6 May, 2024
আধুনিক কবিতাৰ বৈশিষ্ট্যসমূহ কি কি

আধুনিক কবিতাৰ বৈশিষ্ট্যসমূহ কি কি? 2024-Verified

আধুনিক কবিতাৰ বৈশিষ্ট্য সমূহ

নমস্কাৰ শিক্ষাৰ্থীসকল, আজি আমি শিকিবলৈ ওলাইছো অসমীয়া আধুনিক কবিতাৰ বৈশিষ্ট্য আৰু সংজ্ঞাৰ সম্পৰ্কে …..

আধুনিক কবিতাৰ বৈশিষ্ট্যসমূহ কি কি?

আধুনিক কবিতাৰ সংজ্ঞা

আধুনিকতা সদায় গতিশীল, নতুন যুগৰ চিন্তা আৰু চেতনা যি সাহিত্যত প্ৰতিবিম্বিত হৈ উঠে সেই সাহিত্যক সাধাৰণ অৰ্থত আধুনিক সাহিত্য বুলি ক’ব পাৰি। ঠাই বিশেষে এই চেতনা বেলেগ বেলেগ সময়ত জাগৰিত হ’ব পাৰে, কবিতাৰ ক্ষেত্ৰত আধুনিকতাৰ বিচাৰ কৰাটো সহজ সাধ্য নহয়। ঊনবিংশ শতিকাৰ শেষ দশকৰ পৰা বিংশ শতিকাৰ প্ৰথম চাৰিটা দশকৰ ভিতৰত অসমীয়া কবিতাৰ বন্যাই ব্যাপক ৰূপ লোৱাৰ পিছত অসমীয়া কবিতাৰ গতি আৰু প্ৰকৃতি সলনি হ’বলৈ লয়। সময়ৰ ঐতিহাসিক ঘটনাবোৰৰ প্ৰত্যক্ষ আৰু পৰোক্ষ প্ৰভাৱৰ ফলত অসমীয়া কবিতাই ৰোমান্টিক আৱেষ্টনীৰ পৰা ওলাই আধুনিক ৰূপত আত্ম প্ৰকাশ কৰে। কবিৰ মনৰ জগত আৰু কবিতা-পাঠকৰ মনৰ জগতৰ মাজত যেতিয়া একে সময়তে নতুন চেতনাৰ সাকোঁৰে অনুভূতিৰ আদান-প্ৰদান ঘটে,তেতিয়াই কবিতাত আধুনিকতা স্বীকৃত হয়, কেতিয়াবা সেইবোৰ লক্ষণকে আধুনিক বোলা হয়।

আধুনিক কবিতাৰ কেইটামান লক্ষণ হৈছে –

  • ঘৰুৱা আৰু কথিত শব্দৰ প্ৰয়োগ
  • অসংলগ্ন যেন লগা ভাষাৰ প্ৰয়োগ
  • প্ৰতীকধৰ্মী শব্দৰ প্ৰয়োগ
  • ছন্দৰ শিকলি ছিঙা ৰূপ
  •  চলচিত্ৰধৰ্মী কলা-কৌশল
  • চিত্ৰকল্পসমূহত নাটকীয় বীজ, ইত্যাদি

আধুনিক কবিতা সম্পৰ্কে এটি চমুটোকা

কবিতাৰ পৰিধি ইমান বিস্তৃত আৰু ইয়াৰ প্ৰকৃতি ইমান বিচিত্র যে একোটা সংজ্ঞাৰ মাজত ইয়াৰ সকলোবোৰ বৈশিষ্ট্য সামৰি লোৱাটো সম্ভৱ নহয়। সেইবাবেই চেইণ্ট আগষ্টানে কবিতাৰ সংজ্ঞা দিবলৈ গৈ উল্লেখ কৰিছে এনেদৰে : ‘If not asked, I know, if you ask me, I know not’ অর্থাৎ, যাৰ বিষয়ে নুসুধিলে বহুত কিবাকিবি ক’ব পাৰি, অথচ সুধিলে একো ক’ব নোৱাৰি সেয়ে কবিতা। বিভিন্ন কবি আৰু কবিতাৰ সমালোকসকলে কবিতাৰ বিষয়ে বিভিন্ন দৃষ্টিভঙ্গীৰ পৰা ভালেমান সংজ্ঞা আগবঢ়াইছে। এই সকলোবোৰ সংজ্ঞাই কম-বেছি পৰিমাণে কুঁৱলীৰ মায়াজালত আৱদ্ধ । গতিকে কবিতা সম্পর্কে এটা সর্বজনগ্রাহ্য সংজ্ঞা নিৰ্দ্ধাৰণ কৰাটো বৰ্তমানলৈ সম্ভৱ হৈ উঠা নাই ।

আধুনিক কবিতাৰ স্বৰূপ ১৯৪০ চন মানৰ পৰা আৰম্ভ হয় । ৰোমান্টিক কবিতাৰ গতি-প্ৰকৃতিৰ ৰূপৰেখা, চিন্তা ধাৰণা এই সময়ছোৱাৰ পৰা সলনি হ’বলৈ আৰম্ভ কৰে । অসমীয়া কবিতাৰ গতি-প্ৰকৃতিৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত ইৰোপীয় ঐতিহাসিক, উদ্য়োগিক, বিপ্লৱৰ কিছু ঘটনাৰ প্ৰভাৱৰ ফলত ৰোমান্টিক কবিতাৰ চাৰিওবেৰৰ পৰা ওলাই আহি আধুনিক কবিতাই আত্ম প্ৰকাশ কৰিবলৈ ল’লে ।

         দ্বিতীয় বিশ্বযুদ্ধৰ প্ৰভাৱে আধুনিক অসমীয়া কবিতাৰ ইতিহাসত বিশেষভাৱে প্ৰভাৱ পেলালে । ভাৰতৰ স্বাধীনতা আন্দোলন তথা সাম্য়বাদী ভাবাদৰ্শৰ প্ৰভাৱত মানুহৰ দৈনন্দিন জীৱন ধাৰা পৰিৱৰ্তন হোৱাৰ কাৰণে অসমীয়া ৰোমান্টিক কবিতাৰ ভাবৰাশিও পৰিৱৰ্তন হ’ল । বিশ্বযুদ্ধৰ প্ৰভাৱত মানুহৰ বিশ্বাসহীনতা, দ্বিধা, সংশয়ৰ ফলত ৰোমান্টিক কবিসকলক কল্পনা জগতখনৰ পৰা আঁতৰাই বাস্তৱ জগতলৈ আনিলে । ইপিনে ভাৰতবৰ্ষৰ সাম্প্ৰদায়িক সংঘৰ্ষ আৰু আনপিনে বঙ্গদেশৰ দুৰ্ভিক্ষৰ ভয়াবহ ছবিয়ে কবিসকলক ব্য়ক্তিগত তথা সমাজ জীৱনৰ সামগ্ৰিক দিশ নতুন দৃষ্টিভংগীৰে চাবলৈ শিকালে । ব্ৰিটিছ সাম্ৰাজ্য়বাদী কবলৰ পৰা ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ লগে লগে ভাৰতীয় ৰাজনৈতিক ব্য়ক্তিসকলৰ ভোগবাদী মানসিকতাৰ ফলত প্ৰকৃত গণতান্তিক মূল্য়বোৰৰ অৱক্ষয়ৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল । 

আধুনিক কবিতাৰ বৈশিষ্ট্য  

আধুনিক কবিতাৰ বাবে কুৰি শতিকাৰ চতুৰ্থ দশকটো এটা গুৰুত্বপূৰ্ণ সময় । দ্বিতীয় মহাযুদ্ধই নতুন যুগৰ বাৰ্তা, নতুন চেতনা, সামাজিক পৰিৱৰ্তনৰ নতুন সূচনা কঢ়িয়াই আনিলে । এই সময়ছোৱাত আধুনিক অসমীয়া কবিতাত নব্য়ানুভূতিৰ সঞ্চাৰ হয় । এই নব্য়ানুভূতিয়ে ৰোমান্টিক কবিতাৰ ধাৰাৰ পৰা আতৰাই আনি এক নতুন মৰ্যাদা দিলে । উদয়মান কবিসকলে ৰোমান্টিক কবিতাৰ বিষয়বস্তু, ভাৱ-বিলাস, ধ্য়ান-ধাৰণাৰ আতিশয্য়ৰ পৰা আঁতৰি অৰ্থাৎ এইবোৰ পৰিহাৰ কৰি বাস্তৱতাৰ ভেটিত নতুন নতুন বিষয়বস্তু আৰু ভাবধাৰাক লৈ নতুন কবিতাৰ ধাৰা ‘জয়ন্তী’  কাকতৰ যোগেদি প্ৰকাশ কৰিবলৈ চেষ্টা কৰিলে । ‘জয়ন্তী’ পছোৱা, ৰামধেনু কাকতত আধুনিক কবিতাৰ আঙ্গিক আৰু বিষয়বস্তুৰ পৰিৱৰ্তন হ’ল আৰু অসমীয়া কবিতাৰ দিগন্ত বহুধা ধাৰাত বিস্তৃত হৈ পৰিল । আধুনিক কবিতাৰ পথাৰখন বহল । নতুন নতুন ভাব, চিন্তা, নতুন অভিজ্ঞতা, জগতৰ প্ৰতি বাস্তৱানুগত দৃষ্টিভংগী সোমাই পৰি অসমীয়া কবিতাৰ বোঁৱতীত যি নতুন লহৰ তুলিলে তাৰ নামেই আধুনিক কবিতা । ৰোমান্টিক কবিতাৰ বিষয়বস্তুৰ সলনি নতুন কবিতাত জগতৰ উন্মুক্ত বায়ু লগাকৈ মনৰ সকলো দুৱাৰ-খিৰিকি খুলি ৰখাটো আধুনিক কবিতাৰ ধৰ্ম হৈ পৰিল । 


One thought on “আধুনিক কবিতাৰ বৈশিষ্ট্যসমূহ কি কি? 2024-Verified

Leave a Reply

Your email address will not be published. Required fields are marked *