20 May, 2024
শিশু দিৱসৰ বিষয়ে ভাষণ

শিশু দিৱসৰ বিষয়ে ভাষণ কেনেকৈ দিব লাগে ?

শিশু দিৱসৰ বিষয়ে ভাষণৰ নিমিত্তে কেনেকৈ প্ৰস্তুতি চলাব লাগে, তাৰ বিষয়ে আলোচনা কৰিম…

14 নৱেম্বৰত পালন কৰা শিশু দিৱস উপলক্ষে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰী উভয়ে শিশু দিৱসৰ ভাষণ প্ৰদান কৰে, এই প্ৰবন্ধটোত আমি ছাত্ৰ-ছাত্ৰীসকলক মাৰ্গদৰ্শন কৰিম যে কেনেকৈছাত্ৰ-ছাত্ৰী সকলে শিশু দিৱসৰ বিষয়ে ভাষণ প্ৰদান কৰিৱ। স্বাধীনতাৰ পাছত ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিন হিচাপে এই দিনটো পালন কৰা হয়। তলত আমি শিশু দিৱসৰ দীঘলীয়া আৰু চুটি ভাষণসমূহ শ্বেয়াৰ কৰিছোঁ।যাৰ সহায়ত তোমালোকে তাৰ এটা আভাস লৈ সুন্দৰকৈ শিশু দিৱসৰ দিনা এটা ধুনিয়া ভাষণ দিবলৈ সক্ষম হবা…

শিশু দিৱসৰ বিষয়ে ভাষণ

শিশু দিৱসৰ বিষয়ে ভাষণ: #1


নমস্কাৰ,

সন্মানীয় আজিৰ সভাৰ সভাপতি মহোদয়, শ্ৰদ্ধাৰ অধ্যক্ষ মহোদয়, শিক্ষাগুৰু সকল মোৰ মৰমৰ দাদা – বাইদেউ, বন্ধু – বান্ধৱী তথা ভাইটী – ভন্টি সকল…

পোনপ্ৰথমে মই সকলোকে শিশু দিৱসৰ বহুত বহুত শুভেচ্ছা তথা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজিৰ
এই সভাত মোক দুএষাৰ কবলৈ সুযোগ দিয়াৰ বাবে মই সকলোকে ধন্যবাদ জনাইছোঁ৷

আমি সকলোৱে জানো যে আজি ১৪ নৱেম্বৰ আৰু আজিৰ দিনটোতেই প্ৰতি বছৰে সমগ্ৰ ভাৰতবৰ্ষত শিশু দিৱস উদযাপন কৰা হয় ৷ শিশু দিৱস হ’ল প্ৰতিগৰাকী শিশুৰ জীৱনৰ এটা গুৰুত্বপূৰ্ণ দিন। এই দিনটোতে অৰ্থাৎ ১৪ নৱেম্বৰ তাৰিখে পণ্ডিত জৱাহৰলাল নেহৰুৰ ১৮৮৯ চনত এলাহাবাদত জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম আছিল মতিলাল নেহেৰু আৰু মাতৃ আছিল স্বৰূপৰাণী। জৱাহৰলাল নেহৰুৱে শিশু সকলক বহুত মৰম কৰিছিল৷ বেছিভাগ সময় তেখেতে শিশু সকলৰ
লগত কটাইছিল।

তেওঁৰ এই শিশু প্ৰেমৰ বাবেই তেওঁৰ জন্ম দিৱস ১৪ নৱেম্বৰ তাৰিখটো শিশু দিৱস হিচাপে পালন কৰা হয় । শিশু সকলৰ মাজত তেওঁ নেহৰু খুৰা বুলি পৰিচিত আছিল। জৱাহৰলাল নেহৰু স্বাধীন ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী আছিল। তেওঁ প্ৰধান মন্ত্ৰী পদত একেৰাহে ১৭ বছৰলৈ কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৫৫ চনত ভাৰত চৰকাৰে তেওঁলৈ দেশৰ সৰ্ব্বোচ্চ সন্মান ভাৰত ৰত্ন প্ৰদান কৰে৷


আজিৰ এই বিশেষ দিনটোত নেহৰুদেৱৰ প্ৰতি সন্মান আৰু শ্রদ্ধা জ্ঞাপন কৰা হয় ৷ ১৯৬৪ চনৰ ২৭ মে তাৰিখে জৱাহৰলাল নেহৰুৰ মৃত্যু হৈছিল।


শেষত সকলোকে পুনৰ বাৰ শিশু দিৱসৰ বহুত বহুত শুভেচ্ছা জনাই মই মোৰ চমু বক্তব্য ইমানতে সামৰণি মাৰিলো।ধন্যবাদ।

ভাষণ কেনেকৈ দিব লাগে? ভাষণ দিয়াৰ নিয়ম


শিশু দিৱসৰ বিষয়ে ভাষণ: #2

জাননী লিখাৰ নিয়ম কি, আপুনি জানেনে?


নমস্কাৰ, আজিৰ সভাৰ সভাপতি মহোদয়, শ্রদ্ধাৰ শিক্ষাগুৰুসকল, মৰসৰ ভন্টি-ভাইটিসকল আৰু মোৰ বন্ধু বান্ধবী সকল । পোন প্রথমে সকলোকে শিশু দিৱসৰ বহুত বহুত শুভকামনা জনালো।
আজি মই শিশু দিবস উপলক্ষে চমু বক্তব্য লৈ আহিছোঁ। ভুল হলে ক্ষমা কৰিব ।

আমি সকলোৱে জানো যে আজি ১৪ নৱেম্বৰ আৰু আজিৰ দিনটোতেই প্ৰতি বছৰে সমগ্ৰ ভাৰতবৰ্ষত শিশু দিৱস উদযাপন কৰা হয় ৷ পণ্ডিত জৱাহৰলাল নেহৰুৰ ১৮৮৯ চনৰ ১৪ নভেম্বৰ তাৰিখে এলাহাবাদত জন্ম হৈছিল৷ তেখেতৰ পিতৃৰ নাম আছিল সতিলাল নেহৰু আৰু মাতৃ আছিল স্বৰূপ ৰাণী । পণ্ডিত জৱাহৰলাল নেহৰু এগৰাকী সংগ্রামী তথা ৰাজনৈতিক নেতা আছিল ৷

পণ্ডিত জৱাহৰলাল নেহৰুৰ জীৱনৰ আটাইতকৈ ভাল লগা দিশটো হল শিশুৰ প্ৰতি তেখেতৰ অগাধ মৰম আৰু ভালপোৱা । শিশুৰ প্ৰতি থকা তেখেতৰ মৰম আৰু যত্নৰ কাৰণে তেখেতৰ জন্মদিনটো সমগ্ৰ ভাৰতবৰ্ষত ‘শিশু দিবস’ হিচাপে উদ্‌যাপন কৰা হয়। পণ্ডিত জৱাহৰলাল নেহৰুই শিশুক ইমানেই মৰম কৰিছিল যে তেখেতক আমি সকলোৱে মৰমতে “নেহৰু খুৰা” বুলি কওঁ। নেহৰু খুৰাৰ মতে শিশুসকল হল বাগিচাৰ ফুলৰ কলিৰ নিচিনা। সেয়ে শিশুসকলক বহুত মৰম আৰু যত্ন লৱ লাগে । জৱাহৰলাল নেহৰু স্বাধীন ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী আছিল। তেওঁ প্ৰধান মন্ত্ৰী পদত একেৰাহে ১৭ বছৰলৈ কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৫৫ চনত ভাৰত চৰকাৰে তেওঁলৈ দেশৰ সৰ্ব্বোচ্চ সন্মান ভাৰত ৰত্ন প্ৰদান কৰে৷

আজিৰ এই বিশেষ দিনটোত নেহৰুদেৱৰ প্ৰতি সন্মান আৰু শ্রদ্ধা জ্ঞাপন কৰা হয় ৷ ১৯৬৪ চনৰ ২৭ মে তাৰিখে জৱাহৰলাল নেহৰুৰ মৃত্যু হৈছিল।


শিশু দিবস হল আমাৰ শিশুসকলৰ কাৰণে এটা অতি আনন্দৰ দিন । সেইদিনা সকলো বিদ্যালয়তে শিশুসকলৰ মাজত নানান ধৰনৰ প্রতিযোগীতা পতা হয় আৰু শিশুসকলক মিঠাই কার্ড, খেলনা আদি উপহাৰ দিয়া হয়।


শেষত এটা কথাই ক’ব বিচাৰিছো যে “শিশু দিবস” উদ্‌যাপনৰ উদ্দেশ্য তেতিয়াহে সফল হব যেতিয়া প্রতি গৰাকী শিশুই শিক্ষাৰ অধিকাৰৰ লগতে শিশুৰ আন আন অধিকাৰসমূহ লাভ কৰিব। তদুপৰি শিশু শ্রমিক নিবাৰণৰ বাবে সকলোৱে গুৰুত্ব দিব
লাগিব।

শেষত সকলোকে পুনৰ বাৰ শিশু দিৱসৰ বহুত বহুত শুভেচ্ছা জনাই মই মোৰ চমু বক্তব্য ইমানতে সামৰণি মাৰিলো।ধন্যবাদ।

সভাৰ কাৰ্যসূচী লিখাৰ নিয়ম 7টা আপুনি জানেনে?


Leave a Reply

Your email address will not be published. Required fields are marked *