20 May, 2024
আহোমৰ শ্ৰেষ্ঠ ৰজা কোন আছিল

আহোমৰ শ্ৰেষ্ঠ ৰজা কোন আছিল ?

Q: আহোমৰ শ্ৰেষ্ঠ ৰজা কোন আছিল?

Ans: আহোমৰ শ্ৰেষ্ঠ ৰজা আছিল স্বৰ্গদেউ ৰুদ্ৰসিংহ, তেওঁৰ বাল্যকালৰ নাম আছিল লাই। পিতৃ গদাধৰ সিংহৰ মৃত্যুৰ পিছত তেওঁ ১৬৯৬ খৃষ্টাব্দত আহােমৰ মতে চাংফা আৰু হিন্দুমতে ৰুদ্ৰসিংহ নাম লৈ সিংহাসনত বহে। ৰুদ্ৰসিংহই প্রায় ১৮ বছৰ কাল ৰাজত্ব কৰে।

ৰুদ্ৰসিংহই তেওঁৰ ৰাজত্বকালত কছাৰী আৰু জয়ন্তীয়াসকলক পৰাস্ত কৰি বিশ্বনাথত দৰবাৰ পাতে। ৰুদ্ৰসিংহই তেওঁৰ ৰাজত্বৰ শেষৰফালে বংগদেশ আক্ৰমণ কৰিব বিচাৰে যদিও যুদ্ধৰ প্রস্তুতি কৰি থকাৰ সময়তেই ১৭১৪ খ্রীষ্টাব্দত আঠদিনীয়া নৰিয়াত পৰি ৰুদ্ৰসিংহৰ মৃত্যু হয়।

শিৱসাগৰৰ সাতমহলীয়া কাৰেংঘৰ আৰু তলাতল ঘৰৰ পূব অংশটো ৰুদ্ৰসিংহৰ দিনতেই সজোৱা হৈছিল। মাতৃ সতী জয়মতীৰ স্মৃতি যুগমীয়া কৰি ৰাখিবলৈ জয়সাগৰ পুখুৰী খন্দায় আৰু জয়দ’ল সাজে। তেওঁৰ দিনতেই ডিমৌৰ শিলৰ সাঁকো, নামদাঙৰ সাঁকো, ৰংপুৰৰ ৰংনাথ শিৱদ’ল, ফাকুৱা দ’ল আদি নির্মাণ কৰা হয়। মেটেকাৰ আলি আৰু খৰিকটীয়া আলিও তেওঁৰ দিনতেই নির্মাণ কৰা হয়।


Leave a Reply

Your email address will not be published. Required fields are marked *