Maya Mathu Maya Lyrics
মায়া… মায়া মাঁথো মায়া
তুমি জানো সঁচানে মৰমৰে মায়া,
মায়াভৰা দুচকুলৈ
হিয়াজুৰি আছাহি বৈ
দূৰণিৰে জোনাকী হৈ
ৰ’লা কিয় হে…
মায়া… মায়া মাঁথো মায়া
তুমি জানো সঁচানে মৰমৰে মায়া…
সাগৰৰ দৰে গভীৰ
তুমি অনা মৰমকে লৈ
আছোহি জীয়াই,
দেহেমনে আছা যদি
বাৰে বাৰে গুচি যোৱা
মোক কিয় কন্দুৱায়,
নানিবা সেমেকা ৰাতি
নেলাগে মোক সোঁৱৰণি হে…
মায়া… মায়া মাঁথো মায়া
তুমি জানো সঁচানে মৰমৰে মায়া…
মায়াবিনী সেই ৰাতি
আহিছিলো কাষলে তোমাৰ
দুখ হ’বলে,
হাঁহি হাঁহি সাবটিলা
অশ্ৰুভৰা অনুভূতিবোৰ
মনত গুপনে,
মৰমৰ মায়াবী তৃষা
দিবহি মাঁথো বেদনা হে…
মায়া… মায়া মাঁথো মায়া
তুমি জানো সঁচানে মৰমৰে মায়া…
মায়াভৰা দুচকুলৈ
হিয়াজুৰি আছাহি বৈ
দূৰণিৰে জোনাকী হৈ
ৰ’লা কিয় হে…
মায়া… মায়া মাঁথো মায়া
তুমি জানো সঁচানে মৰমৰে মায়া
- Brahma Adi Kori Lyrics – ব্ৰহ্মা আদি কৰি অসমীয়া প্ৰাৰ্থনা
- Shiv Tandav Stotram In Assamese Lyrics And Meanings
- অপৰাধ বিনাশন | অসমীয়া প্ৰাৰ্থনা Download Pdf
- অসমীয়া প্ৰাৰ্থনা : কিমতে ভকতি
- অসমীয়া প্ৰাৰ্থনা : মুক্তিত নিস্পৃহ যিটো