20 May, 2024
আনুষ্ঠানিক শিক্ষা কাক বোলে?

আনুষ্ঠানিক শিক্ষা কাক বোলে?

আনুষ্ঠানিক শিক্ষা কাক বোলে?

প্ৰশ্ন: আনুষ্ঠানিক শিক্ষা কাক বোলে?

শিক্ষাৰ কোনো বিধি-নিয়ম, অনুশাসন অথবা পূৰ্ব-পৰিকল্পিত আঁচনিৰ অনুৱৰ্তী নোহোৱাকৈ মুক্ত আৰু স্বতঃস্ফূৰ্তভাৱে বহল সামাজিক পৰিৱেশৰ পৰা লাভ কৰা শিক্ষাই হৈছে অনানুষ্ঠানিক শিক্ষা।

ইয়াৰ প্ৰধান বৈশিষ্ট্য হৈছে এনে শিক্ষা আহৰণৰ বেলিকা প্ৰচলিত আনুষ্ঠানিক শিক্ষাত মানি চলিব লগা কোনো নীতি-নিয়ম ইয়াত নাথাকে। শিক্ষাৰ্থীৰ ওপৰত শিক্ষা কৰ্তৃপক্ষৰ কোনো ধৰণৰ প্ৰভাৱ বা প্ৰভুত্বও ইয়াত নাথাকে। এনে শিক্ষাৰ বাবে ব্যক্তিয়ে কোনো অনুষ্ঠানত গৈ নাম ভৰ্তি কৰাৰ প্ৰশ্ন নুঠে। ইয়াৰ কোনো নিৰ্দিষ্ট পাঠ্য-তালিকা, সময়-তালিকা, শিক্ষণ বা মূল্যায়ন কৰা ব্যক্তি আৰু ব্যৱস্থাও নাথাকে। বহল সামাজিক পৰিৱেশত নৈৰ্ব্যক্তিক আৰু স্বতঃস্ফূৰ্তভাৱে আমাৰ সুদীৰ্ঘ জীৱনৰ কৰ্মক্ষেত্ৰত এনে শিক্ষা পাব পৰা যায়। দৈনন্দিন জীৱনৰ সাধাৰণ অভিজ্ঞতা আৰু কাৰ্যসূচীৰ মাজতে এইবিধ শিক্ষা নিহিত থাকে।

সাধাৰণতে শিক্ষা বুলিলে অনুষ্ঠানৰ যি পৰিকল্পিত শিক্ষা আমাৰ মনলৈ আহে তেনে ভাব ইয়াত নাথাকে। শিক্ষাৰ সকলো আনুষ্ঠানিক বিধি-নিয়মৰ বাহিৰত হোৱা বাবেই ইয়াক অনানুষ্ঠানিক শিক্ষা বুলি জনা যায়। মন কৰিবলগীয়া যে অগতানুগতিক শিক্ষাত শিক্ষাদান বা গ্ৰহণৰ আনুষ্ঠানিক ব্যৱস্থা থাকে। এনে আনুষ্ঠানিকতাৰ নীতি-নিয়মবোৰ যথেষ্ট শিথিলভাৱে আৰু শিক্ষা গ্ৰহণকাৰীৰ অনুকূলে প্ৰস্তুত কৰা হয়। ইয়াত প্ৰচলিত শিক্ষাৰ গতানুগতিকতাহে ৰক্ষা কৰা নহয়। কিন্তু অনানুষ্ঠানিক শিক্ষাত ইয়াৰ কোনো আনুষ্ঠানিক নীতি-নিয়মৰ প্ৰভাৱেই নাথাকে। শিক্ষাৰ অনুশাসন, পাঠ্যক্ৰম, শিক্ষণ পদ্ধতি, মূল্যায়ন ব্যৱস্থা আদিৰ কোনোটোৱেই ইয়াত নাখাটে। সেইবাবে এই শিক্ষা কেৱল অগতানুগতিকেই নহয়, অনানুষ্ঠানিকো অৰ্থাৎ অনুষ্ঠানৰ নীতি-নিয়ম বহিৰ্ভূত।


One thought on “আনুষ্ঠানিক শিক্ষা কাক বোলে?

Leave a Reply

Your email address will not be published. Required fields are marked *