কৰি তুলে

★গাজৰে ডায়েবেটিচ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

★গাজৰত প্ৰচুৰ পৰিমাণে পটাছিয়াম থাকে ।গাজৰত থকা পটাছিয়ামে ৰক্তচাপ নিয়ন্ত্ৰণত থকাত সহায় কৰে।

★গাজৰত ভিটামিন কে আৰু কেলচিয়াম থাকে। ভিটামিন কে আৰু কেলচিয়াময়ে হাড় শক্তিশালী কৰাত সহায় কৰে।

★গাজৰত থকা এন্টিঅক্সিডেন্টে হৃদযন্ত্ৰ সুস্থ কৰি ৰখাত সহায় কৰে।

★গাজৰ চকুৰ বাবে উপকাৰী। সেয়ে গাজৰ ব্যৱহাৰ চকুৰ বাবে অতি উপকাৰী ।

★গাজৰে কৌষ্ঠকাঠিন্য ৰোগৰ বাবে উপকাৰী। গাজৰে কৌষ্ঠকাঠিন্য ৰোগ হ্ৰাস কৰাত সহায় কৰে।

★গাজৰে ওজন হ্রাসতো কৰাত সহায় কৰে।

★ গাজৰ তেজৰ বাবে উপকাৰী।

bunch of carrots on white table
Photo by Dziana Hasanbekava on Pexels.com
অর্ধ ছুটি বিচাৰি আবেদন

সুস্থ স্বাস্থ্য ৰক্ষাত গাজৰৰ ভূমিকা:

প্ৰকৃতিৰ এটা অমূল্য উপহাৰ হ’ল গাজৰ। গাজৰত অনেক ঔষধি গুণ আছে। ভিটামিন এ গাজৰত অধিক পৰিমাণে পোৱা যায়। তদুপৰি ভিটামিন বি, ডি, চি আৰু ই ও ইয়াত পৰ্য্যাপ্ত পৰিমাণে পোৱা যায়। ভিটামিনৰ মাত্ৰা অধিক পৰিমাণে থকাৰ বাবেই কোৱা হয় যে এগিলাচ গাজৰৰ ৰসত এসাজ খাদ্যৰ সমান গুণ থাকে।

গাজৰ মূখ্যত: তিনি প্ৰকাৰৰ। ঈষৎ ক’লা বৰণৰ গাজৰ, ৰঙা গাজৰ আৰু হালধীয়া ৰঙৰ গাজৰ। ইয়াৰ ভিতৰত প্ৰথম দূবিধ ভিটামিনৰ পৰিমাণ অধিক থাকে।

নিয়মিতভাৱে গাজৰ খালে ৰূপ, ৰং আৰু যৌৱনলৈ সতেজতা আহে। মহিলাসকলৰ মুখ-মণ্ডলত এটা উজ্জ্বল ভাব আহে। তদুপৰি শৰীৰটো ৰোগমুক্ত কৰি ৰাখিব পাৰি।

  • এনিমিয়া ৰোগীসকলৰ বাবে গাজৰৰ ৰসে অমৃতৰ দৰে কাম কৰে। শৰীৰত তেজৰ পৰিমাণ বাঢ়ে।
  • গাজৰৰে আচাৰ আৰু মুৰব্বা বনোৱা হয়। গৰমৰ দিনত গাজৰৰ মুৰব্বা খালে দেহৰ ক্লান্তি দূৰ হয়।
  • বুকু জলা-পোৰা কৰিলে গাজৰ খাব। গাজৰে তেজ পৰিষ্কাৰ কৰাৰ উপৰিও শৌচ পৰিষ্কাৰ কৰে।
  • গাজৰৰ ৰস মৌৰ লগত মিহলাই চকুত লগালে চকুৰ দৃষ্টি বাঢ়ে।
  • যিসকলৰ দিনটোত একাধিকবাৰ শৌচ কৰাৰ অভ্যাস বা বেমাৰ আছে, তেওঁলোকৰ বাবেও গাজৰ গাজৰ উত্তম খাদ্য। ভোক নলগাসকলৰ কাৰণেও গাজৰে উত্তম কাম দিয়ে।
  • লিভাৰ শক্তিশালী কৰিবলৈ হ’লেও নিয়মিতভাৱে গাজৰ খাওক।
  • পেটত বায়ু জমা হ’লে ৫০ গ্ৰাম গাজৰৰ ৰসত অলপ ক’লা নিমখ মিহলাই খাব।
  • কেঁচা গাজৰ ভালদৰে ধুই নিমখৰ সৈতে খালে পেটৰ কৃমি মৰে।
  • চকুৰে কম দেখা পালে গাজৰ আৰু পালেঙৰ ‘জুচ’ একেলগে মিহলাই খালে শুভফল দিয়ে।
  • গাজৰৰ চাটনিয়েও লাভদায়ক ফল দিয়ে।
  • মুখত ব্ৰণৰ সমস্যা থাকিলে গাজৰৰ ৰস খোৱাৰ উপৰিও এটুকুৰা কপাহ গাজৰৰ ৰসত জুবুৰিয়াই ব্ৰণত লগালে ভাল ফল পাব।
  • বাত বিষতো গাজৰে উত্তম কাম কৰে।
  • যিসকল শিশুৱে গাখীৰ খাবলৈ অনিচ্ছা কৰে, তেওঁলোকক পিহি লোৱা গাজৰ বা গাজৰৰ ৰস খুৱাব।
  • কিছুমান মহিলাৰ স্তনত গাখীৰৰ মাত্ৰা যথেষ্ট পৰিমাণে কমি আহে, তেনে ক্ষেত্ৰত যিমান পাৰে গাজৰ খাব লাগে।
  • মুখৰ দুৰ্গন্ধ থকাসকলে নিয়মিত ৰূপত গাজৰ খাওক।
  • আপোনাৰ শিশুটিৰ যেতিয়া এটা-দুটাকৈ দাঁত ওলাবলৈ ধৰিব, তেতিয়া তাক সৰু চামুচেৰে গাজৰৰ ৰস খুৱাব। এই ৰসৰ প্ৰভাৱত নতুন দাঁত ওলোৱাত সহায় হয়। তদুপৰি, শিশুটিৰ দেহত কেলচিয়ামৰ মাত্ৰা বঢ়োৱাত, শিশুটিৰ ঘনাই পায়খানা হোৱা, জ্বৰ উঠা আৰু দুৰ্বলতা দূৰ কৰিব।
  • স্মৃতি শক্তি বঢ়োৱাত গাজৰৰ চ্যুপ লাভদায়ক।
  • পুৱাতে ৪/৫ টামান গাজৰ খালে অনিদ্ৰা ৰোগ ভাল হয়।
  • ডায়েবেটিছত আক্ৰান্তসকলে একাপ গাজৰৰ ৰসত দুচামুচ পিঁয়াজ আৰু দুচামুচ তিতা কেৰেলাৰ ৰস মিহলাই পান কৰিলে যথেষ্ট সুফল পাব।

লেখিকা: পূবালী মহন্ত, নন্দিনী।

গাজৰৰ ঔষধি গুণ :

কম বেছি পৰিমাণে গাজৰ সকলোৱে খায় ভাল পায়। আধা কাপ গাজৰত ২৫ শতাংশ কেল’ৰি থাকে। গাজৰত ৭৬ কাৰ্বোহাইড্ৰেট, ২গ্ৰাম আঁহ , আধা গ্ৰাম প্ৰটিন থাকে। গাজৰত বহুতো গুৰুত্বপূৰ্ণ উপাদান থাকে। যেনে ভিটামিন এ, ভিটামিন চি, ভিটামিন কে, পটাছিয়াম, আঁহ কেলচিয়াম আৰু লো। ইয়াৰ উপৰিও গাজৰত এন্টিঅক্সিডেন্ট থাকে। যি শৰীৰৰ বাবে অত্যন্ত উপকাৰী। 

গাজৰৰ লাভালাভসমূহ হৈছে

১) চকুৰ বাবে ভাল –

গাজৰ চকুৰ বাবে ভাল বুলি গণ্য কৰা হয়। গাজৰত অন্তর্ভুক্ত থাকে বিটা কেৰোটিন। যি শৰীৰলৈ যায় আৰু ভিটামিন এ,’লৈ পৰিৱৰ্তিত হয়। ভিটামিন এ চকুৰ বাবে অতি উপযোগী। বিটা কেৰোটিনে চকুক সূৰ্য্যৰ তীব্র ৰশ্মিৰ পৰা সুৰক্ষিত কৰে। 

২) কৰ্কট ৰোগৰ আশংকা হ্ৰাস কৰে –

স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে, গাজৰে কৰ্কট ৰোগৰ আশংকা হ্ৰাস কৰে। গাজৰত এন্টিঅক্সিডেন্ট থাকে। যিয়ে শৰীৰৰ বাবে ক্ষতিকাৰক মুক্ত ৰেডিকেলৰ সৈতে যুঁজ দিয়াত সহায় কৰে। গাজৰ মুখ্যতঃ দুই প্ৰকাৰৰ এন্টিঅক্সিডেন্ট পোৱা যায়। এটা হৈছে কেৰোটিনইড আৰু আনটো হৈছে, এন্হোচাইনিন। এই দুইটা এন্টিঅক্সিডেন্ট কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত অতি উপযোগী। 

৩) ৰোগ প্ৰতিৰোধকাৰী ক্ষমতা বৃদ্ধি কৰাত কাৰ্য্যকাৰী –

গাজ ৰোগ প্ৰতিৰোধকাৰী ক্ষমতা শক্তিশালী কৰাত অতি উপযোগী। গাজৰত ভিটামিন চি থাকে। যিয়ে শৰীৰত এন্টিবডি তৈয়াৰ কৰে। সেই এন্টিবডিয়ে ৰোগ প্ৰতিৰোধকাৰী ক্ষমতা শক্তিশালী কৰে।

৪) ডায়েবেটিচ নিয়ন্ত্রণত ৰাখে –

স্বাস্থ্য বিষেজ্ঞসকলে কয় যে, ডায়েবেটিচ নিয়ন্ত্রণত গাজৰ যথেষ্ট কাৰ্য্যকৰী। গতিকে ডায়েবেটিচ ৰোগীসকলক গাজৰ খাবলৈ পৰামৰ্শ দিয়া হয়। গাজৰত থকা আঁহে ব্লাড চুগাৰৰ স্তৰ নিয়ন্ত্রণ ৰাখে। গাজৰত থকা ভিটামিন এ আৰু বিটা কেৰাটিনে ডায়েবেটিচ হোৱাৰ সম্ভাৱনা যথেষ্ট হ্ৰাস কৰে। 

৫) হৃদযন্ত্রৰ বাবে উপকাৰী –

গাজৰক হৃদযন্ত্রৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়। এন্টিঅক্সিডেন্ট হৃদযন্ত্রৰ বাবে উপকাৰী। ইয়াৰ উপৰিও গাজৰত থকা পটাছিয়ামে ব্লাড চুগাৰ নিয়ন্ত্রণ কৰাত সহায় কৰে। গাজৰত থকা আঁহে ওজন নিয়ন্ত্রণত সহায় কৰে। হৃদৰোগৰ পৰা আঁতৰাই ৰাখে। ৰঙা গাজৰত লাইকোপেন থাকে। ইয়ে হৃদযন্ত্রটো স্বাস্থ্যৱান কৰি ৰাখে। 

৬) কোষ্ঠকাঠিন্য সমস্যা সমাধান কৰে –

গাজৰৰ আন এটা গুণ হল, কোষ্ঠকাঠিন্যৰ সমস্যা আঁতৰ কৰাত ই উপযোগী। যদি আপোনাৰ পেট পৰিষ্কাৰ নহয়। তেন্তে আপুনি কেচাঁ গাজৰ খোৱাটো উচিত। গাজৰত থকা কেলচিয়াম আৰু ভিটামিনে দাঁত আৰু হাড় শক্তিশালী কৰি ৰাখে।

(সংগ্ৰহিত: ৰেখামণি চাৰিঙীয়া)।

অর্ধ ছুটি বিচাৰি আবেদন

গাজৰৰ খেতি :

সঁচ

নানঠেজ , পুচা কেশৰ ,চাটনি

সচঁৰ বর্ণনা

১) নানঠেজ : মধ্যমীয়া দৈর্ঘ্যৰ , কমলাৰঙৰ , ঘূৰণীয়া , স্বাদত মিঠা ,১১০ -১২০ দিনত পূৰঠ হোৱা।

২) পুচা কেশৰ : পাতবোৰ মধ্য আকৃতিৰ , ৰঙা ৰঙৰ দীঘল , ৯৫ -১১০ দিনৰ পূৰঠ হোৱা ।

৩) চাটনি : ১১.৫ -১৫ চে: মিটাৰ দীঘল , ৩-৫ চে:মিটাৰ ব্যাসার্দ্ধৰ , গাঢ় কমলা ৰঙৰ ।

মাটি নির্ব্বাচন

জৈৱিক সাৰ থকা ওখ বালি – পলসুৱা মাটি গাজৰ খেতিৰ বাবে উপযোগী । বিঘাই প্রতি ৩ কুইন্টল হিচাবে চূণ মিহলাই মাটিৰ অম্লতা কমাই লব লাগে ।

পথাৰ প্রস্তুতি

পচন সাৰ আদি মিহলায় মাটিডোখৰ ভালদৰে প্রস্তুত কৰি লব লাগে । আম্লিক মাটিৰ বাবে চূণ প্রয়োগ অতি আৱশ্যক ।

বীজৰ পৰিমাণ

৫.৫ – ৭ কি: গ্রাম / হেক্টৰত

সিঁচাৰ সময় :

অক্টোবৰ মাহৰ আৰম্ভনিৰ পৰা নবেম্বৰ মাহলৈকে ।

বীজ শোধন

গুটিবোৰ সিঁচাৰ আগেয়ে শোধন কৰাতো অতি প্রয়োজন । প্রথমতে গুটিবোৰ ভালদৰে মোহাৰি গাত লাগি থকা সূক্ষ্ম আকৃতিৰ আঁহবোৰ আতঁৰায় লব লাগে । তাৰ পিচত গুটিবোৰ ২৪ ঘন্টামান পানীত তিয়াই আকৈ ছাঁত শুকাবলৈ দিব লাগে । শুকোৱা গুটিবোৰ প্রতি কি: গ্রাম গুটিৰ বাবে ৩ গ্রাম কেপঠান ৭৫ পাউদাৰেৰে শোধন কৰিব লাগে । ১ শতাংশ চদিয়াম বৰেটৰে ২৪ ঘন্টামান গুটিবোৰ শোধন কৰি লব লাগে উত্পাদনত অৰিহণা যোগায় ।

গুটিৰ ব্যৱধান

গুটিবোৰ বীজতলিত ১.৫ চে: মি: গম্ভীৰতাত শাৰীবদ্ধভাবে সিঁচিব লাগে । অঙ্কুৰিত হোৱা ১০-১৫ দিন মানৰ ভিতৰত পুলিবোৰ ১০ চে: মিটাৰ ব্যৱধান ৰাখি পাতলাই দিব লাগে ।

সাৰ প্রয়োগ আৰু পৰিমাণ

মূল পথাৰখন শেষবাৰ হাল কোৰ যোৱাৰ আগতে হেক্টৰে প্রতি ১০টন পচনসাৰ ৩০ কি: গ্রাম নাইট্রজেন , ৩০ কি:গ্রাম ফচফৰাচ আৰু ১২০ কি: গ্রাম পটাচ সাৰ প্রয়োগ কৰিহে হালকোৰ বাব । বীজ সিঁচাৰ এমাহৰ পিচত আৰু ৩০ কি: গ্রাম নাইট্রজেন সাৰ শাৰীবোৰৰ মাজত প্রয়োগ কৰিব লাগে ।

পৰিচর্য্যা

১. জলসিঞ্চন :

মূল পথাৰখন প্রস্তুত কৰাৰ আগেয়ে মাটিডোখৰত ভালদৰে পানী প্রয়োগ কৰিহে হালকোৰ মাৰিব লাগে । তাৰ পিচত সময়ে সময়ে ১০-১৫ দিনৰ ব্যৱধানত পথাৰত / শস্যৰ পথাৰখনত পানী যোগান ধৰিব লাগে।

২. অপতৃণ নিয়ন্ত্রণ :

বীজ সিঁচাৰ ২০ দিনত আৰু ৪০ দিনৰ পিচত বনবাতবোৰ আঁতৰাই দিব লাগে ।

শস্য ৰক্ষা

১. পুলিবোৰ সৰু হৈ থকাৰ সময়ত গুৰি কটাপোকে আক্রমণ কৰিব পাৰে । গতিকে পুলিৰ গুৰিত মালাথিয়ন ৫০ শক্তিৰ পাউদাৰ প্রয়োগ কৰিব লাগে ।

২. পাতপোৰা বেমাৰ বাবে ১০ লিটাৰ পানীত ২৫ গ্রাম মেনক’জেব ৭৫ শক্তিৰ ঔষধৰ মিশ্রণ প্রয়োগ কৰিব লাগে ।

৩. শস্যকৃমি : শস্যকৃমিৰ দ্বাৰা গাজৰ আক্রন্তহাল গাজৰৰ আকৃতিত ব্যঘাত জন্মায় , উত্পাদন আৰু বজাৰৰ চাহিদাত হ্রাস পায় । গতিকে গুটি সিঁচাৰ আগে আগে মাটিডৰাত হেক্টৰে প্রতি ৩০০-৪০০ কি: গ্রাম খলিহৈ প্রয়োগ কৰিব লাগে ।

উত্পাদন:

২০০ – ২৫০ কুইন্টল / হেক্টৰত

উৎস: অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট।

অর্ধ ছুটি বিচাৰি আবেদন

2 thoughts on “গাজৰ (Carrot)*উপকাৰিতা *কৃষি *ঔষধি গুণ

Leave a Reply

Your email address will not be published. Required fields are marked *