আপুনি জানেনে অসমৰ জাতীয় গছ কি?
অসমৰ জাতীয় গছৰ নাম হ’ল হোলোং গছ, হোলোং গছৰ বৈজ্ঞানিক নাম ডিপ্টেৰ’কাৰ্পাছ মেক্ৰ’কাৰ্পাছ (Dipterocarpus macrocarpus)।
Table of Contents
দক্ষিণ -পূব এছিয়াৰ প্ৰায় সকলো দেশতে হোলোং গছ পোৱা যায়। এই গছ অসমৰ আটাইতকৈ ওখ গছ। অসমৰ প্ৰায়বোৰ অৰণ্যতে হোলোং গছ দেখিবলৈ পোৱা যায়।হোলোং গছ কাঠ, প্লাইউড , কাগজৰ মণ্ড আৰু এঙাৰ তৈয়াৰ কৰাত ব্যৱহাৰ হয়। হোলোং গছৰ পৰা পোৱা তেল জাতীয় পদাৰ্থ কাঠৰ আচবাব , দুৱাৰ আদি বাৰ্নিছ কৰাত ব্যৱহাৰ কৰা হয়। অসম চৰকাৰে ২০০৩ চনত হোলোং গছক ৰাজ্যিক বৃক্ষ হিচাপে স্বীকৃতি দিছে।