20 May, 2024
বন সমাৰ্থক শব্দ

পৃথিৱীৰ সমাৰ্থক শব্দ কি?

পৃথিৱীৰ সমাৰ্থক শব্দ কি?

পৃথিৱীৰ সমাৰ্থক শব্দ হৈছে ধৰা, ধৰণী, বসুমতী, মহী, মেদিনী, ক্ষিতি, অৱনী,ধৰিত্ৰী, ভূ, বসুন্ধৰা ইত্যাদি।

পৃথিৱীৰ সমাৰ্থক শব্দ

পৃথিৱীৰ সমাৰ্থক শব্দ কি? অসমীয়া সমাৰ্থক শব্দৰ তালিকা:
Photo by Andrea Piacquadio on Pexels.com

সমাৰ্থক শব্দ কি?

সমধৰ্মীয় বা প্ৰায় একে অৰ্থ থকা শব্দবোৰক সমাৰ্থক শব্দ (Synonyms) বোলা হয়।

পৃথিৱীৰ সমাৰ্থক শব্দ কি? 

অসমীয়া সমাৰ্থক শব্দৰ তালিকা:

  • জুইৰ সমাৰ্থক শব্দ অগ্নি, অনল, হুতাশন, বহ্নি, পাৱক ইত্যাদি।
  • চকুৰ সমাৰ্থক শব্দ নয়ন, লোচন, অক্ষি, নেত্ৰ  ইত্যাদি।
  • বতাহৰ সমাৰ্থক শব্দ মলয়া, সমীৰণ, পৱন, সমীৰ, বায়ু, অনিল ইত্যাদি।
  • লাঠিৰ সমাৰ্থক শব্দ টাঙ্গুন, লাখুটি, টোকোন ইত্যাদি।
  • মেঘৰ সমাৰ্থক শব্দ ডাৱৰ, নীৰদ, জলদ, বাৰিদ, জলধৰ ইত্যাদি।
  • বন্ধুৰ সমাৰ্থক শব্দ বান্ধৱ, লগৰীয়া, সহচৰ, সুহূদ, সখা, মিতা, মিত্ৰ, বান্ধৈ ইত্যাদি।
  • ইচ্ছাৰ সমাৰ্থক শব্দ অভিপ্ৰায়, আকাঙ্খা, অভিলাস, হাবিয়াস, আগ্ৰহ, কামনা, বাঞ্ছা, স্পৃহা ইত্যাদি।
  • আকাশৰ সমাৰ্থক শব্দ নীলিমা, শূন্য, বৌম, গগন ইত্যাদি।
  • ঘৰ সমাৰ্থক শব্দ ভৱন, নিলয়, গৃহ,  আলয় ইত্যাদি।
  • ঈশ্বৰ সমাৰ্থক শব্দ নাৰয়ণ, ঈশ, ইলা, বিধাতা, ভগৱান, প্ৰভু, পৰমেশ্বৰ,  জগতপতি, পতিত-পাৱন, জগত স্ৰষ্টা, ধাতা, হৰি, বিষ্ণু, পৰম পিতা, কৰুণাময়, দীনবন্ধু, পৰাৎপৰ, দয়াময় ইত্যাদি।
  • নদী সমাৰ্থক শব্দ নৈ, তটিনী, স্ৰোতস্বিনী, তৰঙ্গিনী, প্ৰৱাহিনী, সৰিৎ ইত্যাদি।
  • পবৰ্ব সমাৰ্থক শব্দ শৈল, অচল, গিৰি, অদ্ৰি ইত্যাদি।
  • চন্দ্ৰ সমাৰ্থক শব্দ শশধৰ, নিশাকৰ, সুধাকৰ, জোন, জোনবাই, নিশাপতি, শশী, শুধাংসু ইত্যাদি।
  • লোহিত সমাৰ্থক শব্দ বৰনদী, মহাবাহু, পদ্মা , লুইত, ব্রহ্মপুত্ৰ ইত্যাদি। 
  • ললিত সমাৰ্থক শব্দ শুৱনি, মনোমোহা, সুৱদি, সুন্দৰ, ধুনীয়া ইত্যাদি।
  • ৰং সমাৰ্থক শব্দ হৰ্ষ, স্ফূর্তি, সন্তোষ, পুলক, উল্লাস, বিনন্দ, আনন্দ, বিনোদ, বিনন্দীয়া ইত্যাদি।
  • ৰমনী সমাৰ্থক শব্দ নাৰী, স্ত্ৰী, মহিলা, বণিতা, তিৰোতা, অৱলা, অঙ্গনা ইত্যাদি।
  • ৰাতি সমাৰ্থক শব্দ যামিনী, বিভাৱৰী, নিশা, ৰজনী আদি।
  • সূৰ্য সমাৰ্থক শব্দ দিবাকৰ, অৰুণ, ভাস্কৰ, আদিত্য, ৰবি, বেলি, দিনকৰ, মিহিৰ, তপন, অংশুমালী, প্ৰভাকৰ, দিনবন্ধু, ভানু,  সবিতা, মাৰ্কণ্ড, দিননাথ ইত্যাদি।
  • বন সমাৰ্থক শব্দ অৰণ্য, কাঠনি, হাবি, জঙ্গল ইত্যাদি।
  • হাতী সমাৰ্থক শব্দ ঐৰাৱত, মাতঙ্গ, কৰী, কুঞ্জৰ, হস্তী, গজ  ইত্যাদি।
  • ছিদ্ৰ সমাৰ্থক শব্দ জলঙা, বিন্ধা, ফুটা ইত্যাদি।
  • পদ্ম সমাৰ্থক শব্দ পদুম, অব্জ, সৰজিত, সৰোজ, নীৰজ, কমলিনী, নলিনী, অৰবিন্দ, পঙ্কজ, শতপত্ৰ, কমল, উৎপল,  শতদল ইত্যাদি।
  • ঐশ্বৰ্য সমাৰ্থক শব্দ সম্পদ, ধন,বৈভৱ, বিভূতি ইত্যাদি।
  • শঙ্কৰ সমাৰ্থক শব্দ মহাদেৱ, ত্ৰিনয়ন, ত্ৰিলোচন, চন্দ্ৰশেখৰ, দিগম্বৰ, শিৱ, ভোলানাথ, হৰ, গিৰীশ ইত্যাদি। 
  • জননী সমাৰ্থক শব্দ মাতৃ, মা, আই  ইত্যাদি।
  • ৰজা সমাৰ্থক শব্দ মহাপতি, ভূপাল, মহীপাল, ক্ষিতিশ, ৰাজন, নৃপতি, নৰেশ্বৰ, নৰপতি, সম্ৰাট, চুলতান, খলিফা ইত্যাদি।
  • সাগৰ সমাৰ্থক শব্দ সমুদ্ৰ, সিন্ধু, বাৰিদ ইত্যাদি।
  • সৰস্বতী সমাৰ্থক শব্দ বাকদেৱী, বীনাপাণি, ভাৰতী, বিদ্যাৱতী ইত্যাদি।
  • গঙ্গা সমাৰ্থক শব্দ জাহ্নবী, ভাগিৰথী, পদ্মা ইত্যাদি।
  • ঠগী সমাৰ্থক শব্দ শৰাই, নৈবদ্য ইত্যাদি। 
  • দুৰ্গা সমাৰ্থক শব্দ জগদ্মা, তাৰিনী, মহিষমৰ্দ্দিনী, পাবৰ্বতী, গৌৰী,  উমা, মনসা, ভৈৰবী, দশভুজা, ইন্দ্ৰানী, শিৱানী, ভদ্ৰানী, কল্যাণী, কমলা, ভগৱতী, পদ্মাৱতী, বিষহৰি, মিনাক্ষী, সন্তোষী, মাতঙ্গী, বাসন্তী, ভবানী, মঙ্গলচণ্ডী, কাত্যায়নী, কৌশিকী, গৌৰবৰ্ণা, মুণ্ডমালিনী, চামুণ্ডা,  ইত্যাদি।
  • দিন সমাৰ্থক শব্দ দিবা, দিবস ইত্যাদি।
  • ইন্দ্ৰ সমাৰ্থক শব্দ শশীপতি, বাসৱ, দেৱৰাজ, সহস্ৰলোচন, ইত্যাদি।
  • আৰ্হি সমাৰ্থক শব্দ চানেকী, উদাহৰণ, পটন্তৰ, আদৰ্শ ইত্যাদি।
  • উত্তম সমাৰ্থক শব্দ উৎকৃষ্ট, ভাল, শ্রেষ্ঠ,  সুন্দৰ ইত্যাদি।
  • তেজ সমাৰ্থক শব্দ শোণিত, ৰক্ত ইত্যাদি।
  • ঊষা সমাৰ্থক শব্দ ৰাতিপুৱা, প্ৰাতঃ, ফেঁহুজালি, ইত্যাদি।
  • কিৰণ সমাৰ্থক শব্দ পোহৰ, দীপ্তি, জেউতি, বন্তী ইত্যাদি।
  • তৰঙ্গ সমাৰ্থক শব্দ ঢৌ, উৰ্মি, হিল্লোল, লহৰ ইত্যাদি।
  • কথা সমাৰ্থক শব্দ বাণী, শব্দ, বাক্য, বচন, উক্তি ইত্যাদি।
  • সোণ সমাৰ্থক শব্দ স্বৰ্ণ, কাঞ্চন, হেম, সুৱৰ্ণ ইত্যাদি।
  • অমৃত সমাৰ্থক শব্দ পীযুষ, সুধা  ইত্যাদি।
  • অন্ধকাৰ সমাৰ্থক শব্দ নিশি, তমঃ, তিমিৰ, আন্ধাৰ ইত্যাদি।
  • ঋণ সমাৰ্থক শব্দ ধাৰ, কৰ্জ, দেনা ইত্যাদি।
  • পণ্ডিত সমাৰ্থক শব্দ বিদ্বজন, বিজ্ঞ, সুধী, মনীষী, বিদ্বান, প্ৰাজ্ঞ ইত্যাদি।
  • পতি সমাৰ্থক শব্দ স্বামী, নাথ, ভতৰা, ভাতাৰ, দৰা, প্ৰভু, কান্তা, অধীশ্বৰ ইত্যাদি।
  • কুসুম সমাৰ্থক শব্দ পুষ্প, ফুল ইত্যাদি।
  • হানি সমাৰ্থক শব্দ ক্ষতি, অনিষ্ট, লোকচান, অপকাৰ ইত্যাদি।
  • আধুনিক সমাৰ্থক শব্দ অৰ্বাচীন, নতুন ইত্যাদি।
  • দক্ষতা সমাৰ্থক শব্দ পাকৈত, ক্ষমতা, পটুতা ইত্যাদি।
  • খ্যাতি সমাৰ্থক শব্দ যশ, কীৰ্তি ইত্যাদি।
  • কৰুণা সমাৰ্থক শব্দ দয়া, কৃপা ইত্যাদি।
  • চিত্ৰ সমাৰ্থক শব্দ ফটো, ছবি, কল্পচিত্ৰ ইত্যাদি।
  • দৃঢ় সমাৰ্থক শব্দ স্থায়ী, অটল, গজগজীয়া ইত্যাদি।
  • কপাল সমাৰ্থক শব্দ ভাগ্য, ললাট ইত্যাদি। 
  • প্ৰতিজ্ঞা সমাৰ্থক শব্দ পণ, অঙ্গীকাৰ, সংকল্পবদ্ধ ইত্যাদি।
  • গোলাম সমাৰ্থক শব্দ ভৃত্য, চাকৰ, দাস ইত্যাদি।
  • কল্যাণ সমাৰ্থক শব্দ কুশল, মঙ্গল ইত্যাদি। 
  • জোলোঙা সমাৰ্থক শব্দ মোনা,বেগ, থৈলা ইত্যাদি।
  • প্ৰকাণ্ড সমাৰ্থক শব্দ ডাঙৰ, বৃহৎ, ইত্যাদি।
  • চেষ্টা সমাৰ্থক শব্দ কাম, অধ্যাৱসায়, যত্ন ইত্যাদি।
  • প্ৰসিদ্ধ সমাৰ্থক শব্দ খ্যাতিমান, জনাজাত, বিখ্যাত, প্ৰখ্যাত, সুখ্যাত ইত্যাদি।
  • বৰঙণি সমাৰ্থক শব্দ অৰিহনা, মূল্য, দাম ইত্যাদি।
  • দৈনিক সমাৰ্থক শব্দ সদায়, নিতৌ ইত্যাদি।
  • পদ্ধতি সমাৰ্থক শব্দ প্ৰথা, নিয়ম, প্ৰণালী ইত্যাদি।
  • প্ৰাচীৰ সমাৰ্থক শব্দ দেৱাল ইত্যাদি। 
  • পটুসমাৰ্থক শব্দ নিপুণ, কৌশলী, পাৰ্গত, পাকৈত ইত্যাদি।
  • মৰম সমাৰ্থক শব্দ স্নেহ, ভালেপাৱা ইত্যাদি।
  • সংগ্ৰাম সমাৰ্থক শব্দ যুদ্ধ, যুঁজ, ৰণ, সমৰ ইত্যাদি।
  • শুকুলা সমাৰ্থক শব্দ বগা, শুক্ল ইত্যাদি।
  • সৌম্য সমাৰ্থক শব্দ স্থিৰ, শান্ত, ধীৰ ইত্যাদি।
  • হুবহু সমাৰ্থক শব্দ অবিকল, একে, সদৃশ ইত্যাদি।
  • জিভা সমাৰ্থক শব্দ জিহ্বা, ৰসনা ইত্যাদি।
  • নিদ্ৰা সমাৰ্থক শব্দ টোপনি, ঘুমটি, তন্দ্ৰা ইত্যাদি।
  • তুষাৰ সমাৰ্থক শব্দ হিম, বৰফ ইত্যাদি।
  • নিয়ম সমাৰ্থক শব্দ কানুন, প্ৰথা ইত্যাদি।
  • বৃক্ষ সমাৰ্থক শব্দ গছ, তৰু, বিটপ, বিৰিষ ইত্যাদি।
  • বাট সমাৰ্থক শব্দ পথ, ৰাস্তা, আলি, আলিবাট ইত্যাদি।
  • মেধাৱী সমাৰ্থক শব্দ জ্ঞানী, বুদ্ধিমান ইত্যাদি।
  • সভ্য সমাৰ্থক শব্দ উন্নত, ভদ্ৰ, শিষ্ট, সদস্য ইত্যাদি।
পৃথিৱীৰ সমাৰ্থক শব্দ কি? অসমীয়া সমাৰ্থক শব্দৰ তালিকা:

More Assamese Q&A:

পৃথিৱীৰ সমাৰ্থক শব্দ

2 thoughts on “পৃথিৱীৰ সমাৰ্থক শব্দ কি?

Leave a Reply

Your email address will not be published. Required fields are marked *