বাক্য গঠনত ব্যৱহাৰ হোৱা শব্দৰ পাছত যুক্ত হোৱা চিনবোৰকে বিভক্তি বোলে।[বিভক্তি কাক বোলে ?]
Table of Contents
বিভক্তি কাক বোলে ?
প্রকৃতি অর্থাৎ প্রাতিপাদিক আৰু ধাতুৰ পিছত যিবােৰ চিন যােগ কৰি পদ গঠন কৰা হয় আৰু বাক্যত পদবােৰৰ স্থান নির্ণিত হয়, সেই চিনবােৰকেই বিভক্তি বুলি কোৱা হয়।
বিভক্তি কেইপ্ৰকাৰৰ আৰু কি কি ?
বিভক্তি দুই প্ৰকাৰৰ:
(১) শব্দ বা নাম বিভক্তি আৰু
(২) ক্রিয়া বিভক্তি।
(১) নাম বিভক্তি
প্রাতিপদিকৰ লগত যিবােৰ বিভক্তি যােগ হৈ বাক্যত স্থান নির্ণয় কৰে, পদবােৰৰ পাৰস্পৰিক অন্বয় বা সম্বন্ধ দেখুৱায়, সেইবােৰেই নাম বিভূক্তি। কাৰক নির্ণয় কৰে বাবে কাৰক বিভক্তিও বুলি কোৱা হয় ।
(২) ধাতুৰ বিভক্তি বা ক্রিয়া বিভক্তি
ধাতুৰ পিছত বিভিন্ন পুৰুষ আৰু কালত যিবােৰ চিন ব্যৱহাৰ হৈ ভাব প্রকাশ কৰে তাকেই ক্রিয়া বিভক্তি কোৱা হয়।
শব্দ বিভক্তি কাক বোলে?
মনৰ ভাব প্রকাশ কৰিবলৈ বাক্য ব্যৱহাৰ কৰোঁতে সেই বাক্যৰ ক্ৰিয়াৰ লগত আন আন শব্দৰ পাৰস্পৰিক সংগতি ৰা সম্বন্ধ ৰাখি প্রাতিপদিকৰ পিছত কিছুমান চিন (বর্ণ বা বর্ণ সমষ্টি) যােগ কৰি পদ কৰা হয়। সেই চিনবােৰকেই বা বর্ণ সমষ্টিকে শব্দ-বিভক্তি বুলি কোৱা হয়।
শব্দ-বিভক্তি ৭টা ভাগত ভাগ কৰা হৈছে :
- প্রথমা বিভক্তি-এ (ই)
- দ্বিতীয় বিভক্তি- ক,
- তৃতীয় বিভক্তি- এৰে, এদি, (দ্বাৰা, দ্বাৰাই),
- চতুর্থ বিভক্তি- লৈ,
- পঞ্চমী বিভক্তি- ৰ (পৰা),
- ষষ্ঠী বিভক্তি-ৰ,
- সপ্তমী বিভক্তি- ত, এ (পুৰণি অসমীয়া পদ্যত)।
ক্ৰিয়া বিভক্তি কাক বোলে?
ধাতুত ক্ৰিয়া বিভক্তি যোগ দিয়া হয়। প্ৰত্যয় যোগ হোৱাৰ পিছত ই কাল আৰু পুৰুষ নিৰ্ধাৰণ কৰে। অসমীয়াত কালবোৰ হ’ল –
১)নিত্য বৰ্তমান কাল: এই কালৰ প্ৰথম পুৰুষৰ বিভক্তি ও, (তুচ্ছাৰ্থত) অ, (আদৰ অৰ্থত) আ। তৃতীয় পুৰুষত এ হয়।
২)স্বৰূপ বৰ্তমান কাল: ইয়াত প্ৰথম পুৰুষত ইছো, দ্বিতীয় পুৰুষত ইছ(তুচ্ছাৰ্থত), ইছা(আদৰ অৰ্থত) আৰু তৃতীয় পুৰুষত ইছে ব্যৱহাৰ হয়।
৩)স্বৰূপ ভূত কাল: এই কালত প্ৰথম পুৰুষত ইলো, দ্বিতীয় পুৰুষত ইলি(তুচ্ছাৰ্থত), ইলা(আদৰ অৰ্থত), তৃতীয় পুৰুষত ইলে ব্যৱহাৰ হয়।
৪)অপূৰ্ণ ভূত কাল: ইয়াত যোগ হোৱা বিভক্তিৰ অনুসৰ্গবোৰ এনেধৰণৰ: প্ৰথম পুৰুষ- ইছিলো, দ্বিতীয় পুৰুষ- ইছিলি(তুচ্ছাৰ্থত), ইছিলা(আদৰ অৰ্থত) আৰু তৃতীয় পুৰুষত ইছিল।
৫)সাম্ভাৱ্য ভূত কাল: ইয়াত যোগ হোৱা বিভক্তিবোৰ হ’ল- প্ৰথম পুৰুষত ইলোহেঁতেন, দ্বিতীয় পুৰুষত ইলিহেঁতেন(তুচ্ছাৰ্থত), ইলোহেঁতেন(মান্যাৰ্থত), তৃতীয় পুৰুষত ইলেহেঁতেন।
ভৱিষ্যৎ কাল: ইয়াত যোগ হোৱা বিভক্তিবোৰ এনেধৰণৰ প্ৰথম পুৰুষত ইম, দ্বিতীয় পুৰুষত ইবি(তুচ্ছাৰ্থত), ইবা(মান্যাৰ্থত), তৃতীয় পুৰুষত ইব ব্যৱহাৰ হয়।
ইয়াৰ উপৰি আদেশ বা অনুৰোধ বুজাবলৈ হয়। অনুজ্ঞাৰ পুৰুষ দুটা- দ্বিতী্য পুৰুষ আৰু তৃতীয় পুৰুষ। কালো দুবিধ- নিত্য বৰ্তমান কাল আৰু ভৱিষ্যত কাল। নিত্য বৰ্তমান কালৰ অনুজ্ঞাত দ্বিতীয় পুৰুষত অ(তুচ্ছাৰ্থত), আ(আদৰ অৰ্থত), তৃতীয় পুৰুষত অক আৰু ওক ব্যৱহাৰ হয়। ভৱিষ্যৎ কালৰ অনুজ্ঞাৰ অৰ্থত দ্বিতীয় পুৰুষত ইবি(তুচ্ছাৰ্থত), ইবা(আদৰ অৰ্থত), আৰু তৃতীয় পুৰুষত ইব ব্যৱহাৰ হয়।
or
ক্ৰিয়া বিভক্তি
ধাতু (ক্ৰিয়াৰ মূল) ৰ পিছত যি বিভক্তি যোগ হয় তাকে ক্ৰিয়া বিভক্তি বোলে। ক্ৰিয়া বিভক্তিক ধাতু বিভক্তি বুলিও কোৱা হয়। উদাহৰণ–
ৰাকেশে ৰামায়ণ পঢ়িছে।
ইয়াত ‘পঢ়’ ধাতুত ‘ইছে’ যুক্তহৈ ‘পঢ়িছে’ ক্ৰিয়াটো সম্পন্ন হৈছে। সেইদৰে,
কৰ + ইছে = কৰিছে
লিখ + ইছে = লিখিছে
ধৰ + ইছে = ধৰিছে।
বি: দ্ৰ: আদেশ, অনুৰোধ বা উপদেশ দিয়া বুজাবলৈ ক্ৰিয়াৰ যি ৰূপ হয় তাকে অনুজ্ঞা বোলে। অনুজ্ঞা কেৱল দ্বিতীয় আৰু তৃতীয় পুৰুষত, নিত্য বৰ্তমান আৰু ভৱিষ্যত কালত হয়। উদাহৰণ–
ইয়ালৈ আহা। (আদেশ)
অনুগ্ৰহ কৰি ৰামক সহায় কৰক। (অনুৰোধ)
কাকো ঘৃণা নকৰিবা। (উপদেশ)
ধাতুৰ ক্ৰিয়া বিভক্তি যোগ কৰাৰ কিছুমান নিয়ম আছে। যথা–
১। ও- কাৰান্ত ধাতুৰ পিছত ‘ও’ৰ ঠাইত ‘উ’ হয়। যেনে–
শো + ইছিলো = শুইছিলো
ধো + ইছিলো = ধুইছিলো
২। ই- কাৰান্ত ধাতুৰ পিছত ‘অ’ বিভক্তি ‘য়’ ‘আ’ বিভক্তি ‘য়া’ আৰু ‘এ’ বিভক্তি ‘য়ে’ হয়। যেনে–
কি + অ = কিয়
দি + আ = দিয়া
দি + এ = দিয়ে
৩। ব্যঞ্জনান্ত ধাতুৰ শেষ বৰ্ণত ক্ৰিয়া বিভক্তিৰ আদি স্বৰযোগ হয়। যেনে–
ধৰ + ইলো = ধৰিলো
কৰ + ইলো = কৰিলো।
৪। অ, আ বা উ কাৰান্ত ধাতুৰ পিছত বিভক্তিৰ ‘অ’ ৰ ঠাইত ‘ৱ’ আৰু ‘আ’ ৰ ঠাইত ‘ৱা’ হয়। যেনে–
ৰো + অ = ৰোৱ
যা + আ = যাৱ
ৰো + আ = ৰোৱা।
7 thoughts on “বিভক্তি কাক বোলে ?”