3 June, 2024
নীলমণি ফুকন আধুনিক অসমীয়া কবিতা

ককা নীলমণি ফুকনৰ কবিতা – Nilmani Phookan

ককা নীলমণি ফুকনৰ কবিতা

অর্ধ ছুটি বিচাৰি আবেদন
ককা নীলমণি ফুকনৰ কবিতা

নীলমণি ফুকন ( ১০ ছেপ্টেম্বৰ, ১৯৩৩ — ১৯ জানুৱাৰী, ২০২৩) অসমীয়া ভাষাৰ এজন কবি, সাহিত্যিক, কলা-সমালোচক আৰু অধ্যাপক। তেওঁ অসমীয়া কবিতাত প্ৰতীকবাদ আৰু চিত্ৰকল্পবাদৰ সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলায়। নীলমণি ফুকনৰ উল্লেখযোগ্য কৰ্ম হ’ল ‘সূৰ্য হেনো নামি আহে এই নদীয়েদি’, ‘কবিতা’ আৰু ‘গোলাপী জামুৰ লগ্ন’ আদি।

‘কবিতা’ শীৰ্ষক স্ব-নিৰ্বাচিত কাব্যগ্ৰন্থৰ কাৰণে তেওঁক ১৯৮১ চনত সাহিত্য অকাডেমি বঁটা প্ৰদান কৰা হয়। ১৯৯০ চনত ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰে। ইয়াৰোপৰি ১৯৯১ চনত ছগনলাল জৈন বঁটা, ১৯৯৭ চনত অসম উপত্যকা সাহিত্য বঁটা আৰু ২০০২ চনত সাহিত্য অকাডেমিৰ ফালৰ পৰা শ্ৰেষ্ঠ সাহিত্যিক সন্মান সাহিত্য অকাডেমিৰ ফেল’ প্ৰদান কৰা হয়। কবি ফুুুুকনক ২০১৯ বৰ্ষৰ ১৯ আগষ্ট তাৰিখে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে সন্মানীয় ‘ডি লীট’ উপাধি প্ৰদান কৰে। নতুন দিল্লীস্থিত ভাৰতীয় জ্ঞানপীঠে ২০২১ চনত, নীলমণি ফুকনক সাহিত্যক্ষেত্ৰলৈ আগবঢ়োৱা তেওঁৰ অসামান্য অৱদানৰ বাবে ২০২০ বৰ্ষৰ জ্ঞানপীঠ বঁটা প্ৰদান কৰে। এই বঁটা লাভ কৰা তেওঁ তৃতীয় গৰাকী অসমীয়া সাহিত্যিক।

সভাৰ প্ৰতিবেদন লিখাৰ নিয়ম – প্ৰতিবেদন লিখন

ককা নীলমণি ফুকনৰ কবিতা

বুৰঞ্জী

জুই জ্বলি থকা এখন অৰণ্যৰ কাষেদি আমি দুয়ো
নাৱেৰে গৈ আছিলোঁ। কুঁৱলিৰ দৰে ধোঁৱাৰ সাগৰত
সাঁতুৰি সাঁতুৰি চৰাইবোৰ জাকে-জাকে উৰি গৈছিল,
লানি নিছিগাকৈ সাপবোৰ পানীত উটি অহা দেখিছিলোঁ।

গৈ গৈ আমি বেলি পৰোঁ-পৰে বেলিকা পানীৰ
নিচেই কাষতে এটি সৰু ঘৰ দেখি নাও চপালোঁ।
ঘৰটোত কোনোৱেই নাছিল, এচুকৰপৰা সিও উমি উমি
জ্বলি উঠিছিল। অসহায় ভিখাৰীৰ দৰে দূৰৰপৰাই
বন্দী আকাশখনে উচুপি উঠা শুনিছিলোঁ।

আমি আকৌ ধোঁৱা আৰু নিশাৰ মাজেৰে
ধীৰে ধীৰে নাও মেলি দিছিলোঁ।

[‘সূৰ্য হেনো নামি আহে এই নদীয়েদি‘ সংকলন (১৯৬৩)ৰ পৰা]

ককা নীলমণি ফুকনৰ কবিতা

শ্যামবৰণীয়া নাৱিকবোৰ

ইমান দিনেও উভতি নহা
শ্যামবৰণীয়া নাৱিকবোৰৰ
কথাকে পাতি আছিলোঁ
ন-কৈ মেলা কলপাতখনৰপৰা
নিয়ৰৰ দৰে টোপাটোপে
আন্ধাৰবোৰ পৰিছিল।

[‘সূৰ্য হেনো নামি আহে এই নদীয়েদি‘ সংকলন (১৯৬৩)ৰ পৰা]

ককা নীলমণি ফুকনৰ কবিতা

সূৰ্য হেনো নামি আহে এই নদীয়েদি

ৰাতি হ’লে
সূৰ্য হেনো
নামি আহে
এই নদীয়েদি।

ৰক্তক্ষৰা ভুজঙ্গিনীৰ দৰে এই নদীৰ
নাম, ক’ত আছে
একো কথা ভূগোলত নাই
হয়তো অদৃশ্য এই ক্ষিপ্ত নদীৰ
আজিলকৈ একো নাম নাই।

মাজনিশা সাৰ পালে
উঠি আহি চাবা দূৰণিলে’
এটি অতিকায় দীঘলীয়া সপোনৰ
মকৰাৰ দৰে এটি চকু, সেউজীয়া
মৰা এটা মাছৰ পিঠিত উঠি
কেনেকৈ এই নদীয়েদি
উটি উটি যায়।

দূৰৰেপৰা দেখিবা কিদৰে
নদীৰ পানীত
এটি দুটিকৈ
সৰে
সুৰাৰাঙী তৰাবোৰ
ঠিক যেন পকা পকা আঙুৰৰ
দৰে।

শুনিবা দূৰত
জোঙা এটা শিলত পৰি
চীনা মাটিৰ প্লেটৰ দৰে ফাগুনৰ জোন
ভাগি যোৱা দেখি
চৰাইবোৰে কেনেকৈ কান্দে।

হঠাতে আকাশখনি
চোকা তৰোৱালৰ ধাৰৰ দৰে
নামি অহা যেন লাগিলে তোমাৰ
চুলিবোৰ আনি মাথোঁ চকু-মুখ
অন্ধকাৰ কৰি দিবা।

ৰিক্তগৰ্ভ বতাহৰ হাহাকাৰ শুনি
অদৃশ্য হৈ যাব
পলকতে
ৰক্তক্ষৰা ভুজঙ্গিনীৰ দৰে
ক্ষিপ্ৰ এই নদী।

ভয় খালে চাবা, মিছা হৈ যাব
এতিয়াও নিশা আছে
সূৰ্যই কথা ক’ব
সূৰ্যই এটা
আমাক উত্তৰ দিব।

[‘সূৰ্য হেনো নামি আহে এই নদীয়েদি‘ সংকলন (১৯৬৩)ৰ পৰা]

ককা নীলমণি ফুকনৰ কবিতা

ব্ৰহ্মপুত্ৰত সূর্যাস্ত

শূন্যতাৰ হাতৰপৰা সৰি পৰিল
দিনৰ হিৰন্ময় হৃদয়-পাত্র।

নিঃশব্দে সৰি পৰিল
আৰু বুৰ গ’ল।

বুৰবুৰণিত বিৰিঙি উঠিল
পাত্ৰৰ ৰক্তিম আধেয়—
মর্মন্তুদ তাৰ উজ্জ্বলতা

মানুহৰ অন্তিম লালসাৰ
কি প্রজ্বলন!
এতিয়া উলটিল প্রতিজন দর্শক
উক দিলে প্রত্যেকৰে একে বিষ
ধোঁৱা আৰু আন্ধাৰৰ আকাশী খলপাৰে
নামিল স্বয়ং শূন্যতা
নামিল হৃদয়ৰ শূন্যতা

[‘আৰু কি নৈশব্দ‘ সংকলন (১৯৬৮)ৰ পৰা]

ককা নীলমণি ফুকনৰ কবিতা

মৈথুন সংগীত

অৰণ্যত, অৰণ্যৰ ভিতৰত
সাৰেংচৰাইৰ মাত

মেলি দিয়া দুটি বাহু
মাৰ য’ক থুপিতৰা বাহ
তোমাৰ চুলিৰ গোন্ধত

পদুমনি পুখুৰীত মন্দ্রিত বতাহ
দেহত, তোমাৰ দেহৰ ভিতৰত
এতিয়া এপাহ ৰঙা ফুল

থোৰ মেলা তালপাতটোত
ধাৰাসাৰ বৰষুণজাক
তোমাৰ স্তনৰ ৰক্ত তোমাৰ ওঁঠত

এতিয়া তোমাৰ দিঠক
আন্ধাৰৰ আৰক্তিম মুখ,
পাহাৰত মেঘৰ গর্জন

[‘আৰু কি নৈশব্দ‘ সংকলন (১৯৬৮)ৰ পৰা]

ককা নীলমণি ফুকনৰ কবিতা

নীলা নীলা সিৰবোৰ

বাঁহনিখনে ফুচফুচাই আছিল
এটি নিচুক তৰাৰ দৰে
তুমি শুই আছিলা,
তোমাৰ ৰিহাৰ সেই ৰঙা আঁচল
আৰু ভৰিৰ নীলা নীলা সিৰবোৰ
এতিয়াও মোৰ মনত পৰে।

[‘গোলাপী জামুৰ লগ্ন‘ সংকলন (১৯৭৭)ৰ পৰা]

ককা নীলমণি ফুকনৰ কবিতা

তুমি যে তিলফুল হৈ

ভুলতে তোমাক বিছনাখনত
খেপিয়াই ফুৰিছিলোঁ,
তুমি যে পর্বতটোৰ
নামনিত
তিলফুল হৈ
হালি-জালি ফুলি আছা।

[‘গোলাপী জামুৰ লগ্ন‘ সংকলন (১৯৭৭)ৰ পৰা]

ককা নীলমণি ফুকনৰ কবিতা

এখনি মুখ

ক’ৰবাত দেখিছিলোঁ
এইখনি মুখ
যেন দুপৰৰ দীপৰ বিলৰ
পানীপিয়া চৰাইৰ মাত—
নির্মেঘ আকাশ।

বাটৰ মোৰত
থমকি ৰোৱা
শাৰী শাৰী চেগুন গছ।

যেন জাৰৰ জোনাকত
তিৰবিৰাই উঠা
খাজুৰপাতৰ নিয়ৰ।

হয়তো দেখিছিলোঁ
আবেলিৰ কোনোবা ঘাটত
নাইবা চমকতে
বিজুলিৰ পোহৰত
গোধূলিৰ গাঁৱৰ বাটত।

অজানিতে
অকণমানিৰ ডিঙিৰপৰা
ক’ৰবাত সৰি পৰা
এটি যেন মণি।
যেন ৰাতিৰ এটা হ্রদ,
পানীত যাৰ ফুলৰ পাহিৰ
কঁপনি।

বসন্তৰ এয়া যেন ছায়াভৰা বননি।

এইখনি মুখ
মুখ তো নহয়
আমাৰ চ’ৰাৰ গামলাৰ
জাপানী পামৰ কোমল
এটি পাত।

নির্মেঘ আকাশ
দূৰণিত
সেয়া জিনি জিনি
পানীপিয়া চৰাইৰ মাত।

[‘গোলাপী জামুৰ লগ্ন‘ সংকলন (১৯৭৭)ৰ পৰা]

ককা নীলমণি ফুকনৰ কবিতা

ওলমি থকা গোলাপীজামুৰ লগ্ন

কাহানিও নিনাদিত হৈ নুঠা কিছুমান শব্দৰ
হাতৰ এটা মুদ্ৰা

হে হৃদয়ৰ ভগা ডালত ওলমি থকা
গোলাপী জামুৰ লগ্ন!

জুই জলি থকা নগৰৰ ওপৰত উৰি ফুৰা
এটা সামুদ্ৰিক চৰাই

ক্ৰমশঃ মৰি অহা এটা আঙুলি
বৰফ হৈ অহা এটা জুৰি

অন্তৰৰো অন্তৰ খহাই বৈ যোৱা তপত লাভাৰ
আন্ধাৰৰ পাগলাদিয়া

ডিঙিলৈকে সাগৰত ডুব গৈ থকা
দীঘল এটা গান

হে হৃদয়ৰ ভগা ডালত ওলমি থকা
গোলাপী জামুৰ লগ্ন!

বতাহৰ শূন্যতাৰ গভীৰত
নিশাৰ উন্মুক্ত বাঁহী

কাহানিও নিনাদিত হৈ নুঠা কিছুমান শব্দৰ
হাতৰ হে প্ৰাচীন শীতলতা!

[‘গোলাপী জামুৰ লগ্ন‘ সংকলন (১৯৭৭)ৰ পৰা]

ককা নীলমণি ফুকনৰ কবিতা

হংসধ্বনি শুনিছোঁ

(‘কবিতা’ সংকলনৰ ২৪নং কবিতা)

হংসধ্বনি শুনিছোঁ
ৰাতি পুৱাইছে নে ৰাতি হৈছে

হাতৰ আঙুলিত মোৰ
ঢেঁকীয়াবোৰ গজিছে

মই মোক হেৰুৱাই পেলাইছোঁ
তুমি তোমাক বিচাৰি ফুৰিছা

ক’ৰবাত ৰৈ আছোঁ নে কি
নে গৈ আছোঁ

আকাশ পাতাল আন্ধাৰ পোহৰ
একাকাৰ হৈ পৰিছে

হংসধ্বনি শুনিছোঁ

বহুত দিনৰ মূৰত এই এজাক
বৰষুণত তিতিছোঁ

কালিদাসৰ সৈতে চৰ্মন্বতী
নদীত নামিছোঁ

ৰক্তাক্ত ছায়ামূৰ্তিবোৰে
শৰীৰ ধাৰণ কৰিছে

শত সহস্র হাত মেলি শূন্যতে
ব্রহ্মাণ্ডক ধৰিছে
হংসধ্বনি শুনিছোঁ

উশাহতে মোৰ সেউজীয়া
এজাক বতাহ লৈছোঁ।

মোৰ ভিতৰৰপৰা মোক
হাতবাউলি দিছে

হংসধ্বনি শুনিছোঁ
সাঁজ লাগিছে নে ৰাতি পুৱাইছে

গোটেই গাতে মোৰ
ঢেঁকীয়াবোৰ গজিছে

[‘কবিতা‘ সংকলন (১৯৮১)ৰ পৰা]

ককা নীলমণি ফুকনৰ কবিতা

মুঠি মুঠিকৈ কাটি তোৰ ঢেঁকীয়াৰ আঙুলি

(‘কবিতা’ সংকলনৰ ২৫ নং কবিতা)

মুঠি মুঠিকৈ কাটি তোৰ ঢেঁকীয়াৰ আঙুলি
আজাৰৰ আন্ধাৰত তয়ে বেচ

বাই তোৰ কোন গাঁৱত ঘৰ
মৰেনে মানুহ তাত

ঢাপত ৰোৱনে আকণ গছ
পুখুৰীত জীয়াৱনে মাছ

মানুহটো বাৰু তোৰ
আহিল নে ঘূৰি

মাজ ৰাতি বেৰৰ জলঙাৰে
সোমায় নে নদী

বাই তোৰ আখলৰ লাওৰ খোলাত
সাঁচ দিন

উজাগৰ দুচকুৰে জ্বলাৱ
পদূলিৰ কাঞ্চনগছৰ আন্ধাৰ।

বাই তোৰ কোন গাঁৱত ঘৰ
পিন্ধনে জেতুকা তই ফাটি যোৱা কলিজাত

[‘কবিতা‘ সংকলন (১৯৮১)ৰ পৰা]

ককা নীলমণি ফুকনৰ কবিতা

দুয়োখন দুৱাৰ মেলি থবি

(‘নৃত্যৰতা পৃথিৱী’ সংকলনৰ ৪ নং কবিতা)

দুয়োখন দুৱাৰ মেলি থবি
গৌৰীনাথ আহিব

দুয়োটা বাটিত সজাই থবি
দুবাটি মঙহ হালধি সানি
দুয়োটা চকুত জ্বলাই থবি
সাতপুৰুষীয়া চকুপানী

তোৰ তেজলৈ তাক তাৰ
হাত সুমুৱাই দিবলৈ কবি
তেজ তাৰ তিতা নে লুণীয়া
তয়ে তাক চাকি চাবলৈ কবি

পেটত তোৰ উচুপে কোনে
কোনে কান্দে শুনিবি

পদূলিলৈ ওলাই চিঞৰটো মাৰিবি
মাটি ফাটিব
পানী-হিলৈ ফুটাদি শিল ফুটিব
দলিয়াই দিবি তোৰ হাতৰ
হাতীদাঁতৰ হাত

আৰু কচাইৰ আঙুলিত শুকুৱা
তেজৰ দৰে
শুকাব ৰাতিৰ নিশ্বাস

আই তই ৰহঢলা পথাৰত
উলংগ হৈ নাচিবি
নাচিবি পৃথিৱীৰ নৃত্য

গাজি গুমৰি বৰষুণ আহিব
উত্তৰৰপৰা দক্ষিণৰপৰা
পূবৰপৰা পশ্চিমৰপৰা
আৰু খেতিয়কবোৰ বাটলৈ
ওলাই আহিব।

দুয়োখন দুৱাৰ মেলি থবি
গৌৰীনাথ আহিব
স্বৰ্গদেউ গৌৰীনাথ

[‘নৃত্যৰতা পৃথিৱী‘ সংকলন (১৯৮৫)ৰ পৰা]

ককা নীলমণি ফুকনৰ কবিতা

মুখ-আন্ধাৰিত আৰু হাড়-কঁপোৱা জোনাকত

মুখ-আন্ধাৰিত আৰু হাড়-কঁপোৱা জোনাকত
উচুপি উঠোঁ
আৰু তোমাৰ কবিতা পঢ়োঁ

তোমাত বিচাৰি পাওঁ প্রভাতী উত্তৰৰ
উড্ডীন এজাক বগলী
মই যেতিয়া মই হৈ নাথাকোঁ
হিম যেতিয়া হিম হৈ নাথাকে

হালধীয়া ধূলিৰ ধুমুহাৰ মাজেৰে
নাও এখনত উঠি
তুমি বাঁহী বজাই আহাঁ

আৱহমান প্রশান্তিৰ ৰাগিনী এটি
দুৱাৰে দুৱাৰে থিয় দি
বোধিসত্ত্ব পদ্মপাণি

মৌ-ডিমৰুৰ তলে তলে ঘূৰি ফুৰোঁ
সঙ্গ-নিঃসঙ্গ শান্ত ব্যাকুল
পান-পাত্ৰত ধৰোঁ স্তব্ধতা
আৰু কোলাহল
এতিয়াও ইজনে সিজনক ভাল পাওঁ
এতিয়াও
অনাহাৰত মৰে মোৰ সন্তান

মুখ-আন্ধাৰিত আৰু হাড়-কঁপোৱা জোনাকত
উচুপি উঠোঁ
আৰু তোমাৰ কবিতা পঢ়োঁ

জীৱনৰ মৰণৰ সিপাৰতো তুমি
মোৰ কবি
মানুহক কবিতাক দিয়া পৰমায়ু।

[হোমেন বৰগোহাঞি সম্পাদিত ‘এশ বছৰৰ অসমীয়া কবিতা‘ সংকলন (২০০০)ৰ পৰা]

ককা নীলমণি ফুকনৰ কবিতা


নীলমণি ফুকনৰ চমু পৰিচয়

নীলমণি ফুকন আধুনিক অসমীয়া কবিতা

 নীলমণি ফুকনৰ জন্ম হৈছিল ১৮৮০ চনত আৰু মৃত্যু হৈছিল ১৯৭৭ চন) নীলমণি ফুকনৰ পিতৃ লম্বোদৰ ফুকন। কবিগৰাকীয়ে ডিব্ৰুগড়ৰ পৰা এন্ট্ৰেঞ্চ পৰীক্ষাত উত্তীৰ্ণ হৈ পাছত ক্ৰমে কটন কলেজ আৰু কোচবেহাৰ কলেজত অধ্যয়ন কৰি স্নাতক ডিগ্ৰী লয়। তেখেতে ডিব্ৰুগড়ৰ জৰ্জ স্কুলত শিক্ষকতাৰে চাকৰি জীৱন পাতনি মেলে। নীলমনি ফুকনে আলোচনী সাদিনীয়া বাতৰি (পাছত দৈনিক বাতৰি) ন-জোন (শিশু আলোচনী) আদি সম্পাদনা কৰে। 

নীলমণি ফুকনঅসমীয়া ভাষাৰ এজন কবি, কলা-সমালোচক, অধ্যাপক আৰু সাহিত্যিক তেওঁ অসমীয়া কবিতাত প্ৰতীকবাদ আৰু চিত্ৰকল্পবাদৰ সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলায়। তেখেতৰ উল্লেখযোগ্য কৰ্ম হ’ল ‘সূৰ্য হেনো নামি আহে এই নদীয়েদি’, ‘কবিতা’, আৰু ‘গোলাপী জামুৰ লগ্ন’।

 অসমীয়া সাহিত্যত ককা উপনামেৰে জনাজাত নীলমণি ফুকন  হৈছে এগৰাকী প্ৰাতঃস্মৰণীয় সাহিত্যিক, তথা একাধাৰে এগৰাকী ৰাজনীতিবিদ, সুবক্তা, কবি, কথা-সাহিত্যক, সম্পাদক আৰু ব্যৱসায়ী। তেওঁৰ ভাষাৰ ওজস্বীতা আৰু বাগ্মীতাৰ বাবে বাগ্মীবৰছাকী সম্ভাষণ দিয়া হৈছিল। তেওঁৰ কবিতাসমূহত ৰহস্য সন্ধানী ভাবৰ পৰিচয় ঘটাৰ লগতে মানৱ প্ৰেম তথা সৌন্দৰ্য অনুভূতিৰ প্ৰকাশো দেখা পোৱা যায়। তেওঁৰ প্ৰায়বোৰ কবিতাই আছিল ছনেট গঢ়ী।
    ভাটি বয়সত সাহিত্য সৃষ্টি আৰম্ভ কৰা নীলমণি ফুকনে জ্যোতিকণা, মানসী গুটিমালি জিঞ্জিৰি সন্ধানী অমিত্ৰা আহুতি শতধাৰা মৰা ডালৰ কুহিঁপাত আৰু মানস-প্ৰতিমা কবিতা পুথিৰ উপৰি চিন্তামণি আৰু সাহিত্য-কলা নামৰ উৎকৃষ্ট প্ৰবন্ধ পুথিও ৰচনা কৰে।

নীলমণি ফুকন কি নামেৰে জনাজাত?

অসমীয়া সাহিত্যত নীলমণি ফুকন ককা উপনামেৰে জনাজাত ,

One thought on “ককা নীলমণি ফুকনৰ কবিতা – Nilmani Phookan

Leave a Reply

Your email address will not be published. Required fields are marked *