Q: শিক্ষা বুলিলে কি বুজা ?
Ans: শিক্ষা হৈছে অভিজ্ঞতা আহৰণ কৰা এক প্ৰক্ৰিয়া । শিক্ষাৰ জৰিয়তে ব্যক্তিয়ে পৰিবেশ ৰ লগত নিজকে খাপ খুৱাই লব পাৰে । মানুহৰ অন্তৰ্নিহিত মানসিক শক্তিৰ বিকাশে হৈছে শিক্ষা। শিক্ষা হৈছে এনে এক প্ৰক্ৰিয়া যাৰ সহায়ত শিশুৰ দৈহিক, মানসিক, আধ্যাত্মিক সকলো প্ৰকাৰ বিকাশ সাধন সম্ভৱ হৈ উঠে।
শিক্ষা বুলিলে দেশ, মন আৰু আত্মাৰ সামূহিক বিকাশকে বুজা যায়। শিক্ষাৰ ব্যাপক অৰ্থত জন্মৰ পৰা মৃত্যুৰ আগমুহূৰ্তলৈ লাভ কৰা প্ৰতিটো অভিজ্ঞাকে অন্তৰ্ভুক্ত কৰা হৈছে। শিক্ষা শব্দটোৰ ইংৰাজী প্ৰতিশব্দ ‘Education’-ৰ উৎপত্তি সম্বন্ধে বিভিন্ন মতামত আছে। জন আদামচৰ(John Adams) মতে Education শব্দটো লেটিন ভাষাৰ ‘Educare’ৰ পৰা আহিছে। Educare শব্দটো অৰ্থ হৈছে ‘তুলি তালি ডাঙৰ দীঘল কৰা’ বা ‘প্ৰতিপালন’। Education শব্দটো আন দুটা লেটিন শব্দ E আৰু Duco ৰ পৰা অহা বুলিও কোনো কোনো শিক্ষাবিদে মত পোষণ কৰিছে। ইয়াৰ শব্দগত অৰ্থ হ’ল E = Out of য’ৰ পৰা আৰু Duco = I lead অৰ্থাৎ মই আগবাঢ়ো বা মই বিকাশ লাভ কৰো। আন দুটা লেটিন শব্দ Educare আৰু Educatum ৰ লগতে Education শব্দটোৰ উৎপত্তিৰ সম্বন্ধ আছে বুলি অনুমান কৰা হৈছে।
One thought on “শিক্ষা বুলিলে কি বুজা ?”