Q: কবিতা আৰু কথা কবিতাৰ মাজত পাৰ্থক্য কি কি আছে?
Table of Contents
Ans: পুৰণি কবিতাবোৰত পৰম্পৰাগত ছন্দৰ প্ৰয়োগ কৰা হয়৷ তেনেদৰে আধুনিক কবিতাবোৰতো মুক্তক ছন্দৰ প্ৰয়োভৰ ঘটে৷ এক কথাত কবিতাত ছন্দৰ প্ৰয়োগ অপৰিহাৰ্য ৷ কিন্তু কথা-কবিতা ছন্দৰ বান্ধোনত বন্দী নহয়৷ই মুক্তভাৱে কথা কোৱাৰ ভংগীত ৰচিত কবিত্বময়ী সাহিত্য ৷[1-2 Marks]
Or
কবিতা আৰু কথা কবিতাৰ মাজত পাৰ্থক্য সমূহ হৈছে:[3-5 Marks]
- কথা কবিতা এবিধ কবিতাই, কিন্তু ই কথাত ৰচিত, পদ্যত নহয়।
- ই চিত্ৰ ধৰ্মিতাৰ ওপৰত প্ৰতিষ্ঠিত। ছন্দোময়ী কবিতাৰ প্ৰাথমিক উদ্দেশ্য ধ্বনি, চিত্র নহয়; চিত্র আনুষংগিক হ’ব পাৰে।
- কবিতা আৰু কথা-কবিতাৰ মাজত পাৰ্থক্য আছে, যেনে—কবিতা মিত্ৰাক্ষৰ বা অমিত্রাক্ষৰ ছন্দত লিখা হয়। কিন্তু কথা-কবিতা গদ্যত ৰচনা কৰা হয় ।
- কথা কবিতাৰ লক্ষ্য হৈছে ৰূপ বা দৃশ্য বস্তুত সজীৱতা আৰোপ কৰা । ছন্দোময়ী কবিতাৰ প্ৰধান লক্ষ্য গীত বা শ্ৰব্য বিষয়ক মূৰ্ত কৰি তোলা।
- কবিতাত এটাতকৈ অধিক ভাৱৰ সমাবেশ ঘটিব পাৰে৷ কিন্তু কথা-কবিতাত এটা মাথো কেন্দ্ৰস্থ ভাৱ থাকে।
- কবিতাত বিভিন্ন ধৰণৰ অলংকাৰ প্ৰয়োগ কৰা হয়। কিন্তু কথা-কবিতাত অলংকাৰ প্ৰয়োগৰ মাত্ৰা কম যদিও ই ৰূপকাত্মক।
- কবিতাৰ তুলনাত কথা-কবিতা কাহিনীধর্মী।
- কবিতা পদ্যধর্মী ভাষাত লিখা হয়। আনহাতে কথা-কবিতাৰ ভাষা ব্যঞ্জনাময়ী গদ্য ভাষা।
One thought on “কবিতা আৰু কথা কবিতাৰ মাজত পাৰ্থক্য”