অসমীয়া চুটি কবিতা
জীৱন,এক বিশাল সংগ্ৰাম
নিলোৎপল নেওগ
সাতুৰি নাদুৰি অতিক্ৰম কৰিছো
জীৱনৰ বৰ লুইতখন;
নাজানো ,কিমান গভীৰ এই জীৱন সমূদ্ৰ ।
কেতিয়াবা নিৰুত্তৰ হৈ ৰও
একোটা প্ৰশ্নবাণত,
স্থবিৰ হৈ পৰে মোৰ ভাৱনাৰ সুঁতি ।
জীৱনৰ অৰ্থ কি ?
এয়াই প্ৰসংগ মৌনতাৰ ।
প্ৰায়েই আধৰুৱা হৈ ৰয়
মোৰ উত্তৰৰ শব্দমালা ।
মতিভ্ৰম হৈ পৰো অৰ্থ বিচাৰি জীৱনৰ !
এটা সপোন দেখিছিলো
মায়াময় অন্ধকাৰৰ কোনোবা এটা ক্ষণত
আৰু নাম দিলো তাৰ সংগ্ৰাম ।
ৰঙা নীলা আশাবোৰ ভাঁহি ফুৰিছিল
সুনীল আকাশৰ এটা আছুতিয়া কোণত ।
ধ্বনিত হৈছিল মনৰ বেটুপাতত থকা কবিতাবোৰ
ছন্দহীন একোটা গান হৈ ।
ৰাজপথ কমা ভিক্ষাৰী
পল্লৱ কুমাৰ নাথ
ৰাস্তাৰ কাষত জঠৰ হৈ পৰি ৰয়,
প্ৰকাণ্ড ট্ৰাকৰ গৰ্জ্জনত
মোৰ কাণত নপৰেহি…
সিহঁতৰ ভোকৰ আৰ্তনাদ
কিম্বা আতংকত হৃদয় কপোঁৱা চিঞৰ ।
অসময় ৰোডচাইড গাড়ীৰ হেডলাইটৰ পোহৰত
জিলিকি উঠে হাড়ত চাল লগা
শুকান শৰীৰ !
কংকাল মানব !!
হাতৰ পৰা সৰি নপৰে ব্যস্তময়ী সময়
ইণ্ডকাৰ চাইড গ্লাছত জিলিকি উঠে
কুৎচিত মুখ !
লেতেৰা দেহাবোৰ !!
চকু ফুৰাই, এক অভাৱী সমাজ
চিনাকী মুখ ?
নাই ! কয়লা জীৱনৰ উপন্যাস ;
জটা চুলিৰ ওপৰত ধূলিৰ ময়লাময় চামনী ।
বৃটিছৰ সপোন
শ্ৰী ভাস্কৰ জিৎ নাথ
আধুনিকতাৰ পৰশ পাই নতুন ৰূপ ললে
বৃটিছ চিহ্ন সেই কেনেল, যাকলৈ বৃটিছ চাহাবে দেখিছিল অলেখ অজুত ৰামধনুৰ দৰে সপোন।
আকিছিল কৃষকক পানী যোগান ধৰা অমৰ জলসিঞ্চল ব্যবস্থাৰ চিত্র,
হয়তো তাৰ মাজতেই লুকাই আছিল
কৰ প্রদান কৰাৰ ৰহস্য।
হয়,সেই জীয়া স্মৃতিবোৰ বুকুত বান্ধি আজিও বৈ আছে কেনেলৰ পানী,
যাৰ সোতে কঢ়িয়া আনে অতীতৰ মধুৰ মেঘৰ বাতৰি।
কঢ়িয়াই নিয়ে বৃটিছ চাহাবে ৰাইজৰ ওপৰত কৰা অসভ্যালী,
হয়তো তাৰেই চিহ্ন হিচাপে ৰৈ গল আজিও ছুইচ গেইট পদ্ধতি ।
ৰঙা কবিতা
ৰাজীৱ কায়স্থ
সৌ সিদিনা
দেখিছিলো তাইক
শৰণীয়া পাহাৰৰ
হৃৎপিণ্ডত কড়ি
খেলি থকা… ।
অৰুণাচলৰ এটা
আদিম জাতিৰ
দৰেই সুমিউ সুমিউ কৈ সুহুৰিয়াইছিল
তাই,
লঠঙাৰ আঁৰে আঁৰে
মৃম বৃৰ য়াঃমেৰ
গুমৰাগ…লৃগাং আৰু
আপং শিমলুৰ
হেঙুল দাপোণত তাই
অই-নিতম গাইছিল
সৌ সিদিনা
দেখিছিলো; তাই
মোৰ বুকুৰ বুলবুলি
মিবু গালোগত,
নাচিছে গুমৰাগ
পছোৱাৰ বা লাগি ।
পকা পাতৰ
মৰমৰণিত মই
বুজিছিলো, তাই
আহিছে ।
তাই আহিছে বুটা
বছা সাজত হৃদয়ত
মোৰ শিমলুৰ হেঙুল
ফুলাবলৈ…।
তোমালৈ
নবজ্যোতি মিশ্ৰ
শব্দবোৰ স্থবিৰ হয় কেতিয়াবা
ভাষা বিচাৰি !
নিৰৱ হৈ ৰও…
বুজাব নোৱাৰি
কিমান স্পৃহা তোমালৈ !
কি কৰিবা…
মনটোৱে যে অবুজন…!
তৰাফুলীয়া সপোনত
এছাটি জোনাক নামিছে,
অভিমানৰ কলীয়া ডাৱৰ
নচটিয়াবাচোন…!
জোনাক হেৰাই
বিৰহৰ বৰষুন বিচৰা নাই….!!
ফাগুন
শ্ৰী ভাস্কৰ জিৎ নাথ
ফাগুন নহয় এটি মাহ..,
শিমলু,মদাৰ ফুলাৰ
নিৰ্মল বতাহ ।
দুচকুত ভাহি ৰয় বসন্তৰ আগমন,
গছ-বনৰ কোমল কুহি পাতৰ সেউজীয়া মন ।
ফাগুন নহয় এটি মলয়া বতাহ..,
পলাশৰ ৰং ছটিওয়াৰ ৰঙীন ধৰা ।
শিমলু তুলা হৈ উৰিব ফাগুনৰ বিশালতা, যত প্ৰকৃতিয়ে পাব পূৰ্ণতা ।
দুখ
জগদীশ কলিতা
আকৌ সোমাই আহিছে তুমি দি যোৱা দুখবোৰ
নিৰলে মোৰ মনৰ কোঠালিত ৷
নিষ্ঠুৰ সময়ৰ সংগীহীনতাত
দুখক যে কৰিব নোৱাৰি সংগী ৷
নতুনকৈ সজাব খোজা মনৰ কোঠাটো
ভাঙিব নোৱাৰি আকৌ দুখৰ ধুমুহাৰে ৷
এজনী ধৰ্ষিতাৰ কৰুণ বিননি
জাহাঙ্গীৰ আলম
বহু সপোন আছিল মোৰো
সাধাৰণ মানুহৰ দৰে মইয়ো
হেঁপাহ পলুৱাই জীয়াই থাকিম
কিন্তু সেয়া আজি মোৰ নহল ।
জীৱন যাত্ৰা পথৰ বাবে
এজন জীৱন সঙ্গীও বাছি লৈছিলোঁ
দুয়ো মিলি এক সুখৰ সংসাৰ কৰিম বুলি
এজনে আনজনক প্ৰতিশ্ৰুতিও দিছিলো ।
এদিন নিজান ঠাই এডোখৰত বহি
ভৱিষ্যতৰ পৰিকল্পনা কৰি আছিলো
তেনেতে মুখাপিন্ধা এদল নৰপিশাচৰ
মই শিকাৰ হৈ পৰিলো ।
আজি মই জীয়াই থকাৰ ইচ্ছা
এইখন পৃথিৱীৰ পৰা হেৰুৱাই পেলাইছো
বিষাদৰ দিনবোৰ গনি গনি
মম বাতিৰ দৰে নিঃশেষ হৈ পৰিছো ।
আজি মই কাৰো হব নোৱাৰিলো
যাক মই প্ৰতিশ্ৰুতি দিছিলো
তেওঁৰো হব নোৱাৰিলো
কাৰণ মই আজি ধৰ্ষিতা ।
এটি সৰু সপোন আৰু মই
পাপু শইকীয়া
এদিন আমাৰো সপোনবোৰ পূৰ হ’ব,
এটি সৰু পঁজা আৰু এমোকোৰা হাঁহি,
কষ্টবোৰ বুকুত থাকিব,
আশাবোৰে মেলিব পাহী।
বয়স বাগৰিব
বছৰৰ পাছত বছৰ।
ক’লা ডাৱৰ ছাতিয়ে মোহাৰি,
কৰিব চৌপাশ ধুসৰ।
সেই হেপাঁহেৰেই যাত্ৰা,
চেৰাশালিৰ পৰা মৰিশালিলৈ,
জীৱনত কৰাঁল বন্ধা,
বিফলতা ভৰা পাচিটো লৈ।
আপুনি টিতকাৰি মাৰিব,
কাৰণ একেবোৰ সপোনেই জীৱন জুখিব,
সফলতাই গজাঁলি মেলিব,
সময়ৰ বোকোচাত আশাবোৰ লিখিব।
কাৰোবাৰ বাবে পথ দূৰ্গম,
আৰু…
কাৰোবাৰ বাবে…
সেই পথ হয় সুগম।