শিলিখা গছৰ বৈজ্ঞানিক নাম
Table of Contents
শিলিখা গছৰ বিষয়ে
শিলিখা গছৰ বৈজ্ঞানিক নাম টাৰ্মিনেলিয়া চেবুলা(Terminalia chebula) . শিলিখা (টাৰ্মিনালিয়া চেবুলা) (Terminalia chebula) হৈছে এটা মধ্যমীয়া পৰা ডাঙৰ পৰ্ণপাতী গছ, যি 30 মিটাৰ (98 ফুট) ওখ হয়, ইয়াৰ কাণ্ড 1 মিটাৰ (3 ফুট 3 ইঞ্চি) পৰ্যন্ত ব্যাসৰ হয়। ইয়াৰ পাতসমূহ অণ্ডাকাৰ, 7-8 ছেঃমিঃ (2.8-3.1 ইঞ্চি) দীঘল আৰু 4.5-10 ছেঃমিঃ (1.8-3.9 ইঞ্চি) বহল আৰু 1-3 ছেঃমিঃ (0.39-1.18 ইঞ্চি) পেটিঅ’লৰ বিকল্প।[4] এওঁলোকৰ এটা তীব্ৰ অগ্ৰভাগ থাকে, আধাৰত ক’ৰ্ডেট থাকে, সম্পূৰ্ণ মাৰ্জিন থাকে, তলত এটা হালধীয়া যৌৱনৰ সৈতে ওপৰত চকুত পৰে। [ উদ্ধৃতি প্ৰয়োজন ] ফল ড্ৰিপৰ দৰে, 2-4.5 ছেঃমিঃ (0.79-1.77 ইঞ্চি) দীঘল আৰু 1.2-2.5 ছেঃমিঃ (0.47-0.98 ইঞ্চি) বহল, ক’লা, আৰু পাঁচটা অনুদৈৰ্ঘ্যৰ ৰিজ। হালধীয়া ৰঙৰ পৰা হালধীয়া ৰঙৰ ফুলবোৰ একচেটিয়া, আৰু ইয়াৰ গোন্ধ তীব্ৰ, অপ্ৰীতিকৰ। এওঁলোক টাৰ্মিনেল স্পাইক বা চুটি পেনিকলেৰে বোৱা হয়। ফলবোৰ স্নিগ্ধ উপবৃত্তাকাৰৰ পৰা ডিম্বাকৃতিৰ, হালধীয়া পৰা কমলা-বাদামী ৰঙৰ হয়।
ভাৰত, শ্ৰীলংকা, ভূটান, নেপাল, বাংলাদেশ, ম্যানমাৰ, কম্বোডিয়া, লাওছ, ভিয়েটনাম, ইণ্ডোনেছিয়া, মালয়েছিয়া, পাকিস্তান আৰু থাইলেণ্ডকে ধৰি সমগ্ৰ দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াত টাৰ্মিনালিয়া চেবুলা দেখা যায়। চীনত, ই পশ্চিম য়ুনানত থলুৱা আৰু ফুজিয়ানত খেতি কৰা হয়, গুৱাংগডং, গুৱাংছি (নানিং), আৰু টাইৱান (নান্টৌ)।
শিলিখা গছৰ বৈজ্ঞানিক নাম
যি খায় তিনি শিলিখা তাৰ মানত ৰোগ টিলিকা!
শিলিখা সম্পৰ্কে অধিক জানক
শিলিখা বনৌষধি দ্ৰব্যৰ ভিতৰত উৎকৃষ্ট বুলিব পাৰি। ইয়াৰ অন্য নাম হৰিতকী। সকলো ৰোগ হৰণ কৰিব পাৰে বুলিয়ে শিলিখাৰ নাম হৰিতকী হৈছে। এই গছ প্ৰকাণ্ড ডাঙৰ হয়। শিলিখা ফলবোৰ সৰু আৰু দীঘলীয়া। অৱশ্যে এবিধ গোলাকাৰ নাম ৰোহিনী। শিলিখাৰ এটি জন্ম কথা আছে। এদিন হেনো দেৱৰাজ ইন্দ্ৰই অমৃত পান কৰোতে এটি অমৃতৰ টোপাল মৰ্ত্তাত সৰি পৰিল। সেই টোপালৰ অমৃতৰ পৰা শিলিখাৰ জন্ম হয়। শিলিখা সাত প্ৰকাৰৰ আছে।
- বিজয়া
- ৰোহিনী।
- পুতলা।
- চেতেকী।
- অভয়া।
- অমৃত।
- জীৱন্তী।
এই সাতবিধ শিলিখা আকৃতিত বিভিন্ন হ’লেও গুণগত পাৰ্থক্য বিশেষ নাই। চেতকী বিধ শিলিখাৰ বাহিৰে বাকী কেইবিধ প্ৰায় সকলো ঠাইত পোৱা যায় আৰু ই আটাইতকৈ ভাল। আকৃতিক ই অলপ দীঘলীয়া লাউৰ দৰে ওপৰত ৫/৬ টাকৈ শিৰ থাকে। শিলিখা দৰৱত ব্যৱহাৰ হোৱাৰ উপৰিও ধৰ্মীয় পূজা-পাৰ্বণত অত্যাৱশ্যকীয়। শিলিখাৰ শাস্ত্ৰীয় নাম অভয়া, পখ্যা, অমৃতা অব্যথা, শিবা আদি।
শিলিখা গছৰ বৈজ্ঞানিক নাম
গুণাগুণ
শিলিখাৰ মিঠা, কেহা, তিতা, জালা আৰু লৱণ এই ছটা ৰস থাকে। পৰিপাকত ই মিঠা ৰস নি:সৰণ কৰে। খাওঁতে কিন্তু কেঁহা ৰসৰ আস্বাদন অনুভূত হয়। আগতে কোৱা হৈছে যে শিলিখা মহৌষধি অমৃতমূল্য দ্ৰব্য। ই শৰীৰৰ সকলো ৰোগ নিৰাময় কৰি জীৱনীশক্তি বৃদ্ধি কৰে। শিলিখা আহাৰৰ পিচত ব্যৱহাৰ কৰিলে অন্নপানদি কৃত আৰু ত্ৰিদোষৰ পৰা হোৱা সকলো ৰোগ বিনাশ হয়। শিলিখা নিমখৰ লগত খালে কফ নষ্ট কৰে। চেনীৰ লগত শিলিখা খালে পিত্ত নষ্ট হয়; ঘিউৰ লগত ব্যৱহাৰ কৰিলে বাতৰ পৰা হোৱা ৰোগ নিৰাময় হয় আৰু গুড়ৰ লগত শিলিখা খালে সৰ্বৰোগ বিনাশ হয়। আয়ুৰ্বেদ শাস্ত্ৰত বিভিন্ন শিলিখাৰ একোটা ভিন্ন ভিন্ন গুণৰ বৰ্ণনা দিছে।
১) অভয়া শিলিখা চকুৰ বেমাৰত ব্যৱহাৰ্য্য।
২) অমৃতা শিলিখা বিৰোচন আৰু সংশোধনী কাৰ্য্যত ব্যৱহাৰ হয়।
৩) চেতকী শিলিখা চূৰ্ণ ঔষধ প্ৰস্তুত কৰাত ব্যৱহৃত হয়। এইবিধ শিলিখাই তীব্ৰভাৱে ভেদকাৰ্য্য কৰে পিয়াহত আতুৰ মানুহৰ আৰু ক্ষীণ মানুহৰ তথা ৰুচিহীন মানুহক ইয়াৰ চূৰ্ণ খুৱাব লাগে।
৪) জীৱন্তী শিলিখা সৰ্বৰোগত ব্যৱহাৰ হয়।
৫) ৰোহিনী শিলিখা ব্ৰণ, ঘাঁ আদিত বিশেষ উপকাৰী।
৬) পুতনা শিলিখা প্ৰলেপ কাৰ্য্যত ব্যৱহাৰ হয় এইবিধৰ সাহ কম গুটিটো বেছি ডাঙৰ।
৭) বিজয়া শিলিখাও সকলো ৰোগতে ব্যৱহাৰ হয়।
শিলিখা দৰৱত ব্যৱহাৰ কৰাৰ আগতে পৰীক্ষা কৰি ল’ব লাগে। যি শিলিখা পানীত ওপঙি নাথাকে সেইবিধ ভাল আৰু দৰৱত ব্যৱহাৰ যোগ্য। ঋতুভেদে শিলিখাৰ চূৰ্ণ বিভিন্ন মাত্ৰাত ব্যৱহাৰ কৰিলে সুফল পোৱা যায়। শিলিখাৰ চূৰ্ণ চাৰি অনাৰ পৰা আঠ অনালৈ এই নিয়মত খাব লাগে।
১) বৰ্ষাকালত শিলিখা চূৰ্ণ সৈন্ধৱ লোণৰ লগত।
২) শৰৎ কালত চেনীৰ লগত।
৩) হেমন্তকালত আদাৰ শুঠ দুই অনাৰ লগত মিহলাই খাব লাগে।
৪) শীতকালত পিপলিৰ গুড়া দুই অনাৰ লগত।
৫) বসন্ত কালত মৌৰ লগত।
৬) গ্ৰীষ্মকালত ঘিউ অলপৰ লগত।
ৰক্তাৰ্শ বেমাৰত শিলিখা চূৰ্ণ আঠ অনা অলপ গুড়ৰ ভাত খোৱাৰ পিছত খাব লাগে। গৰম পানীৰ লগত শিলিখা ব্যৱহাৰ কৰিলে অতিসাৰ আমাশয় আৰু আমদোষ নষ্ট হয়। ভাত খোৱাৰ আগে আগে শিলিখা চূৰ্ণ চাৰি তোলা, সিদ্ধিলতাৰ ৰস এক তোলা আৰু গুড় মিহলাই নিয়মিতভাৱে ব্যৱহাৰ কৰিলে বাত, ৰক্ত, কুষ্ঠ ৰোগ উপশম পাব পাৰি। শৌচ কঠিন হ’লে শিলিখাৰ গুড়া গোমূত্ৰৰ লগত কেইদিনমান খালে নিয়মীয়া হয়। শোথ বেমাৰত শিলিখা চূৰ্ণ নিতৌ খালে নিৰাময় হয়। চকুৰ বেমাৰত শিলিখা ঘিউত ভাজি চকুৰ চাৰিওফালে প্ৰলেপ দিব লাগে। পিত্ত প্ৰধান মানুহ আৰু গৰ্ভৱতী তিৰোতাই শিলিখা খাব নালাগে। শ্বাস, কাহ, প্ৰমেহ, ক্ৰিমি স্বৰভংগ, বিষমজ্বৰ পেটফুলা, তৃষ্ণা, খজুৱতী, প্লীহাৰোগ, যকৃত বৃদ্ধি, মূত্ৰাঘাত আদি বহুৰোগৰ বাবে শিলিখা মহৌষধ।
লিখক: কবিৰাজ ধৰ্ম্মকান্ত শৰ্মা।
শিলিখাৰ উপকাৰিতা
ঔষধৰ ৰজা হিচাবে পুৰস্কৃত শিলিখা হৈছে এটা অলৌকিক আয়ুৰ্বেদিক ফল যি পৰম্পৰাগত চিকিত্সা পদ্ধতিত ব্যাপকভাৱে ব্যৱহৃত হয়।
শিলিখাত মিঠা, কেহা, তিতা, জালা, আৰু লৱন, এইকেইবিধ ৰসেৰে পৰিপূৰ্ণ। পৰিপাকত ই মিঠা ৰস নিসৰন কৰে। খাওতে কিন্তু কেহা আৰু আশ্ৱাদন অনুভূত হয়। ই শৰীৰৰ সকলো ৰোগ নিৰাময় কৰি জীৱনশক্তি বৃদ্ধি কৰে। শিলিখা আহাৰৰ পিছত ব্যৱহাৰ কৰিলে বহুটো ৰোগ বিনাশ হয়। শিলিখা নিমখৰ লগত খালে কফ ভাল হয়। চেনিৰ লগত খালে পিত্ত ৰোগ নহয়। ঘিউৰ লগত ব্যৱহাৰ কৰিলে বাতৰ পৰা হোৱা ৰোগ নিৰাময় হয়। আৰু গুৰৰ লগত খালে বহু ৰোগ নিৰাময় হয়।
- শিলিখাৰ প্ৰধান কাম হ’ল- অনাৱশ্যক আৰু বৰ্জ্য দ্ৰব্যবোৰ শৰীৰৰ পৰা নিষ্কাশন কৰি শৰীৰটোক প্ৰাকৃতিক অৱস্থাত ৰাখি ইয়াৰ সমূহ তন্ত্ৰকে সক্ৰিয় ৰূপত ৰক্ষা কৰা।
- পেট, ৰক্ত, মস্তিষ্ক, হৃদযন্ত্ৰ আদি যিবিলাক অংগত অনাৱশ্যক দ্ৰব্য সঞ্চিত হয়, শিলিখাই সেইবিলাক বাহিৰ উলিয়াই অংগবিলাক পৰিষ্কাৰ কৰি ৰাখে। শিলিখাৰ গুণটোৰ কাৰণেই ইউনানী আৰু আয়ুৰ্বেদ শাস্ত্ৰত শিলিখাক অতি উচ্চ আসনত ঠাই দিয়া হৈছে।
- এই কাৰণেই প্ৰাচীন কালত সন্তান এটি জন্ম হোৱাৰ পিছতে শিলিখা খহটা শিলত ঘঁহি তাৰ গুড়ি উলিয়াই নৱজাত শিশুৰ জিভাত দিয়াৰ প্ৰথা প্ৰচলিত আছিল- যাতে শিশুটিৰ শৰীৰত জমা হোৱা অনাৱশ্যক দ্ৰব্যবোৰ ওলাই গৈ শিশুটিক সুস্থকৈ ৰাখে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়।
- শিলিখাৰ গুড়ি চেলেকি খাবলৈ দিলে অমাশয় আৰু অন্ত্ৰত জমা হোৱা বৰ্জ্য পদাৰ্থবিলাক পাতল পায়খানাৰ ৰূপত ওলাই যায়।
- পিছলৈ পাতল পায়খানা নিজে নিজে বন্ধ হয় আৰু ৰোগীৰ জঠৰাগ্নি বৃদ্ধি পায়, অন্ত্ৰৰ পৰা অজীৰ্ণ দ্ৰব্য নিৰ্গত হোৱা অতিসাৰ বা পাতল পায়খানা পিছলৈ নিজে নিজেই বন্ধ হৈ পৰে।
- পৃথিৱীত মানুহৰ সকলো প্ৰকাৰৰ উপকাৰ সাধন কৰিব পৰা একমাত্ৰ তিনিবিধ ফলেই আছে। এই তিনিবিধ ফল নিয়মীয়াকৈ সেৱন কৰি থাকিলে মানৱ শৰীৰৰ কোনো প্ৰকাৰৰ অপকাৰ নহয়।
2 thoughts on “শিলিখা গছৰ বৈজ্ঞানিক নাম”