20 May, 2024
প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিলে অযোধ্যাৰ মহৰ্ষি বাল্মীকি আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ

প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিলে অযোধ্যাৰ মহৰ্ষি বাল্মীকি আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নৱনিৰ্মিত অযোধ্যা বিমান বন্দৰ উদ্বোধন কৰে। এই বিমান বন্দৰটোৰ নাম ৰখা হৈছে মহৰ্ষি বাল্মীকি আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ।

ইয়াৰ পিছতে এক ৰাজহুৱা অনুষ্ঠানত অংশ লৈ প্ৰধানমন্ত্ৰীয়ে অযোধ্যা বিমান বন্দৰৰ নাম মহৰ্ষি বাল্মিকীৰ নামেৰে নামকৰণ কৰাত আনন্দ প্ৰকাশ কৰে। তেওঁ কয় যে মহৰ্ষি বাল্মীকিৰ ৰামায়ণ জ্ঞানৰ পথ, যিয়ে আমাক শ্ৰীৰামৰ সৈতে সংযুক্ত কৰে। আধুনিক ভাৰতৰ মহৰ্ষি বাল্মীকি আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰে আমাক অযোধ্যা ধাম আৰু স্বৰ্গীয় মহান নতুন ৰাম মন্দিৰৰ সৈতে সংযোগ কৰিব। প্ৰথম পৰ্যায়ত বিমানবন্দৰটোৱে বছৰি 10 লাখ যাত্ৰীক পৰিচালনা কৰিব পাৰিব আৰু দ্বিতীয় পৰ্যায়ৰ পাছত মহৰ্ষি বাল্মীকি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটোৱে বছৰি 60 লাখ যাত্ৰীক সেৱা আগবঢ়াব।

মহৰ্ষি বাল্মীকি আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ ছবি

1450 কোটিৰো অধিক টকা ব্যয়েৰে অত্যাধুনিক বিমানবন্দৰটোৰ প্ৰথম পৰ্যায়ৰ উন্নয়ন কৰা হৈছে। বিমান বন্দৰৰ টাৰ্মিনেল বিল্ডিঙটো 6500 বৰ্গ মিটাৰ এলেকাৰ হ’ব, য’ত বছৰি প্ৰায় 10 লাখ যাত্ৰীয়ে সেৱা আগবঢ়াব পাৰিব। টাৰ্মিনেল বিল্ডিঙৰ সন্মুখভাগত অযোধ্যাৰ আগন্তুক শ্ৰী ৰাম মন্দিৰৰ মন্দিৰ স্থাপত্যৰ নিদৰ্শন দেখিবলৈ পোৱা যায়। টাৰ্মিনেল বিল্ডিঙৰ ভিতৰভাগ স্থানীয় কলা , চিত্ৰকলা আৰু ভগৱান শ্ৰীৰামৰ জীৱনৰ চিত্ৰৰে সজ্জিত। অযোধ্যা বিমানবন্দৰৰ টাৰ্মিনেল বিল্ডিঙটোত ইনছুলেটেড ৰুফিং চিষ্টেমৰ দৰে বিভিন্ন স্থায়িত্ব বৈশিষ্ট্যও আছে, এল ই ডি লাইটিং, বৰষুণৰ পানীৰ সোঁত, ঝৰ্ণাৰ সৈতে ভূ-স্বৰ্গ, জল শোধন কেন্দ্ৰ, নলা-নৰ্দমা শোধনাগাৰ, GRIHA – 5 ষ্টাৰ ৰেটিং পূৰণ কৰিবলৈ সৌৰ শক্তি প্ৰকল্প আৰু এনে বহু সুবিধা প্ৰদান কৰা হৈছে। এই বিমান বন্দৰটোৱে অঞ্চলটোত যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ লগতে পৰ্যটন, ব্যৱসায়িক কাম-কাজ বৃদ্ধি কৰাৰ লগতে কৰ্মসংস্থাপনৰ সুযোগো বৃদ্ধি কৰিব।

Source: PM India Official Site


Nepal plane crash today See The Images

One thought on “প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিলে অযোধ্যাৰ মহৰ্ষি বাল্মীকি আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ

Leave a Reply

Your email address will not be published. Required fields are marked *