26 February, 2024
ঢোলৰ বিষয়ে ৰচনা | Assamese Essay For 2024

ঢোলৰ বিষয়ে ৰচনা | Assamese Essay For 2024

ঢোলৰ বিষয়ে ৰচনা

ঢোল অসমৰ জনসংস্কৃতিৰ এবিধ গুৰুত্বপূৰ্ণ বাদ্য যন্ত্ৰ। অসমৰ সকলো জনগোষ্ঠীৰে যিকোনো উৎসৱত ঢোল অপৰিহাৰ্য্য। সেইবাবে অসমৰ বিভিন্ন ঠাইত ভিন ভিন প্ৰকাৰৰ ঢোল লগতে বৈশিষ্টগত বাদন প্ৰণালী আছে। পৃথিবীৰ প্ৰায়বিলাক লোক সংস্কৃতিতেই ঢোল জাতীয় বাদ্য ব্যৱহৃত হোৱা দেখা যায়। কিন্তু অসমীয়া ঢোলৰ সৰু আকাৰ আৰু তুলনামুলক ভাবে যথেষ্ট ডাঙৰ শব্দৰ লগতে ইয়াৰ ভিন ভিন ব্যৱহাৰে ইয়াক আন সকলোবিলাক ঢোলৰ তুলনাত পৃথক বৈশিষ্ট্য প্ৰদান কৰিছে। এসময়ত ঢোলৰ ছেৱেৰে মতলীয়া কৰিব পৰা ডেকাকহে অসমীয়া গাভৰুৱে জীৱন সংগিনী কৰিবলৈ বাছনি কৰিছিল। অৰ্থাৎ ঢোল বজাব পৰাটো এসময়ত অসমীয়া ডেকাৰ পৌৰুষৰ প্ৰতীক বুলি গণ্য কৰা হৈছিল। ঢোলক মানুহৰ প্ৰজনন শক্তিৰ পৰিচায়ক বুলিও ভবা হয়।

ঢোলৰ বিষয়ে ৰচনা | Assamese Essay For 2024

যুক্তিসন্মত ভাবেই ঢোল অসমীয়া বিহুৰ আটাইতকৈ প্ৰয়োজনীয় বাদ্যযন্ত্ৰ। বিহু আৰু হুঁচৰিত ঢোলৰ চেৱে মূল দ্বায়িত্ব লৈ ইয়াক আগবঢ়াই নিয়ে। বিহু নৃত্যৰ লগতে গীত বা আন পেঁপা , গগনা আদি বাদ্য বজাওতেও ঢোল সংগত কৰিব লাগে। বিহু বা হুঁচৰিৰ আৰম্ভণিৰ পৰা শেষলৈকে কেৱল ঢোল আৰু তাল হে একেৰাহে বজোৱা হয়। বাকী বাদ্যযন্ত্ৰবিলাক মাজে মাজেহে ব্যৱহাৰ হয়।

ইয়াৰ বাহিৰেও কিছুদিনৰ আগলৈকে বিয়া সবাহ আদিত ওজা ঢোল এক অপৰিহাৰ্য্য অনুষ্ঠান আছিল। ওজাঢোল বাদন এক স্বয়ংসম্পূৰ্ণ একক ঢোল বাদনৰ অনুষ্ঠান। ওজাসকলৰ ঢোলৰ চেও সাধাৰণ বিহু ঢোলতকৈ কঠিন আৰু আৰু তেওঁলোকে ঢোলত বিভিন্ন শব্দ ফুটাই দৰ্শকক আমোদ দিয়ে। ঢোলক এবিধ মাংগলিক বাদ্য হিচাপে গণ্য কৰা হয় আৰু সেয়ে বিবাহ, অসমৰ সত্ৰসমূহৰ ৰ বিভিন্ন মাংগলিক অনুষ্ঠান, যেনে ৰাসোৎসৱ, ফল্গুৎস্ব আদিত ওজা ঢোল বাদন কৰাৰ পৰম্পৰা আছে॥ আনকি ম’হযুঁজ, কুকুৰাযুঁজ আদিতো ঢোল পৰিৱেষন কৰা অসমৰ ঠাইয়ে ঠাইয়ে দেখা যায়।

অসমীয়া সংস্কৃতিত ঢোলক জনপ্ৰিয় কৰি তোলাত চুতীয়া আৰু আহোম ৰজা সকলৰ অৱদান আটাইতকৈ বেছি। ঢোলৰ মালিতাত ৰতনপুৰৰ উল্লেখ কৰা হয় যিতো এটা সময়ত চুতীয়া ৰাজ্যৰ সাংস্কৃতিক কেন্দ্ৰ আছিল। তাৰ বাহিৰেও প্ৰায় বোৰ বিহু মালিতাত শিৱ-পাৰ্বতীৰ কথা কোৱা হয় যি চুতীয়া সকলৰ আৰাধ্য দেৱ-দেৱী গিৰা-গিৰাছিৰ আন এটি নাম আছিল। ঢোলৰ আন আন মালিতাত আহোম স্বৰ্গদেও সকলৰ উল্লেখ প্ৰায়ে পোৱা যায়। ইয়াৰ পৰা বুজিব পাৰি যে ঢোলে স্বৰ্গদেও সকলৰ আমোলত ৰাজকীয় পৃষ্ঠপোষকতা লাভ কৰিছিল। আনকি, আহোম ৰজা বা ডা-ডাঙৰীয়া সকল বাটচ’ৰাৰ বাহিৰলৈ ওলালে, দোলাৰ কাষে কাষে ঢুলীয়াই ঢোল বজাই যোৱাৰ ৰীতি প্ৰচলিত আছিল। ইয়াৰ বাবে প্ৰস্তুত কৰা দোলাকাষৰীয়া চেঁও বুলি ঢোলৰ এক বিশেষ চেও আজিও প্ৰচলিত আছে। ৰাইজৰ মাজত ৰাজ-আদেশ বা দেশৰ খবৰ ঢোলপিতি ঘোষণা কৰা হৈছিল বুলি বুৰঞ্জীত উল্লেখ পোৱা যায়

অসমৰ বিভিন্ন জনগোষ্ঠীয়ে বেলেগ বেলগ ধৰণৰ ঢোল ব্যৱহাৰ কৰে। এই ঢোল বিলাকৰ মূল নিৰ্মাণ প্ৰক্ৰিয়া একে হলেও, আকাৰ, বাদন আৰু ব্যৱহাৰৰ ক্ষেত্ৰত অনেক প্ৰভেদ দেখা যায়।

বিহু ঢোল বা পাতি ঢোল আৰু ওজা ঢোল:

ঢোলৰ বিষয়ে ৰচনা | Assamese Essay For 2024
বিহু ঢোল বা পাতি ঢোল

বিহু নৃত্য আৰু গীতৰ লগত সংগত কৰা সৰু আকৃতিৰ ঢোল। ওজা ঢোলৰ আকৃতি আৰু নিৰ্মাণ প্ৰণালী বিহু ঢোলৰ দৰেই, কিন্তু ই বিহু ঢোলতকৈ সামান্য ডাঙৰ। ঢুলীয়া ওজাই একক বাদ্য হিচাপে এই ঢোল বজায়। ঢোলৰ ওজা সকলে বিভিন্ন জীৱ-জন্তু , চৰাই, যন্ত্ৰ-পাতি আদিৰ মাত এই ঢোলত ফুটাই তুলিব পৰা বাবে ইয়াক কথা কোৱা ঢোল বুলিও কয়।

খ্ৰাম আৰু খাম:

অসমৰ ডিমাছা আৰু তিৱা সকলে ব্যৱহাৰ কৰা ঢোলৰ নাম হ’ল খ্ৰাম, আনহাতে বড়ো আৰু ৰাভাসকলে বজোৱা দীঘলীয়া আকৃতিৰ ঢোলটোক খাম বুলি কোৱা হয়। খ্ৰাম আৰু খাম আকৃতি প্ৰায় অনুৰূপ হোৱা বাবে এই দুইটাকে একে শিতানত ৰখা হৈছে। খ্ৰাম সাধৰণতে ধৰ্মীয় উপলক্ষ্যতহে বজোৱা হয়।

ঢেপাঢোল:

অসমৰ দৰং-মঙ্গলদৈৰ ফালে ঢেপাঢু্লীয়া অনুষ্ঠানত ব্যৱহাৰ হোৱা এই ঢোলৰ নিৰ্মাণ প্ৰণালী আদি বজোৱাৰ কৌশল সম্পূৰ্ণ পৃথক। ছাগলিৰ ছালেৰে দুতৰপীয়াকৈ ছোৱা, দীঘলীয়া আকৃতিৰ এই ঢোলৰ মাজত পানী ভৰাই বজোৱা হয়। ঢেপাঢুলীয়া অনুষ্ঠান, নৃত্য গীতৰ সমহাৰেৰে এক স্বয়ংসম্পূৰ্ণ আমোদজনক পৰিবেশন।

জয়ঢোল:

বৃহৎ আকাৰৰ, আৰু ডাঙৰ শব্দ কৰা ঢোল, সাধাৰণতে দেওধনী নৃত্যৰ লগত সংগত কৰা হয়। দৰং-মঙ্গলদৈৰ ফালে জয়ঢুলীয়া নামৰ অনুষ্ঠানত আৰু লগতে মনসা বা মাৰৈ পূজাত একক ভাবে জয়ঢোল বজোৱা হয়।

মাদল:

মাদল অসমৰ চাহ জনগোষ্ঠীৰ লোকে ঝুমুৰ গীতৰ লগত ব্যৱহাৰ কৰা ঢোল। অসমৰ বাদে ভাৰতৰ বিভিন্ন জনগোষ্ঠীৰ মাজত মাদলৰ ব্যৱহাৰ দেখা যায়।

বৰঢোল:

অসমৰ ঢোল বিলাকৰ মাজত বৰঢোলেই আটাইতকৈ আকাৰত ডাঙৰ, প্ৰায় দেৰ মিটাৰ মান দৈৰ্ঘ্যৰ বৰঢোলৰ দুইমুৰৰ ব্যাস আধা মিটাৰৰ পৰা এক মিটাৰৰ মানলৈকে হোৱা দেখা যায়। ইয়াৰএটা মুৰ হাতেৰে আৰু আনটো মুৰ এডাল ভাজ থকা মাৰিৰে কোবাই বজোৱা হয়। দৰং-মঙ্গলদৈ আৰু কামৰূপত পৰম্পৰাগত নৃতা গীত আভিনয়েৰে সংপৃক্ত বৰঢুলীয়া অনুষ্ঠান আতি আকৰ্ষণীয়। পুতলা নাচতো বৰঢোল বজোৱা হয়।

কৱিঢোল:

গোৱালপৰীয়া লোকগীতৰ লগত ব্যৱহাৰ কৰা, বহল মুখৰ, মাৰিৰে কোবাই বজোৱা এবিধ ঢোল।

ঢোলবাদ্যৰ বিশাৰদ সকলে নিজৰ প্ৰতিভা আৰু চেষ্টাৰে ঢোলক আজিৰ এই মৰ্য্যাদা প্ৰদান কৰিছে। তাৰে কেইজনমান ঢোলৰ ওজাৰ নাম হৈছে :-

  • স্বৰ্গীয় মঘাই ওজা
  • স্বৰ্গীয় ৰত্ন ওজা
  • স্বৰ্গীয় বগাই ওজা
  • স্বৰ্গীয় হলিৰাম ওজা
  • স্বৰ্গীয় নৰাম ওজা
  • কৰুণা ওজা
  • সৰুপাই ওজা
  • স্বৰ্গীয় তুলসী ওজা
  • সোমনাথ বৰা ওজা
  • প্ৰসেন বৰা ওজা
  • মহেন্দ্ৰ চুতীয়া ওজা
  • পুণ্য দত্ত

Source: Assamese Wikipedia

Related Post:

Leave a Reply

Your email address will not be published. Required fields are marked *