Q: শৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিল?
Ans: শৰাইঘাটৰ যুদ্ধ স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ দিনত ইং ১৬৭১ চনত হৈছিল।
Table of Contents
শৰাইঘাটৰ যুদ্ধ
শৰাইঘাটৰ যুদ্ধ ১৬৭১ চনত সংঘটিত হৈছিল মোগল সাম্ৰাজ্য ( Kachwaha ৰজা, ৰাজা ৰামসিংহৰ নেতৃত্বত),আৰু আহোম ৰাজ্যৰ (লাচিত বৰফুকনৰ নেতৃত্বত) মাজত। এই যুদ্ধ ব্ৰহ্মপুত্ৰৰ শৰাইঘাটত হৈছিল।
আহোম সৈন্য মোগল সৈন্যৰ সন্মুখত দুৰ্বল আছিল যদিও গৰিলা যুদ্ধ কৌশল, psychological warfare, কূটনীতি আৰু সমভূমিৰ উপযুক্ত ব্যৱহাৰ কৰি আহোম সৈন্যই মোগল সৈন্যক পৰাস্ত কৰে। মোগলৰ নৌ-সেনা দুৰ্বল আছিল আৰু আহোম সৈন্যই ইয়াৰ বহুত সুবিধা গ্ৰহণ কৰিছিল। এই যুদ্ধৰ দ্বাৰাই মোগলে অন্তিমবাৰৰ বাবে অসমলৈকে নিজৰ সাম্ৰাজ্য বিস্তাৰিত কৰাৰ প্ৰচেষ্টা কৰিছিল। পিছলৈ মোগলে গুৱাহাটী অধিকাৰ কৰিছিল যদিও ১৬৮২ চনত আহোমে গুৱাহাটীখন নিজৰ অধীনলৈ আনে। তাৰ পিছৰ পৰাই অসমত আহোমৰ ৰাজত্ব শেষ হোৱালৈকে নিজৰ অধীনত ৰাখে।