4 November, 2024
বচন কাক বোলে ? উদাহৰণ দিয়া

বচন কাক বোলে ? উদাহৰণ দিয়া

Q: বচন কাক বোলে ?

Ans: পদ বা শব্দৰ যি ৰূপৰ দ্বাৰা সংখ্যা জ্ঞান অৰ্থাৎ ব্যক্তি বা বস্তুৰ এক বা একাধিক বোধ জন্মে তাকে বচন (Number) বোলে, যেনে: সকলো মানুহ মৰণশীল।

বচন কাক বোলে ? উদাহৰণ দিয়া

অসমীয়া ভাষাত দুই বচন প্ৰকাৰৰ আছে:

  • এক বচন ( Singular Number) আৰু 
  • বহু বচন (Plural Number)

এক বচন কাক বোলে ?

পদৰ যি ৰূপৰ দ্বাৰা কোনো বস্তুৰ এটা সংখ্যাৰ বোধ  জন্মে তাকে এক বচন (Singular Number) বোলে। এক বচনে এটা বস্তু বা প্ৰাণীক নিৰ্দেশ কৰে। যেনে- ৰাজনৰ এখন কিতাপ আছে। 


বহু বচ কাক বোলে ?

পদৰ যি ৰূপৰ দ্বাৰা কোনো বস্তু বা প্ৰাণীৰ এটাতকৈ অধিক সংখ্যাৰ বোধ জন্মে তাকে বহু বচন (Plural Number) বোলে। বহু বচনে এটাতকৈ অধিক বস্তুক নিৰ্দেশ কৰে।  যেনে- গৰুবোৰে পথাৰত ঘাঁহ খাই আছে।

বিশেষ্য বা সৰ্বনাম পদৰ লগত প্ৰত্যয় যোগ কৰি একবচনৰ পৰা বহু বচন কৰা হয়। বহু বচন বুজোৱা প্রত্যয়বোৰ হ’ল–  বোৰ, হতঁ, সকল, বৃন্দ, থোক, মখা, থুপি, বৰ্গ, গণ, জাক, দল, পাল, পুঞ্জ,  ৰাজি, মণ্ডলী  ইত্যাদি।


One thought on “বচন কাক বোলে ? উদাহৰণ দিয়া

Leave a Reply

Your email address will not be published. Required fields are marked *