20 May, 2024
অসমীয়া সাঁথৰ

অসমীয়া সাঁথৰ আৰু উত্তৰ 2024

আমাৰ অসমীয়া সমাজত জমনি সাথৰ আৰু উত্তৰ, জমনি সাথৰ, অসমীয়া ডাইলগ funny, অসমীয়া জমনি গল্প, শিক্ষক আৰু ছাত্ৰ কৌতুক, কৌতুক আৰু সাথৰ, অসমীয়া কৌতুক আদি আটাইতকৈ বিখ্যাত, এই লেখাটোত আমি কিছুমান পুৰণি আৰু নতুন অসমীয়া জমনি সাথৰ চাম৷

গোটেই সংগ্ৰহসমূহ ছ’চিয়েল মিডিয়া, কিতাপ, আলোচনী আৰু ব্লগৰ দৰে বহু উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে:

অসমীয়া সাঁথৰ আৰু উত্তৰ 2024

অসমীয়া সাঁথৰ আৰু উত্তৰ 2024
  • ৰজাৰ লাঠি , ঘন ঘন গাঠি ?
    • উত্তৰ: –  কুহিয়াঁৰ ৷
  • তিনিটা আখৰ মিলি জন্তুৰ নাম , প্ৰথম দুটা মিলি লৰাৰ নাম আৰু শেষৰ দুটা মিলি ছোৱালীৰ নাম:
    • উত্তৰ: – হৰিণা

কমতাত আছে,
অসমত নাই কলকতাত দুই ঠাইত পায় ;
কামাখ্যাত আছে কিন্তু
গুৱাহাটীত নাই কি বাৰু
কোৱাচোন ভাই।

উত্তৰ: – ক ৷
  • বগা বগা চাহাবে ক’লা-কলা/ৰঙা-ক’লা টুপি পিন্ধে,এক ঘোচা মাৰি দিলে জ্বলি-পকি উঠে ?
    • উত্তৰ: – জুইশলা ৷
  • আগ তিতা গুৰি মৌ, কি কৰিছা ভাবুলী বৌ ?
    • উত্তৰ: – কুহিঁয়াৰ ৷
  • এডাল খেৰে ঘৰটো বেৰে ?
    • উত্তৰ: – চাকি নাইবা মমবাতি ৷
  • মাকে বৰশী বায়, পুতেকে সৰগ/আকাশলৈ চায় ?
    • উত্তৰ: –  বাঁহ গছ আৰু বাঁহ গাজ ৷
  • এজনী কলী গাই , ঘাটে ঘাটে পানী খায় ?
    • উত্তৰ: – বৰশী ৷
  • খাল বিল শুকাই গ’ল, গছৰ আগত পানী ৰ’ল ?
    • উত্তৰ: – নাৰিকল ৷
  • এঠেঙীয়া বগলী,নিতৌ নাচে গধুলি ? 
    • উত্তৰ: – বিচনী ৷
  • চিত পখিলা, চিত পখিলা ,তিনি মূৰ দহ ঠেঙ ক’ত দেখিলা ?
    • উত্তৰ: –  হাল বাওঁতে, হালোৱা, আৰু দুটা গৰু ৷
  • মাক জুটুলী পুতুলী, পুতেক চোকা টেকেলা ?
    • উত্তৰ: – জলকীয়া গছ মাক, আৰু জলকীয়া পুতেক ৷
  • মাত আছে মানুহ নাই, ঘৰ আছে দুৱাৰ নাই/ঘৰ আছে দুৱাৰ নাই,মাত আছে মানুহ নাই ?
    • উত্তৰ: – ৰেডিঅ’ ৷
  • পেট আছে পেটু নাই, মুখ আছে জিভা নাই ?
    • উত্তৰ: –  কলহ ৷
  • দেশ আছে মানুহ নাই, নদী আছে পানী নাই ?
    • উত্তৰ: – মানচিত্ৰ ৷
  • জলত জন্ম স্থলত বাস, মাকে চুলে হয় সৰ্বনাশ ?
    • উত্তৰ: – নিমখ ৷
  • ওপজিয়েই বুঢ়া হয় কোন ?
    • উত্তৰ: – বুঢ়া আঙুলি ৷
  • উপি উপি বাটত আছে চুপি ?
    • উত্তৰ: – জোক ৷
  • ঘৰৰ তলত/উপৰত ঘৰ, তাতে পৰি মৰ ?
    • উত্তৰ: – আঁঠুৱা ৷
  • ওপৰৰ পৰা পৰিল টেকেলী, টেকেলীৰ পেটত/ভিতৰত এশ ভেকুলী ?
    • উত্তৰ: – কঁঠাল ৷
  • গছৰ ওপৰত গুটি,গুটিৰ ওপৰত গছ, ইনো কি নিলাজৰ সঁচ ?                    
    • উত্তৰ: – মাটিকঠাল ৷
  • মাটিৰ তলৰ বগা বুঢ়ী,সাজ পিন্ধে কুৰি কুৰি ?
    • উত্তৰ: – নহৰু ৷
  • নমতাকৈ বিয়া ঘৰৰ ৰভাতল ভৰিল, বিয়াৰ পিছত কইনাজনী পানীত পৰি মৰিল ?  
    • উত্তৰ: – পূজাৰ প্ৰতিমা ৷
  • কাণত ধৰি নাকত বহে ?
    • উত্তৰ :  – চশমা ৷
  • পৰ্বতৰ টিঙত ক’লী গাই চৰে, দুই পৰ্বতে হেঁচা মাৰি ধৰে ?
    • উত্তৰ: – দুই নখেৰে মৰে ওকনী ৷
  • আলিয়ে আলিয়ে যায়, মূৰ দাঙি চায় ?
    • উত্তৰ: – বেজী ৷
  • ওপৰেদি উৰি যায়, নহয় শৰালি, থাপ মাৰি মাছ খায়, নহয় বৰালি ?
    • উত্তৰ : জাল ৷
  • ইয়াতে মাৰিলো টিপা, গড়গাঁও পালেগে শিপা ?
    • উত্তৰ: – ভূমিকম্প ৷
  • এটা মাছৰ দুখন ফিচা, বুৰ মাৰিলেই সকলো মিছা ?
    • উত্তৰ: –  নাও ৷
  • ৰজাৰ আলিবাট, তিয়াব পাৰি শুকুৱাব নোৱাৰি ?
    • উত্তৰ : – জিভা ৷
  • তিনি আখৰে মোৰ নাম সকলোৱে খায়, এটা আখৰ এৰি দিলে ফাটেকলৈ যায় ?
    • উত্তৰ: –  মচুৰ ৷
  • টিঁ টিঁ কৈ টিঞা, ককালটি চিঞা; হনুমন্ত ভাই, মানুহ খেদি যায় ?
    • উত্তৰ: – বৰল ৷
  • ওপৰৰ পৰা পৰিল বাঘিনী, চাৰি ঠেং মেলি হ’ল গাভিনী ?
    • উত্তৰ : –  আঠুৱা
  • এডাল মাৰলি দুখন চাল ?
    • উত্তৰ : – কলপাত ৷
  • গুণ গুণ কৰে কিন্তু ভোমোৰা নহয়, লগুণ আছে কিন্তু বামুণ নহয় ?
    • উত্তৰ: – যঁতৰ ৷
  • ৰজাৰ আলিবাট মেলিব পাৰি, জপাব নোঁৱাৰি ?
    • উত্তৰ: – চোতাল ৷
  • পাত আছে ডাল নাই, কথা আছে মাত নাই ?
    • উত্তৰ : – কিতাপ ৷
  • ৰঙাকৈ বামুণটি খোজ কাঢ়ে খৰ, পিছফালে দেখি আহিছোঁ বাঁহৰ তলত ঘৰ ?
    • উত্তৰ: – আমৰলি পৰুৱা ৷
  • এনু এনু এনু, ধৰিবলৈ নাই ঠেনু ?
    • উত্তৰ: – কণী ৷
  • লিকি লিকি ডিমৰু চিকি চিকি পাত, পালেং বাবৰি ওঠৰ হাত ?
    • উত্তৰ : – তামোল গছ ৷
  • ওচৰা ওচৰিকৈ থাকে, দুয়ো যঁজা ভাই , একেলগে ফুৰে ,জগতখন চায়, ইজনে -সিজনক দেকা নাপায়, এইজননো কোন, কো‌ৱাচোন ভাই ?
    • উত্তৰ: – চকুযোৰ ৷
  • দিনত ভৰি পৰে লৰা ছোৱালী , ৰাতি নাথাকে কোনো প্ৰাণী ?
    • উত্তৰ: – পঢ়াশালি ।
  • কমাৰ ঘৰৰ ভাটি, বতাহ খাই উজান ভাটি ?
    • উত্তৰ: –  নাক ।
  • শদিয়ালৈ নাজাবা, সতফুল নখাবা, কেচাঁপাতত নাবান্ধিবা লোণ, উপজিয়ে লৰমাৰে কোন ?
    • উত্তৰ: – জেঠী ৷
  • তোক কাটিলে মই কান্দো, তোকো নাকাটি থাকিব নোৱাৰো।
    • উত্তৰ:- পিয়াঁজ
  • আছে গুটি বাকলি নাই, মুখত দিলে পমি যায়।
    • উত্তৰ:- বৰফ
  • আগ তিতা, গুৰি মৌ, কি কৰিলা ভেবেলী বৌ।
    • উত্তৰ:- কুঁহিয়াৰ
  • ঘৰৰ ওপৰত ঘৰ, তাতে পৰি মৰ।
    • উত্তৰ:- আঁঠুৱা
  • কি পানীত মাছ নাই?
    • উত্তৰ:- চকুৰ পানীত
  • আহিলা গ’লা, গ’লা-আহিলা, আকৌ নাহিলা। 
    • উত্তৰ:- দাঁত
  • লোৰ দামুৰী কাঠৰ গাই, যিমান দিয়া সিমান খায়।
    • উত্তৰ:- খুন্দনা
  • বাঘ নহয় মানুহ খাই, চৰাই নহয় উৰি যায়।
    • উত্তৰ:- মহ
  • পানীত জন্মে, পানীত মৰে।
    • উত্তৰ:- নিমখ
  • তিনিটা আখৰৰ বস্তুটোক সকলোৱে পঢ়ে, প্ৰথমটো এৰি দিলে গৰম অনুভৱ কৰে।
    • উত্তৰ:- কিতাপ
  • চফা হ’লে ক’লা, লেতেৰা হ’লে বগা। এইটোনো কি চেপেটা বস্তু ল’ৰাহঁতক সুধা।
    • উত্তৰ:- চিলেট
  • অলপ পানীত বগলীটো চৰে, পানীকন শুকালে বগলীটো মৰে।
    • উত্তৰ:- কলম
  • গৰুৰ দৰে ঘাঁহ খায়, পক্ষীৰ দৰে উৰি যায়।
    • উত্তৰ:- ফৰিং
  • কি পাতৰ আগ নাই?
    • উত্তৰ:- টিনপাত
  • খালে থিয় হৈ থাকে, নাখালে শুই থাকে?
    • উত্তৰ:- বস্তা
  • সৰুকালত দুই শিং ডেকা হ’লে সৰে, বুঢ়া কালত দুনাই গজে, আকাশত চৰে।
    • উত্তৰ:- জোন
  • পেট ডাঙৰ মুখ সৰু, গিলি খায় মানুহ-গৰু।
    • উত্তৰ:- ঘৰ
  • গছত সেউজীয়া হয়, বজাৰলৈ নিলে ক’লা হয়, খালে ৰঙা হয় কি?
    • উত্তৰ:- চাহপাত
  • বৃক্ষ নহওঁ মই বৃক্ষৰ সন্তান, মানুহৰ সেৱা কৰোঁ নাই অভিমান।
    • উত্তৰ:- কাঠ
  • অসম দেশৰ বিষম কথা, কি গছৰ পাত গোটা?
    • উত্তৰ:- পিয়াজ
  • এঠেঙীয়া বগলী, নিতৌ নাচে গধুলি?
    • উত্তৰ:- বিচনী
  • পেট আছে পেটু নাই, মুখ আছে জিভা নাই?
    • উত্তৰ:- কলহ
  • মাক জুটুলী পুতুলী, পুতেক চোকা টেকেলা?
    • উত্তৰ:- জলকীয়া গছ (মাক) আৰু জলকীয়া (পুতেক)
  • ইয়াতে মাৰিলো টিপা, গড়গাঁও পালেগে শিপা।
    • উত্তৰ:- ভূমিকম্প
  • খাওঁতে খায়, পেটো নভৰে মুখেও নাপায়।
    • উত্তৰ:- উজুটি
  • গছৰ ওপৰত গুটি, গুটিৰ ওপৰত গছ, এইটো কি নিলাজৰ সঁচ।
    • উত্তৰ:- আনাৰস
  • টুপ টুপ টুপলি, পানী পালে মুকলি।
    • উত্তৰ:- জাল
  • কলিংগৰ লিংগ কাটি পাঠাৰ কাটি পা, লবংগৰ বংগ কাটি মজা মাৰি খা।
    • উত্তৰ:- কঁঠাল
  • খাল বিল শুকাই গ’ল, গছৰ আগত পানী ৰ’ল। 
    • উত্তৰ:- নাৰিকল
  • ৰজাৰ লাঠী, ঘন ঘন গাঁঠি।
    • উত্তৰ:- কুঁহিয়াৰ
  • তিনিকোণীয়া মাজত খাল, ঘাৰত ধৰি মাৰিবলৈ ভাল। 
    • উত্তৰ:- জাকৈ
  • ডেকাত কুঁজা, বুঢ়াত পোন, তাক নাখায় থাকে কোন?
    • উত্তৰ:- ঢেকীয়া
  • গছত লাগে, আনোতাই আনে, ৰান্ধোতাই ৰান্ধে, খাওঁতাই খাই কিন্ত পেলাই দিয়ে।
    • উত্তৰ:- তেজপাত
  • মাত আছে মানুহ নাই, ঘৰ আছে দুৱাৰ নাই।
    • উত্তৰ:- ৰেডিঅ’
  • চাৰি ভাইৰ কাণ কটা, দুই ভাইৰ পেট ফুটা।
    • উত্তৰ:- তাঁতৰ খুটা
  • খেতিয়কে খেতি কৰে গুটি নাই, ফুল নাই কেৱল মাথোন পাতেৰে ভৰে।
    • উত্তৰ:- পান
  •  ঘন ঘন গাঁঠিৰে ডিঙিত পিন্ধি মণি, ওপৰলৈ চাই আছে কোনে চুলি মেলি?
    • উত্তৰ:- তামোল গছ
অসমীয়া সাঁথৰ আৰু উত্তৰ 2024

One response to “অসমীয়া সাঁথৰ আৰু উত্তৰ 2024”

  1. […] অসমীয়া সাঁথৰ আৰু উত্তৰ 2024 […]

Leave a Reply

Your email address will not be published. Required fields are marked *

More:

One thought on “অসমীয়া সাঁথৰ আৰু উত্তৰ 2024

Leave a Reply

Your email address will not be published. Required fields are marked *