নতুন অসমীয়া সাথৰৰ সংগ্ৰহ
সাঁথৰ কি?
সাঁথৰ (English: Riddle) হৈছে দ্বৈত অৰ্থ বা অস্পষ্ট অৰ্থ থকা এক বাক্য, প্ৰশ্ন বা খণ্ড-বাক্য, যাক প্ৰহেলিকাৰ ৰূপত সমাধান কৰিবৰ বাবে আগবঢ়োৱা হয়। সাঁথৰত বক্তব্য লুপ্ত থাকে অৰ্থাৎ ই গুপ্ত বা গোপনীয় অৰ্থযুক্ত কথাহে৷ কোনো এটা প্ৰশ্নৰ উত্তৰ পোনপটীয়াভাৱে নিবিচাৰি ইয়াত আওপকীয়াকৈ উত্তৰ বিচৰা মানুহজনক প্ৰশ্ন কৰা হয়। সাধাৰণতে প্ৰশ্নটোৰ মাজতে ইয়াৰ উত্তৰ সোমাই থাকে যদিও সেই কথা অলপ চিন্তা কৰিলেহে বিচাৰি পোৱা যায়। সাঁথৰ হৈছে মানুহৰ খেয়ালি মনৰ পৰিচায়ক। সাঁথৰসমূহ মানুহৰ মুখেমুখে প্ৰচলিত হৈ থাকে আৰু সাধাৰণতে শিশুৰ মনোৰঞ্জনৰ কাৰণে ব্যৱহাৰ কৰা হয়। সাঁথৰৰ গুপ্ত অৰ্থ ভেদ কৰিব নোৱাৰিলে সাঁথৰৰ পৰা আনন্দ লাভ কৰাটো টান হৈ পৰে৷ সাঁথৰৰ উত্তৰ দিবলৈ চিন্তন আৰু মননৰ আৱশ্যক৷ সাঁথৰ শব্দৰ প্ৰতিশব্দৰূপে “দৃষ্টান্ত’’ বা “দিষ্টান’’ ব্যৱহাৰ কৰা হয়৷ সাঁথৰ প্ৰহেলিকাময় প্ৰশ্ন, সোধোঁতাই উত্তৰ নজনাসকলক বিভ্ৰান্ত কৰিবলৈ আৰু তেওঁলোকৰ উদ্ভাৱনী শক্তি পৰীক্ষা কৰিবলৈ চাতুৰীৰে প্ৰশ্ন নিক্ষেপ কৰে৷ সাঁথৰত পৰস্পৰ বিৰোধী বৰ্ণনা বাক্যৰ স্থিতি লক্ষ্য কৰা যায়৷
সাঁথৰৰ প্ৰকাৰ:
সাঁথৰৰ উপস্থাপন বা বাক্যৰীতিলৈ চাই ইয়াৰ কেইবাটাও প্ৰকাৰ নিৰ্ণয় কৰিব পাৰি৷
যেনে:
- বৰ্ণনাত্মক সাঁথৰ,
- টেটকুটিমূলক সাঁথৰ,
- জ্ঞানমূলক প্ৰশ্ন বা সাঁথৰ,
- সমস্যাপ্ৰধান সাঁথৰ আৰু
- ছল-সাঁথৰ৷
বৰ্ণনাত্মক সাঁথৰ:
বৰ্ণনাত্মক সাঁথৰত প্ৰশ্ন প্ৰহেলিকাময় ভাষা আৰু বৰ্ণনাৰ সহায়ত উপস্থাপন কৰা হয়৷
যেনে:
গল আছেই ঠেং নাই
কাণ আছেই চকু নাই
পেট আছেই হাত নাই
মুখ আছেই জিভা নাই
এইটো কি বস্তু ভাই৷
উত্তৰ: কলহ বা ঘটি৷
টেঁটকুটিমূলক প্ৰশ্ন বা সাঁথৰ:
টেঁটকুটিমূলক প্ৰশ্ন বা সাঁথৰত সাঁথৰৰ শেষৰ বাক্যটোৱেই প্ৰকাৰ্য সাধন কৰে৷
যেনে:
কি হাতীৰ শুঁৰ নাই?
উত্তৰ: গুৱাহাটীৰ৷
জ্ঞানমূলক সাঁথৰ:
জ্ঞানমূলক সাঁথৰ বা প্ৰশ্নত উত্তৰটো সম্বন্ধে আগতেই জ্ঞান থকা হ’ব লাগিব৷
যেনে:
বায়ুতকৈ বেগী কি?
উত্তৰ: মন৷
সমস্যা প্ৰধান সাঁথৰ:
সমস্যা প্ৰধান সাঁথৰত একোটা সমস্যা ডাঙি ধৰা হয়৷
যেনে:
ইঘৰৰো মাক-জীয়েক, সিঘৰৰো মাক-জীয়েক; পকা কল তিনিটা, গাই পতি কেইটা?
উত্তৰ: এটাকৈ৷
ছল-সাঁথৰত ছল:
ছল-সাঁথৰত ছল কৰি প্ৰশ্ন সোধা হয়৷ এই সাঁথৰক ব্যংগপ্ৰধান সাঁথৰো বোলে৷
যেনে:
মাক লতা পতা, জীয়েক ফুলবাৰী, পুতেকৰ ভোচ্ ভোচ্ কৰে গাড়ী৷
সেইটোনো কি অদ্ভূত প্ৰাণী কোৱাচোন ভাবি-গুণি৷
উত্তৰ: কোমোৰা
নতুন অসমীয়া সাথৰ:
সাঁথৰৰ বৈশিষ্টসমূহ:
- সাঁথৰত ৰূপক বা প্ৰতীকৰ মাজত বৈপৰীত্য বা বিৰোধ থাকে৷
- সাঁথৰত প্ৰতীক বা ৰূপক অসম্পূৰ্ণ৷
- বৰ্ণনাৰ আধিক্যৰ জৰিয়তে পৰিস্ফুট বিৰোধ আৰু
- মিথ্যা ৰূপক বা প্ৰতীকৰ জৰিয়তে পৰিস্ফুট বিৰোধ৷
3 thoughts on “নতুন অসমীয়া সাথৰ : অসমীয়া সাঁথৰ”