20 May, 2024
লাচিত বৰফুকন বিষয়ে ৰচনা 400 Words | Hertrust.In

লাচিত বৰফুকন বিষয়ে ৰচনা 400 words

লাচিত বৰফুকন বিষয়ে ৰচনা 400 words

লাচিত বৰফুকন বিষয়ে ৰচনা

লাচিত বৰফুকন বিষয়ে ৰচনা 400 words

লাচিত বৰফুকন বিষয়ে ৰচনা 400 words

দেৱকান্ত দেৱে ‘লাচিত ফুকন’ কবিতাত লিখিছিল..

লাচিত ফুকন! লাচিত ফুকন! মোৰ স্বদেশৰ বীৰ!

দেশৰ কাৰণে তাহানি এদিন যাঁচিলা নিজৰ শিৰ।

দেশৰ কাৰণেমুক্তিৰ হকেঅন্যায় ৰোধি বীৰ!

নৰ-শোণিতেৰে কৰিলা আৰতি দেশৰ জয়শ্ৰীৰ।

দেশৰ কাৰণে শুনিলা এদিন মৃত্যুৰ আৱাহন,

জাতিৰ বুকুত জগাই তুলিলাদুৰ্মদ যৌৱন

       ছশ বছৰীয়া ইতিহাস বিজড়িত পৰাক্ৰমী ,জাতি আহোম সকলৰ এটা বিখ্যাত ফৈদ লুখুৰাখন ফৈদৰ লান-ফিমা বংশৰ ব্যক্তি হ’ল লাচিত বৰফুকন। আহোম ৰাজ্যৰ প্ৰথমজন বৰবৰুৱা তথা পাইক প্ৰথাৰ প্ৰৱৰ্তক মোমাই তামুলী বৰবৰুৱাৰ ঔৰষজাত সন্তান লাচিত বৰফুকন । চাওলুং চুকাফাৰ লগতে অসমলৈ আহিছিল লাচিত বৰফুকনৰ পূৰ্বপুৰুষ। তেওঁৰ জন্ম সম্পর্কে সঠিক তথ্য পোৱা নাযায় যদিও তেওঁৰ জন্ম ১৬২২ চনৰ ২৪ নৱেম্বৰ তাৰিখে আহোমৰ ৰাজধানী গড়গাঁৱৰ ওচৰে-পাজৰে হৈছিল বুলি কোৱা হয়।

প্ৰাৰম্ভিক শিক্ষা:

শিশু অৱস্থাৰ পৰাই সততা, কৰ্তব্যনিষ্ঠা,নিয়মানুৱৰ্তিতা স্পষ্টবাদিতা আদি গুণৰ অধিকাৰী লাচিত বৰফুকনে নিজৰ বাসগৃহতেই আৰম্ভ কৰিছিল প্ৰাৰম্ভিক শিক্ষা। ৰাজপৰিয়ালত জন্ম গ্ৰহণ কৰাৰ সূত্ৰেই সামৰিক আৰু অসামৰিক দুয়োবিধ শিক্ষাই আয়ত্ত কৰিছিল লাচিত বৰফুকনে। উল্লেখ্য যে লাচিত বৰফুকনক উপযুক্ত শিক্ষাৰে দিক্ষিত কৰি তুলিবলৈ তেওঁৰ পিতৃয়ে ঘৰুৱা শিক্ষক নিয়োগ কৰি হিন্দু ধর্মনীতি, অর্থশাস্ত্র আদিৰ বিষয়ত শিক্ষা প্ৰদান কৰিছিল। ইয়াৰ ওপৰিও তেওঁ পিতৃ মোমাই তামুলী বৰবৰুৱা আহোম ৰাজ্যৰ বৰবৰুৱা পদত অধিষ্ঠিত থকাৰ বাবেই সেই সময়ত আলোচিত হোৱা বিভিন্ন আলোচনা সমূহৰ পৰা লাচিত বৰফুকনে ৰাজনৈতিক, কূটনৈতিক, অর্থনৈতিক, সামাজিক আদি বিষয় সন্দৰ্ভত জ্ঞান অৰ্জন কৰিবলৈ সক্ষম হৈছিল।

লাচিত বৰফুকনৰ প্ৰাৰম্ভিক জীৱন:

            ছশ বছৰীয়া ইতিহাস বিজড়িত পৰাক্ৰমী জাতি আহোম সকলৰ এটা বিখ্যাত ফৈদ লুখুৰাখন ফৈদৰ লান-ফিমা বংশৰ ব্যক্তি আছিল লাচিত বৰফুকন। লাচিত বৰফুকনৰ জন্ম সম্পর্কে সঠিক তথ্য পোৱা নাযায় যদিও তেওঁৰ জন্ম ১৬২২ চনৰ ২৪ নৱেম্বৰ তাৰিখে আহোম ৰাজধানী গড়গাঁৱৰ ওচৰে-পাজৰে হৈছিল বুলি কোৱা হয়। তেওঁৰ পিতৃৰ নাম আছিল মোমাই তামুলী বৰবৰুৱা আৰু মাতৃৰ নাম আছিল নাগেশ্বৰী।

লাচিত বৰফুকনৰ কৰ্মজীৱন:

    নিজৰ অধ্যাৱসায়, সাহস তথা কষ্টৰ ফলত আহোম ৰাজ্যৰ বৰফুকন তথা প্রধান সেনাপতিৰ পদত অধিষ্ঠিত হৈছিল লাচিত বৰফুকন। গুৰুত্বপূৰ্ণ কথা যে পোন প্রথমেই আহোম ৰাজ্যৰ সেনাপতিৰ পদত অধিষ্ঠিত হোৱাৰ বিপৰীতে লাচিত বৰফুকনে সেইসময়ৰ ৰাজমন্ত্ৰী ডাঙৰীয়াৰ ‘হাঁচতিধৰা তামুলী’ৰ পদত নিযুক্ত হৈছিল। ব্যক্তিগত সহায়কৰ পৰ্যায়ৰ এই পদটোত অধিষ্ঠিত হৈ প্ৰথমবাৰৰ বাবে আহোম ৰাজ্যৰ ৰাজনীতিত প্ৰৱেশ কৰিছিল লাচিত বৰফুকনে।

          ইয়াৰ পৰৱৰ্তী সময়ত লাচিত বৰফুকন নিযুক্ত পাইছিল ঘোঁৰাবৰুৱাৰ পদত। ঘোঁৰাবৰুৱাৰ পদত সুকলমে দায়িত্ব সম্পন্ন কৰাৰ বাবে পৰৱৰ্তী সময়ত আহোম ৰজাই লাচিত বৰফুকনক দুলীয়া বৰুৱা পদবীত নিযুক্তি দিছিল। ইয়াৰ পৰৱৰ্তী সময়ত লাচিত বৰফুকনে নিযুক্তি লাভ কৰিছিল শিমলুগুৰিয়া খেলৰ প্ৰধান বিষয়া শিমলুগুৰিয়া ফুকনৰ পদবীত। শিমলুগুৰিয়া ফুকন হিচাপে দায়িত্ব সম্পন্ন কৰা লাচিত বৰফুকনে পৰৱৰ্তী সময়ত নিযুক্তি লাভ কৰিছিল দোলাকাষৰীয়া বৰুৱা হিচাপে।

        লাচিত বৰফুকন দোলাকাষৰীয়া বৰুৱা পদত অধিষ্ঠিত হৈ থাকোঁতে স্বৰ্গদেউ চক্ৰধ্বজ সিংহই লাচিত বৰফুকনৰ দক্ষতাৰ উমান পাইছিল। যাৰ বাবে চক্ৰধ্বজ সিংহই লাচিত বৰফুকনৰ নিৰ্ভীকতা, সাহসীকতা আৰু আত্মমর্যাদাবোধৰ প্ৰমাণ চাই মর্যাদা অনুসৰি আনুষ্ঠানিকভাৱে আহোম ৰাজ্যৰ প্রধান সেনাপতি আৰু বৰফুকন পদত নিযুক্ত কৰিলে। ‘

লাচিত বৰফুকনৰ মোগলৰ সৈতে যুদ্ধ:

         গুৰুত্বপূৰ্ণ কথা যে স্বৰ্গদেউ জয়ধ্বজ সিংহৰ ৰাজত্ব কালত ১৬৬২ খ্ৰীষ্টাব্দত মোগল সম্ৰাট ঔৰংজেৱৰ সেনাবাহিনীয়ে মীৰজুমলাৰ নেতৃত্বত অসম আক্ৰমণ কৰি আহোম ৰাজ্যক কৰতলীয়া ৰাজ্য হিচাপে অন্তর্ভুক্ত কৰিছিল। জয়ধ্বজ সিংহই সেই সময়ত অসমৰ স্বাধীনতা ঘুৰাই আনিবলৈ অহোপুৰুষাৰ্থ কৰিছিল যদিও সফল হ’ব পৰা নাছিল। স্বৰ্গদেউ জয়ধ্বজ সিংহৰ মৃত্যুৰ পাছত স্বৰ্গদেউ চক্ৰধ্বজ সিংহই অতীতৰ গৌৰৱ উদ্ধাৰ কৰিবৰ বাবে প্ৰচেষ্টা হাতত লৈছিল। আৰু এই বাবে এজন যোগ্য সেনাপতিৰ সন্ধান কৰি লাচিত বৰফুকনক সেনাপতি দায়িত্ব অৰ্পণ কৰিছিল।

              লাচিত বৰফুকনে সেনাপতি দায়িত্ব লৈয়েই দেশৰ সৈন্য সকলক সংগঠিত কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছিল। ইয়াৰ পৰৱৰ্তী সময়ত ১৬৬৭ খ্ৰীষ্টাব্দত লাচিত বৰফুকনে নেতৃত্ব লৈ গুৱাহাটী উদ্ধাৰৰ প্রচেষ্টা চলায় মোগল সকলক আক্রমণ কৰে। গুৰুত্বপূৰ্ণ কথা যে এই আক্ৰমণত ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ দুয়োপাৰেই আহোম সৈন্যই বিজয়ধ্বজা উৰুৱাই আৰু  আহোম সৈন্যই ইটাখুলি আৰু গুৱাহাটী দুৰ্গ অধিকাৰ কৰে ১৬৬৭ খ্ৰীষ্টাব্দৰ ২ নৱেম্বৰৰ দিনা মাজনিশা। গুৰুত্বপূৰ্ণ কথা যে এই আক্ৰমণত বহু সংখ্যক মোগল সৈন্যই প্ৰাণ আহুতি দিয়ে অন্যহাতে মিৰজুমলাই ১৬৬২ খ্ৰীষ্টাব্দত বন্দী কৰি নিয়া ভালেমান অসমীয়া সৈন্যক লাচিত বৰফুকনে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। কিন্তু ১৬৬৯ খ্ৰীষ্টাব্দৰ ফেব্ৰুৱাৰীত অসম আক্ৰমণ কৰিবলৈ ৰামসিংহৰ নেতৃত্বত মোগল সৈন্যবাহিনী অসমলৈ আগমন ঘটে। গুৰুত্বপূৰ্ণ কথা যে মোগল সকলৰ লগত ৰণত পাৰিবলৈ সেই সময়ত আহোম সেনা সম্পূৰ্ণ ৰূপে প্ৰস্তুত হোৱা নাছিল যদিও লাচিত বৰফুকনে বুদ্ধিৰে সম্ভাব্য বিপদৰ সন্মুখীন হ’বলৈ প্ৰস্তুত হৈছিল। ১৯৬৯ খ্ৰীষ্টাব্দত সংঘটিত হৈছিল আহোম আৰু মোগল সকলৰ মাজত আলাবৈ ৰণ। উল্লেখ্য যে এই যুদ্ধত একেদিনাই আহোমৰ দহ হাজাৰ সৈন্যই প্ৰাণ আহুতি দিছিল। এই সময়ত লাচিত বৰফুকন মুহূৰ্তৰ বাবে বিচলিত হ’লেও ভাগৰি পৰা নাছিল।

গুৰুত্বপূৰ্ণ কথা যে অসম আক্ৰমণ কৰিবলৈ মোগল সম্রাট ঔৰেংগজেৱে সেনাপতি ৰাম সিংহৰ নেতৃত্বত অসম আক্ৰমণ কৰিবলৈ ১৮,০০০ অশ্বাৰোহী, ৩০,০০০ পদাতিক আৰু ১৫,০০০ কাড়ী সৈন্য প্ৰেৰণ কৰিছিল। অন্যহাতে আহোম সেনাপতি লাচিত বৰফুকনে ৰামসিংহক ভেটা দিবলৈ শৰাইঘাটৰ চাৰিওকাষে কোঠ নিৰ্মাণ কৰিছিল। এটা ৰাতিৰ ভিতৰত গড় সম্পূর্ন কৰাৰ দায়িত্ব মোমাইয়েকক দিছিল। কথিত তথ্য অনুসৰি লাচিত বৰফুকনৰ মোমায়েকে নিজৰ কৰ্তব্যত অৱহেলা কৰাৰ বাবে লাচিত বৰফুকনে “দেশতকৈ মোমাই ডাঙৰ নহয়” বুলি মোমায়েকক শিৰচ্ছেদ কৰাৰ কথা প্রচলিত আছে। অন্যহাতে আন একাংশ ব্যক্তিৰ মতে কৰ্তব্যত অৱহেলা কৰা বাবে লাচিত বৰফুকনে মৌমাই অৰ্থাৎ গড় নিৰ্মাণ কৰ অভিযন্তাকহে হত্যা কৰিছিল বুলি অভিহিত কৰিছে।

যুগান্তকাৰী শৰাইঘাট ৰণ:

              গুৰুত্বপূৰ্ণ কথা যে আলাবৈ ৰণত মোগল সেনা জয় লাভ কৰাৰ পিছত পুনৰ আহোম সৈন্যক চূড়ান্ত আক্রমণ কৰিবলৈ ঔৰংজেৱৰৰ নিৰ্দেশত ৰামসিংহ সাজু হৈছিল। কিন্তু দুর্ভাগ্যবশতঃ আহোম সেনাপতি লাচিত বৰফুকনৰ স্বাস্থ্য সেই সময়ত সুস্থ নাছিল, ৰোগাক্ৰান্ত হৈ আছিল লাচিত বৰফুকন। তথাপিও দেশৰ স্বাৰ্থত ৰোগীয়া শৰীৰেই মোগলৰ মুখা মুখি হ’বলৈ সাজু হৈছিল লাচিত বৰফুকন।

১৬৭১ খ্ৰী:ৰ মাৰ্চ মাহত শৰাইঘাটত মোগল আৰু আহোম সেনাৰ সন্মুখ সমৰত লিপ্ত হৈছিল। গুৰুত্বপূৰ্ণ কথা যে এই ইতিহাস প্ৰসিদ্ধ শৰাইঘাটৰ যুদ্ধত আক্ৰমণকাৰী মোগল সেনাই সম্পূৰ্ণভাৱে পৰাজয় বৰণ কৰে ।লাচিত বৰফুকনৰ নেতৃত্ব বহন কৰা এই শৰাইঘাট যুদ্ধ হ’ল অসমৰ ইতিহাসৰ সোণালী আখৰেৰে জিলিকা যুগান্তকাৰী ঘটনা। মহা পৰাক্ৰমী মোগল শক্তিক পৰাভূত কৰা লাচিত বৰফুকন নেতৃত্বই অসম বাসীৰ শৌর্য-বীর্য তথা সন্মান বিশেষভাৱে বৃদ্ধি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন

     নিজৰ বীৰত্ব আৰু সাহস প্ৰদৰ্শন কৰি শৰাইঘাট যুদ্ধত জয়লাভ কৰা লাচিত বৰফুকনৰ মৃত্যু হয় শৰাইঘাট যুদ্ধৰ কিছুদিনৰ পিছতেই। ১৬৭২ খ্ৰীষ্টাব্দত মৃত্যুক সাৱটি লোৱা বীৰজনক যোৰহাটৰ হোলোঙাপাৰত মৈদাম দিয়া হয়।গুৰুত্বপূৰ্ণ কথা যে বুদ্ধিমত্তা, সাহস পৰাক্ৰমৰ জৰিয়তে শৰাইঘাট যুদ্ধত জয় লাভ কৰা আহোম সেনাপতি লাচিত বৰফুকনৰ জন্ম দিনটো প্ৰতি বছৰে উদযাপন কৰা হয় লাচিত দিৱস হিচাপে।

সামৰণি:

অসম তথা অসমীয়াৰ বাবে এটা চিৰসেউজ সত্বা হ’ল লাচিত বৰফুকন। লাচিত বৰফুকনৰ দৰে এজন বীৰৰ ইতিহাসেৰে সমৃদ্ধ অসমীয়া জাতি। অসমীয়াৰ আৱেগ, বিবেক সকলো অধিকাৰ কৰি আছে লাচিত বৰফুকনৰ বীৰত্ব হ’ল সমগ্ৰ জাতিৰ বাবে আদৰ্শ তথা অনুপ্ৰেৰণাৰ উৎস। লাচিত বৰফুকনৰ দৃঢ়, নি:স্বার্থ, দুৰদৰ্শী ব্যক্তিৰ নেতৃত্বই অসমীয়া সমাজত সূচনা কৰিছিল যুগান্তকাৰী পৰিৱৰ্তন। অসমীয়া উত্তৰ প্ৰজন্মৰ বাবে লাচিত বৰফুকন হৈ ৰ’ব সদায় অপৰাজেয় ব্যক্তিত্ব, সাহস আৰ সংগ্ৰামৰ প্ৰতীক ।

লাচিত বৰফুকন বিষয়ে ৰচনা 400 words


আগন্তুক বিষয়বস্তু:

      • লাচিত বৰফুকন বিষয়ে ৰচনা ১০০ শব্দ
      • লাচিত বৰফুকন বিষয়ে ৰচনা 300 words
      • লাচিত বৰফুকন বিষয়ে ৰচনা bengali
      • লাচিত বৰফুকনৰ বিষয়ে সৰু ৰচনা
      • চমুটোকা লিখা লাচিত বৰফুকন[Lachit Borphukan]
      • লাচিত বৰফুকনৰ বিষয়ে ৰচনা pdf
      • লাচিত বৰফুকন বিষয়ে ৰচনা বাংলা
      • লাচিত বৰফুকন বিষয়ে ৰচনা 200 words
      • লাচিত বৰফুকন বিষয়ে ৰচনা 150 words
      • লাচিত বৰফুকন বিষয়ে ৰচনা 400 words
      • লাচিত দিৱস বিষয়ে ৰচনা
      • লাচিত বৰফুকনৰ ৰচনা
      • বীৰ লাচিত বৰফুকনৰ বিষয়ে ৰচনা
      • লাচিত বৰফুকন বিষয়ে ৰচনা 100 words
      • লাচিত বৰফুকন বিষয়ে ৰচনা assamese pdf
      • লাচিত বৰফুকন বিষয়ে ৰচনা pdf
      • লাচিত বৰফুকন বিষয়ে ৰচনা 1000 words
      • লাচিত বৰফুকন বিষয়ে ৰচনা আৰম্ভণি
      • লাচিত বৰফুকনৰ ৰচনা pdf

      One thought on “লাচিত বৰফুকন বিষয়ে ৰচনা 400 words

      Leave a Reply

      Your email address will not be published. Required fields are marked *