উপভাষা কাক বোলে :
উপভাষা কাক বোলে?
উপভাষা হৈছে কথিত ভাষাৰ সমান্তৰালকৈ কোনো বিশেষ অঞ্চলৰ জনসংখ্যাই ব্যৱহাৰ কৰা আঞ্চলিক ভাষা। সমগ্ৰ বিশ্বতে উপভাষা ব্যৱহাৰ কৰা হয়। ধ্বনিবিজ্ঞান, ৰূপবিজ্ঞান, উচ্চাৰণ আৰু ব্যাকৰণগত গঠনত কথিত ভাষাৰ পৰা উপভাষাৰ পাৰ্থক্য আছে। উপভাষাসমূহ এখন দেশৰ ভিতৰৰ কোনো বিশেষ অঞ্চলত সীমাবদ্ধ হৈ থাকে।
For 1-2 Marks[একেটা ভাষাৰ পৰা সৃষ্টি হোৱা ভৌগোলিক পৰিসীমাৰ ভিতৰত কথিত ৰূপসমূহকে উপভাষা বুলি কোৱা হয়। ]
উপভাষা (Dialect) ভাষাৰ একোটা ভাগ৷ প্ৰত্যেক ভাষাৰে কিছুমান বেলেগ বেলেগ ৰূপ থাকে, সেইবোৰেই উপভাষা৷ ভৌগলিকভাৱে বিস্তৃত এটা এলেকাত, কোনো এটা ভাষা কোৱা লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে সেই ভাষা সম্প্ৰদায়ৰ লোকসকলৰ মাজত বেলেগ বেলেগ ৰূপ কিছুমান গঢ়ি উঠে৷ ইয়াৰ কাৰণ, ঘাইকৈ সেই ভাষা সম্প্ৰদায়ৰ মাজত সঘন মিলামিছা বা যোগাযোগৰ অভাৱ৷ এনেদৰে কিছু দিনৰ পাছত সেই ভাষা সম্প্ৰদায়টোৰ সৰু সৰু ক্ষেত্ৰ বা অঞ্চল বিশেষে কিছুমান আঞ্চলিক ৰূপ গঢ় লৈ উঠে। দীৰ্ঘদিন ব্যৱধানৰ অন্তত এটা ক্ষেত্ৰীয় ৰূপৰ সৈতে অন্য এটা ক্ষেত্ৰীয় ৰূপৰ ধ্বনিগত, ৰূপগত, শব্দগত আৰু বাক্যগত দিশত কিছুমান পাৰ্থক্য পৰিলক্ষিত হয়। সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰিলে এনে ভেদবোৰ চকুত পৰে। এনেদৰে একোটা ভাষাৰ পৰা সৃষ্টি হোৱা ভৌগোলিক পৰিসীমাৰ ভিতৰৰ সেই কথিত ৰূপসমূহক প্ৰধান বা মূল ভাষাটোৰ উপভাষা বুলি কোৱা হয় অৰ্থাৎ এটা অঞ্চলৰ ভাষা আৰু আন এটা অঞ্চলৰ ভাষাৰ মাজত ধ্বনি, ধ্বনি সংযোগ বা ৰূপ আৰু শব্দমালাৰ নানা পৰিৱৰ্তনে দেখা দিয়ে৷ ভাষাৰ এনে আঞ্চলিক ৰূপক উপভাষা বোলে৷
অসমীয়া ভাষাৰ উপভাষা কেইটা ?
অসমীয়া ভাষাৰ উপভাষা চাৰিটা।
অসমীয়া ভাষাৰ উপভাষা কেইটা কি কি?
অসমীয়া ভাষাৰ উপভাষা চাৰিটা হৈছে :
- উজনি অসমৰ উপভাষা।
- কামৰূপী উপভাষা।
- মধ্য় অসমৰ উপভাষা আৰু
- গোৱালপৰীয়া উপভাষা।
ড° বাণীকান্ত কাকতিৰ মতে অসমীয়া উপভাষা কেইটা ?
ড° বাণীকান্ত কাকতিৰ মতে অসমীয়া উপভাষা দুটা আৰু সেই উপভাষা কেইটা হৈছে (ক) পূৱ উপভাষা আৰু (খ) পশ্চিম উপভাষা।