13 September, 2024
শব্দ কাক বোলে ?

শব্দ কাক বোলে ? 2024

Q: শব্দ কাক বোলে ?

Ans: এটা বা তাতোকৈ অধিক বর্ণ বা আখৰ লগ লাগি অৰ্থ প্ৰকাশ কৰাকে শব্দ(Word) বোলে। যেনে: কিতাপ, বিচনী, পাঠ আদি।


অসমীয়া শব্দবোৰক তিনি ভাগত ভাগ কৰিব পাৰি:

  • কৃদন্ত শব্দ,
  • তদ্ধিতান্ত শব্দ আৰু 
  •  সমাসনিষ্পন্ন শব্দ।

কৃদন্ত শব্দ কাক বোলে ?

কৃদন্ত শব্দ কাক বোলে ?

Ans: ধাতুৰ পিছত ‘কৃত’ প্ৰত্যয় যোগ হৈ গঠন হোৱা শব্দক কৃদন্ত শব্দ বোলে। যেনে–

অসমীয়া কৃদন্ত শব্দ–

লিখ + আৰু = লিখাৰু

খুন্দ + অনা = খুন্দনা,

খা + অন = খাৱন,

বিচ + অনী = বিচনী,

শো + অন = শোৱন।

সংস্কৃত কৃদন্ত শব্দ–

কৃ+ তব্য= কৰ্তব্য,

পাঠ + ঘঞ = পাঠ

কৃ + যৎ = কাৰ্য।


তদ্ধিতান্ত শব্দ কাক বোলে ?

তদ্ধিতান্ত শব্দ কাক বোলে ?

Ans: প্ৰাতিপদিকৰ পাছত তদ্ধিত প্ৰত্যয় যোগ হৈ  নিষ্পন্ন হোৱা শব্দক তদ্ধিতান্ত শব্দ বোলে। যেনে–

অসমীয়া তদ্ধিতান্ত শব্দ–

তল + অতীয়া  =  তলতীয়া

বাট  + অৰুৱা  =  বাটৰুৱা

বন + অনি  =  বননি,

নাওঁ + অৰীয়া  =  নাৱঁৰীয়া।

সংস্কৃত তদ্ধিতান্ত শব্দ–

মেধা  + বিন  =  মেধাবী,

পাণ্ডু + ঞ্চ =  পাণ্ডৱ,

মধুৰ  +  ইমন  = মধুৰিমা,

কুৰু  +  ঞ্চ  =  কৌৰৱ।


সমাসনিষ্পন্ন শব্দ কাক বোলে ?

সমাসনিষ্পন্ন শব্দ কাক বোলে ?

Ans: অসমীয়া সমাস নিষ্পন্ন শব্দবোৰ  সংস্কৃত ভাষাৰ পৰা আহিছে। যেনে,

পঙ্কত যি জন্মে = পঙ্কজ

নীল অম্বৰ যাৰ = নীলাম্বৰ

নীলা লোচন যাৰ = নীলাচল।

অন্যান্য অসমীয়া সমাস নিষ্পন্ন শব্দ কিছুমান হ’ল:

চুলিয়াচুলি, ঢেঁকেয়ীপতীয়া, হাতদীঘল ইত্যাদি।


তদ্ভৱ শব্দ কাক বোলে ?

যিবোৰ শব্দ সংস্কৃতৰ পৰা প্ৰাকৃতৰ মাজেদি পৰিৱৰ্তন হৈ অসমীয়া ভাষাত ব্যৱহাৰ হয় তাকে তদ্ভৱ শব্দ বা সংস্কৃতৰ পৰা উদ্ভৱ হোৱা শব্দ বোলে | 

ব্যাকৰণ কাক বোলে ?

যি পুথি পঢ়িলে আখৰ আৰু শব্দ শুদ্ধ ৰূপে জোঁটাব আৰু লিখিবৰ নিয়মবিলাক শিকিব পাৰি তাকে ব্যাকৰণ বোলে।

বৰ্ণ কাক বোলে?

চলিত কথাত বৰ্ণক আখৰ বোলে। অসমীয়া বৰ্ণমালা -. দুবিধ: স্বৰবৰ্ণ আৰু ব্যঞ্জনবৰ্ণ। 

2 thoughts on “শব্দ কাক বোলে ? 2024

Leave a Reply

Your email address will not be published. Required fields are marked *