20 May, 2024
আয়ন কাক বোলে?

আয়ন কাক বোলে ?

Q: আয়ন কাক বোলে?

Ans: ধাতু আৰু অধাতুৰে গঠিত যৌগবোৰত থকা আধানযুক্ত কণাবোৰক আয়ন(Ion) বোলা হয় ।

আয়ন কাক বোলে ?

আয়ন ঋণাত্মক বা ধনাত্মক হ’ব পাৰে ।ঋণাত্মক আধানযুক্ত আয়ন এটাক এনায়ন(anion) বোলা হয় আৰু ধনাত্মক আধানয়ুক্ত কেটায়ন(cation) বোলা হয় ।

উদাহৰণ স্বৰূপে, ছ’ডিয়াম ক্ল’ৰাইড(NaCl) ত ধনাত্মক আধানযুক্ত ছ’ডিয়াম আয়ন আৰু ঋণাত্মক আধানযুক্ত ক্ল’ৰাইড আয়ন থাকে। আয়ন এটা মাত্ৰ আধানযুক্ত পৰমাণু বা একাধিক পৰমাণুৰ আধানযুক্ত গোট একোতাৰে গঠিত হ’ব পাৰে। একাধিক পৰমাণুৰ আধানযুক্ত গোট একোটাক পাৰমাণৱিক আয়ন বোলা হয়।

আয়ন কাক বোলে ?

Q: আয়নৰ কেই প্ৰকাৰৰ ?

Ans: আয়ন দুই প্ৰকাৰৰ, ঋণাত্মক আয়ন আৰু ধনাত্মক আয়ন ।

ঋণাত্মক আধানযুক্ত আয়ন এটাক এনায়ন(anion) বোলা হয় আৰু ধনাত্মক আধানয়ুক্ত কেটায়ন(cation) বোলা হয় ।

Q: এনায়ন(anion) কাক বোলে ?

Ans: এনায়ন হৈছে ঋণাত্মক আধানযুক্ত পৰমাণু, অৰ্থাত্ ইয়াত প্ৰ’টনতকৈ বেছি ইলেক্ট্ৰন থাকে। কোনো পৰমাণুই এক বা ততোধিক ইলেক্ট্ৰন লাভ কৰিলেই এনাইন গঠন হয় ।

Q: কেটায়ন(cation) কাক বোলে ?

Ans: কেটায়ন(cation) হ’ল ধনাত্মক আধানযুক্ত আয়ন, যাৰ অৰ্থ হ’ল ইলেক্ট্ৰনতকৈ ইয়াত অধিক প্ৰ’টন থাকে।


Leave a Reply

Your email address will not be published. Required fields are marked *