20 May, 2024
ৰোমান্টিক কবিতা

চমুটোকা লিখা লাচিত বৰফুকন[Lachit Borphukan]

লাচিত বৰফুকন বিষয়ে চমুটোকা লিখা?

চমুটোকা লিখা লাচিত বৰফুকন

লাচিত বৰফুকন (Lachit Borphukan) আহোম ৰাজ্যৰ নৱমজন (9th) বৰফুকন (ফু-কন লুং)। তেওঁৰ জন্ম ১৬২২ চনৰ ২৪ নৱেম্বৰ তাৰিখে চৰাইদেউত হয়। তেওঁৰ পিতৃৰ নাম আছিল ছেং কালুক, লাচিত বৰফুকনৰ পিতৃ আহোমৰ লান-ফিমা বংশৰ আছিল, লাচিত বৰফুকনৰ মাকৰ নাম নাগেশ্বৰী আইদেউ,। লাচিত বৰফুকন আছিল তেওঁৰ সপ্তম পুত্ৰ (চতুৰ্থজন জীৱিত সন্তান)৷ ১৬৭১ চনত তেখেতে অসমীয়া সেনাৰ দ্বাৰা বিশাল মোগল সৈন্য-বাহিনী পৰাজিত কৰি অসমৰ পৰা আঁতৰাই পঠিয়াইছিল।শৰাইঘাটৰ যুদ্ধত লাচিত বৰফুকনে দেখুওৱা বিক্ৰমৰ ফল স্বৰূপে অসমৰ বুৰঞ্জীত তেখেতৰ নাম জিলিকি আছে।

ৰাজকীয় পৰিয়ালত জন্মগ্ৰহণ কৰা বাবে লাচিত বৰফুকনে সামৰিক আৰু অসামৰিক দুয়োবিধ শিক্ষাই ল’বলগীয়া হৈছিল। লাচিত বৰফুকনৰ জন্ম ৰাজকীয় পৰিৱেশত হোৱা বাবে কৰ্তব্যপৰায়ণতা, কৰ্মনিষ্ঠা, সততা আদি গুণ পৰিয়ালৰ পৰাই পাইছিল। আহোমসকলৰ এটা ফৈদ হ’ল লান ফিমা বংশ। এই ফৈদৰে লোক আছিল লাচিত বৰফুকন। এই ফৈদৰ আদি পুৰুষজন চুকাফাৰ লগতে অসমলৈ আহিছিল।

লাচিতে একেদিনাই বৰফুকনৰ পদ পোৱা নাছিল। তেওঁ প্ৰথমতে আছিল ঘোঁৰা বৰুৱাৰ পদত। এই পদত থাকোঁতে তেওঁ অতি দুৰ্দান্ত ঘোঁৰাক বশ কৰিছিল। ঘোঁৰা বৰুৱা, দুলীয়া বৰবৰুৱা, শিমুলগুৰীয়া ফুকন, দোলাকাষৰীয়া বৰুৱা (দোলা কঢ়িওৱা আৰু পালি পহৰীয়া সকলক চলোৱা) হোৱাৰ পিছতহে স্বৰ্গদেও চুপুংমুংৰ বৰফুকন হৈছিল।

দোলাকাষৰীয়া বৰুৱা পদত থাকোঁতে লাচিতৰ দক্ষতা স্বৰ্গদেওৰ চকুত পৰে। এদিনাখনৰ কথা- দোলাত বহি থকা স্বৰ্গদেওৱে লাচিতক মাতি আনি ক’লে- “বঙাল শত্ৰু কাষতে আছে, কেনেকৈ ছৈয়দ ফিৰোজ আৰু ছৈয়দ চালাক ধৰিব পাৰি।” লাচিতে উত্তৰ দিলে- “স্বৰ্গদেওৰ ৰাজ্যত মানুহ নাই নেকি? বঙালনো কি? মানুহহে! আমাৰ ৰাজ্যত নোলাব নেকি তেনে মানুহ। স্বৰ্গদেওৱে আদেশ দিবহে লাগে।”

তাৰ পিচতেই লাচিতক বৰফুকনৰ ভাৰ দিয়া হৈছিল। বৰফুকন পদ পোৱাৰ আগতে লাচিতে আৰু এটা পৰীক্ষাৰ সন্মুখীন হৈছিল। লাচিতক স্বৰ্গদেওৰ ওচৰলৈ মাতি পঠিওৱা হ’ল। স্বৰ্গদেওৰ সমুখত আঁঠু ল’ব ধৰোঁতেই ক’ৰবাৰ পৰা লগুৱা এজন আহি লাচিতৰ মূৰৰ বস্ত্ৰ থাপ মাৰি লৈ গৈছিল। স্বৰ্গদেওৱে এইটো পৰিকল্পিতভাৱে কৰোৱাইছিল। লাচিতৰ স্বাভাৱিকতেই খং উঠিল আৰু খাপৰ পৰা হেংদাঙখন (তৰোৱাল) উলিয়াই লগুৱাক খেদি গ’ল। স্বৰ্গদেওৰ হস্তক্ষেপত লগুৱা বাচিল। লাচিত নিৰ্ভীক আৰু যথেষ্ট সাহসী আছিল ।

শৰাইঘাট যুদ্ধৰ শেষৰ ফালে মোগলৰ বিৰাট সৈন্য বাহিনীৰ আগত আহোমৰ সৈন্যই জয়ৰ আশা বাদ দি পিছ হুঁহুকিবলৈ আৰম্ভ কৰিছিল। সেইসময়ত লাচিত বৰফুকনৰ অতিপাত জ্বৰ উঠি আছিল। সেই নৰিয়া গাৰে এখন নৌকাত উঠি মোগলৰ বিৰুদ্ধে যুঁজ দিবলৈ আগবাঢ়ি আহিছিল আৰু সৈন্যসকলক উদ্দেশ্যি কৈছিল, “অসমীয়া ৰণুৱা সকল মই যুঁজিহে মৰিম। নাইবা মোক বঙালে ধৰি লৈ যাওক তোমালোক সুখেৰে ঘৰলৈ যোৱা।” কথাখিনিয়ে সৈন্যসকলক উৎসাহ দিলে আৰু দুগুণ সাহসেৰে যুঁজি মোগলক পৰাস্ত কৰিলে।

শৰাইঘাটৰ যুদ্ধ জয়ৰ পিছতেই লাচিত বৰফুকনৰ মৃত্যু হৈছিল। যুদ্ধৰ সময়ত তেওঁৰ তীৰকঁপে জ্বৰ উঠি আছিল আৰু সেই জ্বৰীয়া দেহেৰে যুদ্ধ কৰিছিল। পিছত স্বৰ্গদেও উদয়াদিত্য সিংহ‍ই ১৬৭২ চনত যোৰহাটৰ পৰা ১৬ কিলোমিটাৰ আঁতৰত “লাচিত মৈদাম” নিৰ্মাণ কৰে।

প্ৰতিবছৰে ২৪ নৱেম্বৰৰ দিনটো গোটেই অসমতে লাচিত বৰফুকনৰ বীৰত্ব আৰু শৰাইঘাটৰ যুদ্ধত অসমীয়া সেনাৰ বিজয়ৰ স্মৃতিত লাচিত দিৱস (Lachit Day) হিচাপে পালন কৰা হয় ।

চমুটোকা লিখা লাচিত বৰফুকন

চমুটোকা লিখা: লাচিত বৰফুকন

পানী প্ৰদূষণ, ভাৰতবৰ্ষ , মিচিং, দেউৰী, জলবিদ্যুৎ, সাঁচিপাত, প্ৰতিধ্বনি, ৰেডিঅ’, গ্ৰামোফোন


লাচিত বৰফুকনৰ জন্ম কত হৈছিল?

লাচিত বৰফুকনৰ জন্ম ১৬২২ চনৰ ২৪ নৱেম্বৰ তাৰিখে চৰাইদেউত হয়,

লাচিত বৰফুকনৰ মাতৃৰ নাম কি আছিল ?

লাচিত বৰফুকনৰ মাতৃৰ নাম নাগেশ্বৰী আইদেউ,

লাচিত বৰফুকন জন্ম কোন চনত হয়?

লাচিত বৰফুকন জন্ম ১৬২২ চনৰ ২৪ নৱেম্বৰ তাৰিখে হয়,

লাচিত বৰফুকন মৃত্যু কোন চনত হয়?

লাচিত বৰফুকন মৃত্যু ২৫ এপ্ৰিল, ১৬৭২ চনত হয়,

লাচিত দিৱস কি তাৰিখে পালন কৰা হয়?

২৪ নৱেম্বৰৰ দিনটো  লাচিত দিৱস (Lachit Day) হিচাপে পালন কৰা হয় ।

One thought on “চমুটোকা লিখা লাচিত বৰফুকন[Lachit Borphukan]

Leave a Reply

Your email address will not be published. Required fields are marked *