26 February, 2024
rainbow

ৰামধেনুৰ ৰং কেইটা কি কি?

ৰামধেনুৰ ৰং কেইটা কি কি

ৰামধেনু মানে কি?

ৰামধেনু  (Rainbow) হ’ল সূৰ্যৰ ৰশ্মি বৰষুণৰ মাজেদি পাৰ হৈ আহোঁতে সাত ৰঙলৈ বিচ্ছুৰিত হৈ আকাশত দেখা দিয়া এক ৰঙীন পৰিঘটনা। সূৰ্যৰ বিপৰীতে আকাশত মেঘ থাকিলে মেঘৰ জলীয় বাষ্প বা পানীৰ ক্ষুদ্ৰ ক্ষুদ্ৰ কণাৰ মাজেদি পোহৰৰ ৰশ্মি প্ৰতিসৰিত হয়। ফলত সূৰ্যৰ পোহৰত আমি দেখা পোৱা বগা ৰঙটো বিচ্ছুৰিত হৈ পৰে আৰু বিপৰীত আকাশত সাতটা ৰঙৰ বৃত্তচাপ কিছুমান সৃষ্টি কৰে। সূৰ্যৰ পোহৰ সাতটা ৰঙৰ সমষ্টি।

ৰামধেনু ৰং কেইটা?

ৰামধেনু ৰং সাতটা,

ৰামধেনুৰ ৰং কেইটা কি কি?

ৰামধেনুৰ ৰং কেইটা হ’ল: বেঙুনীয়া, ঘন নীলা, নীলা, সেউজীয়া, হালধীয়া, সুমথিৰা, ৰঙা, যিটো আমি চমুকৈ” বেনীসেহাসু “বুলি ক’ব পাৰো

বেঙুনীয়া
Violet
ঘন নীলা
Indigo
নীলা
Blue
সেউজীয়া
Green
হালধীয়া
Yellow
সুমথিৰা
Orange
ৰঙা
Red

ৰামধেনু কি ই কেনেকৈ সৃষ্টি হয়?

ৰামধেনুৰ ৰং কেইটা কি কি?
Photo by James Wheeler on Pexels.com

ৰামধেনু  (Rainbow) হ’ল সূৰ্যৰ ৰশ্মি বৰষুণৰ মাজেদি পাৰ হৈ আহোঁতে সাত ৰঙলৈ বিচ্ছুৰিত হৈ আকাশত দেখা দিয়া এক ৰঙীন পৰিঘটনা।

সূৰ্যৰ বিপৰীতে আকাশত মেঘ থাকিলে মেঘৰ জলীয় বাষ্প বা পানীৰ ক্ষুদ্ৰ ক্ষুদ্ৰ কণাৰ মাজেদি পোহৰৰ ৰশ্মি প্ৰতিসৰিত হয়। ফলত সূৰ্যৰ পোহৰত আমি দেখা পোৱা বগা ৰঙটো বিচ্ছুৰিত হৈ পৰে আৰু বিপৰীত আকাশত সাতটা ৰঙৰ বৃত্তচাপ কিছুমান সৃষ্টি কৰে।

ৰামধেনু চমুটোকা:

ৰামধেনু হৈছে বতৰ আৰু আলোকীয় পৰিঘটনা যিটো আকাশত বহুৰঙী বৃত্তাকাৰ চাপ হিচাপে দেখা দিয়ে যেতিয়া সূৰ্যৰ পোহৰ বিবৰ্তন হয়, বা বেঁকা হয় আৰু বায়ুমণ্ডলত পানীৰ টোপালৰ ভিতৰত প্ৰতিফলিত হয়। সাধাৰণতে বতাহত বৰষুণৰ বৰষুণ বা পানীৰ টোপালৰ অন্যান্য উৎস আৰু সূৰ্য্য একেলগে জিলিকি থকাৰ সময়ত দেখা যায়। ৰামধেনুৰ সৃষ্টি কেনেকৈ কৰা হয়:

বিবৰ্তন: যেতিয়া সূৰ্যৰ পোহৰ বায়ুৰ পৰা পানীৰ দৰে ঘন মাধ্যমলৈ (বৰষুণৰ টোপাল) পাৰ হৈ যায়, তেতিয়া ই লেহেমীয়া হৈ বেঁকা হয়, যিটো পৰিঘটনাক বিবৰ্তন বুলি জনা যায়। এই বেণ্ডিং ঘটে কাৰণ পোহৰে বিভিন্ন মাধ্যমত বিভিন্ন বেগত যাত্ৰা কৰে, ঘন পদাৰ্থত ইয়াৰ গতি লেহেমীয়া হয়।

বিক্ষিপ্ততা: সূৰ্যৰ পোহৰ পানীৰ টোপালত প্ৰৱেশ কৰাৰ লগে লগে ই বিক্ষিপ্তকৰণ নামৰ প্ৰক্ৰিয়া এটাও পাৰ কৰে। বিক্ষিপ্ততা হৈছে বগা পোহৰক ইয়াৰ উপাদান ৰঙলৈ পৃথক কৰা। এনে হয় কাৰণ পানীৰ টোপালটোৰ মাজেৰে পাৰ হওঁতে বিভিন্ন ৰঙৰ পোহৰ (প্ৰত্যেকৰে তৰংগদৈৰ্ঘ্য বেলেগ বেলেগ) অলপ বেলেগ পৰিমাণে বেঁকা হয়। এই বেঁকা বা বিক্ষিপ্ততাই সূৰ্য্যৰ পোহৰক ৰঙৰ বৰ্ণালীত পৃথক কৰে, চুটি তৰংগদৈৰ্ঘ্য (নীলা আৰু বেঙুনীয়া) দীঘল তৰংগদৈৰ্ঘ্যতকৈ (ৰঙা আৰু কমলা) বেছি বেঁকা হয়।

আভ্যন্তৰীণ প্ৰতিফলন: পানীৰ টোপালটোৰ ভিতৰত সোমাই গ’লে পোহৰটোৱে টোপালটোৰ ভিতৰৰ পৃষ্ঠৰ পৰা আভ্যন্তৰীণ প্ৰতিফলন ঘটায়। পোহৰৰ তৰংগদৈৰ্ঘ্যৰ ওপৰত নিৰ্ভৰ কৰি এই প্ৰতিফলন বিভিন্ন কোণত ঘটে।

পুনৰ বিবৰ্তন: আভ্যন্তৰীণ প্ৰতিফলনৰ পিছত পোহৰ পানীৰ টোপালৰ পৰা ওলাই যায়। ইয়াৰ পৰা ওলাই অহাৰ লগে লগে ই আন এটা বিবৰ্তনৰ সন্মুখীন হয়, ঘন পানীৰ পৰা কম ঘন বায়ুলৈ উভতি যোৱাৰ লগে লগে বেঁকা হৈ পৰে।

বিক্ষিপ্ততা অব্যাহত থাকে: পানীৰ টোপালৰ পৰা পোহৰ ওলাই যোৱাৰ লগে লগে বেঁকা আৰু বিক্ষিপ্ততা অব্যাহত থাকে। পোহৰৰ বিভিন্ন ৰং এতিয়াও পৃথক হৈ থাকে, ৰঙৰ এটা বৃত্তাকাৰ বেণ্ড গঠন কৰে।

ৰামধেনুৰ গঠন: বায়ুমণ্ডলত থকা বহুতো পানীৰ টোপাল যেতিয়া এইদৰে সূৰ্যৰ পোহৰ বিকিৰণ আৰু বিবৰ্তন কৰে, তেতিয়া ইহঁতে সামূহিকভাৱে আকাশত ৰঙৰ এটা বৃত্তাকাৰ বেণ্ড সৃষ্টি কৰে, যিটো আমি ৰামধেনুৰ দৰে অনুভৱ কৰোঁ। বাহিৰৰ ৰং সাধাৰণতে ৰঙা, তাৰ পিছত কমলা, হালধীয়া, সেউজীয়া, নীলা, নীলা আৰু বেঙুনীয়া, বাহিৰৰ পৰা ৰঙা আৰু ভিতৰৰ পৰা বেঙুনীয়া।

ডাবল ৰামধেনু: কিছুমান বিশেষ পৰিস্থিতিত প্ৰাথমিক ৰামধেনুৰ বাহিৰত দ্বিতীয়টো, ক্ষীণ ৰামধেনু দেখা দিব পাৰে। এই গৌণ ৰামধেনু বৰষুণৰ টোপালৰ ভিতৰত অতিৰিক্ত আভ্যন্তৰীণ প্ৰতিফলনৰ ফল আৰু ইয়াৰ বৈশিষ্ট্য সাধাৰণতে প্ৰাথমিক ৰামধেনুৰ তুলনাত ওলোটা ৰঙৰ।

ৰামধেনুৰ আকাৰ আৰু উজ্জ্বলতা বৰষুণৰ টোপালৰ আকাৰ, সূৰ্যৰ পোহৰৰ কোণ, পৰ্যবেক্ষকৰ অৱস্থান আদি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। ৰামধেনু প্ৰকৃতিৰ অন্যতম সুন্দৰ আৰু ভয়ংকৰ আলোকীয় পৰিঘটনা।

ৰামধেনু আলোচনী:

ৰামধেনুৰ ৰং কেইটা কি কি?
Photo by Vlada Karpovich on Pexels.com

ৰামধেনু আলোচনী ( Ramdhenu Magazine) হৈছে ১৯৫০ চনৰ মাৰ্চ মাহৰ পৰা প্ৰকাশ পোৱা এখন অসমীয়া আলোচনী। ৰংঘৰ নামৰ শিশু আলোচনীখনৰ বিলোপ ঘটাই ইন্দ্ৰকমল বেজবৰুৱাৰ সম্পাদনাত ৰামধেনু আলোচনীখন প্ৰকাশ কৰা হয়। ছয়গৰাকী সম্পাদকৰ দ্বাৰা সম্পাদিত ৰামধেনু আলোচনীয়ে কুৰি (20) বছৰকাল ধৰি অসমীয়া ভাষা-সাহিত্যলৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই থৈ গৈছে। ১৯৬১ চনত নিয়মীয়া প্ৰকাশ বন্ধ হোৱা ৰামধেনুৰ অন্তিম সংখ্যাটো ১৯৯৬ চনত প্ৰকাশ পায়। অসমীয়া সাহিত্যলৈ ৰামধেনুৰ লিখনি সমূহে কঢ়িয়াই অনা পৰিৱৰ্তনৰ পৰিপ্ৰেক্ষিতত ১৯৪০ চনৰ পৰা ১৯৭০ চনলৈকে সময়ছোৱাক ৰামধেনু যুগ বুলি কোৱা হয়।

ৰামধেনু আলোচনীয়ে প্ৰায় বিশ বছৰকাল যোৰা পৰিক্ৰমাত অসমীয়া সাহিত্যৰ বিকাশত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি থৈ গৈছে। ১৯৭০ চনলৈকে ৰামধেনু যুগৰ প্ৰভাৱ দেখা যায়।আধুনিক অসমীয়া সাহিত্যৰ লক্ষণবোৰ ৰামধেনু আলোচনীত প্ৰকাশ হোৱা লেখাবোৰত স্পষ্ট হৈ উঠে।

ৰামধেনুক কেন্দ্ৰ কৰিয়েই পঞ্চম দশকৰ সাহিত্য গঢ় লৈ উঠে আৰু পৰৱৰ্তীকালত অসমীয়া সাহিত্যৰ দিক-নিৰ্ণয়কাৰী ভূমিকা গ্ৰহণ কৰা বহুকেইগৰাকী সাহিত্যিকৰ ৰামধেনুৰ পাততেই আত্মপ্ৰকাশ ঘটে। ছয়গৰাকী সম্পাদকৰ দ্বাৰা সম্পাদিত এই আলোচনীখনে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ সম্পাদনাত অধিক সফল হোৱা দেখা যায়। ৰামধেনু আলোচনীত প্ৰকাশ হোৱা গল্প-কবিতা-প্ৰবন্ধ-উপন্যাসৰ শৈলী আৰু তাত ফুটি উঠা সমাজ-জীৱনৰ ছবিয়ে সেই সময়ছোৱাৰ সাধাৰণ সাহিত্যৰ শৈলী হিচাপে পৰিগণিত হৈছিল। সেয়েহে এই অসমীয়া সাহিত্যত এই সময়ছোৱাক ৰামধেনু যুগ বুলি কোৱা হয়। ইয়াক যুদ্ধোত্তৰ যুগ বুলিও কোৱা হয়। ৰামধেনু যুগৰ সাহিত্যৰ মাজেদি পাশ্চাত্যৰ বিভিন্ন দৰ্শন আৰু মতবাদ অসমীয়া সাহিত্যত প্ৰৱেশ কৰে।

ৰামধেনু আলোচনীক কেন্দ্ৰ কৰি অসমীয়া সাহিত্যই এক নৱচেতনা আৰু নতুন দৃষ্টিভংগী লাভ কৰে। গল্প, কবিতা, উপন্যাস, সমালোচনা আদি সকলো দিশতে পৃষ্ঠপোষকতা আগবঢ়াই ৰামধেনুৱে অসমীয়া সাহিত্যৰ বিবিধ ধাৰাক বলিষ্ঠ কৰি তোলে।

জয়ন্তী, পছোৱা আদি আলোচনীত আধুনিক অসমীয়া কবিতাৰ আৰম্ভণি ঘটে যদিও ৰামধেনুত এই আধুনিকতাই পূৰ্ণ ৰূপ পায়। দ্বিতীয় বিশ্বযুদ্ধৰ বিভীষিকা, কলিকতাৰ দুৰ্ভিক্ষ, অসমত বিদেশী সৈন্যৰ বিচৰণ, স্বাধীনতাই অনা আশা আদি ঘটনাৰ পটভূমিত ঘটা অসমীয়া কবিতাৰ পৰিৱৰ্তন ৰামধেনুৰ পৃষ্ঠাত দেখা যায়। ৰামধেনুৰ কবিসকলক প্ৰগতিবাদী আৰু অন্তৰ্মুখী দুটা ভাগত ভগোৱা হৈছে। ৰামধেনুত প্ৰকাশিত কবিতাবোৰৰ ভিতৰত হেম বৰুৱাৰ মমতাৰ চিঠিজাৰৰ দিনৰ সপোনতেজৰ চপৰা কাৰ?  আদি, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ বিষ্ণুৰাভা এতিয়া কিমান ৰাতি, নৱকান্ত বৰুৱাৰ এটি প্ৰেমৰ পদ্যমহাকাব্যৰ পাণ্ডুলিপিউভতি অহাৰ কবিতা আদি উল্লেখযোগ্য।

ৰামধেনুৰ সংখ্যাবোৰ ৰংঘৰৰ বিলোপ সাধনৰ পিছৰ পৰাহে আৰম্ভ কৰা হৈছিল। গতিকে ৰামধেনু আলোচনীখন তৃতীয় বছৰ দ্বিতীয় সংখ্যাৰ পৰাহে আৰম্ভ হৈছিল। তৃতীয় বছৰৰ দ্বিতীয় সংখ্যাত অজিৎ বৰুৱা, মেদিনী চৌধুৰী, কুশৰাম দত্ত আৰু কমল গগৈৰ কবিতা প্ৰকাশ হৈছিল। দ্বিতীয় সংখ্যাত কবিতা প্ৰকাশ পোৱা কবিসকল আছিল সীমা দত্তৰ উল্কাৰ চিঠি, হৰি বৰকাকতিৰ বাৰিষাৰ বাটৰুৱাৰ স্বপ্ন আৰু মানসী বৰুৱাৰ সপোন ভঙাৰ দিনা

ৰামধেনুৰ প্ৰথম সংখ্যাত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ গল্প সি, জমজম আৰু জুইকুৰা প্ৰকাশ পায়।

ৰামধেনুৰ প্ৰবন্ধ লেখকসকলৰ ভিতৰত মহেশ্বৰ নেওগ, উপেন্দ্ৰনাথ গোস্বামী, প্ৰমোদ ভট্টাচাৰ্য, হেম বৰুৱা, বিৰিঞ্চি কুমাৰ বৰুৱা, ত্ৰৈলোক্য নাথ গোস্বামী, বাণীকান্ত কাকতি, প্ৰফুল্লদত্ত গোস্বামী, সত্যেন্দ্ৰনাথ শৰ্মা, নন্দ তালুকদাৰ আদি উল্লেখযোগ্য।

জ্ঞানানন্দ শৰ্মা পাঠকে ৰামধেনুৰ পাতত নতুন কবিলৈ মুকলি চিঠি ৰচনাৰে কবিতা সমালোচনাৰ এক নতুন ধাৰাৰ সৃষ্টি কৰে। বুৰঞ্জীমূলক ৰচনা আৰু ৰম্যৰচনাৰ ক্ষেত্ৰতো ৰামধেনুৰ পাতত বহু গুৰুত্বপূৰ্ণ লিখনি প্ৰকাশ পায়।


ৰামধেনু যুগৰ বৈশিষ্ট্য:

যুদ্ধোত্তৰ যুগৰ অসমীয়া কবিতাৰ বিচৰণ ক্ষেত্ৰখন অতি বহল। এক বিশাল আয়তনৰ মাজতো আধুনিক কবিতাই কেইটিমান বিশিষ্ট লক্ষণ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। যুদ্ধোত্তৰ যুগৰ অসমীয়া কবিতাৰ বৈশিষ্ট্যসমূহ হৈছে।

(ক) নগৰীয়া যান্ত্ৰিক জীৱনৰ ছবি : কুৰিশতিকাৰ সমাজ হৈ পৰিছে ক্ৰমশঃ নগৰকেন্দ্ৰিক বিজ্ঞান আৰু প্রযুক্তি বিদ্যাৰ প্ৰসাৰ সাধন হোৱাৰ লগে লগে যান্ত্ৰিক ব্যৱস্থাৰ লগত নগৰীয়া সমাজ আৱদ্ধ হ’বলৈ বাধ্য হৈ পৰিছে। ইয়াৰ ফলস্বৰূপে ব্যক্তিসত্ত্বা সেই যান্ত্ৰিক ব্যৱস্থাৰ এক বিশেষ অৱস্থালৈ ৰূপান্তৰিত হৈছে। চহৰীয়া সভ্যতাত মানুহ হৈ পৰিছে একান্তভাৱে নিসংগ। যন্ত্ৰ যুগৰ প্ৰভাৱে মধ্যবিত্তৰ জীৱন কৰি তুলিছে ৰুগ্ন, শ্বাসৰুদ্ধ। মানুহৰ লগত মানুহৰ সম্পৰ্কৰ পৰিবৰ্তন ঘটিছে আৰু সেই সম্পৰ্ক ক্ৰমে যান্ত্ৰিক আৰু হৃদয়হীন হৈ পৰিছে। জীৱন হৈ পৰিছে আত্মকেন্দ্ৰিক, সংকীর্ণ। জৈৱিক সমস্যাই মানুহক কৰি তুলিছে ব্যস্ত। এনে নগৰকেন্দ্ৰিক সভ্যতাৰ বায়ু পানীৰে শোষিত ব্যক্তি মানসব প্রতিফলন ঘটিছে আধুনিক কবিতাৰ ক্ষেত্ৰখনতো।

(খ) মার্ক্সীয় দর্শন :

নতুন সমাজ গঢ়াৰ প্ৰয়াস : কলো লোককে সম-অধিকাৰ দান কৰি এখন শোষণহীন, শ্রেণীহীন সমাজ গঢ়াৰ বাবে কালমার্ক্সে বিজ্ঞান ভিত্তিক যি সাম্যবাদী চিন্তাধাৰাৰ আদর্শ সমাজৰ আগত প্ৰকাশ কৰিলে সেই আদর্শ আধুনিক কবিসকলৰো মূল আদর্শ হৈ পৰিল। ৰোমাণ্টিক যুগত সুন্দৰৰ আৰাধানাই কবি-মানসক প্রভাৱিত কৰাৰ দৰে আধুনিক কবি সকলকো মার্ক্সীয় দর্শনে সর্বাত্মকভাৱে প্ৰভাৱিত কৰিছে। ধনীক শ্ৰেণীৰ শোষণ, নিপীড়ণ আৰু বঞ্চনাৰ বিৰুদ্ধে শোষিত শ্রেণীয়ে একত্রিতভাৱে বিপ্লৱ কৰিবলৈ মার্ক্সে আগবঢ়োৱা নতুন মতবাদে আধুনিক কবিৰ চিত্তভূমিতো আলোড়ন তোলা দেখা গৈছে। এই আদৰ্শক মূল আদর্শ স্বৰূপে লৈ এখন শ্রেণীহীন নতুন সমাজ গঢ়াৰ প্ৰয়াসত বিশ্বৰ কবিসকলে কলম হাতত লোৱাৰ দৰে আধুনিক অসমীয়া কবিসকলেও কলম তুলি লৈছে। প্ৰকৃততে আধুনিক অসমীয়া কবিতাৰ এক সবল কাব্য-ধাৰা মার্ক্সীয় দৰ্শনৰ প্ৰভাৱৰদ্বাৰা সম্পূৰ্ণ প্ৰভাৱিত। 

(গ) ফ্রয়েডীয় মনোবিজ্ঞান : ইয়াৰ প্ৰভাৱ মনোবিজ্ঞানী ফ্রয়েডৰ মতে আমাৰ চেতন মনৰ সকলো আশা, আকাংক্ষা, কামনা-বাসনা, প্ৰেৰণা-প্রয়োজন, অভিপ্ৰায় আদি বাস্তৱত পুৰণ নহয়। এই অৱদমিত অপূর্ণ আশা-আকাংক্ষাবোৰ আমাৰ অজ্ঞাতে চেতন মনৰ পৰা অচেতন মনত ঠাই লয় আৰু ফলস্বৰূপে সেইবোৰ অজ্ঞাত অভিপ্ৰায়ত পৰিণত হৈ সময়ে সময়ে চেতন মনত প্ৰকাশ লাভ কৰিবলৈ ইচ্ছা কৰে। এই অজ্ঞাত দেহ মানসিক প্রয়োজনতাৰ মাজতেই আৱদ্ধ হৈ থাকে আৰু সেইবাবে ফ্ৰয়েডে ইয়াক যৌন কামনাৰ অন্তৰ্বতী বুলি অভিহিত কৰিছে। ফ্রয়েডে মূলতঃ আমাৰ অৱচেতন মনৰ বিভিন্ন ক্ৰিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে আৰু অৱচেতন মনৰ গোপন ৰহস্য উদ্‌ঘাটন কৰিবলৈ সক্ষম হৈছে। অৱচেতন মনৰ কাৰ্য সমূহৰ এপৰত গুৰুত্ব আৰোপ কৰি ফ্ৰয়েডে মনোবিজ্ঞানৰ যি তথ্য আৱিস্কাৰ কৰিছে সেই তথ্যৰ দ্বাৰা আধুনিক অসমীয়া কবিসকল প্রভাৱিত। ফ্রয়েডৰ এই মনোবিজ্ঞানৰ প্রভাৱতেই আধুনিক কবিতাত চিন্তাধাৰাৰ অসংবদ্ধতা পৰিলক্ষিত হৈছে।

(ঘ) বৰ্তমান জীৱনৰ ক্লান্তি আৰু নৈৰাশ্যবোধ : বিভিন্ন সমস্যাৰদ্বাৰা বৰ্তমানৰ জীৱন হৈ পৰিছে ভাৰাক্ৰান্ত। চৌদিশৰ সমাজ জীৱনত সংঘটিত নানা ঘটনা, নানা সমস্যাই জনমানসক চিন্তাক্লিষ্ট কৰি তুলিছে। সামাজিক আৰু বিশেষকৈ অৰ্থনৈতিক সমস্যাৰদ্বাৰা জৰ্জৰিত সমাজত নৈতিক প্ৰমূল্য সমূহৰ ক্ৰমে ক্ৰমে অৱক্ষয় হোৱাৰ ফলত সমাজ জীৱনত ক্ৰমে গঢ় লৈ উঠিছে এক অনিশ্চয়তাৰ বাতাবৰণ। মানুহৰ লগত মানুহৰ আন্তৰিক সহানুভূতি ক্ৰমে ভাগি পৰিছে— জীৱনৰ প্ৰতিটো খোজতে সন্দেহ, অনিশ্চয়তাই মূৰ দাঙি উঠিছে। সমাজত সহানুভূতিৰ বিপৰীতে গঢ় লৈ উঠিছে ক্রমে হিংসা, দ্বেষ আৰু ক্ষোভৰ বাৰ্তাবৰণ ফলত জীৱনলৈ নামি আহিছে ক্লান্তি আৰু নৈৰাশ্যবোধ।

(ঙ) ইতিহাস চেতনাঃ আধুনিক কবিতাৰ আন এটি ধর্ম ইতিহাস চেতনা। ইতিহাস সম্পর্কে আধুনিক কবি মন সচেতন। আধুনিক কবিয়ে অতীতক বৰ্তমানৰ সমভূমি আৰু সমকালত চাবলৈ বিচাৰে। কবিতাৰ ইতিহাস চেতনা সম্পর্কে জীবনানন্দ দাসে কৈছে— কবিয়ে সমাজক উপলব্ধি কৰাৰ প্ৰয়োজন আছে, কবিতাৰ অস্থিৰ ভিতৰত থাকিব ইতিহাস চেতনা আৰু হৃদয়ত থাকি স্পষ্ট সময়জ্ঞান। ইতিহাসৰ প্ৰকৃত উপলব্ধিয়ে কবিৰ মনলৈ নমাই আনে প্ৰজ্ঞা আৰু নতুন চেতনাবোধ।

(চ) জৈৱ দেহজ কামনা আৰু প্ৰেমৰ সামগ্ৰিক ৰূপৰ প্ৰত্যক্ষীকৰণ : আধুনিক কবি প্ৰেমৰ শ্বাশত ৰূপত বিশ্বাসী নহয়, দেহজ ৰূপত বিশ্বাসী। কুৰি শতিকাৰ শৰীৰ বিদ্যা আৰু মনোবিজ্ঞানে মনৰ বিভিন্ন স্তৰৰ ৰহস্য উদ্ঘাটন কৰিবলৈ সমৰ্থ হোৱাৰ ফলত আৰু তাৰ লগতে সামাজিক অৱক্ষয়ে ৰোমাণ্টিক প্রণয়াদর্শক পদে পদে ব্যাহত কৰাৰ ফলত প্ৰেমৰ চিৰন্তন ৰূপৰ প্ৰতি আস্থা ক্ৰমে হেৰাই গৈছে। নিৱনুৱা সমস্যা, দাৰিদ্র্য, চহৰৰ সংকীৰ্ণ পৰিসৰে প্ৰেমৰ উচ্ছ্বাস আৰু আবেগক অর্থহীন কৰি তুলিছে। দেহজ প্রেমত সৌন্দর্য পিপাসাই চৰম পৰিতৃপ্তি লাভ কৰে। সেয়েহে ‘শ্বাশত প্ৰেমৰ তুলনাত ক্ষণিক প্রেমেই কবিৰ দৃষ্টি আকর্ষণ কৰিছে। অতীন্দ্ৰিয় প্ৰেমৰ তুলনাত দেহজ প্রেমে আধুনিক কাব্যত মুখ্য স্থান লাভ কৰিছে।

(ছ) বিজ্ঞানৰ সামগ্রিক প্রভাব : পদার্থ বিজ্ঞান, জীব বিজ্ঞান, মনোবিজ্ঞান, গ্রহতত্ত্ব, ভূতত্ত্ব, নৃতত্ত্ব প্রভৃতি ভিন ভিন বিজ্ঞানৰ মতবাদে আধুনিক কবিৰ চিন্তাধাৰাত প্ৰভাৱ বিস্তাৰ কৰিছে। প্যাংকৰ বিকিৰণ তত্ত্ব, হাইজেন বাৰ্গৰ অনির্ণেয়তাৰ প্ৰতি নীতি, আইনষ্টাইনৰ আপেক্ষিকতাবাদ আৰু পদার্থ বিজ্ঞানীৰ তত্ত্ব, জীৱ বিজ্ঞানৰ দিশত ডাৰউইনৰ তত্ত্ব, ফ্রেজাৰ, মার্গান প্রমুখ্যে নৃতত্ত্ববিদৰ দৃষ্টিভংগী, গ্রহতত্ত্ব, ভূতত্ত্ববিদৰ নতুন নতুন আৱিষ্কাৰ আদিয়ে আধুনিক কবিৰ মানসিক দিগন্তত প্রভাৱ পেলাইছে।

এনেদৰে আধুনিক অসমীয়া কবিতাৰ ক্ষেত্ৰখনলৈ বিভিন্ন দিশৰ পৰা নানান উপাদান আহি পৰিছে। বিষয়বস্তুৰ ক্ষেত্ৰত আধুনিক অসমীয়া কবিতাৰ বৈশিষ্ট্যৰাজি আলোচনা কৰি সমালোচক ত্রৈলোক্যনাথ গোস্বামীয়ে কৈছে— “আধুনিক কবিসকলৰ বৈশিষ্ট্য সজাগ জীবন চেতনা। সামাজিক, ৰাজনৈতিক, অর্থনৈতিক নানান সমস্যাৰ চাকনৈয়াত হাবু-ডুবু খাই ভাগৰি পৰা জনগণৰ প্ৰতি কবিসকলৰ পৰোক্ষ সহানুভূতি আছে আৰু আছে সাম্য মৈত্রী জয়ৰ ক্ষীণ কল্পনা। নতুন দৃষ্টিভংগীৰ সহায়ত জীৱন-ধাৰাৰ নতুন মূল্যাংকন বিচৰাৰ প্ৰয়াস এনেবোৰ কবিতাৰ মাজেৰে স্পষ্ট হৈ পৰিছে।


ৰামধেনু যুগৰ কবিসকল:

ৰামধেনু যুগৰ কবিসকল আছিল সীমা দত্ত, হৰি বৰকাকতি, মানসী বৰুৱা, যতীন্দ্ৰনাথ দুৱৰা, বিনন্দ চন্দ্ৰ বৰুৱা, অতুলচন্দ্ৰ হাজৰিকা, কমল গগৈ, প্ৰমোদ ভট্টাচাৰ্য, ঘনকান্ত চেতীয়া ফুকন, লক্ষহীৰা দাস, অৰুণকুমাৰ দাস, নৱকান্ত বৰুৱা, নিৰ্মলপ্ৰভা বৰদলৈ, লক্ষেশ্বৰ বৰুৱা, মহিম বৰা, হেম বৰুৱা, ৰত্নকান্ত বৰকাকতী, পূৰ্ণচন্দ্ৰ মজুমদাৰ, এম. আটাউৰ ৰহমান, মৃদুল ফুকন, মেদিনী চৌধুৰী,হোমেন বৰগোহাঞি, তৰুণ ভৰালী, দিনেশ গোস্বামী, ইমৰান শ্বাহ, কুল গগৈ, মামণি ৰয়ছম গোস্বামী, হীৰেণ ভট্টাচাৰ্য আদি


ৰামধেনু যুগৰ কেইগৰাকীমান কবিৰ নাম

ৰামধেনু যুগৰ কেইগৰাকীমান কবি আছিল : পূৰ্ণচন্দ্ৰ মজুমদাৰ, এম. আটাউৰ ৰহমান, মৃদুল ফুকন, মেদিনী চৌধুৰী,হোমেন বৰগোহাঞি, তৰুণ ভৰালী, দিনেশ গোস্বামী, ইমৰান শ্বাহ, কুল গগৈ, মামণি ৰয়ছম গোস্বামী, হীৰেণ ভট্টাচাৰ্য আদি

ৰামধেনু যুগৰ দুজন ঔপন্যাসিকৰ নাম লিখা

মহেশ্বৰ নেওগ, উপেন্দ্ৰনাথ গোস্বামী আদি

ৰামধেনু ৰং কেইটা কি কি?

ৰামধেনুৰ ৰং কেইটা হ’ল: বেঙুনীয়া, ঘন নীলা, নীলা, সেউজীয়া, হালধীয়া, সুমথিৰা, ৰঙা, যিটো আমি চমুকৈ” বেনীসেহাসু “বুলি ক’ব পাৰো

জাতীয় পতাকা ৰং কেইটা?

জাতীয় পতাকাৰ ৰং তিনিটা,

2 thoughts on “ৰামধেনুৰ ৰং কেইটা কি কি?

Leave a Reply

Your email address will not be published. Required fields are marked *