21 February, 2024
ৰোমান্টিক কবিতা

হাত দীঘল বাক্য ৰচনা কৰা 100% Correct

হাত দীঘল বাক্য ৰচনা

হাত দীঘল বাক্য ৰচনা কৰা 100% Correct

জতুৱা ঠাঁচ হৈছে অসমীয়া ভাষাত প্ৰায়ে ব্যৱহৃত শব্দৰ সমষ্টি, যাক বিশেষ কথা একোটা বুজাবলৈ ব্যৱহাৰ কৰা হয়। জতুৱা ঠাঁচৰ গাইগুটীয়া শব্দবোৰৰ অৰ্থ বেলেগ, কিন্তু বাক্যত ব্যৱহাৰ হ’লে বেলেগ বিশেষ অৰ্থ এটা বুজায়। জতুৱা ঠাঁচৰ ইংৰাজী ভাষাৰ সমাৰ্থক শব্দ হৈছে Idiom।

উদাহৰণ স্বৰূপে:

  • অমাতৰ মাত : শুৱলা মাত
  • অহুকাণে পহুকাণে : উৰা বাতৰি, ইকাণ সিকাণকৈ
  • অকলশৰীয়া পহু, গায়ে মূৰে খহু : অকলশৰে কষ্টকৰ জীৱন যাপন কৰা
  • অচলা ভক্তি : স্থিৰ ভক্তি
  • অজীণ-পাতকী : কাৰো সৈতে মিলিব নোৱাৰা লোক
  • অলপতে কলপ কটা : কথমপি ৰক্ষা পৰা
  • অলপ পানীৰ মাছ : দুৰ্বল, নিমাখিত, কম বুদ্ধিৰ লোক
  • অথাই সাগৰ : ডাঙৰ বিপদ
  • অনভ্যাসে হত বিদ্যা: বহুদিন অভ্যাস নকৰিলে জনা বিদ্যাও নজনা হৈ যায়।
  • অকাজৰ কাজী : কাম নোহোৱা বন কৰা
  • অচিন কাঠৰ থোৰা : অচিনাকি লোকক বিশ্বাস কৰা
  • অৱস্থা চাই ব্যৱস্থা : চাই-চিতি উপায় কৰা।
  • অকঁৰা মৈত উঠা : মিছাতে কোনো কামত ধৰি এৰিব নোখোজা
  • অলপ ধতুৱা : সাহ নথকা, ভয়াতুৰ…
  1. আমাৰ গাঁৱৰ ৰঞ্জিত অতি হাত দীঘল মানুহ,
  2. ইন্দিৰা গান্ধী এজনী হাত দীঘল নেতা আছিল,
  3. ৰঞ্জিত এজন হাত দীঘল মানুহ, গতিকে তেওঁৰ লগত কোনেও তৰ্ক কৰিব নিবিচাৰে।
  1. অমাতৰ মাত  (শুৱলা মাত )—অমাতৰ মাত বুলিলে শিশুৰ মাতক বুজায়  ।
  2. আলাসৰ লাড়ু (অতি মৰমৰ)—সন্তান-সন্ততি  মা-দেউতাকৰ আলাসৰ লাড়ু।
  3. অলপ ধতুৱা (সামান্য সাহ)—অলপ ধতুৱাই  জীৱনত উন্নতি কৰিব নোৱাৰা।
  4. অজৌ গছৰ বজৌ গুটি (অতি দুষ্ট)—ৰঞ্জিতক এক নক’বা, সি  আজৌ গছৰ বজৌ গুটি।
  5. আহুকাণে-পহুকাণে (ইকাণে-সিকাণে)—আহুকাণে-পহুকাণে শুনিলো যে তুমি বিয়া পাতিলা।
  6. আঁঠুৱাৰ তলৰ মহ (অধীন লোক)—নবী খুৰায়েকৰ আঁঠুৱাৰ তলৰ মহ।
  7. আলপৈচান ধৰ (সেৱা-শুশ্ৰূষা কৰা)—ৰঞ্জিতক আলপৈচান ধৰিবি।
  8. আপোন পেটা (স্বাৰ্থপৰ)— আপোন পেটা ডেকাচামৰ দ্বাৰা সমাজৰ লাভ নহ’ব?
  9. আঁকোৰ-গোজালি (একেটা কথাতে লাগি থাক)—ৰঞ্জিত এজন  আঁকোৰ-গোজালি স্বভাৱৰ ল’ৰা ।
  10. আলৈ-আথানি  (অৱহেলিত, নিৰাশ্ৰয়)—দেউতাক ঢুকাবৰে পৰা ল’ৰা-ছোৱলীকেইটাৰ আলৈ-আথানি হ’ল।
  11. আকাশত চাং পতা (অস্বাভাৱিক কল্পনা কৰা)—ৰঞ্জিত আকাশত চাং পতা ল’ৰা। 
  12. ওভতগোৰে নাচ (বৰ দুষ্টালি কৰ)—সি ইয়ালৈ আহি ওভতগোৰে নাচিবলৈ ল’লে।
  13. আঁচলৰ ধন (অতি আদৰৰ)—ৰঞ্জিত তাইৰ মাকৰ একমাত্ৰ আঁচলৰ ধন।
  14. আলৈ-বিলৈ (দুখ-দুৰ্গতি )— পিতৃহীন  হোৱাৰ  পৰা  ল’ৰাকেইটাৰ আলৈ-বিলৈ হ’ল।
  15. আঁঠু ল (সেৱা কৰ)—বয়োবৃদ্ধ লোকক আঁঠুলৈ আশীৰ্বাদ ল’ব লাগে।
  16. আঁঠু কাঢ়  (আঁঠুৰে বুল বা খোজ কাঢ়)—শিক্ষকে দুষ্ট ছাত্ৰক আঁঠু কাঢ়াই থয়।
  17. আমা-ডিমা (নিচেই সৰু)—আমা-ডিমা ল’ৰা কেইটাই  তাতে  বহি আছে।
  18. ঊনৈশত বা বলা (আনন্দত আত্মহাৰা হোৱা)—চাকৰিটো পাই ৰঞ্জিত  ঊনৈশত বা বলিবলৈ ল’লে।
  19. উলহ-মালহ (অতিশয় আনন্দ)—উৰুকাৰ দিনাই ল’ৰাকেইটাৰ উলহ-মালহ  লাগিল।
  20. এলা-পেচা (সামান্য)—ৰঞ্জিত এলা-পেচা লোক নহয়।
  21. এলাই বাদু (অকাজী)—এলাই বাদু ছোৱালীক  কোনও ভাল নাপায় ।
  22. কাণ বাগৰা (লোকৰ মুখে শুনা)—কাণ বাগৰা কথাত আমি  বিশ্বাস নকৰো।
  23. কাণ পাত (শুনিবলৈ সাজু হ)—শিক্ষকে কি কৈছে, কাণ পাতি শুনা। 
  24. কাণ চোৱাই থ  (মনত ৰাখিবলৈ কোনো কথা জনাই থ )—ৰঞ্জিতৰ দুষ্টালিৰ কথাটো তোমাক কাণ চোৱাই থলো।
  25. কঁকালত টঙালি বান্ধ (কামলৈ সাজু হ)—লাচিত বৰফুকনে কঁকালত টঙালি বান্ধি মোগলৰ বিৰুদ্ধে থিয় দিছিল।
  26. কাণ সৰালি মাৰ (নুশুনাৰ ভাও জোৰ)—তুমি কাণ সৰালি মাৰি নাথাকিবা।
  27. কপাল মুকলি হ (ভাগ্য উদয় হ)—চাকৰিটো পোৱাৰ লগে লগে ৰঞ্জিতৰ কপাল মুকলি হ’ল।
  28. কপালৰ ঘাম মাটিত পেলা (কঠোৰ পৰিশ্ৰম কৰা)—কৃষকে কপালৰ ঘাম মাটিত পেলাইহে দুবেলা দুমুঠি খাব পাৰে। 
  29. কাণ কৰ (মনোযোগ দে)—গুৰুজীৰ কথালৈ কাণ কৰিবা।
  30. কাণত ধৰি ক (শপত খাই ক)—তুমি কাণত ধৰি ক’লেও তোমাৰ কথাটো আমি বিশ্বাস নকৰো।
  31. কাণ সমনীয়া (ডেকা)—কাণ সমনীয়া হৈয়ো অকনে নিজৰ দায়িত্ব নুবুজে !
  32. কাঠ চিতীয়া (নিষ্ঠুৰ, নিৰ্দ্দয়)—কাঠ চিতীয়া লোকৰ পৰা কোনো সহায় নাপাবা।
  33. কাঠ-বাঁজী (একেবাৰে সন্তান নোহোৱা তিৰোতা)—কাঠ-বাঁজীজনী  এইবাৰ বছৰ বয়সত ঢুকাল।
  34. কণাৰ লাখুটি (একমাত্ৰ সহায়)—একমাত্র নাতিনীজনীয়েই বুঢ়াটোৰ কণাৰ লাখুটি।
  35. কথা চহকী (বেছিকৈ কথা কোৱা লোক)—ৰঞ্জিত এজন কথা চহকী লোক।
  36. বুকু ডাঠ (সাহসিয়াল)—আমাৰ বুকু ডাঠ ল’ৰাবোৰৰহে প্ৰয়োজন।
  37. হাতত সাৰে ভৰিত সাৰে (মনে মনে, গোপনে)—সিদ্ধাৰ্থই  হাতত সাৰে ভৰিত সাৰে প্ৰসাদৰ পৰা ওলাই গৈছিল ।
  38. কাঠ সংস্কাৰ কৰ (মৰা শ খৰি দিয়া)– আমি ৰঞ্জিতৰ  কাঠ সংস্কাৰ কৰিলো ।
  39. খাই পাত ফলা (অশলাগী, উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰা)— খাই পাত ফলা লোকৰ পৰা সাৱধানে থকাই শ্ৰেয়।
  40. গা টঙা (নৰিয়াৰ পৰা উঠা)—গাৰ্গীয়ে  বহু দিন কষ্ট ভোগ কৰাৰ পিছতহে গা টঙালে।
  41. গা চাই ফুৰ (সাৱধান হৈ ফুৰ)—আচহুৱা ঠাইত গা চাই ফুৰিবি।
  42. গাই বাই চা (যত্ন কৰি চা)—কোনো কাম এবাৰত নোৱাৰিলে আকৌ গাই বাই চাব লাগে।
  43. ঘৰ পাত (বিয়া কৰ)—সি যোৱা মাহত ঘৰ পাতিলে।
  44. ঘৰ গোনা (সদায় ঘৰতে বহি থকা)—ঘৰ গোনা মানুহে জীৱনত উন্নতি কৰিব নোৱাৰে।
  45. চকু মুদ (মৃত্যু হোৱা)—ৰয়চম গোস্বামীয়ে বহু দিন কষ্ট কৰি অৱশেষত চকু মুদিলে।
  46. চকুৰ কুটা (অপ্ৰিয় শত্ৰু)—ৰাকেশ সকলোৰে চকুৰ কুটা। 
  47. চকুত ধূলি মাৰ (ফাঁকি দিয়া)—অকনে চকুত ধূলি মাৰি মোৰ পৰা দহ টকা সৰকালে।
  48. চকু চৰহা (লোকৰ ভাল দেখিব নোৱাৰা)—চকু চৰহা লোকক কোনেও  ভাল নাপায়। 
  49. চকু মুদা কুলি (প্ৰৱঞ্চক)— আদিত্য এজন তেওঁ চকু মুদা কুলিহে।
  50. হাত লৰ (চোৰ স্বভাৱৰ)—তোমাৰ হাত লৰ স্বভাৱটো এৰি দিয়া।
  51. চকুত লগা (ধুনীয়া, মৰম লগা)— কি যে চকুত লগা বাৰীখন বনালা!
  52. মুখৰ ছাই গুচা (মৃতকৰ শ্ৰাদ্ধাদি কৰি শুচি হ)—আমি কেতিয়াৱাই ককাৰ মুখৰ ছাই গুচাই উঠিলো।
  53. চকুৰ মণি (অতি আদৰৰ)—ৰঞ্জিত সকলোৰে চকুৰ মণি।
  54. মুখৰ ওপৰত ক (ভয় নকৰি সন্মুখতে কথা ক)—ডাঙৰৰ মুখৰ ওপৰত কথা ক’ব নালাগে।
  55. ভাতৰ ভতুৱা (অকামিলা)—ৰমেনৰ দ্ধাৰা কোনো কাম নহ’ব, সি ভাতৰ ভতুৱাহে।
  56. হাত সাবটি থাক (কামত প্রবৃত নোহোৱাকৈ থাক)— হাত সাবটি বহি নাথাকিবা।
  57. হাড়ত বন গজা (বহুত দিন আগেয়ে মৰা)—ককাৰ হাড়ত বন গজিল।
  58. পেট ভাটৌ (প্ৰকাশ নকৰি পেটত কথা লুকাই ৰাখি থোৱা মানুহ)— তেওঁক প্ৰশ্ন কৰি লাভ নহ’ব   সি পেট ভাটৌহে।
  59. পেটে ভাতে খা  (সঞ্চয় কৰিব নোৱাৰি কোনো মতে খাই বৈ থকা)— আমি কোনো মতে পেটে ভাতে খাই আছো।
  60. পেটত হাত ভৰি লুকা (বৰকৈ ভয় পা)—সিংহটো চাইয়েই ল’ৰাটোৰ পেটতে হাত ভৰি লুকালে।
  61. হাত টান (কৃপণ)—দীপাৰ এজনী হাত টান ছোৱালী।
  62. মাটিৰ মানুহ  (অতি সহজ সৰল লোক)—কৰিম এজন মাটিৰ মানুহ।
  63. হাড়ক মাটি কৰ  (কঠোৰ পৰিশ্ৰম কৰ)—কৃষকে হাড়ক মাটি কৰি পথাৰত কাম কৰে।
  64. চুক ভেকুলী (একো নজনা)—হিৰেনএজন  চুক ভেকুলী।
  65. হাড় পেলা  (মৃত্যু হ)—ভূপেন হাজৰিকাই কেতিয়াবাই হাড় পেলালে।
  66. হাড়ে ছালে লগা (ক্ষীণ, দুবৰ্বল)—এই হাড়ে ছালে লগা ল’ৰাটোৰ  যত্ন ল’বা ।
  67. ভৰি নচুৱাই থাক (কাম বন নকৰি বহি থাক)—ভৰি নচুৱাই থাকিলে নহ’ব কিবা এটা কৰিব লাগিব ।
  68. গাখীৰতে ম’ৰ খুটি (মহা সুখ)—সি  চাকৰিটো পাই গাখীৰতে ম’হৰ খুটি যেন পালে।
  69. থৈয়া-নথৈয়া (ভয়ানক)—পানীপথ নাম ঠাইত  ইব্রাহিম লোডী আৰু  বাবৰৰ মাজত থৈয়া-নথৈয়া ৰণ হৈছিল।
  70. গোট গৰু  (মূৰ্খ)—তাইক বুজাই লাভ নাই, সি গোট গৰু।
  71. চকুত সৰিয়হ ফুল দেখা (বৰ বিমোৰত পৰা)—দেউতাক মৰাৰ পিছত  সি চকুৱেদি সৰিয়হৰ ফুল দেখা আৰম্ভ কৰিলে।
  72. ডাল দৰিদ্ৰ (অতি দুখীয়া)— ডাল দৰিদ্ৰক সহায় কৰিব লাগে ।
  73. ডলাৰ বগৰী (সঘনে ঠাই সলোৱা মানুহ)—ভূপেন এজন  ডলাৰ বগৰীহে।
  74. ঢৌতে খৰ মাৰি (ব্যস্ততাৰ মাজত সময় উলিয়াই)—বা বহু ব্যস্ততাৰ মাজত  ঢৌতে খৰ মাৰি তোমাৰ কামটো কৰিলো।
  75. টুপাই বুৰ মাৰ (সমূলি মিছা মাত)—খবৰটো সোধাত সি টুপাই বুৰ মাৰিলে।
  76. দোপত দোপে (ক্ৰমে ক্ৰমে)—সি  ব্যৱসায়ত দোপত দোপে উন্নতি কৰিবলৈ ল’লে।
  77. দুখে কুলাই-পাচিয়ে নধ’ৰা (অতিশয় দুখ হোৱা)—দেউতাকৰ মৃত্যু হোৱাত ল’ৰাহঁতৰ দুখে কুলাই পাচিয়ে নধ’ৰা হ’ল।
  78. চুঙাৰ বাদুলি (অনভিজ্ঞ মানুহ)—চুঙাৰ বাদুলি হৈ ৰাজনীতিলৈ মন নেমেলিবা দেই ।
  79. চিলিম ছিগ (উপায় নাইকীয়া হ)—চাকৰিটো হেৰালত ডেভিডৰ  চিলিম ছিগিল।
  80. ধোদৰ পচলা (অকামিলা)—ধোদৰ পচলাই  জীৱনত উন্নতি কৰিব নোৱাৰে।
  81. ধোঁৱা-খুলীয়া (অতিপাত খৰচী)—ললিতা এজনী  ধোঁৱা-খুলীয়া ছোৱালী ।
  82. নপতা ফুকন (নিজকে নিজে ডাঙৰ বুলি ভবা)—ৰাকেশ নপতা ফুকন হৈ বহি আছে।
  83. মূৰত সৰগ ভাগি পৰ (ঘোৰ বিপদত পৰা)—চাকৰিটো হেৰালত তাইৰ মূৰত সৰগ ভাগি পৰিল।
  84. নিমাও মাও (মাত বোল নোহোৱা)—নিমাও মাও হৈ বহি আছা কিয়?
  85. নলে-গলে লগা (অতি ঘনিষ্ট, পৰম)—ৰাম আৰু ৰহিম নলে-গলে লগা বন্ধু।
  86. নলঙা জেঙাত লাগ (অযথা মূৰ পাতি ল)—কৰিমে নলঙা জেঙাত লাগি বহুত অসুবিধাৰ সন্মুখীন হ’ল।
  87. সান্দহ খোৱা বালি তল যা (সুবিধা সমূলি নাশ হোৱা)—এইবাৰ দালালৰ সান্দহ খোৱা বালি তল পৰিল।
  88. বগলী ভকত (বাহিৰে সাধু ভিতৰে অসৎ)—আমি বগলী ভকতৰ পৰা সাৱধানে থাকিব লাগে ।
  89. ফুটুকাৰ ফেন  (অস্থায়ী, অথলে যোৱা)—তেওঁৰ সকলো প্ৰচেষ্টা ফুটুকাৰ ফেনত পৰিণত হ’ল।
  90. বিধি পথালি দিয়া (বাধা দিয়া)—কামত বিধি পথালি নিদিবা।
  91. বিনা মেঘে বজ্ৰপাত (অকস্মাৎ বিপদ)—মাকৰ মৃত্যুৰ খবৰ পৰিয়ালটোৰ কাৰণে বিনা মেঘে বজ্ৰপাতৰ দৰে হ’ল।
  92. বাপতি সাহোন (পৈত্ৰিক সম্পতি)—বিহু উৎসৱটি অসমীয়াৰ  বাপতি সাহোন।
  93. হৰিভৰ দিয়া (সন্মতি দিয়া)—তোমাৰ সিদ্ধান্তত সদায়ে আমি হৰিভৰ দি আহিছো। 
  94. মৰণত শৰণ দি (প্ৰাণ পণে)—ইব্রাহিম লোডীয়ে পানীপথৰ যুদ্ধত মৰণত শৰণ দি যুঁজিছিল যদিও পৰাজিত হয় ।
  95. পানীৰ মিঠৈ (কাল্পনিক কথা)—তাইৰ পানীৰ মিঠৈয়ে আমাক ভুলাব নোৱাৰে।
  96. পোতক তোল (প্ৰতিশোধ লোৱা)—এইবাৰ ৰাকেশে তোমাৰ অসভ্যালিৰ পোতক তুলিব।
  97. পাবত গজা (মূল নোহোৱা)—সমাজত পাবত গজা নেতাৰ অভাৱ নাই।

One thought on “হাত দীঘল বাক্য ৰচনা কৰা 100% Correct

Leave a Reply

Your email address will not be published. Required fields are marked *