20 May, 2024
নৱকান্ত বৰুৱাৰ কবিতাৰ বৈশিষ্ট্য সমূহ

নৱকান্ত বৰুৱাৰ কবিতাৰ বৈশিষ্ট্য সমূহ

নৱকান্ত বৰুৱাৰ কবিতাৰ বৈশিষ্ট্য

নৱকান্ত বৰুৱাৰ কবিতাৰ বৈশিষ্ট্য সমূহ

নৱকান্ত বৰুৱাৰ কবিতাৰ বৈশিষ্ট্য


কবি নৱকান্ত বৰুৱাৰ বিষয়ে চমু বৰ্ণনা:

নৱকান্ত বৰুৱা(১৯২৬ – ১৯৪৪ চন) অসমীয়া সাহিত্য জগতৰ এটি প্ৰসিদ্ধ নাম। তেওঁ একেধাৰে এগৰাকী কবি, শিশু সাহিত্যিক আৰু ঔপন্যাসিক। ‘এখুদ ককাইদেউ’ বৰুৱাৰ জনপ্ৰিয় ছদ্মনাম। তেওঁ সীমা দত্ত ছদ্মনামেৰেও তিনিটা কবিতা ৰচনা কৰিছিল। জীৱনৰ প্ৰথমটো কবিতা চিলেথতে লিখা বাবে নন্দ তালুকদাৰে তেওঁক চিলেঠীয়া কবি বুলিছিল।‘মোৰ আৰু পৃথিৱীৰ’ কাব্য গ্ৰন্থৰ বাবে তেওঁ অসম প্ৰকাশন পৰিষদ বঁটা (১৯৭৪) লাভ কৰিছিল। ১৯৭৫ চনত ‘ককাদেউতাৰ হাড়’ উপন্যাসৰ বাবে তেওঁ ভাৰতৰ ৰাষ্ট্ৰীয় সাহিত্যিক অনুষ্ঠান সাহিত্য অকাডেমিয়ে প্ৰদান কৰা সাহিত্য অকাডেমি বঁটা আৰু ১৯৭৬ চনত ভাৰত চৰকাৰে প্ৰদান কৰা পদ্মভূষণ বঁটা লাভ কৰিছিল। ইয়াৰ উপৰি তেওঁ ১৯৯৩ চনত অসম উপত্যকা সাহিত্য বঁটা আৰু ১৯৯৮ চনত কমল কুমাৰী ফাউণ্ডেচনে প্ৰদান কৰা ‘কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা’ লাভ কৰিছিল। ১৯৯০ চনত নৱকান্ত বৰুৱাই অসম সাহিত্য সভাৰ সভাপতিৰ পদ অলংকৃত কৰে।

তেওঁ কটন কলেজৰ ইংৰাজী বিষয়ৰ অধ্যাপক আছিল। সুদীৰ্ঘ দিন অধ্যাপনা আৰু বিদ্যায়তনিক কৰ্মৰ লগত জড়িত থকাৰ উপৰিও নৱকান্ত বৰুৱা সাহিত্য অকাডেমি, ভাৰতীয় প্ৰগতিশীল লেখক মহাসংঘ, অসম প্ৰগতিশীল শিল্পী-সাহিত্যিক সংঘ, অসম সাহিত্য সভা, আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থা আদি অনুষ্ঠানৰ সৈতে সক্ৰিয়তাৰে জড়িত আছিল। নৱকান্ত বৰুৱা কবি, ৰাজনীতিবিদ দেৱকান্ত বৰুৱাৰ ভাতৃ।

নৱকান্তৰ কবিতাবোৰে আধুনিক অসমীয়া কবিতাক এক অনন্য মাত্ৰা প্ৰদান কৰি থৈ গৈছে। নৱকান্ত বৰুৱাৰ প্ৰতিখন কবিতা-পুথি কায়িক জীৱনৰ সৌন্দৰ্য, প্ৰেমৰ মাধুৰী, মৃত্যু, ৰহস্য আদি বিবিধ বিষয়বস্তুৰে সমৃদ্ধ। তেওঁৰ কবিতাবোৰত ৰবীন্দ্ৰনাথ ঠাকুৰ, এলিয়ট, হুইটমেন তথা খলিল জিব্ৰানৰ কবিতাৰ কিছু কিছু প্ৰভাৱ দেখা পোৱা যায় যদিও এক নিজস্ব স্বকীয়তা তেওঁৰ সমূহ কাব্যসম্ভাৰত বিদ্যমান। তেখেতৰ বহু সমাদৃত কবিতাসমূহৰ ভিতৰত অন্যতম হল ‘মনত পৰেনে অৰুন্ধতী’, ‘ইয়াত নদী আছিল’, ‘পলস’, ‘ৰাৱন’, ‘মহাকাব্যৰ পাণ্ডুলিপি’, ‘ক্ৰমশঃ’ আদি।

আধুনিক কবিতাৰ বৈশিষ্ট্যসমূহ কি কি? 

নৱকান্ত বৰুৱাৰ কবিতাৰ বৈশিষ্ট্য


কবি নৱকান্ত বৰুৱাৰ সাহিত্য কৃতি:

বৰুৱাক অসমীয়া আধুনিক কবিতাৰ নৱজাগৰণ বুলি গণ্য কৰা হৈছিল। বৰুৱাৰ লেখাবোৰ আছিল সেই সময়ৰ পৰিপ্ৰেক্ষিতত অতি সমসাময়িক। তেওঁ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত কবিতাৰেই নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু স্বাধীনতাৰ পিছৰ পৰ্যায়ৰ আশে-পাশে তেওঁৰ সাহিত্য ৰচনাৰ উত্থান ঘটিছিল। সাহিত্য অকাডেমী বঁটা বিজয়ী “ককাদেউতাৰ হাড়” উপনাসখনক সৰ্বকালৰ ধ্ৰুপদী বুলি উল্লেখ কৰা হৈছে।

তেঁওৰ কবিতাপুথিসমূহ হৈছে:

  • হে অৰণ্য হে মহানগৰ (১৯৫১)
  • যতি আৰু কেইটামান স্কেচ্ছ (১৯৬০)
  • এটি দুটি এঘাৰটি তৰা (১৯৫৭)
  • ৰত্নাকৰ (১৯৮৬)
  • ৰাৱণ(১৯৬৩)
  • সূৰ্যমুখীৰ অঙ্গীকাৰ (১৯৯০)
  • মোৰ আৰু পৃথিৱী (১৯৭৩)
  • এখন স্বচ্ছ মুখাৰে (১৯৬০)
  • দলঙত তামীঘৰা (১৯৯১)
  • সম্ৰাট (১৯৬২)
  • নিৰ্বাচিত কবিতা (ইংৰাজীত)

Assamese Application For 2024

নৱকান্ত বৰুৱাৰ কবিতাৰ বৈশিষ্ট্য


নৱকান্ত বৰুৱাৰ কবিতাৰ বৈশিষ্ট্য সমূহ হৈছে:

  • নৱকান্ত বৰুৱাৰ কবিতাত মানৱতাৰ জয়গান ঘোষিত হৈছে।
  • বিষয়বস্তুৰ লগতে আঙ্গিকৰ অভিনৱত্ব, ভাববস্তু আৰু ৰূপবস্তুৰ অপূৰ্ব সমন্বয়, নৱকান্ত বৰুৱাৰ কবিতাৰ মনকৰিবলগীয়া বৈশিষ্ট্য।
  • নৱকান্ত বৰুৱাৰ কবিতাত ইতিহাস চেতনা, সমকাল চেতনা, মৃত্যুচেতনা, নিঃসঙ্গতাবোধ, ঈশ্বৰৰ অস্তিত্ব আদি বিষয়সমূহেও প্রাধান্য লাভ কৰিছে।
  • মহেন্দ্ৰ বৰাৰ ভাষাত – “এহাতে ৰবীন্দ্ৰনাথ, আনহাতে ইলিয়ট। এয়ে বোধকৰো নৱকান্ত বৰুৱাৰ কাব্য পৰিক্ৰমাৰ কুমেক- সুমেৰু।’
  • নৱকান্ত বৰুৱাৰ কবিতাত অভিনৱ চিত্ৰকল্পৰ প্ৰয়োগ মনকৰিবলগীয়া বৈশিষ্ট্য।
  • নৱকান্ত বৰুৱাৰ কবিতাত প্ৰতীকি ব্যঞ্জনাৰ ব্যৱহাৰো গুৰুত্বপূৰ্ণ বৈশিষ্ট্য
  • তেওঁৰ কবিতাত ৰবীন্দ্ৰনাথ ঠাকুৰ, জীবনান্দ দাশ, বুদ্ধদেৱ বসু, অমিয় চক্ৰবৰ্তী আদিৰ কবিতাৰ আঙ্গিক আৰু কলা-কৌশলৰ প্ৰয়োগ লক্ষ্য কৰা যায় ৷

নৱকান্ত বৰুৱাৰ কবিতাৰ বৈশিষ্ট্য



নৱকান্ত বৰুৱাক কি বুলি জনা যায়?

নৱকান্ত বৰুৱাক ‘এখুদ ককাইদেউ’ বুলি জনা যায়,

নৱকান্ত বৰুৱাৰ প্ৰথম কবিতা পুথিৰ নাম কি?

নৱকান্ত বৰুৱাৰ প্ৰথম কবিতা পুথিৰ নাম হে অৰণ্য হে মহানগৰ,

নৱকান্ত বৰুৱাই ৰচনা কৰা দুখন উপন্যাসৰ নাম লিখা।

নৱকান্ত বৰুৱাই ৰচনা কৰা দুখন উপন্যাস হ’ল ‘কপিলীপৰীয়া সাধু’ আৰু ‘ককাদেউতাৰ হাড়’,

নৱকান্ত বৰুৱাই কোনখন উপন্যাসৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল?

‘ককাদেউতাৰ হাড়’ উপন্যাসখনৰ বাবে নৱকান্ত বৰুৱাই সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল।

 নৱকান্ত বৰুৱাই কোন চনত জন্ম গ্রহণ কৰিছিল?

নৱকান্ত বৰুৱাই ১৯২৬ চনত গুৱাহাটীত জন্ম গ্রহণ কৰিছিল ৷

কোন এখুদ কোকাইদেউ নামেৰে পৰিচিত আছিল?

নৱকান্ত বৰুৱা এখুদ কোকাইদেউ নামেৰে পৰিচিত আছিল

Leave a Reply

Your email address will not be published. Required fields are marked *